অর্থনৈতিক ভূগোল – বিষয়বস্তু আৰু সম্পদ| Class 10 Social Science Geography Chapter 1
|

অর্থনৈতিক ভূগোল – বিষয়বস্তু আৰু সম্পদ| Class 10 Social Science Geography Chapter 1

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) তলৰ কোনটো মানব-সৃষ্ট সম্পদ ?

  • (১) নদ-নদী
  • (২) খনিজ তেল
  • (৩) জলসিঞ্চন নলা
  • (৪) অৰণ্য

Ans-(৩) জলসিঞ্চন নলা

খ) তলৰ কোনটো অজীৱীয় সম্পদ ?

  • (১) বায়ু
  • (২) গছ-গছনি
  • (৩) জীৱ-জস্তু
  • (৪) ভেঁকুৰ

উত্তৰ- (১) বায়ু

(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ?

  • (১) বায়ু
  • (২) পানী
  • (৩) শস্য
  • (৪) কয়লা

উত্তৰ- (৪) কয়লা

(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী ?

  • (১) এশিঙিয়া গড়
  • (২) নল গাহৰি
  • (৩) জিৰাফ
  • (৪) মিথুন

উত্তৰ- (২) নল গাহৰি

(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তর্গত ?

  • (১) UNESCO
  • (২) UNO
  • (৩) WWF
  • (8) UNEP

উত্তৰ- (১) UNESCO

100+ Class 10 Social Science Geography Chapter 1 Question Answer

১৷ ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰ: ২ টা ভাগত ভাগ কৰা হৈছে ৷ ভাগকেইটা হৈছে-

  • প্ৰাকৃতিক ভূগোল
  • মানৱ ভূগোল ৷

২৷ ভূগোলৰ কোনটো প্ৰধান শাখাত অৰ্থনৈতিক ভূগোল অন্তৰ্গত?

উত্তৰ: মানৱ ভূগোল শাখাটোত অৰ্থনৈতিক ভূগোল অন্তৰ্গত ৷

৩৷ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া৷

উত্তৰ: ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, সেই শাখাটোক অৰ্থনৈতিক ভূগোল বুলি কোৱা হয় ৷

৪৷ কি কি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়?

উত্তৰ: ভূ-প্ৰকৃতি, ভূ-তাত্ত্বিক গঠনৰ পাৰ্থক্য, জলবায়ু, মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ আদি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়৷

৫৷ দুবিধ প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা৷

উত্তৰ: দুবিধ প্ৰাকৃতিক দুৰ্যোগ হ’ল-

  • ভূমিকম্প
  • বানপানী

৬৷ উপকূলীয় অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?

উত্তৰ: উপকূলীয় অঞ্চলবোৰ মাছৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যত আগবঢ়া ৷

৭৷ ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলবোৰ কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?

উত্তৰ: ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চল পশুপালনত আগবঢ়া ৷

৮৷ সাৰুৱা সমভূমি অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?

উত্তৰ: সাৰুৱা সমভূমি অঞ্চল কৃষিৰ ক্ষেত্ৰত আগবঢ়া ৷

৯৷ অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু কি?

উত্তৰ: মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু ৷

১০৷ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন?

উত্তৰ: জৰ্জ ছিজ্‌হ’ম

১১৷ জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি?

উত্তৰ: এখম ঠাইৰ অৰ্থনৈতিক গতি আৰু দিশ নিৰ্ণয় কৰা জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য৷

১২৷ মানুহৰ অৰ্থনৈতিক‍ বৃত্তি কেই প্ৰকাৰৰ?

উত্তৰ: চাৰি প্ৰকাৰৰ ৷

১৩৷ প্ৰাথমিক বৃত্তি মানে কি?

উত্তৰ: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা নিজৰ প্ৰয়োজনীয় সম্পদ আহৰণ কৰে, তাক‍ে প্ৰাথমিক বৃত্তি বুলি কোৱা হয়৷

১৪৷ দ্বিতীয়ক বৃত্তি মানে কি?

উত্তৰ: যিবিলাক কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে, সেইবিলাক কাৰ্যকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়৷

১৫৷ তৃতীয়ক বৃত্তি মানে কি?

উত্তৰ: যিবিলাক কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, সেইবিলাককে তৃতীয়ক বৃত্তি বুলি কোৱা হয়৷

১৬৷ চতুৰ্থক বৃত্তি মানে কি?

উত্তৰ:যিবিলাক কাৰ্যই দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সূচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, সেইবিলাককে চতুৰ্থক বৃত্তি বুলি কোৱা হয়৷‍

১৭৷ প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ দিয়া৷

উত্তৰ: কৃষিকাৰ্য হ’ল প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ ৷

১৮৷ দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷

উত্তৰ: নিৰ্মাণকাৰ্য হ’ল দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ৷

১৯৷ তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷

উত্তৰ: যাতায়ত হ’ল তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ ৷

২০৷ চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া৷

উত্তৰ: প্ৰশাসন হ’ল চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ ৷

২১৷ অৰ্থনৈতিক ভূগোল অধ্যয়নৰ যিকোনো দুটা পদ্ধতি উল্লেখ কৰা৷

উত্তৰ: অৰ্থনৈতিক ভূগোল অধ্যয়নৰ দুটা পদ্ধতি হ’ল-

  • আঞ্চলিক পদ্ধতি আৰু
  • বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয় পদ্ধতি ৷

২২৷ অৰ্থনৈতিক ভূগোলৰ যিকোনো দুটা শাখা উল্লেখ কৰা৷

উত্তৰ: কৃষি ভূগোল আৰু ঔদ্যোগিক ভূগোল অৰ্থনৈতিক ভূগোলৰ দুটা শাখা ৷

২৩৷ বহনক্ষম উন্নয়ন মানে কি?

উত্তৰ: বহনক্ষম উন্নয়ন মানে যি উন্নয়নে ভৱিষ্যৎ প্ৰজন্মসমূহৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামৰ্থ্যৰ ক্ষেত্ৰত আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ নিজ নিজ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে ৷

২৪৷ সম্প্ৰতি কিয় সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে ?

উত্তৰ: যিহেতু সকলো অৰ্থনৈতিক কাৰ্য বা উন্নয়ন প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতপ্ৰোতভাৱে জড়িত, সেয়ে সম্প্ৰতি সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে ৷

২৫৷ কৃষি ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷

উত্তৰ: কৃষি ভূগোলৰ দুটা বিষয়বস্তু হ’ল—

  • ক) কৃষিৰ প্ৰকাৰ
  • খ) কৃষিকাৰ্যৰ বিতৰণ আৰু পদ্ধতি৷

২৬৷ ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷

উত্তৰ: ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু হ’ল—

  • ক) ঔদ্যোগিক সামগ্ৰীৰ বিতৰণ
  • খ) উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ ৷

২৭৷ সম্পদ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷

উত্তৰ: সম্পদ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—

  • ক) সম্পদৰ প্ৰকাৰ
  • খ) সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক ৷

২৮৷ পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷

উত্তৰ: পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—

  • ক) সম্পদৰ বিতৰণত পৰিবহণৰ ভূমিকা
  • খ) পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ৷

২৯৷ বজাৰ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা ৷

উত্তৰ: বজাৰ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—

  • ক) বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ
  • খ) বজাৰৰ প্ৰকাৰ আৰু বিতৰণ ৷

৩০৷ পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা ৷

উত্তৰ: পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু হ’ল—

  • ক) অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ
  • খ) পৰিকল্পনা ব্যৱস্থা ৷

৩১৷ পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷

উত্তৰ: পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু হ’ল

  • ক) পৰ্যটনৰ প্ৰকাৰ
  • খ) পৰ্যটন ব্যৱস্থাপ উন্নয়ন প্ৰক্ৰিয়া৷

৩২৷ সম্পদ কাক বোলে?

উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৱেই হল সম্পদ ৷

৩৩৷ সম্পদৰ যিকোনো দুটা উদাহৰণ দিয়া৷

উত্তৰ: বায়ু আৰু পানী৷

৩৪৷ মানুহৰ মৌলিক প্ৰয়োজন কেইটা আৰু কি কি?

উত্তৰ: মানুহৰ মৌলিক প্ৰয়োজন তিনি‍টা ৷ খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷

৩৫৷ পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ হয়নে?

উত্তৰ: সম্পদ হ’বলৈ হ’লে বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব ৷ পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ নহয়৷

৩৬৷ অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কি কি গুণ থাকিব লাগে?

উত্তৰ: অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগে৷

৩৭৷ সম্পদৰ লগত মানুহ কি কি ধৰণে জড়িত?

উত্তৰ:দুই ধৰণে জড়িত— ক) সম্পদৰ উৎপাদক হিচাপে , খ) সম্পদৰ উপভোক্তা হিচাপে৷

৩৮৷ প্ৰাকৃতিক সম্পদ কাক বোলে ?

উত্তৰ: প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰকৃতিত সৃষ্টি হোৱা সম্পদসমূহকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়৷

৩৯৷ মানৱসৃষ্ট সম্পদ কাক বোলে?

উত্তৰ: মানুহে নিজৰ জ্ঞান, বুদ্ধি, দক্ষতা আৰু কৌশলেৰে নিজৰ ব্যৱহাৰৰ উপযোগীকৈ যিবোৰ সম্পদ সৃষ্টি কৰি লয়, সেইবোৰকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়৷

৪০৷ মানৱ সম্পদ বুলিলে কি বুজা?

উত্তৰ: প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা, শি‍ক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় আৰু এনে গুণবিলাকৰ বাবেই মানুহকো এক শ্ৰেণীৰ সম্পদ হিচাপে ধৰা হয় আৰু এয়াই হৈছে মানৱ সম্পদ৷

৪১৷ দুবিধ প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া৷

উত্তৰ:উদ্ভিদ আৰু বন্যপ্ৰাণী৷

৪২৷ দুবিধ মানৱসৃষ্ট সম্পদৰ উদাহৰণ দিয়া৷

উত্তৰ: ঔষধ, গৃহ নিৰ্মাণ সামগ্ৰী৷

৪৩৷ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে?

উত্তৰ: যিবিলাক সামগ্ৰীয়ে মানুহক কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে, তেনে সামগ্ৰীয়েই হল নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী

৪৪৷ প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা কাক বোলে?

উত্তৰ: যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহক অপকাৰ সাধন কৰে, তেনে সামগ্ৰী বা পৰিঘটনাকেই সামগ্ৰীয়েই হল প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা

৪৫৷ দামোদৰ বান্ধ ক’ত অৱস্থিত?

উত্তৰ: ঝাৰখণ্ডত দামোদৰ বান্ধ অৱস্থিত৷

৪৬৷ সম্পত্তি বুলিলে কি বুজা ?

উত্তৰ: যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, তেনে সামগ্ৰীকেই সম্পত্তি বুলি কোৱা হয়৷

৪৭৷ সম্পত্তিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা৷

উত্তৰ: সম্পত্তিৰ দুটা বৈশিষ্ট্য হ’ল—

  • ক) সম্পত্তিৰ যোগান তুলনামূলকভৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি৷
  • খ) সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ আৰু অপকাৰ দুয়োটাই হ’ব পাৰে৷

৪৮৷ সম্পদ আৰু সম্পত্তিৰ মাজৰ যিকোনো এটা পাৰ্থক্য লিখা ৷

উত্তৰ: সম্পদ আৰু সম্পত্তিৰ মাজৰ এটা পাৰ্থক্য হ’ল—সকলো সম্পত্তিয়েই সম্পদ, কিন্তু সকল‍ো সম্পদ সম্পত্তি নহ’বও পাৰে৷

৪৯৷ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি‍ সম্পদসমূহক বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰ: তিনি‍টা ভাগত

৫০৷ প্ৰাকৃতিক সম্পদসমূহক কি কি অৱস্থাত পোৱা যায়?

উত্তৰ: গোটা, জুলীয়া, গেছীয়, ধাতৱ আৰু অধাতৱ অৱস্থাত পোৱা যায়৷

৫১৷ কাগজ কিহৰ পৰা প্ৰস্তুত কৰা হয়?

উত্তৰ: বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰা হয় ৷

৫২৷ খনিজ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা৷

উত্তৰ: ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য৷

৫৩৷ অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী পৃথিৱীৰ যিকোনো দুখন দেশৰ নাম লিখা৷

উত্তৰ: জাপান আৰু টাইৱান৷

৫৪৷ প্ৰাকৃতিক গঠন-বৈশিষ্ট্য আনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰ: জীৱীয় আৰু অজীৱীয়

৫৫৷ জীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷

উত্তৰ: উদ্ভিদ আৰু প্ৰাণী৷

৫৬৷ অজীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷

উত্তৰ: মাটি আৰু শিল৷

৫৭৷ ব্যৱহাৰৰ উপযোগিতা অনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰ: নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য— এই দুই ভাগত ভাগ কৰা হৈছে৷

৫৮৷ নৱীকৰণযোগ্য বা পুনঃসৃষ্টি‍ক্ষম সম্পদ কাক বোলে?

উত্তৰ: যিবিলাক সম্পদ অনৱৰত ব্যৱহাৰ কৰি থকাৰ পাছতো নৱীকৰণ বা পুনঃসৃষ্টি কৰিব পাৰি, সেইবিলাকক সম্পদ হল নৱীকৰণযোগ্য সম্পদ ৷

৫৯৷ অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ কাক বোলে?

উত্তৰ: যিবিলাক সম্পদ অনৱৰত ব্যৱহাৰ কৰি থকাৰ পাছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি, সেইবিলাকক সম্পদকেই অনৱীকৰণযোগ্য সম্পদ বা ক্ষয়শীল বুলি কোৱা হয় ৷

৬০৷ নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷

উত্তৰ- বায়ু আৰু পানী৷

৬১৷ অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷

উত্তৰ: খনিজ তেল আৰু কয়লা৷

৬২৷ মালিকীস্বত্বৰ ভিত্তিত সম্পদক কি কি ভাগত ভাগ কৰা হৈছে ?

উত্তৰ: ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক বা বিশ্ব সম্পদ ৷

৬৩৷ ব্যক্তিগত সম্পদ কাক বোলে?

উত্তৰ: মানুহৰ নিজ নিজ অধিকাৰ বা দখলত থকা সম্পদসমূহকেই ব্যক্তিগত সম্পদ বুলি কোৱা হয়৷

৬৪৷ জাতীয় সম্পদ কাক বোলে?

উত্তৰ: এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সম্পদসমূহ জাতীয় সম্পদ ৷

৬৫৷ আন্তৰ্জাতিক বা বিশ্ব সম্পদ কাক বোলে?

উত্তৰ: সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদসমূহক একেলগে আন্তৰ্জাতিক সম্পদ বা বিশ্ব সম্পদ বোলা হয়৷

৬৬৷ ব্যক্তিগত সম্পদৰ দুটা উদাহণ দিয়া৷

উত্তৰ: কৰ্মদক্ষতা আৰু সা-সম্পত্তি৷

৬৭৷ জাতীয় সম্পদৰ দুটা উদাহণ দিয়া৷

উত্তৰ: ৰাস্তা-ঘাট আৰু অভয়াৰণ্য৷

৬৮৷ আন্তৰ্জাতিক সম্পদৰ দুটা উদাহণ দিয়া৷

উত্তৰ: – সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডল৷

৬৯৷ বিশ্ব সম্পদসমূহৰ উদ্‌ঘাটন আৰু ব্যৱহাৰ কোনটো সংস্থাই পৰিচালনা কৰে?

উত্তৰ: ৰাষ্ট্ৰসংঘই

৭০৷ বিতৰণ অনুসৰি প্ৰাকৃতিক সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰ: চিৰবিৰাজমান সম্পদ আৰু স্থানিক সম্পদ৷

৭১৷ চিৰবিৰাজমান সম্পদ বুলিলে ‍কি বুজা?

উত্তৰ: যিবিলাক প্ৰাকৃতিক সম্পদ সকলো ঠাইতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ, তেনে প্ৰাকৃতিক সম্পদকে চিৰবিৰাজমান সম্পদ বুলি কোৱা হয়৷

৭২৷ স্থানিক সম্পদ বুলিলে ‍কি বুজা?

উত্তৰ: যিবিলাক প্ৰাকৃতিক সম্পদ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ ঠাইতহে উপলভ্য, তেনে প্ৰাকৃতিক সম্পদকে স্থানিক সম্পদ বুলি কোৱা হয়৷

৭৩৷ চিৰবিৰাজমান সম্পদৰ দুটা উদাহৰণ দিয়া৷

উত্তৰ: সূৰ্যৰ ৰশ্মি আৰু বায়ু৷

৭৪৷ স্থানিক সম্পদৰ দুটা উদাহৰণ দিয়া৷

উত্তৰ: কয়লা আৰু খনিজ তেল৷

৭৫৷ সম্পদ সংৰক্ষণ বুলিলে কি বুজা ?

উত্তৰ: কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয়৷

৭৬৷ সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য কি?

উত্তৰ: প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদসমূহ এনদেৰে আহৰণ কৰা যাতে ইয়াৰ পৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ৷

৭৭৷ পৃথিৱীত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ উল্লেখ কৰা৷

উত্তৰ: অৰণ্য ধ্বংসকাৰ্য৷

৭৮৷ অসমৰ দুবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা৷

উত্তৰ: অৰ্জুন আৰু অগৰু৷

৭৯৷ দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা৷

উত্তৰ: সোণালী বন্দৰ আৰু শগুণ৷

৮০৷ IUCN-ৰ সম্পূৰ্ণ নাম লিখা৷

উত্তৰ: IUCN-ৰ সম্পূৰ্ণ নাম হ’ল— আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (International Union for Conservation of Nature)৷

৮১৷ IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?

উত্তৰ:ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত৷

৮২৷ UNESCO-ৰ সম্পূৰ্ণ নাম লিখা৷

উত্তৰ: UNESCO-ৰ সম্পূৰ্ণ নাম হ’ল—ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈ‍জ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (United Nation’s Educational, Scientific and Cultural Organization)৷

৮৩৷ UNESCO কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?

উত্তৰ: ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত৷

৮৪৷ কাৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল?

উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰথম সঞ্চালকপ্ৰধান জুলিয়ান হাক্স্‌লেৰ প্ৰচেষ্টাত প্ৰচেষ্টাত

৮৫৷ IUCN কেতিয়া গঠিত হৈছিল?

উত্তৰ: ১৯৪৮ চনত

৮৬৷ IUCN-ৰ মূল উদ্দেশ্য কি?

উত্তৰ: IUCN-ৰ মূল উদ্দেশ্য হ’ল— সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা৷

৮৭৷ WWF-ৰ সম্পূৰ্ণ নাম লিখা৷

উত্তৰ: WWF-ৰ সম্পূৰ্ণ নাম হ’ল বিশ্বজোৰা প্ৰকৃতি পুঁজি (World Wide Fund fof Nature)‍৷

৮৮৷ IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম লিখা৷

উত্তৰ: IUCN আৰু WCMC৷

৮৯৷ ভাৰতৰবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় মন্ত্ৰণালয়টোৰ নাম কি?

উত্তৰ: পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়৷

৯০৷ ভাৰতীয় বন গৱেষণা আৰু শি‍ক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছি‍ল?

উত্তৰ: ১৯৮৬ চনত

৯১৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷

উত্তৰ: বি‍জ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (Centre for Science and Environment) আৰু গ্ৰীনপিছ ইণ্ডিয়া (Greenpeace India)৷

৯২৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷

উত্তৰ: ‘আৰণ্যক’ আৰু ‘অসম বি‍জ্ঞান সমিতি’

৯৩৷ বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ: বিশ্ব পৰিৱেশ দিৱস ৫ জুন তাৰিখে পালন কৰা হয়৷

৯৪৷ সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা৷

উত্তৰ: সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে দুটা ব্যৱস্থা হ’ল-

  • ক) বিকল্প সম্পদৰ সন্ধান
  • খ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস৷

৯৫৷ কপাহী সূতাৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?

উত্তৰ:কৃত্ৰিম আঁহ কপাহী সূতাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি৷

৯৬৷ প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?

উত্তৰ: কৃত্ৰিম ৰবৰক প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি৷

৯৭৷ পুনৰাৱৰ্তন প্ৰক্ৰিয়া বুলিলে কি বুজা?

উত্তৰ: পুনৰাৱৰ্তন হ’ল সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ কৰা প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যৱহাৰ-উপযোগী কেঁচা সামগ্ৰীৰ পুনৰ্বব্যৱহাৰ কৰা হয় ৷

৯৮৷ ৰাসায়নকি সাৰৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?

উত্তৰ: জৈৱ সাৰ ৰাসায়নকি সাৰৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা উচিত ৷

৯৯৷ ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?

উত্তৰ:জৈৱ কীটনাশক দ্ৰব্য ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা উচিত

১০০৷ সম্পদৰ প্ৰধান বৈশিষ্ট্যকেইটা লিখা৷

উত্তৰ: উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম ৷

১০১৷ “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব”— কোনে কৈছিল?

উত্তৰ: অৰ্থনীতিবিদ জিম্মাৰমেনে কৈছিল

১০২৷ মানুহ এবিধ সম্পদ হয়নে?

উত্তৰ: মানুহ এবিধ সম্পদ

১০৩৷ খনিজ তেলৰ পৰা প্রস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰ:ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য৷

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *