| | |

জীৱৰ মৌলিক একক | অধ্যায় – 5 | বিজ্ঞান – নৱম শ্ৰেণী

প্ৰশ্নাৱলী, Page No – 59

১। কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ কোষ 1665 খ্ৰীৰ্ষ্টাব্দত ৰবাৰ্ট হুকে পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল ।

ৰবাৰ্ট হুকে এটুকুৰা কৰ্ক (Cork) ৰ পাতল চ্ছেদ পৰীক্ষা কৰি মৌকোঁহৰ নিচিনা কিছুমান খোঁটালি দেখা পাইছিল। ৰবাৰ্ট হুকে তেওঁ নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পর্যবেক্ষণৰদ্বাৰা এই খোঁটালিবোৰ দেখাৰ সৌভাগ্য ঘটিছিল। ৰবাৰ্ট হুকে সেই খোঁটালিবোৰকে “কোষ” (Cell) বুলি আখ্যা দিছিল।

২। কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় ?

উত্তৰ: সকলোবিলাক উদ্ভিদ বা প্রাণীয়েই কোষেৰে গঠিত। সেইবাবে কোষ হ’ল জীৱৰ মৌলিক একক।

জীৱৰ প্ৰত্যেকটো জীৱিত কোষৰেই কিছুমান মৌলিক কার্য সমাধা কৰাৰ সামর্থ্য আছে। আৰু তেনে কাৰ্যৰ পৰাই জীৱ এটাই জীৱনৰ অস্তিত্ব লাভ কৰে। সেইবাবে কোষক জীৱৰ কাৰ্যৰ মৌলিক একক বোলা হয়।

প্ৰশ্নাৱলী, Page No – 61

৩। CO2 আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা।

উত্তৰঃ CO2 দৰে গেছীয় পদাৰ্থ বোৰ ব্যাপণ প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে।

যেতিয়া কোষৰ ভিতৰত থকা CO2 ৰ গাঢ়তা কোষৰ বাহিৰত থকা CO2 গাঢ়তাতকৈ বেছি হয় তেতিয়া CO2 ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই আহে। ঠিক তেনেকে পানীও গাঢ়তাৰ তাৰতম্যৰ কাৰণে কোষৰ ভিতৰত ওলোৱা সোমোৱা কৰে। পানীৰ ব্যাপন প্ৰক্ৰিয়াটোকে আসৃতি বুলি কোৱা হয়।

৪। কোষাবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰঃ কোষাবৰণ খনে এটা কোষৰ ভিতৰলৈ (লাগতিয়াল) আৰু বাহিৰলৈ (অলাগতিয়াল) দ্ৰব্যবোৰ অহা যোৱা কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্য ইয়াৰ মাজেদি সৰকি যোৱাত বাধা দিয়ে। সেইবাবে কোষাবৰণষণক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়।

প্ৰশ্নাৱলী, Page No – 63

৫। প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় জীৱৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ

প্রকোষকেন্দ্রীয় জীৱসংকোষকেন্দ্ৰীয় জীৱ
জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে।জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে।
আৱৰণীযুক্ত কোষ অংগাণুবিলাক পোৱা নাযায়।আৱৰণীযুক্ত কোষ অংগাণুবিলাক পোৱা যায়।
ক্ৰম’জ’ম এডাল।ক্ৰম’জ’ম এডালতকৈ বেছি থাকে।

প্ৰশ্নাৱলী, Page No – 65

৬। তুমি অধ্যয়ন কৰি অহা কোষ আংগানুবিলাকৰ ভিতৰত এনে দুটা কোষ আংগানুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদাৰ্থ (Genetie material) থাকে।

উত্তৰঃ- আণুবংশিক পদাৰ্থ থকা কোষ আংগানু কেইটা হ’ল মাইট’কন্দ্ৰিয়া আৰু প্লাষ্টিত (উদ্ভিদকোষত পোৱা যায়)।

৭। যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ- যদি ভৌতিক বা ৰাসয়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কোষটো মৰি যায়। কোষ এটা মৰি গ’লে কোষত থকা লাইচ’জ’মে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটো ধংস কৰি দিয়ে। সেয়েহে লাইচ’জ’মক কোষৰ আত্মমাটি মোনা বুলিও কোৱা হয়।

৮। লাইচ’জ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়?

উত্তৰঃ- ভৌতিক বা ৰাসয়নিক কাৰকৰ প্ৰভাৱত যেতিয়া কোষ এটা মৰি যায় তেতিয়া তাত থকা লাইচ’জ’মে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটো ধংস কৰি পেলাই। সেইবাবে ইয়াক কোষৰ আত্মমাতী মোনা বুলি আখ্যা দিয়া হয়।

৯।কোষৰ অভ্যন্তৰৰ ক’ত প্ৰ’টিন সংশ্লেষণ সংঘটিত হয়?

উত্তৰঃ- কোষৰ অভ্যন্তৰৰ ৰাইব’জ’মত প্ৰটিন সংস্লেষণ হয়।কিন্ত কোষস্থ আংগানু মাইট’ কন্দ্ৰিয়া আৰু উদ্ভিদকোষৰ প্লাষ্টি়ডত নিজা নিজা ৰাইব’জ’ম থাকে। সেয়েহে মাইট’কন্দ্ৰিয়া আৰু প্লাষ্টিডৰ ভিতৰত ও প্ৰটিন সংশ্লেষণ হয়।

অনুশীলনী

১। উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা।

উদ্ভিদ কোষপ্ৰাণী কোষ
কোষবেৰ পোৱা যায়।কোষবেৰ পোৱা নাযায়।
প্লাষ্টিড থাকে।প্লাষ্টিড নাথাকে।
ক্ল’ৰপ্লাষ্ট থাকে।ক্ল’ৰপ্লাষ্ট নাথাকে।
চেন্ট্রিওল নাথাকে।চেন্ট্রিওল থাকে।
ৰসধানী যথেষ্ট ডাঙৰ।ৰসধানী সৰু।

২। কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ

প্রকোষকেন্দ্রীয় জীৱসংকোষকেন্দ্ৰীয় জীৱ
জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে।জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে।
আৱৰণীযুক্ত কোষ অংগাণুবিলাক পোৱা নাযায়।আৱৰণীযুক্ত কোষ অংগাণুবিলাক পোৱা যায়।
ক্ৰম’জ’ম এডাল।ক্ৰম’জ’ম এডালতকৈ বেছি থাকে।

৩।কোষৰ কোষাবৰণখন ফাটি গ’লে কি হ’ব?

উত্তৰঃ- কোষৰ কোষাবৰণখনৰ ফাটি গ’লে কোষস্থ পৰ্দাথ বোৰ মুক্ত হৈ পৰিব। লগতে কোষত হ’ব লগা জৈৱিক কাৰ্যবোৰ নহব যেনে ব্যাপনৰ সহায়ত গেছৰ চলাচল, আসৃত্তিৰ সহায়ত পানী চলাচল ইত্যাদি। ফলত কোষটো মৰি যাব।

৪। কোষ একোটাত গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰঃ- অন্তঃপৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলগি সংঘই কোষৰৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশ গ্ৰহণ কৰে। গলগি সংঘৰ কাৰ্য হ’ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ। কোনো কোনো ক্ষেত্ৰত গলগি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গলগি সংঘই ল’ইছ’জম গঠন কৰাতো সহায় কৰে। গতিকে গলগি সংঘ নাথাকিলে কোষটোৰ এইবোৰ কাৰ্য বন্ধ হ’ব আৰু ফলত কোষটো মৰি যাৱ।

৫। কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰঃ- কোষৰ শক্তি ভঁৰাল বুলি মাইট’কন্দ্ৰিয়াক আখ্যা দিয়া হয়। কাৰণ-জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এ.টি.পি (A.T.P) ৰ অনুবিলাক মাইট’কন্দ্ৰিয়াই উৎপন্ন কৰে। এ.টি.পি (A.T.P) অণুক কোষীয় শক্তি মুদ্ৰা বুলিও কোৱা হয়।

৬। কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক’ত সংশোধিত হয়?

উত্তৰঃ- কোষাবৰণ গঠনৰ বাবে প্ৰয়োজনীয় লিপিড আৰু প্ৰ’টিন বিলাক অন্তঃপ্ৰৰসীয় জালিকাত সংশোধিত হয়। ইয়াৰে প্ৰ’টিন সংশ্লেষন হয় ৰাইব’জ’মত যিবোৰ অমসৃণ অন্তঃপ্ৰৰসীয় জালিকাত লাগি থাকে। আনহাতে লিপিড বা স্নেহ জাতীয় পদাৰ্থ সংশ্লেষণ হয় মসৃণ অন্তঃপ্ৰৰসীয় জালিকাত। 

৭। এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে?

উত্তৰঃ- এমিবাই অন্ত কোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। কোষাবৰণ নমনীয়া গুণবিশিষ্ট হোৱা বাবে কোষে বহিঃপৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে।এনে প্ৰক্ৰিয়াক অন্তকোষীয় ভক্ষণ বুলি কোৱা হয়।

৮। আসৃতি কি?

উত্তৰঃ আসৃতি হ’ল এখন অর্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি।

প্ৰাণী কোষ
উদ্ভিদ কোষ

বিজ্ঞান – নৱম শ্ৰেণী

অধ্যায় – 1 : আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

অধ্যায় – 4 : পৰমাণুৰ গঠন

অধ্যায় – 5 : জীৱৰ মৌলিক একক

অধ্যায় – 8 : গতি

অধ্যায় – 10 : মহাকৰ্ষণ

অধ্যায় – 11 : কাৰ্য আৰু শক্তি

অধ্যায় – 12 : শব্দ

অধ্যায় – 14 : প্ৰাকৃতিক সম্পদ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *