SEBA Class 10 Social Science Chapter 2 Notes

SEBA Class 10 Social Science Chapter 2 Notes মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোৱৰত

২) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ?

উত্তৰঃ দক্ষিণ আফ্ৰিকাত গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল পোনপ্ৰথমে প্ৰয়োগ কৰিছিল

৩) ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট উপাধি’ ত্যাগ কৰিছিল ?

উত্তৰঃ জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ‘নাইট উপাধি’ ত্যাগ কৰিছিল

৪) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎআন্দোলনৰ সূচনা হৈছিল ?

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ।

৫) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।

৬) কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰঃ লালা লাজপত ৰায়ৰ নেতৃত্বত লাহোৰত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নিৰ্দয় ভাৱে লাঠি চালনা কৰে, য’ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে ।

৭) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন ত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯২৯ চনৰ লাহোৰত বহা কংগ্ৰেছৰ অধিৱেশনত।

৮)গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?

উত্তৰঃ ৩৮৫ কিলোমিটাৰ দূৰত্ব।

৯) সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰঃ খান আব্দুল গফুৰ খান ।

১০) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল

১১) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ?

উত্তৰঃ ৰামজে মেকডোনাল্ড।

১২) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল ? উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন

১৩) আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ নেতাজী সুভাষচন্দ্ৰ বসু আছিল আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা ।

১৪) ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?

উত্তৰঃ নেতাজী সুভাষচন্দ্ৰ বসুৰ ।

১৫) ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰঃ ৰেডক্লিফ লাইন ǀ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *