বিদ্যুৎ | অধ্যায় 14 | Current Class 6 Seba notes
| |

বিদ্যুৎ | অধ্যায় 14 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

i ) তলৰ কোনবিধ আহিলাই বিদ্যুৎ যােগান ধৰিব পাৰে?
a. বৈদ্যুতিক কোষ
b. বাল্ব
c. তামৰ তাৰ
d. ইস্ত্রি

উত্তৰ :- a. বৈদ্যুতিক কোষ

ii ) বর্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয়?
a. বেটাৰি
b. চুইচ
c. বাল্ব
d. প্লাগ

উত্তৰ :- b. চুইচ

iii ) বাল্ব এটাৰ ভিতৰত উজ্বলি উঠি পােহৰ বিলােৱা তাৰডাল হ’ল—
a. প্লাগ
b. ছুইচ
c. ফিলামেণ্ট
d. উপৰৰ এটাও নহয়

উত্তৰ :- c. ফিলামেণ্ট

iv ) তলৰ কোনবিধ পদার্থ বিদ্যুতৰ পৰিবাহী নহয়?
a. তাম
b. ৰূপ
c. গ্ৰেফাইট
d. প্লাষ্টিক

উত্তৰ :- d. প্লাষ্টিক

v) তলৰ কোন কোন ক্ষেত্ৰত বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত হ’ব?

উত্তৰ :- a

2. চমু উত্তৰ দিয়া।

i ) বিদ্যুৎপ্রবাহ কোনটো মেৰুৰ পৰা কোনটো মেৰুলৈ প্রবাহিত হয়?

উত্তৰ :- বিদ্যুৎপ্রবাহ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ প্রবাহিত হয়।

ii ) খােলা বর্তনী কাক বােলে?

উত্তৰ :- বিদ্যুৎপ্রবাহ চলি নথকা বর্তনীক খোলা বর্তনী (open circuit) বোলে৷

iii ) টর্চ লাইট এটাত কি ধৰণৰ চুইচ ব্যৱহাৰ কৰা হয়?

উত্তৰ :- টর্চ লাইট এটাত পিছলাই নিব পৰা চুইচ ব্যৱহাৰ কৰা হয়৷

iv ) বৈদ্যুতিক বর্তনী কি?

উত্তৰ :- বিদ্যুৎ প্রবাহিত হ’ব পৰা পথকে বৈদ্যুতিক বর্তনী বোলে।

v ) বন্ধ বর্তনী কাক বােলে?

উত্তৰ :- বিদ্যুৎপ্রবাহ চলি থকা বর্তনীক বন্ধ বর্তনী (closed circuit) বোলে।

vi ) বর্তনী এটাত বৈদ্যুতিক কোষৰ কাম কি?

উত্তৰ :- বর্তনী এটাত বৈদ্যুতিক কোষে বিদ্যুৎ যোগান ধৰে।

vii ) বর্তনী এটাত ছুইচৰ কাম কি?

উত্তৰ :- বৈদ্যুতিক ছুইচৰ সহায়ত বর্তনীত বিদ্যুৎপ্রবাহ চালিত কৰা হয় বা ব্যাহত কৰা হয়।

viii ) বিদ্যুৎ ব্যৱহাৰ হােৱা দুবিধ আহিলাৰ নাম লিখা।

উত্তৰ :- বিদ্যুৎ ব্যৱহাৰ হােৱা দুবিধ আহিলাৰ নাম হ’ল বাল্ব আৰু ফ্রিজ (ৰেফ্রিজাৰেটৰ)।

ix ) দেৱালঘড়ী এটাই বিদ্যুৎ ক’ৰ পৰা পায়?

উত্তৰ :- বিদ্যুৎ কোষৰ পৰা দেৱালঘড়ী এটাই বিদ্যুৎ পায়।

x ) বৈদ্যুতিক কোষ এটাৰ মেৰু দুটাৰ নাম কি?

উত্তৰ :- ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু।

3. উত্তৰ দিয়া।

i ) বৈদ্যুতিক কোষ এটাত বিদ্যুৎ কেনেদৰে উৎপন্ন হয়?

উত্তৰ :- বিদ্যুৎকোষ এটাৰ ভিতৰত কিছুমান পদার্থ থাকে। এই পদাৰ্থবোৰৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটি বিদ্যুৎ উৎপন্ন হয়।

ii ) বহুদিন ব্যৱহাৰ কৰাৰ পিছত বৈদ্যুতিক কোষ এটাই বিদ্যুৎ যােগান ধৰিব নােৱৰা হয় কিয়?

উত্তৰ :- বহুদিন ব্যৱহাৰ কৰাৰ পিছত কোষটোৰ ভিতৰত ৰাসায়নিক বিক্রিয়া ঘটা বন্ধ হৈ যায়। তেতিয়া কোষটোৱে বিদ্যুৎ যোগান ধৰিব নোৱৰা হয়।

iii ) বাল্ব এটাই কিদৰে পােহৰ বিলায়?

উত্তৰ :- বাল্বটোৰ ভিতৰত থকা ফিলামেন্টডালৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে ফিলামেন্টডাল তপত হৈ উঠে। তেতিয়া ই উজ্জ্বল হৈ পোহৰ বিলায়।

iv ) এটা বাল্ব, এটা বৈদ্যুতিক কোষ আৰু এটা ছুইচ থকা এটা বৈদ্যুতিক বর্তনীৰ চিত্ৰ আকা।

উত্তৰ :-

v ) এটা বন্ধ বর্তনী আৰু এটা খােলা বর্তনীৰ চিত্ৰ আকা।

উত্তৰ :-

চিত্ৰ :- বন্ধ বর্তনী
চিত্ৰ :- খোলা বর্তনী

vi ) বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদার্থ কাক বােলে? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰ :-

যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে তাকে পৰিবাহী পদাৰ্থ। উদাহৰণ :- তাম আৰু এলুমিনিয়াম।

যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে তাক অপৰিবাহী পদাৰ্থ বোলে। উদাহৰণ :- কাঠ আৰু ৰবৰ।

vii ) আমি বৈদ্যুতিক আঘাতৰ পৰা কিদৰে ৰক্ষা পৰোঁ?

উত্তৰ :- বৈদ্যুতিক আহিলাবোৰত অপৰিবাহী পদাৰ্থৰ আৱৰণ থকা বাবে আমি বৈদ্যুতিক আঘাত পোৱাৰ পৰা ৰক্ষা পৰোঁ।

viii ) এটা টৰ্চৰ চিত্ৰ আকা।

উত্তৰ :-

চিত্ৰ : টৰ্চ

ix ) টৰ্চৰ বাল্ব এটাৰ চিত্র আকা আৰু অংশবােৰ চিহ্নিত কৰা।

উত্তৰ :-

চিত্ৰ : টৰ্চৰ বাল্ব

x ) বৈদ্যুতিক ছুইচ এটাই কেনেদৰে কাম কৰে?

উত্তৰ :- ছুইচটো অন কৰি দিয়াৰ লগে লগে বাল্বটো থকা বর্তনীটো ‘বন্ধ’ হৈ পৰে আৰু বাল্বটোৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়। ফলত বাল্বটো জ্বলি উঠে। ছুইচটো অফ কৰি দিলে বাল্বটোৰ মাজেৰে বিদ্যুৎপ্রবাহ বন্ধ হৈ পৰে। ফলত বাল্বটো নুমাই যায় বা নজ্বলে। এনেদৰে বৈদ্যুতিক ছুইচ এটাই কাম কৰে।

xi ) বৈদ্যুতিক তাৰত অপৰিবাহী পদাৰ্থৰ আৱৰণ দিয়া হয় কিয়?

উত্তৰ :- আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী। শৰীৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গ’লে আঘাত পাওঁ। সেয়েহে ছুইচ, সচৰাচৰ ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰ আদিত প্লাষ্টিক বা ৰবৰৰ দৰে অপৰিবাহী পদাৰ্থৰ আৱৰণ দিয়া হয় যাতে এইবোৰ বস্তু চুলেও আমাৰ গালৈ বিদ্যুৎ প্রবাহিত নহয় আৰু আমি বৈদ্যুতিক আঘাত পোৱাৰ পৰা ৰক্ষা পৰোঁ।

ষষ্ঠ শ্ৰেণী – নতুন বিজ্ঞান (অসম জাতীয় বিদ্যালয়)

অধ্যায় 13 : যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি

অধ্যায় 14 : বিদ্যুৎ

অধ্যায় 15 : চুম্বক

অধ্যায় 16 : পোহৰ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *