পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ | দশম শ্ৰেণী | অধ্যায় – 10
ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 10 : পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (Light -Reflection and Reflection) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।
প্ৰশ্নাৱলী, Page No- 168
1. অৱতল দাপাণোৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।
উত্তৰ :- অৱতল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ কেবাডালো ৰশ্মি অৱতল দাপোণ এখনত আপতিত হ’লে প্ৰতিফলিত ৰশ্মিবোৰ মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগে বা কটাকটি কৰে ৷ এই বিন্দুটোকে অৱতল দাপাণোৰ মুখ্য ফ’কাছ বোলে ৷
2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসার্ধ 20ছেমি। ইয়াৰ ফ‘কাছ দৈর্ঘ্য কিমান ?
উত্তৰ :-
ইয়াত,
ভাঁজ ব্যাসাৰ্ধ, (R)= 20 ছেমি
এতেকে, দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য (f) = R/2
=20/2
=10 ছেমি
3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে।
উত্তৰ :- অৱতল দাপোণে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে।
4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় ?
উত্তৰ :- উত্তল দাপোণে সদায় সৰুকৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে ৷ তদুপৰি এইবিলাক বাহিৰলৈ বেঁকা হোৱা বাবে উত্তল দাপোণৰ দৃষ্টি ক্ষেত্ৰ বহল ৷ সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয় ৷
প্ৰশ্নাৱলী, Page No- 171
1. 32 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ ফ‘কাছ দৈর্ঘ্য নির্ণয় কৰা।
উত্তৰ :-
দিয়া আছে,
ভাঁজ ব্যাসার্ধ, R = 32 cm
এতেকে, উত্তলদাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য, f = R/2
=32/2
=16 cm
2. অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি?
উত্তৰ :-
দিয়া আছে,
লক্ষ্য বস্তুৰ দূৰত্ব, u = -10 cm
বিবৰ্ধন, m = -3 [সৎ প্ৰতিবিম্ব বাবে ‘-‘ চিহ্ন]
প্ৰতিবিম্বৰ দূৰত্ব, v = ?
আমি জানো যে,
m = – v/u
⇒ – 3 = v/10
⇒ v = -30 cm
এতেকে, প্রতিবিম্বটো দাপোণখনৰ সন্মুখত 30 cm দুৰত্বত গঠন হ’ব ৷
পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
প্ৰশ্নাৱলী, Page No- 176
1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকাঁ হ’ব? কিয়?
উত্তৰ :- পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিলে উলম্বৰ কাষলৈ বেঁকা হ’ব ৷ কাৰণ, পোহৰ ৰশ্মিয়ে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিলে ই অভিলম্বৰ ফালে আহে। ইয়াত পানী হ’ল ঘনতৰ মাধ্যম আৰু বায়ু হ’ল লঘুতৰ মাধ্যম।
2. পোহৰ বায়ুৰ পৰা 1.5 প্রতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্রুতি কিমান
হ‘ব? শূন্যত পোহৰৰ দ্ৰুতি 3×108m/s ।
উত্তৰ :-
ইয়াত, কাঁচৰ প্ৰতিসাৰণাংক, μg = 1.5
শূন্যত পোহৰৰ দ্ৰুতি, v = 3×108m/s।
এতেকে, কাঁচৰ মাধ্যমত পোহৰৰ বেগ = v / μg
=3×108/1.5
=2×108m/s
3. তালিকা 10.3ৰ পৰা সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নির্ণয় কৰা। আটাইতকৈ কম
আলোকী ঘনত্বৰ মাধ্যমটোও নির্ণয় কৰা।
উত্তৰ :-
সর্বোচ্চআলোকী ঘনত্বৰ মাধ্যমটো – হীৰা ৷
আটাইতকৈ কমআলোকী ঘনত্বৰ মাধ্যমটো – বায়ু ৷
উত্তৰ :-
কেৰাচিনৰ প্রতিসৰণাংক = 1.44
টাৰপেটাইন প্রতিসৰণাংক = 1.47
পানী প্রতিসৰণাংক = 1.33
পানীৰ প্ৰতিসৰণাংক আন দুটা মাধ্যমতকৈ কম ৷ই কেৰাচিনৰ আৰু টাৰপেটাইনতকৈ লঘু ৷ সেয়েহে পানীত পোহৰৰ দ্ৰুতি সর্বোচ্চ হ’ব ৷
5. হীৰাৰ প্রতিসৰণাংক 2.42।এই উক্তিটোৰ অর্থ কি?
উত্তৰ :- হীৰাৰ প্রতিসৰণাংক 2.42 ৷ এই উক্তিটোৰ অৰ্থ এয়ে যে বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42 |
প্ৰশ্নাৱলী, Page No- 184
1. লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।
উত্তৰ :- 1 মিটাৰ ফ’কাছ দৈৰ্ঘৰ লেন্ছ এখনৰ ক্ষমতা 1 ডায়’প্টাৰ ৷
2. উত্তল লেন্ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50ছেমি দূৰত্বত
গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল
লেন্ছৰ সন্মুখত ক’ত ৰখা হৈছিল? নির্ণয় কৰা।
উত্তৰ :-
দিয়া আছে,
প্ৰতিবিম্বৰ দূৰত্ব, v = 50 cm
লক্ষ্যবস্তুৰ দূৰত্ব, u = ?
প্রতিবিম্বৰ আকাৰ(h’) = লক্ষ্যবস্তুৰ আকাৰ(h)
আমি জানো যে,
m = h’/h = – v/u
⇒ 1 = – 50/u
⇒ u = – 50
এতেকে, লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত50 cmদূৰত্বত ৰখা হৈছিল ৷
3. 2 m ফ’কাছ দৈর্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নির্ণয় কৰা।
উত্তৰ :
দিয়া আছে,
অৱতল লেনছৰ ফ’কাছ দূৰত্ব, f = -2 m
এতেকে, অৱতল লেনছৰ, P = 1/f
=1/-2
= -0.5 D
পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অনুশীলনী
1. তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?
(a) পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা
উত্তৰ :- (d) মৃত্তিকা
2. অবতল দাপোণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?
(a) মুখ্য ফ’কাছ আৰু ভাজ ব্যাসার্ধৰ মাজত
(b) ভাজ কেন্দ্ৰত
(c) ভাজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
উত্তৰ :- (d) দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) লেন্ছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেন্ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰ :- (b) ফ’কাছ দৈৰ্ঘৰ দুগুণ দূৰত্বত।
4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্রত্যেকৰে ফ’কাচ দৈৰ্ঘ্য –15 cm ৷ দাপোণ আৰু লেন্ছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে?
(a) দুয়োখন অবতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেন্ছখন উত্তল
(d) দাপোণখন উত্তল লেন্ছখন অৱতল।
উত্তৰ :- (a) দুয়োখন অবতল।
5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?
(a) সমতল
(b) অৱতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল।
উত্তৰ :- (d) হয় সমতল নতুবা উত্তল
6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?
(a) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
(b) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
(d) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
উত্তৰ :- (c) 5cm ফ’কাচ দৈৰ্ঘ্যৰ উত্তল লেনছ।
7. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাব বিচাৰিছো ।দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্রতিবিম্বৰ প্রকৃতি কি হ‘ব? প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্রতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা।
উত্তৰ :-
দিয়া আছে,
ফ’কাছ দৈৰ্ঘ্য, f = 50 cm
অৱতল দাপোণৰ ক্ষেত্ৰত থিয় প্রতিবিম্ব এটা পাবলৈ লক্ষ্যবস্তু এটা মেৰু আৰু ফ’কাছৰ মাজত ৰাখিব লাগিব৷
গতিকে, দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ হ’ব 50 cmত কৈ কম ৷
প্রতিবিম্বৰ প্রকৃতি অসৎ আৰু থিয় হ’ব ৷
প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ’ব ৷
প্রতিবিম্বৰ গঠন দেখুৱাবৰ বাবে ৰশ্মিচিত্র –

৪. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা –
(a) গাড়ীৰ হেডলাইট
উত্তৰ :- গাড়ীৰ হেডলাইট হিচাপে অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ, প্ৰতিফলনৰ পিছত শক্তিশালী পোহৰৰ ৰশ্মি পোৱা যায়।
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
উত্তৰ :- গাড়ীৰ পিছলৈ চোৱা দাপোণ উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ, এই দাপোণ থিয়, সংকুচিত প্ৰতিবিম্ব গঠন কৰে আৰু পিছফালৰ বিস্তীৰ্ণ অঞ্চল দেখা যায়।
(c) সৌৰ ভাঁতী
উত্তৰ :- সৌৰ ভাঁতীত প্ৰতিফলক হিচাপে অবতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ, এই অবতল দাপোণ সূৰ্য-ৰশ্মিসমূহক এটা বিন্দুত কেন্দ্ৰীভূত কৰে।
9. উত্তল লেন্ছ এখনৰ অর্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ‘ল। এই লেন্ছখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্রতিপন্ন কৰা। তোমাৰ পর্যবেক্ষণসমূহ ব্যাখ্যা কৰা।
উত্তৰ :- উত্তল লেন্ছ এখনৰ অর্ধাংশ কলা কাগজেৰে ঢাকি দিলে লেন্ছখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিব ৷
পৰীক্ষা 1 :- উত্তল লেন্ছ ৰ উৰ্ধ্বভাগৰ অৰ্ধাংশ ঢাকি দিয়াৰ ক্ষেত্ৰত : উত্তল লেন্ছৰ উর্ধ্বভাগৰ অৰ্ধাংশ ক’লা কাগজেৰে ঢাকি দিলে লেন্ছ খনত আপতিত হোৱা পোহৰৰ ৰশ্মি লেনছখনৰ নিম্নভাগৰ অৰ্ধাংশৰ দ্বাৰা প্ৰভিসাৰিত হ’ব । লেন্ছ খনৰ আনটো ফালে প্রতিসাৰিত ৰশ্মি মিলিত হৈ এটা সৎ আৰু ওলোটা প্রতিবিম্ব গঠন কৰে ।

পৰীক্ষা 2 :- উত্তল লেন্ছ ৰ নিম্নভাগৰ অৰ্ধাংশ ঢাকি দিয়াৰ ক্ষেত্ৰত : উত্তল লেন্ছ ৰ নিম্নভাগৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিলে লেন্ছত আপতিত হোৱা পোহৰৰ ৰশ্মি লেন্ছ খনৰ উর্ধ্বভাগৰ অৰ্ধাংশই প্ৰতিসাৰিত কৰিব । লেন্ছখনৰ আনটোফালে প্রতিসাৰিত ৰশ্মিয়ে মিলিত হৈ এটা সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে । গতিকে, উত্তল লেন্ছৰ অৰ্ধাংশ ক’লা কাগজেৰে ঢাকি দিলেও XY লক্ষ্যবস্তুৰ এটা সম্পূর্ণ প্রতিবিম্ব X/Y গঠন হয় । প্রতিবিম্বৰ প্ৰকৃতি, আকাৰ আৰু অৱস্হান অনাবৃত্ত লেনদৰ প্ৰতিবিম্বৰ প্ৰকৃতি, আকাৰ আৰু অৱস্হানৰ দৰে একে হ’ব । অৱশ্যে, প্রতিবিম্বৰ উজ্জ্বলতা বা প্রাবল্য হ্রাস পায়।

10. 5 cm দৈর্ঘ্যৰ বস্তু এটা 10 cm ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মি চিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।
উত্তৰ :-
দিয়া আছে,
লক্ষ্যবস্তুৰ দূৰত্ব, u = -25 cm
ফ’কাছ দৈর্ঘ্যৰ, f = 10 cm
লক্ষ্যবস্তুৰ আকাৰ, h = 5 cm
প্ৰতিবিম্বৰ দূৰত্ব, v = ?
প্ৰতিবিম্বৰ আকাৰ, h/ = ?
লেন্ছৰ সূত্ৰৰ পৰা আমি পাঁও,
1/v – 1/u = 1/f
⇒ 1/v = 1/f + 1/u
⇒ 1/v = 1/10 – 1/25
⇒ 1/v = (5-2)/50
⇒ 1/v =3/50
⇒ v = 50/3
⇒ v = 16.7 cm
আৰু,
m = h// h = v/u
⇒ h//5 = 16.66/(-25)
⇒ h/ = (16.66 × 5)/-2
⇒ h/ = -3.3 cm
এতেকে, প্ৰতিবিম্বটো লেন্চৰ আনটো ফালে লেন্ছ পৰা 16.7 cm দূৰত্বত গঠন হ’ব ৷ প্ৰতিবিম্বৰ আকাৰ সংকুচিত হ’ব ৷ প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা হ’ব ৷
ৰশ্মিচিত্র :-

11. 15 cm ফ’কাছ দৈর্ঘ্যৰ অৱতল লেন্ছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্রতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্ছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্র আঁকা।
উত্তৰ :-
দিয়া আছে,
প্ৰতিবিম্বৰ দূৰত্ব, v = – 10 cm
ফ’কাছ দৈর্ঘ্য, f = – 15 cm
লক্ষ্যবস্তুৰ দূৰত্ব, u = ?
লেন্ছৰ সূত্ৰৰ পৰা আমি পাঁও,
1/v – 1/u = 1/f
⇒ 1/u = 1/v – 1/f
⇒ 1/u = – 1/10 + 1/15
⇒ 1/u = (-3 + 2) / 30
⇒ 1/u = -1/30
⇒ u = -30 cm
এতেকে, লক্ষ্যবস্তুটো লেন্ছৰ সন্মুখত লেন্ছৰ পৰা 30 cm দূৰত্বত গঠন হ’ব ৷
ৰশ্মিচিত্র :-

12. 15 cm ফ‘কাছ দৈর্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ’ল। প্রতিবিম্বৰ অৱস্থান আৰুপ্রকৃতি নির্ণয় কৰা।
উত্তৰ :-
দিয়া আছে,
লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 cm
ফ’কাছ দৈর্ঘ্য, f = 15 cm
প্ৰতিবিম্বৰ দূৰত্ব, v = ?
দাপোণৰ সূত্ৰৰ পৰা আমি পাঁও,
⇒ 1/v + 1/u = 1/f
⇒ 1/v = 1/f – 1/u
⇒ 1/v = 1/15 + 1/10
⇒ 1/v = (2 + 3)/30
⇒ 1/v = 5/30
⇒ 1/v = 1/6
⇒ v = 6 cm
আৰু দাপোণৰ বিবৰ্ধন,
m = -v/u
⇒ m = – 6/ (-10)
⇒ m = 0.6
এতেকে, প্ৰতিবিম্বটো দাপোণৰ পিছফালে দাপোণৰ পৰা 6cm দূৰত্বত গঠন হ’ব ৷
যিহেতু, বিবৰ্ধনৰ মান +0.6, প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হ’ব ৷
13. সমতল দাপোণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ কি?
উত্তৰ :- সমতল দাপোণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ হ’ল –
(i) লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ সমান ৷
(ii) সমতল দাপোণৰ প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় ৷
(iii) সমতল দাপোণৰ পৰা লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান ৷
14. 30 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখাহ’ল। প্রতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নির্ণয় কৰা।
উত্তৰ :-
দিয়া আছে,
ভাঁজ ব্যাসার্ধ , R = 30 cm
ফ’কাছ দৈর্ঘ্য, f = R/2 = 30/2 = 15 cm
লক্ষ্যবস্তুৰ দূৰত্ব, u = – 20 cm
লক্ষ্যবস্তুৰ আকাৰ, h = 5 cm
প্ৰতিবিম্বৰ দূৰত্ব, v = ?
দাপোণৰ সূত্ৰৰ পৰা আমি পাঁও,
1/v + 1/u = 1/f
⇒ 1/v = 1/f – 1/u
⇒ 1/v = 1/15 + 1/20
⇒ 1/v = (4+3) / 60
⇒ 1/v = 7/60
⇒ v = 60/7
⇒ v = 8.57 cm
দাপোণৰ বিবৰ্ধন, m = h/ / h = -v/u
⇒ h/ / 5 = – 8.57/ (-20)
⇒ h/ / 5 = 0.428
⇒ h/ = 5 × 0.428
⇒ h/ = 2.14 cm
এতেকে, প্ৰতিবিম্বটো দাপোণৰ পিছফালে দাপোণৰ পৰা 8.6 cm দূৰত্বত গঠন হ’ব ৷
প্ৰতিবিম্বৰ আকাৰ 2.14 cm অৰ্থাৎ সংকুচিত হ’ব৷
যিহেতু বিবৰ্ধনৰ মান +0.428 ,প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হ’ব ৷
15. 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে।দাপোণখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্রতিবিম্ব এটা পোৱাযাব? প্রতিবিম্বৰ আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।
উত্তৰ :-
দিয়া আছে,
লক্ষ্যবস্তুৰ দূৰত্ব, u = -27cm
ফ’কাছ দৈর্ঘ্য, f = -18cm
লক্ষ্যবস্তুৰ আকাৰ, h = 7cm
প্ৰতিবিম্বৰ দূৰত্ব, v = ?
দাপোণৰ সূত্ৰৰ পৰা আমি পাঁও,
1/v + 1/u = 1/f
⇒ 1/v = 1/f – 1/u
⇒ 1/v = -1/18 + 1/27
⇒ 1/v = (-3+2)/54
⇒ 1/v = -1/54
⇒ v = -54 cm
দাপোণৰ বিবৰ্ধন,
m = -v/u
⇒ m = – (-54/-27)
⇒ m = -2
আৰু, h//h = -2
⇒ h//7 = -2
⇒ h/ = -2 × 7
⇒ h/ = – 14 cm
এতেকে, প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ ফালে দাপোণৰ পৰা 54 cm দূৰত্বত গঠন হ’ব ৷
প্ৰতিবিম্বৰ আকাৰ 14cm অৰ্থাৎ বিবৰ্ধিত হ’ব৷
যিহেতু বিবৰ্ধনৰ মান -2 , প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা হ’ব ৷
16. -2.0 D ক্ষমতাৰ লেছ এখনৰ ফ’কাছ দৈর্ঘ্য কিমান? লেছখনৰ প্রকৃতি কেনেকুৱা ?
উত্তৰ :-
দিয়া আছে,
লেন্ছৰ ক্ষমতা, P =-2.0 D
ফ’কাছ দৈর্ঘ্য, f = ?
আমি জানো যে,
P = 1/f
⇒ f = 1/P
⇒ f = 1/-2
⇒ f = -0.5 m
এতেকে লেন্ছখনৰ ফ’কাছ দৈর্ঘ্যৰ = -0.5 m আৰু লেন্ছখন অৱতল লেন্ছ ৷
17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্ছৰ ক্ষমতা +1.5D।লেন্ছখনৰ ফ‘কাছ দৈর্ঘ্য নির্ণয় কৰা।এই লেন্ছখন অভিসাৰী নে অপসাৰী?
উত্তৰ :-
দিয়া আছে,
লেন্ছৰ ক্ষমতা, P = +1.5D
ফ’কাছ দৈর্ঘ্যৰ, f = ?
আমি জানো যে,
P = 1/f
⇒ f = 1/p
⇒ f = 1/1.5
⇒ f = 10/15
⇒ f = +0.67 m
এতেকে লেন্ছখনৰ ফ’কাছ দৈর্ঘ্যৰ = +0.67 m আৰু লেন্ছখন অভিসাৰী লেন্ছ ৷
বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় 1 : ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় 4 : কাৰ্বন আৰু তাৰ যৌগ
অধ্যায় 5 : মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় 7 : নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় 8 : জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় 9 : বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় 10 : পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী