জীৱন প্ৰক্ৰিয়া – দশম শ্ৰেণী – Life Process | Class 10 Science Seba Notes
ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 6 : জীৱন প্ৰক্ৰিয়া (Life Process) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।
প্ৰশ্নাৱলী, Page No- 95
1.মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল আক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰন কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয় ?
উত্তৰ :- মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ আকাৰ যথেষ্ট ডাঙৰ আৰু দেহৰ গঠন শৈলিত বেছি জটিলতা থাকে ৷ তেনে ক্ষেত্ৰত দেহৰ সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিবেশৰ লগত সান্নিধ্যত নাথাকে ৷ ব্যাপন হ’ল এটা ধীৰ গতিৰে হোৱা প্ৰক্ৰিয়া ৷ ই দেহৰ বিভিন্ন আংশলৈ অক্সিজেন কঢ়িয়াবলৈ বহুত সময় ল’ব ৷ সেয়েহে বহুকোষীয় জীৱৰ বাবে লাগতিয়াল আক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰন কৰি লোৱাতো পৰ্যাপ্ত নহয় ৷
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম ?
উত্তৰ :- জীৱন প্ৰক্ৰিয়াবোৰ যেনে- পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন আদি চলি আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰি ৷
3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰন কৰি লয় ?
উত্তৰ :- জীৱই বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী বাহিৰৰ পৰিবেশৰ পৰা আহৰন কৰে ৷ স্বপোষী জীৱই পানী, খনিজ পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড পৰিবেশৰ পৰা গ্ৰহণ কৰে ৷ পৰপোষী জীৱই অক্সিজেন, খাদ্য আদি বাহিৰৰ পৰা আহৰন কৰে ৷
4. জীৱৰ জীৱন বৰ্তী থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা ?
উত্তৰ :- জীৱৰ জীৱন বৰ্তি থাকিৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ হ’ল পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন প্ৰক্ৰিয়া ৷
প্ৰশ্নাৱলী, Page No- 101
1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?
উত্তৰ:- স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-
স্বপোষিত পুষ্টি | পৰপোষিত পুষ্টি |
1. স্বপোষী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে ৷ | 1. পৰপোষী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত নকৰে ৷ |
2. স্বপোষী জীৱবোৰ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ | 2. পৰপোষী জীৱবোৰ খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্ব-পোষী জীৱৰ ওপৰত নিৰ্ভৰশীল ৷ |
3. কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত হয়৷ | 3. কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত নহয় ৷ |
4. খাদ্য প্ৰস্তুতৰ বাবে পত্ৰহৰিৎৰ প্ৰয়োজন হয় ৷ | 4. খাদ্য প্ৰস্তুতৰ বাবে পত্ৰহৰিৎৰ প্ৰয়োজন নহয় ৷ |
5. স্বপোষী জীৱৰ উদাহৰণ – সকলো ধৰণৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া ৷ | 5. পৰপোষী জীৱৰ উদাহৰণ – ভেঁকুৰ আৰু প্ৰাণী সমূহ ৷ |
2.সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায় ?
উত্তৰ – উদ্ভিদৰ সালোক সংশ্লেষণত প্ৰয়োজন হোৱা উপাদানবোৰ হ’ল- কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ ৷ উদ্ভিদে পৰিবেশৰ পৰা পত্ৰৰন্ধ্ৰৰ সহায়ত কাৰ্বন ডাই অক্সাইড অহৰণ কৰে ৷ একেদৰে মাটিৰ পৰা শিপাৰ সহায়ত পানী আৰু পাতত থকা পত্ৰহৰিৎৰ সহায়ত সূৰ্যৰ পোহৰ গ্ৰহণ কৰে ৷
3.আমাৰ পাকস্হলীত এছিডৰ ভূমিকা কি ?
উত্তৰ- আমাৰ পাকস্হলীত হাইড্ৰ’ক্লৰিক এছিড(HCl) থাকে ৷ হাড্ৰ’ক্লৰিক এছিডে পাকস্হলি ৰসক আম্লিক ধৰ্মীয় কৰে ৷ ইয়াৰ ফলত প্ৰ’টিন বিশ্লেষিত উৎসেচক পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে ৷
4. পাচক উৎসেচকৰ কাৰ্য কি ?
উত্তৰ- আমাৰ শৰীৰে সৰল খাদ্যহে শোষন কৰিব পাৰে ৷ পাচক উৎসেচকে জটিল প্ৰকৃতিৰ আহাৰ সৰল অৱস্হালৈ পৰিবৰ্তন কৰে ৷ উদাহৰণ স্বৰূপে, পেপচিনে জটিল প্ৰ’টিনক সৰলীকৃত কৰে ৷
5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় ?
উত্তৰ- ক্ষুদ্ৰান্তত খাদ্যৰ শৰ্কৰা, প্ৰটিন আৰু চৰ্বীসমূহ সম্পূৰ্ণভাৱে পাচন হয় ৷ ইয়াত যকৃত আৰু অগ্নাশয়ে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি ৷ যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্তৰসে প্ৰথমে পাকস্হলিৰ পৰা অহা অৰ্দ্ধপাচিত আম্লিক ধৰ্মীয় খাদ্য খিনি ক্ষাৰকীয় কৰে আৰু লগতে খাদ্যৰ চৰ্বী অংশত ক্ৰিয়া কৰে ৷ পিত্ত লৱণে চৰ্বি অণুসমূহ সৰল অণুলৈ ৰূপান্তৰ কৰে ৷ অগ্নাশয় ৰসত থকা ট্ৰিপচিন আৰু লাইপেজে ক্ৰমে খদ্যৰ প্ৰ’টিন আৰু ইতিমধ্যে সৰলীকৃত হোৱা চৰ্বিৰ ওপৰত ক্ৰিয়া কৰে ৷ ক্ষুদ্ৰান্তৰ বেৰৰ পৰা নিঃসৰণ হোৱা আন্ত্ৰিক ৰসত থকা উৎসেচকে অৱশিষ্ট প্ৰ’টিন অংশক সৰল এমিন’ এচিডলৈ, শৰ্কৰাসমূহক গ্লুক’জলৈ, চৰ্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰলললৈ ৰূপান্তৰ ঘটায়৷ এনেদৰে সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে ভিলাইৰ জড়িয়তে শোষণ কৰে৷
প্ৰশ্নাৱলী, Page No- 105
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্হলচৰ জীৱ সমূহৰ সুবিধা কি ?
উত্তৰ- শ্বসনত স্হলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ অক্সিজেন ব্যৱহাৰ কৰে কিন্তু জলচৰ প্ৰাণীবোৰে পানীত মিহলি হৈ থকা অক্সিজেন ব্যৱহাৰ কৰে ৷ যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমান বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামুলকভাৱে কম, সেয়েহে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰজীৱতকৈ স্হলচৰ জীৱ সমূহৰ সুবিধাবেছি হয় ৷
2. কি কি প্ৰথাৰে বিভিন্ন জীৱ দেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয় ?
উত্তৰ- জীৱৰ দেহত বিভিন্ন প্ৰকাৰে গ্লু’কজ জাৰিত হয়৷ যিকোনো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমে ছটা কাৰ্বনযুক্ত গ্লুক’জ অণু ভাঙি তিনিটা কাৰ্বন অণুযুক্ত পাইৰুভেত্ অণুৰ সৃষ্টি হয়৷ পৰবৰ্ত্তি পৰ্যায়ত তলত উল্লেখ কৰা ধৰণে বিভিন্ন পথেৰে গ্লুক’জ জাৰিত হয়৷

i) অক্সিজেনৰ অনুপস্হিতিত – একোষী জীৱ ইষ্টৰ দেহত কিম্বন প্ৰক্ৰিয়াৰ ফলত তিনিটা কাৰ্বন যুক্ত পাইৰুভেতৰ পৰা ইথাইল এলকহ’ল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি সৃষ্টি হয় ৷ এই প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্হিতিত হোৱা বাবে ইয়াক অবাত শ্বসন বোলে ৷
ii) অক্সিজেনৰ উপস্হিতিত – কোষৰ মাইট’কন্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্হিতিত তিনিটা কাৰ্বনযুক্ত পাইৰুভেত্ অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় ৷ এই প্ৰক্ৰিয়া অক্সিজেনৰ উপস্হিতিত হোৱা বাবে ইয়াক সবাত শ্বসন বোলে ৷
iii) অক্সিজেন কম হ’লে – কেতিয়াবা আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণ কমি গ’লে পাইৰুভেত্ অণু ভাঙি লেকটিক্ এছিডলৈ পৰিৱৰ্তন হয় ৷
3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয় ?
উত্তৰ- মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন সম্পৰ্কে তলত ব্যাখ্যা কৰা হ’ল-
অক্সিজেনৰ পৰিবহন – মানুহৰ দেহ আকাৰত যথেষ্ট ডাঙৰ হোৱা বাবে ব্যাপন প্ৰক্ৰিয়াৰে দেহৰ সকলো অংশত যথোপযুক্ত পৰিমাণে অক্সিজেন সৰবৰাহ নহয়৷ তেজত থকা ৰঞ্জক পদাৰ্থ হিম’গ্ল’বিনে হা্ঁওফাঁওৰ পৰা অক্সিজেন লৈ দেহৰ বিভিন্ন অংশৰ অক্সিজেন কমি থকা ক’লাবোৰত বিতৰণ কৰে ৷
কাৰ্বন ডাই অক্সাইডৰ পৰিবহন – কাৰ্বন ডাই অক্সাইড, অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয় ৷ সেয়েহে ই তেজৰ প্লাজমাত দ্ৰৱীভূত হৈ দেহৰ বিভিন্ন ক’লাৰ পৰা হাঁওফাঁওলৈ পৰিবহন হয়৷ ইয়াৰ পৰা নাসাৰন্ধ্ৰইদি বাহিৰলৈ ওলাই যায় ৷
4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে ?
উত্তৰ- মানুহৰ হাঁওফাঁওৰ গঠন সম্পৰ্কে তলত ব্যাখ্যা কৰা হ’ল-

চিত্ৰ – মানুহৰ শ্বাস তন্ত্ৰ
হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ আংগৰ সৃষ্টি হয়৷ এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয়৷ বায়কূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ৷ উশা লোৱাৰ সময়ত মধ্যচ্ছদা খন নিম্নগামী হলে হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হে পৰে ৷ দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰে৷
প্ৰশ্নাৱলী, Page No- 110
1. মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি ? ইয়াৰ কাৰ্যসমূহ কি কি ?
উত্তৰ- মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা হ’ল হৃদযন্ত্ৰ, তেজ আৰু ৰক্ত নলীকা ৷
হৃদযন্ত্ৰৰ কাৰ্য –
i) হৃদযন্ত্ৰই অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশলৈ পঠিয়াই দিয়ে ৷
ii) হৃদযন্ত্ৰই দেহৰ বিভিন্ন অংশৰ পৰা অহা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাঁওফাঁওলৈ পঠিয়াই দিয়ে ৷
তেজৰ কাৰ্য –
তেজে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, সৰলিকৃত খাদ্য, বৰ্জিত পদাৰ্থ ইত্যাদি দেহৰ বিভিন্ন অংশলৈ পৰিবহন কৰে ৷
ৰক্ত নলীকাৰ কাৰ্য –
i) ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগবোৰলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়ে ৷
ii) সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই হৃদযন্ত্ৰলৈ উভতাই আনে ৷
iii) ৰক্ত জালিকা আৰু তেজৰ মাজত পদাৰ্থৰ বিনিময় ঘটে ৷
2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
উত্তৰ- পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে৷ এই শক্তি যোগানৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক ৷ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিলে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ জোগান ধৰিবৰ বাবে সুবিধা হয় ৷
3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি ?
উত্তৰ- উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ হ’ল জাইলেম আৰু ফ্ল’ৱেম ৷ জাইলেমে উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পানী, খনিজ লৱন আদি পৰিবহন কৰে ৷ ফ্ল’ৱেমে উদ্ভিদৰ পাতৰ পৰা উদ্ভিদ দেহৰ বিভিন্ন অংগলৈ খাদ্য সৰবৰাহ কৰে ৷
4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় ?
উত্তৰ- উদ্ভিদৰ দেহত পানী আৰু লৱণ জাইলেম ক’লাৰ দ্বাৰা পৰিবহন হয় ৷ জাইলেম ক’লাৰ নলিকা বিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে ৷ মাটিৰ স্পৰ্শত থকা শিপাৰ কোষবোৰে সক্ৰিয়ভাৱে আয়ন গ্ৰহণ কৰি থাকে ৷ ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ তাৰতম্যৰ সৃষ্টি কৰে ৷ এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি জাইলেমৰ যোগেদি নিয়মিয়াকৈ পানী ওপৰলৈ ঠেলি থাকে ৷ ইয়াৰ লগতে উদ্ভিদৰ পাতে বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা পাতৰ পৰা বাষ্প আকাৰে পানীৰ অণুবোৰ এৰি দি থাকে যাৰ বাবে পাতত এটা শোষণ বল সৃষ্টি হয় | এই বলে শিপাত থকা জাইলেমৰ পানী শোষণ কৰে ৷ এই দৰেই উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন হয় ৷
5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে ?
উত্তৰ- উদ্ভিদৰ দেহত পাতৰ পৰা বিভিন্ন অংশলৈ খাদ্যৰ সংবহন ফ্ল’ৱেম ক’লাৰ দ্বাৰা ঘটে ৷ ফ্ল’ৱেমৰ দ্বাৰা হোৱা খাদ্য স্হানান্তৰ শক্তি ব্যৱহাৰ কৰি সমপন্ন হয় ৷ চুক্ৰুজৰ দৰে পদাৰ্থবিলাক ফ্ল’ৱেম ক’লাৰ ভিতৰলৈ স্হানান্তৰ হওঁতে ATPৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ হয় ৷ ইয়াৰ দ্বাৰা ফ্ল’ৱেমৰ আসৃতি চাপৰ বৃদ্ধি ঘটে, ফলত পানী তাৰ ভিতৰলৈ গতি কৰে ৷ এই চাপৰ সহায়তে উদ্ভিদ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ ফ্ল’ৱেমে পদাৰ্থ বা খাদ্যৰ সংবহন ঘটায় ৷
প্ৰশ্নাৱলী, Page No – 112
1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ৷
উত্তৰ:-
নেফ্ৰনৰ গঠন –
বৃক্কত অসংখ্য পাতল বেৰৰ সৰু সৰু ৰক্ত জালিকা থাকে ৷ এই ৰক্ত জালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন হয় ৷ প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে ৷ এইবোৰক নেফ্ৰন বোলে ৷ নেফ্ৰনৰ মুখ্য অংশবোৰ হ’ল গ্ল’মেৰুলাছ, ব’মানচ্ কেপচুল আৰু দীঘল সংগ্ৰাহী নলীকা ৷
নেফ্ৰনৰ কাৰ্য –
নেফ্ৰনে দেহৰ তেজ চেকাত সহায় কৰে ৷ নেফ্ৰনবোৰে প্ৰাথমিক অৱস্হাত গ্লুক’জ, এমিন এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়৷ প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকা মূত্ৰনলীলৈ সোমাই আহে৷ মূত্ৰনলী হৈ মূত্ৰখিনি মূত্ৰথলীত জমা হয়৷ মূত্ৰথলীৰ চাপৰ ফলত নিৰ্দিষ্ট নলীয়েদি মূত্ৰ বাহিৰলৈ ওলাই আহে ৷
2. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ?
উত্তৰ:- উদ্ভিদে বিভিন্ন প্ৰকাৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ৷ বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে অত্যাধিক পানী, গেছ আদি ত্যাগ কৰে৷ অন্যান্য বৰ্জিত পদাৰ্থৰ ক্ষেত্ৰত দেহৰ মৃত কোষৰ ক’লা, পাতৰ দৰে সৰি পৰা অংগ বা মাটিৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে ৷ কিছুমান বৰ্জিত পদাৰ্থক কোষৰ ৰসধানী আৰু কিছুমানক পূৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে ৷
3. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰি ?
উত্তৰ:- মূত্ৰ উৎপন্নৰ পৰিমান শৰীৰত থকা পানী আৰু বৰ্জিত পদাৰ্থৰ পৰিমাণে নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰ উপৰিও ADHৰ নিচিনা হৰমণে মূত্ৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ৷
জীৱন প্ৰক্ৰিয়া (Life Process) –
অনুশীলনী
1) মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ –
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰ :- (c) ৰেচন
2) উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল –
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰ :- (a) পানীৰ পৰিবহন
3. স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয় –
(a) কার্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা।
উত্তৰ :- (d) ওপৰৰ আটাইকেইটা।
4. পাইৰুভেট অণু ভাঙি কার্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় –
(a) চাইট’প্লাজমত
(b) মাইট’কন্ড্রিয়াত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰ :- (b) মাইট’কন্ড্রিয়াত
5. আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্য সমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়?
উত্তৰ :- পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত খাদ্যৰ চৰ্বীসমূহৰ পাচন হয়। এই অংশত পাচক গ্রন্থি যকৃত (liver) আৰু অগ্নাশয় (Pancreas) য়ে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি। যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে খাদ্যৰ চৰ্বী অংশত ক্রিয়া কৰে। ক্ষুদ্ৰান্তৰ খাদ্যাংশৰ চৰ্বী অণুৰ আকাৰ বৃহৎ আৰু খণ্ডযুক্ত (globules) আৰু ইয়াক উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে। পিত্ত লৱণৰ উপস্থিতিত চৰ্বী অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয়। এই সৰল চৰ্বী অণুসমূহৰ ওপৰত উৎসেচকে সহজে ক্রিয়া কৰিব পাৰে। অগ্নাশয় গ্রন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত সৰলীকৃত চৰ্বী বিশ্লেষী উৎসেচক লাইপেজ (lipase) থাকে। ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু গ্ৰন্থিবোৰে আন্ত্ৰিক ৰস (Intestinal juice) নিঃসৰণ কৰে। ইয়াত থকা উৎসেচকে অৱশিষ্ট চৰ্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়।এনেদৰে আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্য সমূহ পাচন হয়।
এই প্ৰক্ৰিয়াটো শৰীৰৰ পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত সংঘটিত হয়।
6. পাচনত লালটিৰ ভূমিকা কি ?
উত্তৰ:- পাচনত লালটিৰ ভূমিকাবোৰ তলত উল্লেখ কৰা হ’ল-
i) লালটিয়ে খাদ্যৰ লগত মিহলি হৈ আহাৰখিনি পিচল কৰে৷ ইয়াৰ ফলত আহাৰ, খাদ্য নলীৰ পশ্চাৎ আংশলৈ সহজে গতি কৰে ৷
ii) লালটিত থকা উৎসেচক, লালটি এমাইলেজে, মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংস ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে৷
7. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?
উত্তৰ- স্বপোষীত পুষ্টি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয়৷ স্বপোষীত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ’ল কাৰ্বন ডাই অক্সাইড, পানী, পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰ৷
ইয়াৰ উপাজাত পদাৰ্থবোৰ হ’ল কাৰ্বহাইড্ৰেট, অক্সিজেন আৰু পানী।
8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা জীৱৰ নাম লিখা৷
উত্তৰ- সবাত আৰু অবাত শ্বসনৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-
সবাত শ্বসন | অবাত শ্বসন |
i) সবাত শ্বসন অক্সিজেনৰ উপস্হিতত সংঘটিত হয় ৷ | i) অবাত শ্বসন অক্সিজেনৰ অনুপস্হিতত সংঘটিত হয় ৷ |
ii) সবাত শ্বসন মাইট’কন্ড্ৰিয়াত সংঘটিত হয় ৷ | ii) অবাত শ্বসন কোষ প্ৰৰসত সংঘটিত হয়৷ |
iii) এই প্ৰক্ৰিয়াত জীৱ আৰু বাহিৰৰ পৰিৱেশৰ মাজত গেছৰ বিনিময় ঘটে ৷ | iii) এই প্ৰক্ৰিয়াত গেছৰ বিনিময় নঘটে ৷ |
iv) এই প্ৰক্ৰিয়াৰ উপাজাত পদাৰ্থ CO2 আৰু H2O ৷ | iv) এই প্ৰক্ৰিয়াত বিভিন্ন উপাজাত পদাৰ্থ উৎপন্ন হয় ৷ |
v) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক। | v) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম। |
vi) উদাহৰণ – পক্ষী, জন্তু ইত্যাদি ৷ | vi) উদাহৰণ – কিছুমান এককোষী জীৱ যেনে ইষ্ট ৷ |
vii) সবাত কোষীয় শ্বসনত গ্লাইক’লাইছিচ আৰু ক্ৰেব চক্ৰ দুয়োটা স্তৰ জড়িত। | vii) অবাত কোষীয় শ্বসনত কেৱল গ্লাইক’লাইছিচ স্তৰটোহে জড়িত। |
সবাত শ্বসন সম্পাদন কৰা প্ৰাণী হল- মানুহ আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণী হল- ইষ্ট।
9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বিয়ুকোষবিলাক কেনেকৈ গঠিত হৈছে ?
উত্তৰ:-

চিত্ৰ – মানুহৰ শ্বাস তন্ত্ৰ
হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয়৷ এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয়৷ বায়কূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ৷ উশাহ লোৱাৰ সময়ত মধ্যচ্ছদা খন নিম্নগামী হলে হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে ৷ দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰে৷
10. আমাৰ দেহত হিম’গ্ল’বিনৰ পৰিমাণ কমি গ’লে কি হ’ব ?
উত্তৰ- হিম’গ্ল’বিন হ’ল মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থ৷ হিম’গ্ল’বিনে হাঁওফাঁওৰ পৰা অক্সিজেন লৈ অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে ৷ আমাৰ দেহত হিম’গ্ল’বিনৰ পৰিমাণ কমি গ’লে দেহত অক্সিজেন কমি যাব যাৰ ফলত শ্বসন প্ৰক্ৰিয়াত সমস্যাই দেখা দিব ৷ ইয়াৰ উপৰিও হিম’গ্ল’বিন কমিলে এনিমিয়া নামৰ ৰোগ এবিধ হ’ব পাৰে ৷
11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহণ তন্ত্ৰটো বৰ্ণনা কৰা ৷ ইয়াৰ প্ৰয়োজন কি ?
উত্তৰ- মানুহৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ’বলৈ হৃদযন্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ’ব লাগে৷ তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বোলে৷
দ্বৈত ৰক্ত সংবহণ তন্ত্ৰ –

চিত্ৰ – মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰত হোৱা দৈত পৰিৱহন
মানুহৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিযুক্ত ৷ হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ বাঁও অলিন্দত পৰেহি৷ এই অৱস্হাত বাঁও অলিন্দটো শিঠিল হৈ থাকে৷ তেজ সংগ্ৰহ কৰাৰ পাছত বাঁও অলিন্দটো সংকোচিত হৈ তেজখিনি বাঁও নিলয়লৈ পঠিয়াই দিয়ে৷ ইয়াৰ পৰা অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশলৈ যায়৷
দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহি হৃদযন্ত্ৰৰ সোঁ অলিন্দত পৰেহি৷ সোঁ অলিন্দৰ সংকোচন ঘটাৰ ফলত তেজ খিনি সো্ঁ নিলয়ত সোমায়৷ ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাঁওফাঁওলৈ গতি কৰে৷
এই দৰে মানুহৰ দেহত দ্বৈত ৰক্ত সংবহন সংঘটিত হয়৷
মানুহৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে৷ এই শক্তি যোগানৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক ৷ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিলে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ জোগান ধৰিবৰ বাবে সুবিধা হয় ৷ সেইবাবে মানুহৰ দেহত দ্বৈত ৰক্ত সংবহণ তন্ত্ৰৰ প্ৰয়োজন৷
12. জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি ?
উত্তৰ- জাইলেম আৰু ফ্ল’ৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল-
জাইলেম দ্ৰৱৰ পৰিবহন | ফ্ল’ৱেম দ্ৰৱৰ পৰিবহন |
---|---|
i) জাইলেম কলাই পানী আৰু খনিজ লৱণ পৰিবহন কৰে ৷ | i)ফ্ল’ৱেম কলাই খাদ্য পৰিবহন কৰে ৷ |
ii) জাইলেম কলাই শিপাৰ পৰা উৰ্ধ্বমূখী দিশত দ্ৰৱ্য সৰবৰাহ কৰে৷ | ii)ফ্ল’ৱেম কলাই পাতৰ পৰা উদ্ভিদ দেহৰ বিভিন্ন দিশত খাদ্য সৰবৰাহ কৰে৷ |
iii) বাষ্পমোচন আৰু শিপাত আয়ন বিনিময়ৰ ফলত সৃষ্টি হোৱা চাপৰ সহায়ত জাইলেমে পানী সৰবৰাহ কৰে৷ | iii) ফ্ল’ৱেমে ATPৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰি খাদ্য সৰবৰাহ কৰে ৷ |

13. হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ৷
উত্তৰ – হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
হাঁও ফাঁওৰ বায়ুকোষ | বৃক্কৰ নেফ্ৰন |
---|---|
1.হাঁও ফাঁওৰ বায়ুকোষবোৰ বেলুন সদৃস অংগ ৷ | 1. নেফ্ৰন হ’ল বৃক্কত থকা কাপ সদৃশ নলীকাৰ একক ৷ |
2. বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ৷ | 2. কাপ সদৃশ নলীকা বোৰতহে ৰক্ত জালীকা থাকে ৷ |
3. বায়ুকূপ বিলাকৰ ৰক্ত জালিকাত গেছৰ আদান প্ৰদান হয় ৷ | 3. নেফ্ৰনে দেহৰ অতিৰিক্ত পানী আৰু বৰ্জিত পদাৰ্থবোৰ চেকী দেহৰ বাহিৰ কৰে ৷ |
4.ব্যাপনৰ দ্বাৰা পদাৰ্থৰ আদান প্ৰদান হয় ৷ | 4.উচ্চ চাপৰ সহায়ত নেফ্ৰনৰ কাৰ্য সম্পাদন হয় ৷ |
অতিৰিক্ত প্ৰশ্নোত্তৰ
Q. পৰিপুষ্টি কি?
উত্তৰ :- জীৱ দেহৰ বাহিৰৰ শক্তিৰ উৎস, যাক আহাৰ বুলি কওঁ সেই উৎসৰপৰা জীৱ দেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণৰ এক প্ৰক্ৰিয়া আছে আৰু এই প্ৰক্ৰিয়াটোক পৰিপুষ্টি (Nutrition) বুলি কওঁ।
Q. সালোক সংশ্লেষণ কি? এই প্রক্রিয়াত সংঘটিত হোৱা কাৰ্যসমূহ কি কি? উদ্ভিদে কেনেদৰে কাৰ্বন-ডাই-অক্সাইড অৱশোষণ কৰে লিখা। [HSLC – 2017, 2019]
উত্তৰ :- সালোক সংশ্লেষণ হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত স্বপোষীয় জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লোৱা কিছুমান দ্ৰব্যক পৰিৱৰ্তন ঘটাই সিহঁতে নিজৰ দেহত শক্তি হিচাপে সঞ্চিত কৰিব পাৰে।
এই প্রক্রিয়াত সংঘটিত হোৱা কাৰ্যসমূহ হ’ল –
(i) পোহৰ শক্তিক পত্ৰহৰিতৰদ্বাৰা শোষণ।
(ii) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ।
(iii) কার্বন ডাই অক্সাইড বিজাৰণৰদ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন।
উদ্ভিদে পত্ৰৰন্ধ্ৰ ৰ উপৰিও কাণ্ড, শিপাৰ উপৰিভাগৰ যোগেদিও কাৰ্বন-ডাই-অক্সাইড অৱশোষণ কৰে।
Q. উদ্ভিদত শ্বেতসাৰৰ উপস্থিতি ধৰা পেলাবলৈ কোনবিধ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰা হয়?
উত্তৰ :- লঘু আয়ডিনৰ দ্ৰৱ।
Q. পাতত থকা সৰু সৰু ৰন্ধ্ৰবোৰৰ নাম কি? এইবোৰে কি কাৰ্য সমাধা কৰে? [HSLC – 2020]
উত্তৰ :- পাতত থকা সৰু সৰু ৰন্ধ্ৰবোৰৰ নাম – পত্ৰৰন্ধ্ৰ।
সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল বিশাল পৰিমাণৰ গেছৰ আদান প্ৰদান এই ৰন্ধ্ৰবিলাকৰ মাজেৰেই সংঘটিত হয়।
Q. এমিবাই পৰিপুষ্টি আহৰণ কৰা প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।
উত্তৰ :- এমিবাই পৰিপুষ্টি আহৰণ কৰা প্ৰক্ৰিয়াটো হ’লঃ
ইয়াৰ কোষাবৰণত থকা কূটপদ বুলি কোৱা আঙুলি সদৃশ সৰু অস্থায়ী প্ৰবৰ্দ্ধকসমূহ খাদ্যৰ দিশে অগ্ৰসৰ হয় আৰু তাৰ চাৰিওফালে এক খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে। খাদ্য ৰিক্তিকাৰ ভিতৰত পাচক উৎসেচকৰ সহায়ত জটিল খাদ্য বস্তুসমূহ সৰল অৱস্থালৈ ৰূপান্তৰিত হয় । সৰল খাদ্যভাগ কোষপ্ৰৰসত বিয়পি পৰে। অপাচিত খাদ্যবস্তু কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে আৰু শেষত কোষৰ পৰা নিৰ্গত হয় ।

Q. শ্বেতসাৰ অংশক ভাঙি সৰল চেনিলৈ পৰিবৰ্তিত কৰা উৎসেচকবিধ হৈছে –
(a) এমাইলেজ (Amy lase)
(b) লাইপেজ(Lipase)
(c) পেপচিন (Pepsin)
(d) ট্রিপচিন (Trypsin)
Q. জৈৱ অনুঘটকবোৰ কি? এনে দুটা অনুঘটকৰ নাম লিখা। আমাৰ শৰীৰত এইবোৰে গ্ৰহণ কৰা ভূমিকাৰ আলোচনা কৰা। পাচকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্রক্লৰিক এছিডৰ কাম কি? [2020]
Q. আমাৰ পাকস্থলীত HCl ৰ দুটা কাৰ্য লিখা।
Q. মানুহৰ পাকস্থলীত হোৱা পাচন প্রক্রিয়াটো বৰ্ণনা কৰা। 2
Q. মানুহৰ দেহত পাচন নলীৰ বিভিন্ন অংশত হোৱা খাদ্যৰ পাচন প্রক্রিয়া বর্ণনা কৰা।
উত্তৰ :-
মানুহৰ পাচন নলীডাল মুখগহ্বৰৰ পৰা পায়ুলৈ বিস্তৃত হৈ থাকে।
মুখ বা মুখগহ্বৰত দাঁতৰ দ্বাৰা খাদ্যভাগ গুড়ি কৰে আৰু লালটিৰ সৈতে ভালদৰে মিহলি কৰে। লালটিত থকা উৎসেচক লালটি এমাইলেজে খাদ্যৰ শ্বেতসাৰৰ জটিল অণুবোৰক ভাঙি সৰল চেনিৰ অণুলৈ পৰিৱৰ্তন কৰে।
মুখগহ্বৰৰ পৰা খাদ্যৰ মিশ্ৰন গ্ৰাসনলীয়েদি পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলীৰ বেৰত থকা পাকগ্ৰন্থিয়ে পাচক ৰস নিঃসৰণ কৰে। এই পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড, পেপচিন আৰু শ্লেষ্মা থাকে। হাইড্ৰ’ক্লৰিক এছিড থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধৰ্মীয় আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে। পেপচিনে প্ৰ’টিনসমূহৰ পাচনত সহায় কৰে। শ্লেষ্মাই হাইড্ৰ’ক্লৰিক এছিডৰ ক্ৰিয়াৰ পৰা পাকস্থলীৰ বেৰখনৰ অন্তঃআৱৰণখনক সুৰক্ষা দিয়ে।
পাকস্থলীৰ পৰা অৰ্ধপাচিত হোৱা খাদ্য আগলৈ স্ফিনক্টাৰ পেশীৰ দ্বাৰা ক্ষুদ্ৰান্তলৈ ঠেলি দিয়া হয়। পাচন নলীৰ ক্ষুদ্ৰান্ত অংশতেই খাদ্যৰ শৰ্কৰা, প্ৰ’টিন আৰু চৰ্বীসমূহৰ সম্পূৰ্ণভাৱে পাচন হয়। এই অংশতে পাচক গ্রন্থি যকৃত (liver) আৰু অগ্নাশয় (Pancreas) য়ে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি।
যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে খাদ্য ক্ষাৰকীয় কৰাৰ লগতে খাদ্যৰ চৰ্বী অংশত ক্রিয়া কৰে। পিত্ত লৱণে বৃহৎ খণ্ডযুক্ত চৰ্বীৰ অণুক ভাঙি সৰু সৰু অণুলৈ পৰিৱৰ্তন কৰে যাতে এইবোৰৰ ওপৰত উৎসেচকসমূহে ভালদৰে ক্ৰিয়া কৰিব পাৰে।
অগ্নাশয় গ্রন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত প্ৰ’টিন বিশ্লেষী উৎসেচক ট্রিপচিন (trypsin) আৰু ইতিমধ্যে সৰলীকৃত চৰ্বী বিশ্লেষী উৎসেচক লাইপেজ (lipase) থাকে। ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু গ্ৰন্থিবোৰে আন্ত্ৰিক ৰস (Intestinal juice) নিঃসৰণ কৰে। ইয়াত থকা উৎসেচকে অৱশিষ্ট প্ৰ’টিন অংশক সৰল এমিন’ এছিডলৈ, শৰ্কৰাসমূহক গ্লুক জলৈ, চৰ্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়।
সম্পূর্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। শোষণ নোহোৱা খাদ্যভাগ ক্ষুদ্ৰান্তৰ পশ্চাৎ অংশ বৃহদান্ত্ৰত প্ৰবেশ কৰে।
বৃহদান্ত্ৰত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ বেৰৰ ভিলাইবোৰে খাদ্যংশৰ পৰা অতিৰিক্ত পানীভাগ শোষণ কৰি লয়। ইয়াৰ পাছত শোষণ নোহোৱাকৈ ৰৈ যোৱা পদার্থখিনি পায়ুয়েদি দেহৰ পৰা মল (focal matter) হিচাপে নিষ্কাশিত হয়।
Q. দাঁত কি কাৰণত ক্ষয় হয়?
উত্তৰ :- যেতিয়া খাদ্যৰ কণাবোৰ দাঁতত লাগি ধৰে বেক্টেৰিয়াই দাঁতত লাগি ধৰা খাদ্যৰ চেনিভাগৰ ওপৰত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে আৰু এছিড উৎপন্ন কৰে যিয়ে দাঁতবোৰক নৰম আৰু লৱণমুক্ত কৰে, ফলত দাঁতৰ ক্ষয় হ’বলৈ ধৰে।
Q. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্যসমূহৰ কেনেদৰে পাচন হয়? 2
Q. উদ্ভিদ দেহত খাদ্য কেনেদৰে পৰিবাহিত হয় বুজাই লিখা।
Q. মাংসভোজী প্রাণীতকৈ তৃণভোজী প্ৰাণীৰ বেছি দীঘল ক্ষুদ্রান্ত্র থাকে কিয়?
উত্তৰ :- তৃণভোজী প্ৰাণীবোৰে ঘাঁহ খোৱাৰ বিপৰীতে মাংসভোজী প্রাণীসমূহে মাংস ভক্ষণ কৰে। মাংসৰ পাচনতকৈ ঘাঁহ জাতীয় উদ্ভিদত থকা চেলুল’জৰ পাচনৰ বাবে এটা দীঘল ক্ষুদ্রান্ত্ৰৰ প্ৰয়োজন যিহেতু চেলুল’জৰ পাচনৰ বাবে বেছি সময়ৰ প্রয়োজন হয়। সেয়েহে, মাংসভোজী প্রাণীতকৈ তৃণভোজী প্ৰাণীৰ বেছি দীঘল ক্ষুদ্রান্ত্র থাকে ।
Q. স্থলচৰ প্ৰাণীতকৈ জলচৰ প্ৰাণীৰ উশাহৰ হাৰ তীব্র হয় কিয়?
উত্তৰ :- জলচৰ প্ৰাণীয়ে পানীত মিহলি হৈ থকা অক্সিজেনহে আহৰণ কৰিব পাৰে তাৰ বিপৰীতে স্থলচৰ প্ৰাণীসমূহে মুক্ত বায়ুৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে। তদুপৰি পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম। এই বাবেই স্থলচৰ প্ৰাণীতকৈ জলচৰ প্ৰাণীৰ উশাহৰ হাৰ তীব্র হয় যাতে সিহঁতে নিজৰ অক্সিজেনৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।
Q. সিৰা আৰু ধমনীৰ পাৰ্থক্যবোৰ লিখা। লসিকা কিহেৰে গঠিত?
উত্তৰ :-

লসিকা কেৱল প্লাজমা আৰু শ্বেত ৰক্তকণিকাৰে গঠিত।
লসিকাৰ কাৰ্য :- পাচিত আৰু শোষিত চৰ্বী অংশক অন্ত্ৰৰ পৰা কঢ়িয়াই নিয়ে আৰু অন্তঃকোষীয় স্থানৰ পৰা অতিৰিক্ত তৰল পদার্থভাগ তেজলৈ উভতাই আনে।
Q. উদ্ভিদ দেহত পানী আৰু খনিজ লবণ কেনেদৰে পৰিবহণ হয়?
Q. মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা। মূত্র উৎপাদন আৰু বৰ্জন প্রক্রিয়াৰ বিষয়ে লিখা। [2018]
Q. জৈৱ অনুঘটক কাক বোলে? ইহঁতক কি বুলি জনা যায়?
উত্তৰ :-
Q. পাচনত লালটিৰ ভূমিকা কি? প্র’টিন বিশ্লেষী যিকোনো দুটা উৎসেচকৰ নাম লিখা।
উত্তৰ :- লালটিত থকা উৎসেচক বিধ হ’ল লালটি এমাইলেজ। ইয়াৰ সহায়ত মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তিত হয়
প্র’টিন বিশ্লেষী যিকোনো দুটা উৎসেচকৰ নাম হ’ল – পেপচিন আৰু ট্ৰিপচিন।
Q. পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰ :- জটিল আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা।
Q. আমাৰ শৰীৰত পাচক উৎসেচকৰ কাম কি?
উত্তৰ :- জটিল আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা।
Q. উৎসেচক কি? মানুহৰ লালটিত থকা উৎসেচকটোৰ নাম লিখা।
উত্তৰ :-
Q. পাকস্থলিত থকা পাচক ৰসবোৰ কি কি? প্ৰত্যেকবিধৰ এটাকৈ কাৰ্য্য লিখা।
উত্তৰ :-
Q. ‘শ্বসন’ কাক বোলে? কোষে এ.টি.পি. কিয় ব্যৱহাৰ কৰে?
উত্তৰ :- জীৱই বহিঃপৰিবেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰোপযোগী কৰি তোলে। ইয়াকে আমি শ্বসন (respiration) বুলি কওঁ।
কোষৰ এণ্ড’থাৰ্মিক বিক্রিয়া সংঘটিত কৰাৰ বাবে এ টি পি অণু ব্যৱহাৰ কৰে।
Q. প্ৰাণীৰ শ্বাসঅংগ সমূহৰ নাম লিখা।
উত্তৰ :-
Q. অণুচক্ৰিকা ৰ কাম কি?
উত্তৰ :-
Q. ৰক্তজালিকা কি?
উত্তৰ :- কোনো এটা অংগত নতুবা কলাত সোমাই পৰাৰ পাছত ধমনীসমূহ ভাগ হৈ সৰু সৰু নলীকা সৃষ্টি কৰি প্ৰতিটো কোষক স্পৰ্শ কৰে। সৰু ৰক্ত নলীকাবোৰ এককোষী আৰু আৱৰণযুক্ত হয় আৰু ইয়াক ৰক্তজালিকা (blood capillaries) বোলে।
বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় 1 : ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় 4 : কাৰ্বন আৰু তাৰ যৌগ
অধ্যায় 5 : মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় 7 : নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় 8 : জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় 9 : বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় 10 : পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী