| |

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

প্রশ্নাৱলী (পৃষ্ঠা নং 81)view
প্রশ্নাৱলী (পৃষ্ঠা নং 85)view
প্রশ্নাৱলী (পৃষ্ঠা নং 90)view
অনুশীলনীview
অতিৰিক্ত প্ৰশ্নোত্তৰview

প্রশ্নাৱলী (পৃষ্ঠা নং 81)

1. নিউলেণ্ডৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।

Ans :- ড’বাৰেইনাৰৰ এটা ট্রায়াড হ’ল লিথিয়াম (Li), ছ’ডিয়াম (K) আৰু পটেছিয়াম (K)। এই ট্রায়াডটো নিউলেণ্ডৰ অষ্টকৰ দ্বিতীয় স্তম্ভত আছে।

2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?

Ans :- ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাসমূহ হ’ল :

1) ড’বাৰেইনাৰৰ সময়লৈকে জনা মাত্ৰ তিনিটা ট্রায়াডহে তেওঁ চিনাক্ত কৰিব পাৰিছিল। সেইবাবে ট্রায়াড হিচাপে শ্রেণীবিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল।

2) ড’বাৰেইনাৰে মৌলবোৰৰ পৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ মাজত কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল ।

3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ? 

Ans :- নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ’ল :

1) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল । কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল ।

2) নিউলেণ্ডছে প্ৰকৃততে কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিস্কাৰ নহ’ব বুলিয়েই ধৰিছিল । কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিস্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল ।

3) নিউলেণ্ডেছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অৰ্ন্তভুক্তও কৰিছে ।

4) নিউলেণ্ডছৰ অষ্টক সূত্ৰটোক কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছিল ।

প্রশ্নাৱলী (পৃষ্ঠা নং 85)

1. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা—K, C, Al, Si, Ba.

Ans :-

মৌলমৌলৰ অক্সাইডৰ সংকেত
KK2O
CCO2
AlAl2O3
SiSiO2
BaBaO

2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? ( যিকোনো দুটা ) 

Ans :- মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত গেলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ’ল স্কেণ্ডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge) ।

3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল?

Ans :- মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ হ’ল :

1) মৌলসমূহৰ পাৰমানৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চাইছিল ।

2) ৰাসায়নিক ধর্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰ’জেনৰে সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিল। মৌল এটাক শ্রেণীভূক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল।

3) মৌলসমূহৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজ্জিত কৰিছিল।

4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?

Ans :- সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে কাৰণ ইহঁত অন্যান্য মৌলতকৈ পৃথক কিয়নো ইহঁতে ৰাসায়নিক বিক্রিয়া সংঘটিত নকৰে অৰ্থাৎ ইহঁত নিষ্ক্রিয় প্ৰকৃতিৰ আৰু ইহঁতৰ ধৰ্মসমূহ অদ্বিতীয়।

প্রশ্নাৱলী (পৃষ্ঠা নং 90)

1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?

Ans :- আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হ’ল :

1) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ প্ৰথমটো আসোঁৱাহ আছিল এয়ে যে তেওঁ হাইড্ৰ’জেনক তালিকাত সঠিক স্থান দিব পৰা নাছিল। আধুনিক পর্যাবৃত্ত তালিকাত হাইড্ৰ’জেনক ১ম বৰ্গৰ একেবাৰে ওপৰফালে ক্ষাৰ ধাতুসমূহৰ ওপৰত ৰখা হৈছে কিয়নো হাইড্ৰ’জেনৰ ইলেক্ট্ৰনীয় বিন্যাস ক্ষাৰ ধাতুবোৰৰ সৈতে একেই।

2) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলসমূহ পাৰমাণৱিক ভৰৰ ঊর্ধ্বক্ৰমত তালিকাবদ্ধ কৰা হৈছিল কিন্তু কিছুমান ক্ষেত্ৰত দেখা গৈছিল যে অধিক পাৰমাণৱিক ভৰ থকা মৌল এটা আপেক্ষিকভাৱে কম পাৰমাণৱিক ভৰসম্পন্ন মৌল এটাৰ আগতহে স্থান পাইছিল। কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক সংখ্যাৰ ঊর্ধ্বক্ৰমত মৌলসমূহ শ্রেণীবদ্ধ কৰোঁতে এই আসোঁৱাহবোৰ দূৰ হৈছে।

উদাহৰণস্বৰূপে :- কম পাৰমাণৱিক ভৰসম্পন্ন মৌল ক’বাল্ট (Co) ক নিকেল (Ni)ৰ আগত স্থান দিয়া হৈছে। অৱশ্যে, আধুনিক পর্যাবৃত্ত তালিকাত পাৰমাণৱিক সংখ্যাৰ ঊর্ধ্বক্ৰমত মৌলসমূহ শ্রেণীবদ্ধ কৰোঁতে নিকেলৰ আগতে ক’বাল্ট আহে কিয়নো ইয়াৰ পাৰমাণৱিক সংখ্যা নিকেলতকৈ কম।

3) এটা মৌলৰ সকলো সমস্থানিকৰ পাৰমাণৱিক সংখ্যা একে, কিন্তু পাৰমাণৱিক ভৰ ভিন্ন। গতিকে, মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা অনুযায়ী সমস্থানিকসমূহৰ স্থান ভিন্ন হ’ব। কিন্তু মেণ্ডেলিভৰ তালিকাত সমস্থানিকসমূহক বেলেগ বেলেগ স্থান দিয়া হোৱা নাছিল। অৱশ্যে আধুনিক পর্যাবৃত্ত তালিকাখন মৌলৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হোৱা বাবে এটা মৌলৰ সকলো সমস্থানিককে একেটা স্থানতে আৰু একেটা বৰ্গতে ৰখা হৈছে।

4) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কৃত হ’ব পাৰে তাৰ কোনো অনুমান কৰিব পৰা হোৱা নাছিল কিয়নো পাৰমাণৱিক ভৰ নিয়মীয়াকৈ নাবাঢ়ে। কিন্তু আধুনিক পর্যাবৃত্ত তালিকাত মৌলসমূহ তাৰ পাৰমাণৱিক সংখ্যাৰ ঊর্ধ্বক্ৰমত তালিকাবদ্ধ কৰা হোৱা বাবে সেয়া অনুমান কৰাটো অতি সহজ।

2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা । তোমাৰ এই বাচনিৰ ভিত্তি কি ?

Ans :- মৌল দুটা হ’ল :– বেৰিলিয়াম (Be) আৰু কেলছিয়াম (Ca) । কাৰণ Mg, Be আৰু Ca প্ৰত্যেকে পৰ্যাবৃত্ত তালিকাৰ ২য় বৰ্গত আছে । 

3. নাম লিখা ।

a) বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ ।

Ans :- লিথিয়াম (Li), পটাছিয়াম (K), ছ’ডিয়াম (Na) ।

b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌল ।

Ans :- মেগনেছিয়াম (Mg),  কেলছিয়াম (Ca) ।

c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।

Ans :- হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar) ।

4. a) লিথিয়াম, ছডিয়াম, পটেছিয়াম – এই আটাইকেইটা ধাতু । ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে । এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে ? 

Ans :- লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়াম ধাতুৰ পৰমাণুৰ সাদৃশ্য এয়ে যে আটাইকেইটা মৌলৰ পৰমাণুৰ বহিৰতম কক্ষত মাত্ৰ এটাকৈ ইলেক্ট্ৰ’ন আছে।

b) হিলিয়াম এটা নিষ্ক্ৰয় গেছ আৰু নিয়নো নিষ্ক্ৰয়   গেছ । ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল দেখা যায় ।

Ans :- হিলিয়াম (He) আৰু লিথিয়াম (Li) ৰ মাজত সাদৃশ্য এয়ে যে দুয়োটা মৌলৰে পৰমাণুৰ বহিৰতম কক্ষ পৰিপূৰ্ণ হৈ থাকে।

5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু ?

Ans :- আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত লিথিয়াম (Li)  আৰু বেৰেলিয়াম  (Be)  দুটা ধাতু ।

6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা  ? 

Ga, Ge, As, Se, Be ।

Ans :- যিহেতু এটা পৰ্যায়ত মৌলৰ ধাতৱীয় গুণ বাওঁ ফালৰ পৰা সোঁফাললৈ কমি আহে । গতিকে বেৰিলিয়াম (Be) আটাইতকে বেছি ধাতৱ ধৰ্মী ।  

অনুশীলনী

1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।
(c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।
(d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে ।

Ans :- (c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।

2. মৌল X  য়ে XCl2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে । ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ । মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাততৈ বেছি ?

a) Na
b) Mg
c) Al
d) Si

Ans :- (b) Mg

3. কোনটো মৌলৰ আছে

(a) ইলেকট্রনপূর্ণ দুটা কক্ষ?

Ans :- Ne (2, 8)

(b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস?

Ans :- Mg

(c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ?

Ans :- Si (2, 8, 4)

(d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ?

Ans :- B (2, 3)

(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?

Ans :- C (2, 4)

4. a. পর্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?

Ans :- সিহঁতৰ আটাইবােৰৰে যােজ্যতা 3

b. পর্যাবৃত্ত তালিকাত ফুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধারণ ধর্ম আছে?

Ans :- সিহঁতৰ আটাইবােৰৰে যােজ্যতা 1

5. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 7

a. এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?

Ans :- পাৰমাণৱিক সংখ্যা = 2 + 8 + 7 = 17

b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)

N (7) F (9) P(15) Ar (18)

Ans :- F(9) ৰ লগত সাদৃশ্য থাকিব

6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।

16 বৰ্গ17 বৰ্গ
__
_A
__
BC

(a) মৌল A ধাতুনে অধাতু?

Ans :- মৌল A অধাতু

(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয় ?

Ans :- C মৌলটো A তকৈ কম সক্রিয় (যিহেতু এটা বৰ্গত তলৰফালে ৰাসায়নিক সক্ৰিয়তা হ্রাস পায়।)

(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু ?

Ans :- C মৌলটো আকাৰত Bতকৈ সৰু (যিহেতু এটা পৰ্যায়ত বাওঁফালৰপৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ কমি আহে)

(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?

Ans :- মৌল A এ এনায়ন গঠন কৰিব (যিহেতু A মৌল 17 বৰ্গত আছে । ইয়াৰ যোজ্যতা -1 হ’ব । অৰ্থাৎ ই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব অৰ্থাৎ এনায়ন গঠন হ’ব ।)

7. নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ’ব আৰু কিয় ?

Ans :- নাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্যাস = 2, 5

ফছফ’ৰাছৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 5

নাইট্ৰ’জেনৰ পৰমাণুৰ আকাৰ ফছফৰাছৰ পৰমাণুৰ আকাৰতকৈ সৰু। ফলস্বৰূপে ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা ফছফৰাছতকৈ নাইট্ৰ’জেনৰ অধিক। অৰ্থাৎ নাইট্ৰজেনৰ বিদ্যুৎঋণাত্মকতা বেছি হ’ব ।

8. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?

Ans :- মৌল এটাৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা মৌলটোৰ পৰমাণুৰ কক্ষ আৰু যোজক ইলেক্ট্ৰনৰ সংখ্যাৰ কথা জানিব পাৰি। ইয়ে পর্যাবৃত্ত তালিকাত পৰ্যায় আৰু বৰ্গ নিৰ্ধাৰণ কৰে ৷

(i) পৰ্যায় সংখ্যা : এটা মৌলৰ পৰ্যায় সংখ্যা মৌলটোৰ পৰমাণুত থকা কক্ষৰ সংখ্যাই নিৰ্ধাৰণ কৰে । একে সংখ্যক কক্ষ থকা আটাইবোৰ মৌলৰ পৰমাণু একোটা পৰ্যায়ৰ অন্তৰ্ভুক্ত । 

(ii) বর্গ সংখ্যা : বিভিন্ন মৌলৰ পৰমাণু যাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা একে হয়, তেনেবোৰ মৌল একেটা বৰ্গৰে অন্তর্ভুক্ত হয় ।

9. আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?

Ans :-

কেলছিয়ামৰ (Ca) পাৰমাণৱিক সংখ্যা = 20

 ইলেকট্ৰনীয় বিন্যাস = 2, 8, 8, 2

গতিকে ইয়াৰ যোজক ইলেকট্ৰনৰ সংখ্যা = 2

সেয়ে, প্রদত্ত মৌলকেইটাৰ ভিতৰত যাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 2 টা, সেই মৌলৰ সৈতে কেলছিয়ামৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মিল থাকিব ।

পাৰমাণৱিক সংখ্যাইলেকট্ৰনীয় বিন্যাসযোজক ইলেকট্ৰনৰ সংখ্যা
122, 8, 22
192, 8, 8, 11
212, 8, 8, 33
382, 8, 18, 8, 22

যিহেতু 12 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌল দুটাৰ 2 টাকৈ যোজক ইলেক্ট্রন আছে, গতিকে এই মৌল দুটাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম কেলছিয়ামৰ সৈতে একে।

10. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement) ৰ তুলনা কৰা।

Ans :-

মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাআধুনিক পর্যাবৃত্ত তালিকা
i) পাৰমাণৱিক ভৰৰ উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে ।i) পাৰমাণৱিক সংখ্যাৰ  উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে ।
ii) মৌলৰ সমস্থানিকক সঠিক স্থান দিয়া হোৱা নাই ।ii) পাৰমাণৱিক সংখ্যা একে হোৱা হেতুকে এটা  মৌলৰ সমস্থানিকসমূহক  একেটা স্থানতে ৰখা হৈছে ।
iii) মেণ্ডেলিভৰ তালিকাত 8 টা বৰ্গ আৰু 6 টা পৰ্যায় আছে ।iii) 18 টা বৰ্গ আৰু 7 টা পৰ্যায় আছে ।
iv) বহুতো ধাতু আৰু অধাতু একেটা বৰ্গতে ৰখা হৈছে ।iv) ধাতু আৰু অধাতু পৃথক কৰা হৈছে ।
v) হাইড্ৰ’জেনৰ স্থান স্পষ্ট নাছিল ।v) ক্ষাৰ ধাতুৰ ওপৰত হাইড্ৰ’জেনক ৰখা হৈছে ।

অতিৰিক্ত প্ৰশ্নোত্তৰ

Q. ট্রায়াড কি?

Ans :- ট্রায়াড হ’ল ড’বাৰেইনাৰে সজোৱা একে ৰাসায়নিক ধর্মবিশিষ্ট তিনিটা মৌলৰ গোট ।

Q. নিউলেণ্ডৰ অষ্টক নীতিটো লিখা।

Ans :- নিউলেণ্ডৰ অষ্টক নীতি – “মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্দ্ধিতক্ৰমত সজালে এটা নিৰ্দিষ্ট মৌলৰ পৰা আৰম্ভ কৰি পোৱা অষ্টম মৌলটোৰ ধৰ্ম সঙ্গীতৰ অষ্টকৰ দৰে প্ৰথমটোৰ লগত মিলে।”

Q. মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্রটো লিখা?

Ans :- মেণ্ডেলিভৰ সূত্র অনুযায়ী “মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মৌলবোৰৰ পাৰমাণৱিক ভৰ অনুযায়ী পর্যায়ক্রমে পৰিৱৰ্তন হয়”।

Q. আধুনিক পর্যাবৃত্ত সূত্রটো লিখা?

Ans :- আধুনিক পর্যাবৃত্ত সূত্রমতে “মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধর্ম মৌলবোৰৰ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰ্যায়ক্ৰমে পৰিৱৰ্তন হয়”।

Q. এটা পৰ্যায়ত পাৰমাণৱিক ব্যাসার্ধ কেনেদৰে পৰিৱৰ্তন হয় ?

Ans :- এটা পৰ্যায়ত পাৰমাণৱিক ব্যাসার্ধ বাঁওফালৰপৰা সোঁফাললৈ হ্ৰাস পায় ৷

Q. এটা বৰ্গত পাৰমাণৱিক ব্যাসার্ধ কেনেদৰে পৰিৱৰ্তন হয়?

Ans :- এটা বৰ্গত মৌলৰ পাৰমাণৱিক আকাৰ (বা পাৰমাণৱিক ব্যাসার্ধ) তলৰফালে ক্ৰমে বৃদ্ধি পায় ।

Q. একা-ব’ৰন, একা-এলুমিনিয়াম আৰু একা ছিলিকনক কি নাম দিয়া হৈছে?

Ans :- একা-ব’ৰন, একা-এলুমিনিয়াম আৰু একা ছিলিকন আৱিষ্কাৰ হোৱাৰ পিছত মৌলকেইটাক ক্ৰমে স্কেণ্ডিয়াম, গেলিয়াম আৰু জার্মেনিয়াম নাম দিয়া হৈছে।

Q. ধাতুকল্প বা অর্ধ-ধাতু কাক বোলে?

Ans :- ধাতু আৰু অধাতু দুয়োবিধৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলকে ধাতুকল্প বোলা হয় ৷

Q. এটা পৰ্যায়ত ধাতবীয় গুণ কেনেদৰে পৰিৱৰ্তন হয়?

Ans :- এটা পৰ্যায়ত বাওঁফালৰপৰা সোঁফাললৈ ধাতবীয় গুণ কমি যায় আৰু অধাতবীয় গুণ বাঢ়ি যায়।

Q. এটা বৰ্গত ধাতবীয় গুণ কেনেদৰে পৰিৱৰ্তন হয় ?

Ans :- পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাৰ তলৰফালে মৌলবোৰৰ ধাতৱীয় বা বিদ্যুৎ ধনাত্মক গুণ বাঢ়ি যায়।

Q. নিউলেণ্ডছৰ মতে প্ৰকৃতিত থকা মুঠ মৌলৰ সংখ্যা কিমান?

Ans :- 56

Q. মেণ্ডেলিভৰ সময়লৈকে কিমানটা মৌলৰ বিষয়ে জনা গৈছিল ?

Ans :- 63 টা

Q. কোনটো হেল’জেন মৌল –
a) Na b) H c) F d) Ne

Ans :- c) F

Q. এটা মৌলৰ ইলেক্‌ট্ৰনীয় বিন্যাস 2,8,7

i) মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান ?
ii) মৌলটোৰ যোজ্যতা কিমান ?

Ans :- i) 2 + 8 + 7 = 17
ii) 1

Q. মেগুেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ সফলতাসমূহ উল্লেখ কৰা ।

Ans :- মেগুেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ সফলতাসমূহ :-

1) একে ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গতে ৰাখিবলৈ মেণ্ডেলিভে পর্যাবৃত্ত তালিকাখনত ঠাইবিশেষে বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল।

2) মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান খালি ঠাই এৰি গৈছিল। এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল।

3) সম্ভ্রান্ত গেছবোৰ আৱিষ্কৃত হোৱাৰ পিছত ইহঁতক তালিকাখনত ইতিপূর্বে থকা ক্ৰমৰ কোনো সাল-সলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল ।

Q. মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা লিখা।

Ans :- 1) মেণ্ডেলিভে তেওঁৰ তালিকাখনত হাইড্ৰ’জেনৰ বাবে এটা সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল।

2) মৌলবোৰৰ সমস্থানিকবোৰেও মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰৰ প্ৰতি এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল।

3) এই তালিকাখনত এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাবে নঘটে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *