| |

এছিড ক্ষাৰক আৰু  লৱন | অধ্যায়-8 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

 i ) ক্ষাৰকৰ সােৱাদ-  

a ) টেঙা  b ) তিতা  c ) লুণীয়া  d ) মিঠা

উত্তৰ :- b ) তিতা

ii ) মাখনত থকা এছিডবিধৰ নাম –

 a ) হাইড্রক্লৰিক এছিড   b ) এছেটিক এছিড   c ) লেকটিক এছিড  d ) টাৰটাৰিক এছিড 

উত্তৰ :- c ) লেকটিক এছিড

 iii ) চূণপানী এবিধ

a ) এছিড  b ) ক্ষাৰক  c ) প্রশম দ্ৰৱ   d ) এটাও নহয়

উত্তৰ :- b ) ক্ষাৰক 

2. খালী ঠাই পূৰ কৰা : 

a ) চাবােন পানীৰ দ্রৱত হালধী গুড়ি যােগ কৰিলে দ্রৱৰ বৰণ  ৰঙা হয় ।

b ) চূণপানীত থকা ক্ষাৰকবিধ হ’ল _কেলছিয়াম হাইড্ৰক্সাইড 

c ) পৰুৱাই কামুৰি দেহত ফৰমিক এছিড  সুমুৱাই দিয়ে । 

d ) ক্ষাৰকৰ সােৱাদ তিতা

3. অতি চমু উত্তৰ লিখা । 

a ) ভিনেগাৰত থকা এছিডৰ নাম লিখা । 

উত্তৰ :- ভিনেগাৰত থকা এছিডবিধৰ নাম হ’ল- এছেটিক এছিড।

b ) ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণৰ নাম লিখা । 

উত্তৰ :- ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণ হ’ল- ছডিয়াম কাৰ্বনেট ।

c ) প্রশমনত কি কি পদার্থ উৎপন্ন হয় ?

উত্তৰ :- প্ৰশমনত লৱন উৎপন্ন হয়।  

4. শুদ্ধ / অশুদ্ধ লিখা ।

a ) কমলা ৰসত ৰঙা লিটমাছ দিলে বৰণৰ সলনি নহয় । 

উত্তৰ :- শুদ্ধ

b ) কাপােৰ ধােৱা ছডা আচলতে এবিধ লৱণ । 

উত্তৰ :- শুদ্ধ

c ) মেগনেছিয়াম হাইড্রক্সাইড এছিড প্ৰতিৰােধী ঔষধ হিচাপে ব্যৱহৃত হয় । 

উত্তৰ : অশুদ্ধ

d ) ছালফিউৰিক এছিড হ’ল জৈৱ এছিড । 

উত্তৰ : অশুদ্ধ

e ) এবিধ খনিজ এছিডৰ উদাহৰণ হ’ল নাইট্রিক এছিড । 

উত্তৰ : শুদ্ধ

5. চমু উত্তৰ লিখা :

(a) সূচক কাক বোলে? এটা উদাহৰণ দিয়া।

উত্তৰ :- বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুওৱা পদার্থক সূচক বোলে। উদাহৰণ হ’ল— হালধী।

(b) জৈৱ এচিড কি? দুবিধ এনে এচিডৰ নাম লিখা।

উত্তৰ :- প্ৰকৃতিৰ পৰা পোৱা এচিড বোৰক জৈৱ এচিড বোলে। দুবিধ এনে এচিডৰ নাম হ’ল চাইট্রিক এচিড, মেলিক এচিড৷

(c) মাখন, দৈ আৰু ভিনেগাৰৰ সোৱাদ কিয় টেঙা?

উত্তৰ :- মাখন, দৈ আৰু ভিনেগাৰৰ সোৱাদ টেঙা। কাৰণ এইবোৰ বস্তু এচিড শ্ৰেণীৰ পদার্থ।

(d) ক্ষাৰকৰ সংজ্ঞা লিখা। এটা উদাহৰণ দিয়া।

উত্তৰ :- ক্ষাৰক হ’ল এনে এবিধ পদার্থ যিয়ে এছিডৰ ধৰ্ম প্ৰশমিত কৰিব পাৰে। উদাহৰণ :- মেগনেছিয়াম হাইড্ৰক্সাইড।

(e) লৱন কাক বোলে? তোমাৰ ঘৰত থকা দুবিধ লৱনৰ নাম লিখা।

উত্তৰ : এচিড আৰু ক্ষাৰকৰ মিশ্রণকে লৱন বোলে।

ঘৰত থকা দুবিধ লৱনৰ নাম হ’ল— নিমখ আৰু কাপোৰ ধোৱা ছ’ডা।

(1) তোমাৰ ঘৰত ক্ষাৰক থকা এবিধ দ্ৰব্যৰ নাম লিখা।

উত্তৰ : আমাৰ ঘৰত ক্ষাৰক থকা দ্ৰব্যৰ নাম কলাখাৰ।

(g) তিনিটা পৰীক্ষানলীত যথাক্রমে নেমু ৰসৰ দ্ৰৱ, চূণপানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে। এখন ৰঙা লিটমাছ কাগজেৰে এইবোৰক কেনেকৈ চিনাক্ত কৰিবা ?

উত্তৰ : তিনিটা পৰীক্ষানলীত যথাক্রমে নেমু ৰসৰ দ্ৰৱ, চূণপানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে।

এতিয়া ৰঙা লিটমাছ কাগজ এখন চূণপানীত মিহলালে লিটমাছ কাগজৰ
ৰং নীলা হয়।

আকৌ নীলা লিটমাছ কাগজ এখন নেমুৰ ৰসত মিহলালে লিটমাছ
কাগজৰ ৰং ৰঙা হয়।

আকৌ ৰঙা লিটমাছ কাগজ এখন নিমখৰ দ্ৰৱত মিহলালে লিটমাছ কাগজখনৰ ৰং সলনি নহয়।

সপ্তম শ্ৰেণী – নতুন বিজ্ঞান (অসম জাতীয় বিদ্যালয়)

অধ্যায় 1 : উদ্ভিদৰ পৰিপুষ্টি

অধ্যায় 2 : শৰীৰত খাদ্যৰ ব্যৱহাৰ

অধ্যায় 3 : শ্বাস-প্ৰশ্বাস

অধ্যায় 4 : প্ৰাণী আৰু উদ্ভিদৰ দ্ৰৱ্যৰ পৰিবহণ

অধ্যায় 5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ

অধ্যায় 6 : আমাৰ কাপোৰ

অধ্যায় 7 : তাপ আৰু উষ্ণতা 

অধ্যায় 8 : এছিড ক্ষাৰক আৰু  লৱন

অধ্যায় 9 : ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

অধ্যায় 10 : মাটি 

অধ্যায় 11 : গতি আৰু সময় 

অধ্যায় 12 : বিদ্যুত

অধ্যায় 13 : পোহৰ

অধ্যায় 14 : বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ

অধ্যায় 15 : জলবায়ু আৰু প্ৰাণীৰ অভিযোজন

অধ্যায় 16 : পানী এক অমূল্য  সম্পদ

অধ্যায় 17 : অৰণ্যজাত সামগ্ৰী

অধ্যায় 18 : বৰ্জিত পানীৰ ব্যৱস্থাপনা

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *