| |

কাৰ্য আৰু শক্তি । নৱম শ্ৰেণী । বিজ্ঞান । অধ্যায় – 11

অনুশীলনী :-

3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্রক্রিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বর্ণনা দিয়া।

উত্তৰ :- বেটেৰী এটাই বাল্ব এটা জ্বলালে প্ৰথমতে বেটেৰীত থকা ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয় ৷ বৈদ্যতিক শক্তিৰ সহায়ত বাল্বটো জ্বলি উঠে ৷ ইয়াৰ লগে লগে বৈদ্যুতিক শক্তি পোহৰ আৰু তাপ শক্তিলৈ ৰূপান্তৰ হয় ৷

শক্তিৰ ৰূপান্তৰৰ গোটেই প্ৰক্ৰিয়াটোক তলত উল্লেখ কৰা ধৰণে উপস্হাপন কৰিব পাৰি –

ৰাসায়নিক শক্তি → বৈদ্যুতিক শক্তি → পোহৰ শক্তি → তাপ শক্তি

5. 10 kg ভৰৰ বস্তু এটা টেবুল এখনৰ A বিন্দুত অৱস্থিত আছিল। ইয়াক B বিন্দুলৈ স্থানান্তৰিত কৰা হ‘ল। যদি A আৰু Bক সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মাধ্যাকর্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ’ব? তোমাৰ উত্তৰ ব্যাখ্যা কৰা।

উত্তৰ :- 10 kg ভৰৰ বস্তু এটা A বিন্দুৰ পৰা B বিন্দুলৈ স্থানান্তৰ কৰিলে আৰু A আৰু B একেটা সমতলত থাকিলে মাধ্যকর্ষণিক বলে কৰা কাৰ্য শূণ্য হ’ব।

6. মুক্তভাৱে অধোগামী বস্তুৰ স্থিতিশক্তি ক্রমান্বয়ে হ্রাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্র ভঙ্গ কৰেনে? কিয় ?

উত্তৰ :- বস্তুটোৱে শক্তিৰ সংৰক্ষণ সূত্ৰৰ নীতি ভংগ নকৰে। কাৰণ, স্থিতিশীল অৱস্থাত থকা বস্তু এটাই মুক্তভাৱে অধোগামী হলে স্থিতিশক্তি হ্রাস পায় আৰু একে পৰিমাণৰ গতিশক্তি বৃদ্ধি পায়। ফলত স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰিত হয়।

7. তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ কি কি?

উত্তৰ :- চাইকেল চলোৱা সময়ত প্ৰথমে আমাৰ শাৰিৰীক শক্তি গতিশক্তিলৈ ৰূপান্তৰিত হয় আৰু পিছত চাইকেলৰ টায়াৰ আৰু ৰাস্তাৰ মাজত ঘৰ্ষণৰ ফলত কিছু পৰিমাণৰ তাপ শক্তিও উৎপন্ন হয়।

8. তুমি প্রকাণ্ড শিল এটা সর্বশক্তিৰে ঠেলাৰ প্রচেষ্টা চলাই বিফল হলে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে? তুমি ব্যয় কৰা শক্তিখিনি ক’লৈ গ’ল?

উত্তৰ :- প্রকাণ্ড শিল এটা সর্বশক্তিৰে ঠেলাৰ প্রচেষ্টা চলাই বিফল হলে শিলটোত কোনো শক্তিৰ ৰূপান্তৰ নঘটে ৷
ব্যয় কৰা শক্তিখিনিয়ে শৰীৰত তাপ উৎপন্ন কৰিব ৷

10. 40 kg ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 m ওপৰলৈ উঠোৱা হ’ল। ইয়াৰ স্থিতিশক্তি কিমান হ’ব? যদি বস্তুটো পৰিবলৈ দিয়া হয় তেন্তে আধা দূৰত্ব অতিক্রম কৰাৰ মূহুৰ্তত তাৰ গতিশক্তি উলিওৱা।

উত্তৰ :-

11. পৃথিবীৰ চাৰিওফালে ঘূৰি থকা উপগ্রহ এটাত মাধ্যাকর্ষণিক বলে কিমান কার্য সম্পন্ন কৰে? তোমাৰ উত্তৰ যুক্তিৰে প্রতিপন্ন কৰা।

উত্তৰ :- যদি বলৰ দিশ সৰণৰ লম্ব হয় তেনে ক্ষেত্ৰত সম্পন্ন হোৱা কাৰ্য শূন্য হয় ৷ যিহেতু পৃথিবীৰ চাৰিওফালে ঘূৰি থকা উপগ্রহ এটাত মাধ্যাকর্ষণিক বলে লম্ব ভাবে ত্ৰিয়া কৰে সেয়েহে উপগ্ৰহটোৰ ওপৰত সম্পন্ন কৰা কাৰ্য শূন্য হ’ব ৷

12. বস্তুৰ ওপৰত বল প্রয়োগ নোহোৱাকৈ তাৰ সৰণ হ’ব পাৰেনে? চিন্তা কৰা। তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু-বান্ধব আৰু শিক্ষকৰ সৈতে আলোচনা কৰা।

উত্তৰ :- কোনো বস্তুৰ ওপৰত বল প্রয়োগ নকৰালৈকে বস্তুটোৰ সৰণ নঘটে। কাৰণ, বস্তু এটাৰ সৰণ হ’বলৈ হ’লে তাৰ স্থানৰ সলনি হ’ব লাগে যিটো বল প্ৰয়োগৰ অবিহনে সম্ভৱ নহয়।

13. মানুহ এজনে মূৰত এমুঠা খেৰ লৈ আধাঘন্টা সময় ৰৈ থাকি ভাগৰ অনুভৱ কৰিলে। তেওঁ কিবা কার্য কৰিলেনে? তোমাৰ উত্তৰ যুক্তিৰে প্রতিপন্ন কৰা।

উত্তৰ :- মানুহজনে কোনো ধৰণৰ কাৰ্য কৰা নাই। কাৰণ, কার্য সম্পাদন হ’বলৈ হ’লে সৰণ হোৱাটো একান্ত প্রয়োজন। কিন্তু এই ক্ষেত্ৰত মানুহজনৰ শক্তি খৰচ হৈছে কিন্তু সৰণ হোৱা নাই। গতিকে, তেওঁ কোনো ধৰণৰ কাৰ্য কৰা নাই।

15. দোলক এটাৰ পিণ্ডটো এফাললৈ টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হােৱা শক্তিৰ ৰূপান্তৰবােৰ আলােচনাৰ যােগেদি শক্তিৰ সংৰক্ষণৰ সূত্ৰৰ ব্যাখ্যা কৰা। পিণ্ডটো অৱশেষত স্থিতিশীল অৱস্থাপ্রাপ্ত কিয় হয়? অৱশেষত ইয়াৰ শক্তিখিনিৰ কি হয় ? ই শক্তিৰ সংৰক্ষণ সূত্র ভঙ্গ কৰে নেকি?

উত্তৰ :- যেতিয়া দোলক টো টানি অনা হয় তেতিয়া তাত শক্তি স্থিতিশক্তি ৰূপে সঞ্চিত হয়।আৰু যেতিয়া টানি আনি এৰি দিয়া হয় তেতিয়া সেই সঞ্চিত স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰ হয়।যেতিয়া গতিশক্তি ক্ৰমাত বাঢ়ি যায় তেতিয়া স্থিতশক্তি কমি আহে।এই প্ৰক্ৰিয়াত শক্তি সংৰক্ষণৰ সূত্ৰ ভংঙ্গ নহয় কাৰণ স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰ হয়।দোলকটো এটা সময়ত স্থিতিশীল হোৱাৰ কাৰণ হৈছে বায়ুৰ ঘৰ্ষণ।বায়ুৰ ঘৰ্ণনে দোলকৰ গতিত বাধা প্ৰদান কৰে আৰু ই এটা সময়ত স্থিৰ হৈ পৰে।

16. m ভৰৰ বস্তু এটাই স্থিৰ বেগ v ৰে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিমান কার্য কৰিব লাগিব ?

উত্তৰ :- m ভৰৰ বস্তু এটাই স্থিৰ বেগ V ৰে গতি কৰি আছে। গতিকে গতিশক্তি হ’ব, Ek = 1/2mv²

যদি বস্তুটো স্থিতিশীল অৱস্থালৈ আনিব লগা হয়, তেন্তে সমান বিপৰীত মুখী শক্তি প্রয়োগ কৰিব লাগিব৷

গতিকে, বস্তুটো স্থিৰ অৱস্থালৈ আনিব লগা কার্য হ’ব = – 1/2mv²

17. 60 kmh-1 বেগেৰে গৈ থকা 1500 kg ভৰৰ গাড়ী এখন ৰখাবলৈ কিমান কার্য কৰিব লাগিব উলিওৱা।

উত্তৰ :-

18. তলৰ প্ৰতিটোতে m ভৰৰ বস্তু এটাত F বল প্রয়ােগ কৰা হৈছে। দীঘল কাড়েৰে ইয়াৰ সৰণৰ দিশ পশ্চিমৰ পৰা পূৱলৈ বুলি দেখুওৱা হৈছে৷ চিত্ৰবােৰ ভালদৰে মন কৰা আৰু বলে সম্পাদন কৰা কাৰ্য ঋণাত্মক, ধনাত্মক নেশূণ্য ঠাৱৰ কৰা।

উত্তৰ :-

(i) প্রথম ক্ষেত্ৰত কাৰ্য শূণ্য হব।
(ii) দ্বিতীয় ক্ষেত্ৰত কাৰ্য ধণাত্মক হ’ব।
(iii) তৃতীয় ক্ষেত্ৰত কাৰ্য ঋনাত্মক হ’ব।

19. চনীয়ে কৈছে যে বস্তু এটাত কেইবাটাও বল ক্রিয়াশীল হৈ থকা অৱস্থাতে তাৰ ত্বৰণ শূন্য হ’ব পাৰে। তাইৰ সৈতে তুমি সহমতনে? কিয়?

উত্তৰ :- চনীৰ উক্তিটো সত্য। কাৰণ, এটা বস্তুৰ ওপৰত সকলোফালৰ পৰা একে পৰিমাণৰ বল প্রয়োগ কৰিলে তাৰ ত্বৰণ শূণ্য হ’ব। এই ক্ষেত্ৰত বস্তুটোৰ কোনো ধৰণৰ সৰণ নহয়।

21. মুক্তভাৱে অধোগামী বস্তুবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়। ইহঁতৰ গতি শক্তিৰ কি দশা হ’ব?

উত্তৰ :- মুক্তভাৱে অধোগামী বস্তুবোৰৰ গতিশক্তি বোৰ ভূমিত উপনীত হ’লে ই শব্দশক্তি, তাপশক্তি আৰু কিছু পৰিমাণে স্থিতি শক্তিলৈ ৰূপান্তৰ হয়।

বিজ্ঞান – নৱম শ্ৰেণী

অধ্যায় – 1 : আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

অধ্যায় – 4 : পৰমাণুৰ গঠন

অধ্যায় – 5 : জীৱৰ মৌলিক একক

অধ্যায় – 8 : গতি

অধ্যায় – 10 : মহাকৰ্ষণ

অধ্যায় – 11 : কাৰ্য আৰু শক্তি

অধ্যায় – 12 : শব্দ

অধ্যায় – 14 : প্ৰাকৃতিক সম্পদ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *