Our environment class 10 seba notes question answer আমাৰ পৰিবেশ | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 15
| |

Class 10 Chapter 15 Science notes আমাৰ পৰিবেশ | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 15

ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 15 : আমাৰ পৰিবেশ (Our Environment) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।

প্ৰশ্নাৱলী, Page No- 257

1. কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিন্নিকৰণ কিয় হয় ?

উত্তৰ :- যিবিলাক পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিবৰ্তন হয় তেনেবিলাক পদাৰ্থক জীৱ নিম্নিকৰণ পদাৰ্থ বুলি কোৱা হয় ৷ আনহাতে যিবিলাক পদাৰ্থ এনে জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ সলনি নহয় তেনেবিলাক পদাৰ্থক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলা হয় ৷ কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিন্নিকৰণ হয় কাৰণ কিছুমান পদাৰ্থ যেনে প্লাষ্টিক আদিক অণুজীৱ যেনে বেক্টেৰিয়া বা আন মৃতজীৱী প্ৰাণীয়ে পচন ঘটাব নোৱাৰে ৷ সিহঁতে কেৱল প্ৰাকৃতিক পদাৰ্থ যেনে কাঠ, মৃত জীৱ আদিকহে পচন ঘটাব পাৰে ৷

2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ :- জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা –

  1. জীৱ নিম্নকৰণ পদাৰ্থই পৰিৱেশ পৰিস্কাৰ কৰি ৰখাত সহায় কৰে কাৰন ইহঁত সহজে পচি যায় ৷
  2. জীৱ নিম্নকৰণ পদাৰ্থই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ৷

3. জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ :- জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনাৰ –

  1. জীৱ অনিম্নিকৰণ পদার্থই বায়ু, মাটি আৰু পানী প্ৰদূষণৰ কাৰক হ’ব পাৰে ৷
  2. অধিক পৰিমাণৰ জীৱ অনিম্নিকৰণ পদার্থই পৰিস্থিতি তন্ত্রৰ এটা বিনষ্ট কৰিব পাৰে ৷

প্ৰশ্নাৱলী, Page No- 261

1. পৌষ্টিক স্তৰ কি ? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।

উত্তৰ :- জীৱবিলাকক ইটোৱে সিটোক ভক্ষন কৰাৰ ওপৰত ভিত্তি কৰি সিহঁতক বিভিন্ন জীৱীয় স্তৰত ভাগ কৰিলে এটা খাদ্য শৃংখল পোৱা যায় ৷ তেনে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকে একোটা পৌষ্টিক স্তৰ বোলা হয় ৷

খাদ্য শৃখল এটাত উৎপাদকবোৰ হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ ৷ ইহঁতে সৌৰশক্তিক স্থিৰিকৰণ কৰি খাদ্য শৃখলৰ আন পৌষ্টিক স্তৰত বন্টন কৰে ৷ তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তাখিনি হ’ল দ্বিতীয় স্তৰৰ ; সৰু সৰু প্ৰাণী বা দ্বিতীয়ক উপভোক্তা বিলাক তৃতীয় স্তৰৰ আৰু ডাঙৰ প্ৰাণী বা তৃতীয়ক উপভোক্তা বিলাক চতুৰ্থ পৌষ্টিক স্তৰৰ জীৱ ৷

খাদ্য শৃংখল এটাৰ উদাহৰণ লোৱা হ’ল –

ঘাঁহ → হৰিণা → বাঘ

ইয়াত , (i) ঘাঁহ (উৎপাদক) হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ ৷

(ii) হৰিণা (তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তা ) হ’ল পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰ আৰু

(iii) বাঘ (দ্বিতীয়ক উপভোক্তা) হ’ল পৌষ্টিক স্তৰৰ তৃতীয় স্তৰ ৷

2. পৰিস্থিতি তন্ত্রত বিয়ােজকৰ ভূমিকা কি?

উত্তৰ :- পৰিস্থিতি তন্ত্রত বিয়োজকে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থ বিলাক সৰল পৰ্যায়লৈ পৰিবৰ্তন কৰে ৷ এনে কৰাৰ ফলত মৃত জীৱ বা আন বৰ্জিত পদাৰ্থবোৰ মাটিৰ লগত মিহলি হৈ যায় ৷ সেইবিলাকক পৰবৰ্ত্তি পৰ্যায়ত উদ্ভিদে পুনৰ গ্ৰহণ কৰি পৌষ্টিক স্তৰলৈ বন্টন কৰে ৷

প্ৰশ্নাৱলী, Page No- 264

1. অ’জন কি আৰু ই কোন পৰিস্থিতি তন্ত্রত কেনেদৰে প্রভাব পেলায় ?

উত্তৰ :- অ’জন হ’ল অক্সিজেনৰ তিনিটা পৰমাণুযুক্ত এবিধ গেছ ৷

বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে এক বিষেশ আৰু প্ৰয়োজনিয় ভূমিকা পালন কৰে ৷ অ’জ’ন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে ৷ এই অতি বেঙুনীয়া ৰশ্মি জীৱ জগতৰ বাবে অতি ক্ষতিকাৰক ৷ উদাহৰণ হিচাবে মানুহৰ দেহৰ ছালৰ কৰ্কত ৰোগৰ কাৰণ হ’ল অতি বেঙুণীয়া ৰশ্মি ৷ গতিকে অজনে সকলো পৰিস্থিতি তন্ত্রতে এক ধণাত্মক প্ৰভাৱ পেলায় ৷

2. পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা ? ইয়াৰ যিকোনােদুটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰ :- পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ আমি তলত উল্লেখিত পদক্ষেপবোৰ গ্রহণ কৰিব পাৰো-

i) আমি তিনিটা ‘R’ হ্ৰাসকৰণ (Reduce), পূণঃচক্ৰীয়কৰণ (Recycle) আৰু পূণঃব্যৱহাৰ (Reuse)ৰ চেষ্টা কৰিব পাৰো ৷

(ii) আমি যিমান পাৰি জীৱ নিম্নিকৰণ পদাৰ্থ ব্যৱহাৰ কৰিব পাৰো ৷

আমাৰ পৰিবেশ – অনুশীলনী

1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?
(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰ :- (a) ঘাঁহ, ফুল আৰু চামৰা , (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস আৰু (d) পিঠা, কাঠ আৰু ঘাঁহ ৷

2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?
(a) ঘাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰ :- (b) ঘাঁহ, ছাগলী আৰু মানুহ

3. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকুল অভ্যাসৰ অন্তর্ভুক্ত?
(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপােৰৰ মােনা লৈ যােৱা অভ্যাস
(b) অপ্রয়ােজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।
(c) তােমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খােজ কাঢ়ি যােৱা অভ্যাস
(d) ওপৰৰ আটাইকেইটা অভ্যাস।

উত্তৰ :- (d) ওপৰৰ আটাইকেইটা অভ্যাস।

4) কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?

উত্তৰ :- কোনো এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱকে ধ্বংস কৰি পেলালে সেই পৌষ্টিক স্তৰৰ ওপৰৰ পৌষ্টিক স্তৰৰ জীৱবোৰ খাদ্যৰ অভাবত মৃত্যু মুখত পৰিব ৷

ধ্বংস কৰি দিয়া পৌষ্টিক স্তৰৰ তলৰ পৌষ্টিক স্তৰত অভাবনীয় ভাৱে জীৱৰ সংখ্যা বাঢ়িব কাৰণ সিহঁতক ভক্ষন কৰা জীৱবোৰক ধ্বংস কৰি দিয়া হৈছে যাৰ ফলত উক্ত পৌষ্টিক স্তৰত খাদ্যৰ অভাৱত জীৱবোৰৰ মৃত্যু হ’ব ৷

এনেদৰে পৰিস্থিতি তন্ত্রতটো ভাৰসাম্য নোহোৱা হৈ ধ্বংস হৈ পৰিব ৷

5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব পাৰিমনে?

উত্তৰ :- হয় , বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিব ৷

পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব নোৱাৰি কাৰণ কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আতৰাই দিলে উক্ত পৌষ্টিক স্তৰৰ ওপৰৰ আৰু তলৰ উভয়তে ভাৰসাম্য নোহোৱা হ’ব ৷ ই পৰিস্থিতি তন্ত্রটোত প্ৰভাৱ পেলাব ৷

6. জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে?

উত্তৰ :- খাদ্য শৃংখলত বিভিন্ন ধৰণে কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে ৷ তেনে ৰাসায়নিক পদাৰ্থ খাদ্য শৃংখলৰ জড়িয়তে মানুহকে ধৰি সকলো জীৱৰ শৰীৰত মজুত হয় ৷ এই পৰিঘটনাটোকে জৈৱিক বিবর্ধক বোলে ৷

পৰিস্থিতি তন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হয় ৷ খাদ্য শৃংখলৰ একেবাৰে শীৰ্ষ স্থানত থকা জীৱৰ ওপৰত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি আৰু নিম্নতম স্থানত থকা জীৱৰ ওপৰত কম হয় ৷

7. আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে?

উত্তৰ :- আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ বিভিন্ন সমস্যা হ’ব পাৰে –

  1. অনিন্নিকৰণ পদার্থবিলাকৰ পৰা বায়ু, মাটি আৰু পানী প্ৰদূষণ হ’ব ৷
  2. এই পদাৰ্থবোৰে মাটিত থকা অণুজীৱবোৰ ধ্বংশ কৰে ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব ৷
  3. পানীত ইয়াৰ পৰিমাণ বাঢ়িলে জলচৰ প্ৰাণী আৰু উদ্ভিদৰ ওপৰত প্ৰভাৱ পৰিব ৷
  4. জৈৱিক বিবর্ধকৰ সমস্যাই দেখা দিব ৷
  5. কিছুমান ক্ষতিকাৰক অণুজীৱ উৎপন্ন হোৱা সম্ভৱনা প্ৰকত হ’ব ৷

8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলােবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাব নপৰাকৈ থাকিবনে ?

উত্তৰ :- আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলােবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাব নপৰাকৈ নাথকে ৷ কিন্ত অনিন্নিকৰণ পদার্থৰ তুলনাত ই যথেষ্ট কম ক্ষতিকাৰক ৷

বিয়োজকে জীৱ নিম্নিকৰণ পদার্থ বিলাকক সৰল পৰ্যায়লৈ পৰিবৰ্তন কৰে ৷ এনে কৰাৰ ফলত পদাৰ্থবোৰ মাটিৰ লগত মিহলি হৈ যায় ৷ সেইবিলাকক পৰবৰ্ত্তি পৰ্যায়ত উদ্ভিদে পুনৰ গ্ৰহণ কৰি পৌষ্টিক স্তৰলৈ বন্টন কৰে ৷ কিন্তু এই প্ৰক্ৰিয়া সম্পন্ন হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয় ৷ আমি যদি অনিয়ন্ত্ৰিত ভাৱে এই আবৰ্জনাবোৰ সৃষ্টি কৰি থাকো তেনেহ’লে কিছুমান সমস্যা দেখ দিব পাৰে, যেনে –

  1. দুৰ্গন্ধৰ সৃষ্টি হ’ব পাৰে ৷
  2. পানীত ইয়াৰ পৰিমাণ বাঢ়িলে জলচৰ প্ৰাণী আৰু উদ্ভিদৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ৷
  3. কিছুমান ক্ষতিকাৰক অণুজীৱ উৎপন্ন হ’ব পাৰে ৷

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *