শক্তিৰ উৎসসমূহ | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 14
ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 14 : শক্তিৰ উৎসসমূহ (Source of Energy) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।
প্ৰশ্নাৱলী, Page No- 243
1. শক্তিৰ ভাল উৎস কি?
উত্তৰ :- শক্তিৰ ভাল উৎস সেইটোৱেই হ’ব –
- যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে ৷
- যিটো সহজে উপলব্ধ ৷
- যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ৷
- যি মিতব্যয়ী ৷
2. ভাল ইন্ধন কি?
উত্তৰ :- ভাল ইন্ধন সেইটোৱে হ’ৱ –
- যিটোৱে জ্বলতে উচ্চ তাপ উৎপন্ন কৰে ৷
- যিটোৱে বেছিকৈ ধোৱা উৎপন্ন নকৰে ৷
- যিটো সহজে উপলব্ধ ৷
- যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ৷
- যি মিতব্যয়ী ৷
3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনাে শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়?
উত্তৰ :- আমি আহাৰ গৰম কৰিবলৈ যিকোনাে শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হ’লে তৰলীকৃত পেট্ৰলীয়াম গেছ (LPG) ব্যৱহাৰ কৰিম ৷
তৰলীকৃত পেট্ৰলীয়াম গেছ (LPG) ব্যৱহাৰ কৰা কাৰণ –
- তৰলীকৃত পেট্ৰলীয়াম গেছে উচ্চ তাপ উৎপন্ন কৰে ৷
- ই অমলিন নীলা শিখা উৎপন্ন কৰে যাৰ ফলত কোনো ক্ষতিকাৰক গেছ উৎপন্ন নহয় ৷
- ই ধোৱা উৎপন্ন নকৰে ৷
- ই সহজে উপলব্ধ ৷
- ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ৷
- ই মিতব্যয়ী ৷
শক্তিৰ উৎসসমূহ
প্ৰশ্নাৱলী, Page No- 248
1. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?
উত্তৰ :- জীৱাশ্মৰ পৰা সৃষ্টি হোৱা ইন্ধনক জীৱাশ্মজাত ইন্ধন বুলি কোৱা হয় ৷ ইয়াৰ অসুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –
(i) অনবীকৰণযোগ্য – জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস ৷ অৰ্থাৎ আমি ইয়াক দ্ৰুত হাৰত ব্যয় কৰি থাকিলে অতি শীঘ্ৰেই ইয়াৰ ভাণ্ডাৰ শেষ হ’ব ৷
(ii) বায়ু প্ৰদূষণ – জীৱাশ্মজাত ইন্ধন দহন কৰিলে বায়ু প্ৰদূষণ হয় ৷ বায়ু প্ৰদূষণ প্ৰকৃতি আৰু জীৱ জগতৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷
(iii) আম্লিক বৃষ্টি বা এছিড বৰষুণ – জীৱাশ্মজাত ইন্ধন দহনত নিৰ্মুক্ত হোৱা কাৰ্বন, নাইট্ৰ’জেন, আৰু চালফাৰৰ অক্সাইডসমূহ হৈছে আম্লিক অক্সাইড ৷ এই বিলাকে এচিড বৰষুণৰ সৃষ্টি কৰে যাৰ বাবে জল আৰু স্থল সম্পদসমূহ ক্ষতি হয় ৷
(iv) সেউজ গৃহ ক্ৰিয়া – জীৱাশ্মজাত ইন্ধন দহনত নিৰ্মুক্ত হোৱা কাৰ্বন ডাই অক্সাইড গেছৰ পাৰিমাণ বাঢ়ি গলে পৃথিৱীৰ উত্তাপ বাঢ়ি যায় ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয় ৷
2. আমি শক্তিৰ বিকল্প উৎস বিচাৰাে কিয় ?
উত্তৰ :- শক্তিৰ উৎস হিচাপে পৰম্পৰাগতভাৱে আমি জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰি আহিছোঁ ৷ ঔদ্যোগীকৰণৰ সম্প্ৰসাৰণে সমগ্ৰ বিশ্বতে জীৱন ধাৰণৰ মান উন্নত কৰিছে ৷ লগে লগে শক্তিৰ চাহিদাও তীব্ৰ হাৰত বৃদ্ধি পাব ধৰিছে ৷ শক্তিৰ উৎসসমূহৰ লগত সংগতি ৰাখি আমাৰ প্ৰযুক্তিবোৰৰো বিকাশ হৈছে ৷ যিহেতু এই শক্তিৰ উৎসসমূহ অনবিকৰণযোগ্য ইহঁত তীব্ৰ হাৰত শেষ হ’ব ধৰিছে সেয়েহে আমি শক্তিৰ বিকল্প উৎস বিচাৰাে ৷
3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে?
উত্তৰ :- আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ তলত উল্লেখ কৰা ধৰণে পৰিবৰ্তন অনা হৈছে –
(i) বায়ু শক্তি :- পূৰ্বতে বায়ুকলৰ যোগে বায়ু শক্তি আহৰণ কৰি যান্ত্ৰিক কাৰ্য সম্পাদন কৰা হৈছিল ৷ বৰ্তমান বিদ্যুৎ উৎপাদনৰ বাবেও বায়ু শক্তি ব্যৱহাৰ কৰা হয় ৷ বায়ু কল এটাৰ মুখ্য অংশ মাটিৰ পৰা কিছু উচ্চতাত সুদৃঢ় আলমত সংস্থাপন কৰা হয় ৷ ইয়াৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যতিক জেনেৰেতৰৰ টাৰবাইন ঘৰাই বিদ্যুৎ উৎপাদন কৰা হয় ৷
(ii) জল শক্তি :- পূৰ্বতে বোৱতী পানীৰ গতি শক্তি আৰু উচ্চতাত থকা পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰা হৈছিল ৷ বৰ্তমান নদীবান্ধ নিৰ্মান কৰি বিদ্যুৎ উৎপাদন কৰা হয় ৷ জল বিদ্যুৎ উৎপন্ন কৰিবলৈ নদীত যথেষ্ট উচ্চতাৰ বান্ধ নিৰ্মান কৰি পানীৰ প্ৰবাহক বাধা দি পানী জমা কৰা হয় ৷ বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বান্ধৰ পাদদেশত থকা টাৰবাইনলৈ অনা হয় ৷ এইদৰে টাৰবাইন ঘুৰাই বিদ্যুৎ উৎপন্ন কৰা হয় ৷
প্ৰশ্নাৱলী, Page No- 253
1. কোন ধৰণৰ দাপােন— অবতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?
উত্তৰ :- সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে অৱতল দাপােন উৎকৃষ্ট ৷ কাৰণ, অৱতল দাপোনে পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰে ৷ সৌৰ কুকাৰত সূৰ্জৰ পোহৰ কেন্দ্ৰীভূত কৰি উচ্চ তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন সক্ষম ৷
2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি?
উত্তৰ :- মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল –
(i) জোৱাৰ ভাতাৰ শক্তি – সমুদ্ৰপৃষ্ঠৰ জোৱাৰ ভাতাৰ পৰা শক্তি আহৰণ কৰিব পাৰি ৷ ইয়াৰ বাবে সমুদ্ৰলৈ যোৱা ঠেক পথ এটাত বান্ধ নিৰ্মান কৰা হয় ৷ কিন্তু এনে বান্ধ নিৰ্মান কৰা উপযুক্ত স্থান সীমিত ৷
(ii) তৰংগ শক্তি – সমুদ্ৰৰ প্ৰকাণ্ড প্ৰকাণ্ড তৰংগৰ গতি শক্তি আহৰণ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি ৷ কিন্তুু এনে কৰিবলৈ তৰংগবোৰ অতিশয় শক্তিশালী হোৱা উচিত যি অতি সীমিত ৷
(iii) মহাসামুদ্ৰিক তাপীয় শক্তি – সমুদ্ৰৰ পৃষ্ঠ আৰু 2 km পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য 293 K বা ততোধিক হ’লে মহাসামুদ্ৰিক তাপীয় শক্তি আহৰণ কৰিব পাৰি ৷ কিন্তু ই বাণিজ্যিকভাৱে লাভ দায়ক নহয় ৷
3. তাপীয় শক্তি কি?
উত্তৰ :- বিভিন্ন উৎসত উৎপন্ন হোৱা তাপৰ পৰা উৎপাদন কৰা শক্তিক তাপীয় শক্তি বোলে ৷
(i) মহাসামুদ্ৰিক তাপীয় শক্তি – সাগৰ বা মহাসাগৰৰ পৃষ্ঠৰ পানী ভাগ সূৰ্যৰ তাপত গৰম হয় কিন্তু গভীৰ অঞ্চলসমুহৰ পানী তুলনামূলকভাৱে শিতল অৱস্থাত থাকে ৷ উষ্ণতাৰ এই পাৰ্থক্যৰ আধাৰত শক্তি উৎপাদন কৰা হয় ৷ ইয়াকে মহাসামুদ্ৰিক তাপীয় শক্তি বোলে ৷
(ii) ভূ-তাপীয় শক্তি – ভূত্বতকৰ গভীৰতাৰ উচ্চ উষ্ণতাক ব্যৱহাৰ কৰি উৎপন্ন কৰা শক্তিক ভূ-তাপীয় শক্তি বোলে ৷
4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?
উত্তৰ :- নিউক্লীয় শক্তিৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল –
- প্ৰচুৰ পাৰিমাণৰ শক্তি উৎপন্ন কৰিব পাৰি ৷ কোৱা হয় যে জীৱাশ্মজাত ইন্ধনৰ পৰা লাভ কৰা শক্তিৰ তুলনাত ১০ নিযুত গুণ নিউক্লীয় শক্তি উৎপন্ন হয় ৷
- নিউক্লীয় শক্তি সীমিত কাৰ্বন যুক্ত শক্তি ৷
- নিউক্লীয় শক্তিত প্ৰদূষণৰ মাত্ৰা তুলনামূলকভাৱে কম ৷
- বহুল ভিত্তিত উৎপাদন কৰিলে ই কম খৰচি ৷
- নিউক্লীয় শক্তিৰ বাবে প্ৰয়োজনীয় কেচা সামগ্ৰী বহুত বছৰ চলিব পৰাকৈ উপলব্ধ ৷
প্রশাৱলী Page No- 253
1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে? কিয় পাৰে বা কিয় নােৱাৰে?
উত্তৰ :- শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব নোৱাৰে ৷ কাৰণ অতি পৰিস্কাৰ বুলি গণ্য কৰা শক্তিকো উৎপাদন কৰা প্ৰক্ৰিয়াত কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশ প্ৰদূষণ হয় ৷
উদাহৰণ স্বৰূপে, নিউক্লীয় শক্তি উৎপাদনৰ সময়ত উৎপন্ন হোৱা আৱৰজনাই পৰিৱেশ প্ৰদূষিত কৰে ৷
2. ৰকেটৰ ইন্ধন হিচাপে হাইড্রজেন ব্যৱহাৰ হয়। তােমালােকে ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি? কিয় কৰিবা বা কিয় নকৰা ?
উত্তৰ :- ৰকেটৰ ইন্ধন হিচাপে হাইড্রজেন ব্যৱহাৰ হয়। ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিব পাৰি , কাৰণ-
(i) হাইড্ৰ’জেন এবিধ কাৰ্বন মুক্ত ইন্ধন ৷
(ii) ই কোনো ধৰণৰ সেউজ গৃহ গেছ উৎপন্ন নকৰে ৷
(iii) হাইড্ৰ’জেনৰ দহনে পানী উৎপন্ন কৰে যি পৰিৱেশৰ বাবে ক্ষতি কাৰক নহয় ৷
প্রশ্নাৱলী Page No 254
1. তুমি নবীকৰণযােগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তােমাৰ পছন্দৰ কাৰণ দর্শোৱা ।
উত্তৰ :- নবীকৰণযােগ্য বুলি বিবেচনা কৰা দুটা শক্তিৰ উৎস হ’ল – বায়ু শক্তি আৰু সৌৰ শক্তি ৷
সূৰ্যৰ তাপে ভূ-খণ্ড আৰু জলভাগৰ বায়ুক গতি প্ৰদান কৰে আৰু বতাহৰ জন্ম দিয়ে ৷ বতাহৰ গতিক শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় ৷ একেদৰে সূৰ্যৰ তাপ শক্তিক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়৷ যিহেতু সূৰ্যই প্ৰায় ৫০০ নিযুত বছৰ পৰ্যন্ত শক্তি বিকিৰণ কৰি থাকিব বুলি ধাৰণা কৰা হৈছে সেয়েহে কব পাৰি যে বায়ু শক্তি আৰু সৌৰ শক্তি কেতিয়াও শেষ নহয় ৷
2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তােমাৰ পছন্দৰ কাৰণ দর্শোৱা ৷
উত্তৰ :- ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম হ’ল – কয়লা আৰু পেট্ৰলিয়াম ৷
কয়লা আৰু পেট্ৰলিয়াম জীৱাশ্মজাত ইন্ধন ৷ জীৱাশ্মজাত ইন্ধন পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি থকা হৈছে আৰু ইয়াৰ ভাণ্ডাৰ অতি সীমিত ৷ আমি যদি ইয়াৰ ব্যৱহাৰ দ্ৰুত হাৰত কৰি থাকো তেন্তে ই অতি শীঘ্ৰে শেষ হ’ব ৷ সেয়েহে কয়লা আৰু পেট্ৰলিয়ামক ক্ষয়িষ্ণু শক্তিৰ উৎস বুলি বিবেচনা কৰিব পাৰি ৷
অনুশীলনী
1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নােৱাৰা দিনটো হৈছে এটা
(a) ৰৌদ্রোজ্জ্বল দিন
(b) ডাৱৰীয়া দিন।
(c) গৰম দিন
(d) বতাহে কোবােৱা দিন।
উত্তৰ :- (b) ডাৱৰীয়া দিন।
2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰি
(b) গােবৰ গেছ
(c) নিউক্লীয় শক্তি
(d) কয়লা।
উত্তৰ :- (c) নিউক্লীয় শক্তি
3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান।
উত্তৰ :- (c) নিউক্লীয় শক্তি
4. শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।
উত্তৰ :- শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
জীৱাশ্মজাত ইন্ধন | সৌৰশক্তি |
---|---|
1. জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস ৷ | 1. সৌৰশক্তি নবীকৰণযোগ্য শক্তিৰ উৎস ৷ |
2. জীৱাশ্মজাত ইন্ধনৰ ভাণ্ডাৰ সীমিত ৷ | 2. সৌৰশক্তিৰ ভাণ্ডাৰ অসীম ৷ |
3. জীৱাশ্মজাত ইন্ধনে প্ৰদূষণ কৰে ৷ | 3. সৌৰশক্তিৰ পৰা প্ৰদূষণ নহয় ৷ |
4. জীৱাশ্মজাত ইন্ধন এবিধ খৰচি ইন্ধন ৷ | 4. সৌৰশক্তি অতি কম খৰচত ব্যৱহাৰ কৰিব পাৰি৷ |
5. শেষ হ’লে ইন্ধন ক্ৰয় কৰি থাকিব লাগে ৷ | 5. এবাৰ খৰচ কৰি সৌৰশক্তি ব্যৱহাৰ কৰা যন্ত্ৰটো কিনিলেই হয় ৷ |
6. যিকোনো সময়ত ব্যৱহাৰ কৰিব পাৰি ৷ | 6. অকল ৰৌদ্ৰোজ্বল দিনতহে ব্যৱহাৰ কৰিব পাৰি ৷ |
5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।
উত্তৰ :- জৈৱ উপাদান বা জৈৱ-ভৰ আৰু জলবিদ্যুত দুয়োবিধে নবীকৰণযোগ্য শক্তিৰ উৎস উৎস ৷ ইহঁতৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
জৈৱ উপাদান বা জৈৱ-ভৰ | জলবিদ্যুত |
---|---|
১. জৈৱিক আৱৰ্জনাৰ পৰা পোৱা যায় ৷ | ১. উচ্চতাত সঞ্চয় কৰা পানী বা গতিশীল পানীৰ পৰা পোৱা যায় ৷ |
২. প্ৰদূষণৰ মাত্ৰা কম ৷ | ২. কোনো ধৰণৰ প্ৰদূষণ নকৰে ৷ |
৩. জৈৱিক গেছ উৎপাদন কৰিব পাৰি ৷ | ৩. বিদ্যুৎ উৎপাদন কৰিব পাৰি ৷ |
৪. ইয়াৰ উৎপাদন সীমিত ৷ | ৪. বহুত বেছি উৎপাদন কৰা সম্ভৱ ৷ |
৫. অতি কম খৰচি ৷ | ৫. তুলনামূলক ভাৱে খৰচি ৷ |
৬. অৱশিষ্ট সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ | ৬. অৱশিষ্ট নাথাকে ৷ |
6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি?
(a) বতাহ
(b) তৰংগ
(c) জোৱাৰ-ভাতা
উত্তৰ :-
(a) বতাহ – বতাহৰ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল –
- বিদ্যুৎ উৎপন্ন কৰিবলৈ অনেক বায়ু কলৰ প্ৰয়োজন হয় ৷
- ইমান বেছি সংখ্যক বায়ু কল স্থাপনৰ বাবে বৃহৎ এটা অঞ্চলৰ প্ৰয়োজন হয় ৷
- বিদ্যুৎ উৎপন্ন কৰিবলৈ বায়ুৰ গতি 15 km/hrত কৈ অধিক হ’ব লাগে যি সকলো ঠাইত নাথাকে ৷
- কোনোবা অঞ্চলত 15 km/hr বেগৰ বায়ু প্ৰবাহ হলেও বছৰটোৰ আতাইকেইটা মাহত বেগ একে নাথাকে ৷
- বায়ু পাম স্থাপন কৰিবলৈ প্ৰাৰম্ভিক খৰচ অতি বেছি ৷
- বতাহ নথকা সময়ত শক্তিৰ যোগান অব্যাহত ৰাখিবলৈ সঞ্চায়ক কোষ থাকিব লাগে৷
- উচ্চ মানৰ তদাৰক-তদবিৰ ব্যৱস্থা থাকিব লাগে ৷
(b) তৰংগ – তৰংগ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল –
- যিবোৰ স্থানত তৰংবোৰ অতিশয় শক্তিশালী তেনেবোৰ স্থানতহে তৰংগ শক্তিৰ ব্যৱহাৰ ফলপ্ৰসূ ৷
- ই অতি ব্যয়বহুল ৷
- ঢৌ নথকা অঞ্চলত তৰংগৰ পৰা শক্তিৰ আহৰণ কৰা সম্ভৱ নহয় ৷
(c) জোৱাৰ-ভাতা – জোৱাৰ-ভাতাৰ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল –
- সমুদ্ৰপৃষ্ঠৰ জোৱাৰ ভাতাৰ পৰা শক্তি আহৰণ কৰিবলৈ সমুদ্ৰলৈ যোৱা ঠেক পথ এটাত বান্ধ নিৰ্মান কৰা হয় ৷ কিন্তু এনে বান্ধ নিৰ্মান কৰা উপযুক্ত স্থান সীমিত ৷
- ই অতি ব্যয়বহুল ৷
- খৰচৰ অনুপাতে উৎপাদন কম ৷
7. কি আধাৰত শক্তিৰ উৎসমূহ
(a) নবীকৰণযােগ্য আৰু অনবীকৰণযােগ্য
(b) ক্ষয়িষ্ণু যােৱা আৰু অক্ষয়িষ্ণু
বুলি শ্রেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে?
উত্তৰ :-
(a) যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে তেনেবোৰ শক্তিৰ উৎসক নবীকৰণযােগ্য শক্তিৰ উৎস বোলা হয় ৷ উদাহৰণ – সৌৰ শক্তি ৷
যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ নাথাকে আৰু সীমিতভাৱে উপলব্ধ তেনেবোৰ শক্তিৰ উৎসক অনবীকৰণযােগ্য শক্তিৰ উৎস বোলা হয় ৷ উদাহৰণ – জীৱাশ্মজাত ইন্ধন ৷
(b) যিবোৰ শক্তিৰ উৎস সীমিত আৰু অধিক ব্যৱহাৰ কৰিলে শেষ হোৱা সম্ভাৱনা থাকে তেনে শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তিৰ উৎস বোলে ৷ উদাহৰণ – কয়লা, পেট্ৰলিয়াম ইত্যাদি ৷
যিবোৰ শক্তিৰ উৎস অসীম আৰু অধিক ব্যৱহাৰ কৰিলেও শেষ হোৱা সম্ভাৱনা নাথাকে তেনে শক্তিৰ উৎসক অক্ষয়িষ্ণু শক্তিৰ উৎস বোলে ৷ উদাহৰণ – বায়ু শক্তি, জলশক্তি ইত্যাদি ৷
8. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি?
উত্তৰ :- আদর্শশক্তি উৎসৰ গুণসমূহ তলত উল্লেখ কৰা হ’ল –
- আদর্শশক্তি উৎসৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে ৷
- আদর্শশক্তি উৎস সহজে উপলব্ধ ৷
- আদর্শশক্তি উৎসৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ৷
- আদর্শশক্তি উৎস মিতব্যয়ী ৷
9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত?
উত্তৰ :-
সৌৰ চুলা ব্যৱহাৰৰ সুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –
- সৌৰ চুলাত ব্যৱহাৰ হোৱা সৌৰশক্তি নবীকৰণযোগ্য শক্তিৰ উৎস ৷
- সৌৰশক্তিৰ ভাণ্ডাৰ অসীম হোৱা বাবে সৌৰ চুলা অবিৰতভাবে কাৰ্যক্ষম হৈ থাকে ৷
- সৌৰ চুলাৰ পৰা প্ৰদূষণ নহয় ৷
- সৌৰ চুলা ব্যৱহাৰ কৰিবলৈ কোনো ইন্ধন নালাগে ৷
- এবাৰ খৰচ কৰি সৌৰ চুলাটো কিনিলেই হয় ৷
সৌৰ চুলা ব্যৱহাৰৰ অসুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –
- সৌৰ চুলা অকল ৰৌদ্ৰোজ্বল দিনতহে ব্যৱহাৰ কৰিব পাৰি ৷
- খাদ্য প্ৰস্তুতকৰনত অধিক সময়ৰ প্ৰয়োজন হয় ৷
- ঘৰৰ ভিতৰত ৰন্ধন কাৰ্য কৰা সম্ভৱ নহয় ৷
- অধিক তাপ প্ৰয়োজন হোৱা খাদ্য প্ৰস্তুত কৰিবলৈ সুবিধাজনক নহয় ৷
- উৎপাদিত তাপ ৰন্ধনত ব্যৱহাৰ হোৱা পাত্ৰৰ কোনো এটা কেন্দ্ৰত কেন্দ্ৰীভূত কৰিব নোৱাৰি ৷
- সৌৰ চুলা বজাৰত সহজ লভ্য নহয় ৷
ডাৱৰীয়া দিন আৰু দীঘলীয়া ৰাতিৰ অঞ্চলবোৰত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ৷
10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লােৱাৰ পৰামর্শ দিবা?
উত্তৰ :- শক্তিৰ বৰ্দ্ধিত চাহিদাই পৰিবেশৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায় ৷ তেনে কিছুমান প্ৰভাৱ তলত উল্লেখ কৰা হ’ল –
- শক্তিৰ বৰ্দ্ধিত চাহিদাৰ ফলত জীৱাশ্মজাত ইন্ধনৰ ভাণ্ডাৰ ক্ষিপ্ৰতাৰে কমিবলৈ ধৰে ৷
- জীৱাশ্মজাত ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ, এছিড বৰষুণ, সেউজ গৃহ প্ৰভাৱ আদিৰ দৰে সমস্যাই দেখা দিয়ে৷
- জলশক্তি প্ৰকল্প নিৰ্মানৰ ফলত নদীবান্ধৰ পানীত বুৰ গৈ বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় ৷
- নদীবান্ধৰ পানীত ডুবা গছ – গছনী পচি মিথেন গেছ নিৰ্গত হয় যি এবিধ সেউজ গৃহ গেছ ৷
- নিউক্লীয় শক্তি উৎপাদনত উৎপন্ন হোৱা আৱৰজনাই পৰিবেশ প্ৰদূষিত কৰে ৷
শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে আমি তলত উল্লেখিত কিছুমান পদক্ষেপ ল’ব পাৰো –
- জীৱাশ্মজাত ইন্ধনৰ ব্যৱহাৰ যিমান পাৰি কমাব লাগে ৷
- নিজা বাহন ব্যৱহাৰ নকৰি ৰাজহুৱা বাহন যেনে – বাছ, ৰেল আদি ব্যৱহাৰ কৰিব লাগে ৷
- নবীকৰণযোগ্য শক্তিৰ উৎস যেনে – সৌৰ শক্তি আদিৰ ব্যৱহাৰ অধিক মাত্ৰাত কৰিব লাগে ৷
- উচৰৰ ঠাইত খোজ কাঢ়ি বা চাইকেলেৰে যাতায়ত কৰিব লাগে ৷
- বৈদ্যুতিক পাংখা, বাল্ব আদি প্ৰয়োজন নহলে বন্ধ কৰি থব লাগে ৷
- পানী ব্যৱহাৰৰ পাছত নল ভালদৰে বন্ধ কৰিব লাগে ৷ এনে কৰিলে বৈদ্যুতিক মটৰৰ বিদ্যুত ব্যয় কমে ৷
- ৰন্ধন কাৰ্যত প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰি ৰন্ধন গেছ ৰাহি কৰিব পাৰি ৷
- ৰন্ধন কাৰ্যৰ অন্তত গেছৰ চুলা আৰু চিলিন্দাৰৰ ৰেগুলেটৰ ভালদৰে বন্ধ কৰিব লাগে ৷
বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় 1 : ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় 4 : কাৰ্বন আৰু তাৰ যৌগ
অধ্যায় 5 : মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় 7 : নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় 8 : জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় 9 : বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় 10 : পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী