| | |

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? অধ্যায়-2 | বিজ্ঞান – নৱম শ্ৰেণী

ইয়াত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? (Is Matter Around Us Pure?) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।

প্ৰশ্নাৱলী, Page No – 15

1.পদার্থ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ বস্তুই ঠাই আগুৰে আৰু নিৰ্দিষ্ট ভৰ থাকে তাকে পদাৰ্থ বুলি কোৱা হয়। পদাৰ্থক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি।
১) বিশুদ্ধ পদাৰ্থ: ইয়াত একে প্ৰকাৰৰ উপাদান থাকে, যিবোৰৰ ৰাসায়নিক গুণ একে।
২) মিশ্ৰণ: মিশ্ৰণ দুই বা ততোধিক উপাদানৰে গঠিত।

2.সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।

উত্তৰঃ

সমসত্ব মিশ্ৰণঅসমসত্ব মিশ্ৰণ
সমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম।অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুক্তি সুষম নহয়।
সমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নাথাকে।অসমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে।
সমসত্ব মিশ্ৰণৰ উদাহৰণ হ’ল পানী আৰু চেনীৰ মিশ্রণ।অসমসত্ব মিশ্ৰণৰ উদাহৰণ হ’ল পানীআৰু তেলৰ মিশ্রণ।

প্ৰশ্নাৱলী, Page No – 18

1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা।

উত্তৰঃ

সমসত্ব মিশ্ৰণঅসমসত্ব মিশ্ৰণ
সমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুতি সুষম।অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংযুক্তি সুষম নহয়।
সমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা নাথাকে।অসমসত্ব মিশ্ৰণত বিভিন্ন উপাদানসমূহৰ মাজত পৃথকীকৰণৰ দৃশ্যমান সীমা থাকে।
সমসত্ব মিশ্ৰণৰ উদাহৰণ হ’ল পানী আৰু চেনীৰ মিশ্রণ।অসমসত্ব মিশ্ৰণৰ উদাহৰণ হ’ল পানীআৰু তেলৰ মিশ্রণ।

2.কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বণৰ মাজত প্ৰভেদবোৰ কি কি ?

উত্তৰঃ

কলয়ডদ্ৰৱণপ্ৰলম্বণ
অসমসত্ব মিশ্ৰণসমসত্ব মিশ্ৰণঅসমসত্ব মিশ্ৰণ
ঈষৎ স্বচ্ছ বা অস্বচ্ছস্বচ্ছঅস্বচ্ছ
টিল্ডেল প্রভাৱ দেখুৱায়টিল্ডেল প্রভাৱ নেদেখুৱায়টিল্ডেল প্রভাৱ দেখুৱায়
কলয়ডীয় দ্ৰৱ সুস্থিৰদ্ৰৱণবোৰ সুস্হিৰপ্ৰলম্বন দ্ৰৱণ অস্হিৰ

3.293k উষ্ণতাত 100ml পানীত 36g ছ’ডিয়াম ক্ল’ৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ’লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।

উত্তৰঃ ইয়াত, দ্ৰাৱ্য ছ’ডিয়াম ক্ল’ৰাইড

(Nacl) ৰ ভৰ = 36g

দ্ৰাৱক (H2O)ৰ ভৰ = 100g

দ্ৰৱৰ ভৰ= দ্ৰাৱ্যৰ ভৰ + দ্ৰাৱকৰ ভৰ = 36g+100g =136g

দ্ৰৱটোৰ গাঢ়তা = দ্ৰাৱ্যৰ ভৰ/দ্ৰাৱকৰভৰ × 100g = 36/136x 100 = 26.47 %

প্ৰশ্নাৱলী, Page No – 24

1.কেৰাচিন আৰু প্ৰেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ প্ৰাৰ্থক্য 25°C তকৈ বেছি ) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা?

উত্তৰঃ যিহেতু কেৰাচিন আৰু প্ৰেট্ৰ’লৰ উতলাংকৰ প্ৰাৰ্থক্য 25°C তকৈ বেছি সেয়ে মিশ্ৰণৰ পৰা সিহঁতক সৰল পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি।কেৰাচিন আৰু প্ৰেট্ৰ’লৰ মিশ্ৰণটোৰ পাতন ফ্লাস্কত লৈ ইয়াৰ লগত এটা থাৰ্ম’মিটাৰ সংলগ্ন কৰা হয়। এটা বাৰ্ণাৰেৰে মিশ্ৰণটোত লাহে লাহে তাপ প্ৰয়োগ কৰি থার্মমিটাৰৰ পাৰাস্তম্ভৰ ওপৰত নজৰ ৰখা হয়।কেৰাচিন বাষ্পীভূত হৈ শীতক যন্ত্ৰৰ মাজেদি পাৰহৈ যাওঁতে ঘনীভূত হব আৰু গ্ৰাহক পাত্ৰত জমা হব। পাতন ফ্লাস্কত পেট্ৰ’ল ৰৈ যাব।

2.তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰে নাম লিখা।

(i) দৈৰ পৰা মাখন ( butter)

উত্তৰঃ অপকেন্দ্রিক পদ্ধতি।

(ii)সাগৰৰ পানীৰ পৰা নিমখ

উত্তৰঃ বাষ্পীভৱন পদ্ধতি ।

(iii)নিমখৰ পৰা কৰ্পূৰ

উত্তৰঃ উর্ধপাতন পদ্ধতি।

প্ৰশ্নাৱলী, Page No – 24

1.তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিকপৰিৱৰ্তন?

  • গছ কটা।
  • কেৰাহি এখনত মাখন গলি যোৱা ।
  • আলমাৰিত মামৰ ধৰা ৷
  • পানী উতলাই জলীয় ভাপ কৰা ।
  • পানীৰ মাজেদি বিদ্যুত প্ৰবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ।
  • পানীত নিমখ দ্ৰৱীভূত কৰা ।
  • কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা ।
  • কাগজ আৰু কাঠ পুৰিলে ।

উত্তৰঃ

ভৌতিক পৰিৱৰ্তনঃ গছ কটা, কেৰাহি এখনত মাখন গলি যোৱা,পানী উতলাই জলীয় ভাপ কৰা,পানীত নিমখ দ্ৰৱীভূত কৰা, কেঁচা ফলৰ পৰা চালাড প্রস্তুত কৰা।

ৰাসায়নিক পৰিৱৰ্তনঃ আলমাৰিত মামৰ ধৰা, পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা, কাগজ আৰু কাঠ পুৰিলে ।

2.তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।

উত্তৰঃ বিশুদ্ধ পদার্থঃ পানী, চেনি, ছ’ডিয়াম ক্ল’ৰাইড, লো, ৰুপ, সোণ, কৰ্পূৰ ইত্যাদি।

মিশ্রণঃ মাটি, খনিজ পদার্থ, মৃদু পানীয়, কাগজ, লৱণৰ দ্ৰৱ, চেনিৰ দ্ৰৱ, গাখীৰ, পেট্ৰ’লিয়াম, চাহ, কফি, কাপোৰ, শাক-পাচলি ইত্যাদি।

অনুশীলনীঃ

1.তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা?

(a) নিমখ পানীৰ দ্রৱণৰ পৰা ছড়িয়াম ক্লৰাইড ।

উত্তৰঃ বাষ্পীভৱন পদ্ধতি ।

(b)ছডিয়াম ক্লৰাইড আৰু এম’নিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এম’নিয়াম ক্লৰাইড।

উত্তৰঃ উর্ধপাতন পদ্ধতি ।

(c) গাড়ীৰ ইঞ্জিন – তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা ।

উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি ।

(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ ৷

উত্তৰঃ বর্ণলেখন পদ্ধতি

(e) দৈ পৰা মাখন।

উত্তৰঃ অপকেন্দ্ৰিক পদ্ধতি।

(f) পানীৰ পৰা তেল ।

উত্তৰঃ পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি

g) চাহৰ পৰা চাহপাত ।

উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি।

h) বালিৰ পৰা লোৰ পিন ।

উত্তৰঃ চুম্বকীয় পৃথকীকৰণ।

(i) চোকোৰাৰ পৰা গমৰ গুটি ।

উত্তৰঃ জৰা প্ৰক্ৰিয়াৰ দ্বাৰা।

(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ ৷

উত্তৰঃ আশ্ৰাৱণ পদ্ধতি।

2) একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্রাব্য, দ্রবীভূত, দ্ৰৱনীয়, অদ্রবনীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।

উত্তৰঃ চাহ বনোৱা পদ্ধতি:

(i) দ্ৰাৱক পানী গৰম কৰা হয়।

(ii) দ্ৰাৱ্য চাহ আৰু চেনী গৰম কৰা দ্ৰাৱক পানীত দ্ৰৱীভূত কৰি দ্ৰৱন প্ৰস্তুত কৰা হয়।

iii) দ্ৰৱনটোত গাখীৰ যোগ কৰিলে বৰণ সলনি হ’ব আৰু গাখীৰৰ কলয়ডীয় দ্ৰৱন প্ৰস্তুত কৰা হয়।

(iv) গৰম অৱস্থাত মিশ্ৰটোত থকা চেনী দ্রবীভূত হয় আৰু চাহপাতৰ যৌগবোৰ পানীত দ্রবীভূত হয়।

(v) অৱশিষ্ট চাহপাত চেকী পেলাই দিয়া হয় আৰু পৰিশ্ৰুতখিনি চাহ হিচাপে কাপত লোৱা হয়।

3.প্রজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱনীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে। ফলাফলবোৰ তালিকাখনত 100g পানীত সংপৃক্ত দ্রৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্রাব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে।

(a) পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা কৰিবলৈ 313K উষ্ণতাত 50gm পানীত কিমান গ্রাম পটাছিয়াম নাইট্রেট লাগিব ?

উত্তৰঃ

313K উষ্ণতাত 100gm পানী সংপৃক্ত কৰিবলৈ KNO3 লাগে= 62gm

∴ 313K উষ্ণতাত 1gm পানী সংপৃক্ত কৰিবলৈ KNO3 লাগে = 62/100gm

313K ঊষ্ণতাত 50gm পানী সংপৃক্ত কৰিবলৈ KNO3 লাগে =62/100x 50gm=31gm

(b) 353K উষ্ণতাত প্ৰজ্ঞাই KCI ৰ সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতাত ঠাণ্ডা হবলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হলে তেওঁ কি দেখিব? ব্যাখ্যা কৰা।

উত্তৰঃ KCl ৰ সংম্পৃক্ত দ্রৱটো 353K উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’ব। তাত KCI ৰ স্ফটিক জমা হয়। উষ্ণতা কম হলে দ্ৰৱৰ দ্ৰৱনীয়তা কম হয়। 353K উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ অহাৰ বাবে স্ফটিক আকাৰত পাত্ৰৰ তলিত জমা হয়।

(c) প্ৰতিটো লৱণৰে দ্রৱনীয়তা 193 নিৰ্দ্ধাৰিত কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱনীয়তা আটাইতকৈ বেছি?

উত্তৰঃ

(i) 283K উষ্ণতাত KNO3 ৰ দ্ৰৱনীয়তা = 21

∴ 1K উষ্ণতাত KNO3 ৰ দ্রৱনীয়তা = 21/283

∴ 193K উষ্ণতাত KNO3 ৰ দ্ৰৱনীয়তা = 21×193/283= 14.3

(ii) 283K উষ্ণতাত NaCl ৰ দ্ৰৱনীয়তা = 36

∴ 1K উষ্ণতাত NaCl ৰ দ্ৰৱনীয়তা= 36/283

∴ 193K উষ্ণতাত NaCl ৰ দ্ৰৱনীয়তা= 36/283 x 193 = 24.6

(iii) 283K উষ্ণতাত KCI ৰ দ্ৰৱনীয়তা= 35

∴ 1K উষ্ণতাত KCI ৰ দ্ৰৱনীয়তা=35/283

∴ 193K উষ্ণতাত KCI ৰ দ্ৰৱনীয়তা= 35/283x 193 = 23.6

(iv) 283K উষ্ণতাত NH4CI ৰ দ্ৰৱনীয়তা = 24

∴ 1K উষ্ণতাত NH4CI ৰ দ্ৰৱনীয়তা=24/283

∴ 193K উষ্ণতাত NH4CI ৰ দ্ৰৱনীয়তা= 24/283 x 193 = 16.4

(d) লৱণৰ দ্ৰৱনীয়তাত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা।

উত্তৰঃ দ্ৰৱনীয়তা উষ্ণতা বাঢ়িলে বৃদ্ধি হয়। কাৰণ উষ্ণতা বৃদ্ধি হলে দ্ৰাৱকত কণিকাবোৰৰ মাজৰ দূৰত্ব বৃদ্ধি হয়। ফলত কণিকাবোৰৰ মাজৰ খালী ঠাইত বেছি পৰিমাণৰ দ্ৰাব্যৰ কণিকা প্ৰৱেশ কৰিব পাৰে। সেইবাবে উষ্ণতা বৃদ্ধি হলে দ্ৰৱ এটা দ্ৰাব্যৰ দ্ৰৱনীয়তা বাঢ়ে।

4.উদাহৰণ দি ব্যাখ্যা কৰা ।

(a) সংপৃক্ত দ্ৰৱ ।

উত্তৰঃ দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাৱ্যহে দ্ৰৱীভূত হয়। তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বোলা হয়।উদাহৰণ স্বৰূপে, বিকাৰ এটাত পানী আৰু নিমখৰ দ্ৰৱ প্ৰস্তুত কৰি নিমখৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিলে এসময়ত আৰু নিমখ দ্ৰৱীভূত নহ’ব। সেই অৱস্থাত তাক সংপৃক্ত দ্ৰৱ বোলা হয়।

(b) বিশুদ্ধ পদার্থ ।

উত্তৰঃ যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত, তাকেই “বিশুদ্ধ পদাৰ্থ” বুলি কোৱা হয়। কোনো ভৌতিক প্ৰক্ৰিয়াৰে এবিধ বিশুদ্ধ পদাৰ্থক অন্য পদাৰ্থলৈ পৃথক কৰিব নোৱাৰি। উদাহৰণ স্বৰূপে, Nacl.

(c) কলয়ড

উত্তৰঃ যিবোৰ অসমসত্ত্ব দ্ৰৱৰ কণিকা খালী চকুৰে দেখা পোৱা নাযায় কিন্তু পোহৰৰ ৰশ্মি যাব দিলে দেখা পোৱা যায় সেইবোৰ দ্ৰৱক কলয়ড বোলে। কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে। যেনে— গাখীৰ পানী, চিয়াহী আদি।

(d) প্রলম্বন

উত্তৰঃ যিবোৰ অসমসত্ব দ্ৰবত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় আৰু কণিকাবোৰ চেকী পৃথক কৰিব পাৰি তাক প্ৰলম্বন বোলা হয়।। যেনে-বোকা আৰু পানীৰ মিশ্রণ।

অতিৰিক্ত প্ৰশ্নাৱলীঃ

প্ৰশ্নঃ প্ৰলম্বণ কি? ইয়াৰ ধৰ্ম লিখা।

উত্তৰঃ প্রলম্বন এটা অসমসত্ব মিশ্ৰণ য’ত দ্ৰাৱ্য পদার্থ দ্ৰাৱকত দ্ৰৱীভূত হোৱাৰ পৰিবৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমটোতে ওপঙি বা প্রলম্বিত (Suspended) হৈ থাকে।

প্ৰলম্বনৰ ধৰ্ম

  • প্রলম্বন এবিধ অসমসত্ব মিশ্রণ।
  • প্রলম্বিত কণিকাবোৰ খালি চকুৰে দেখি।
  • প্রলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ (scatter) ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্যমান কৰি তোলে।
  • নোজোকাৰাকৈ থৈ দিলে প্রলম্বন এটাৰ কণিকাবোৰ তলিত জমা হয়গৈ অর্থাৎ প্রলম্বন দ্ৰৱণ অস্থিৰ। প্রলম্বিত কণিকাবোৰ পৰিস্ৰাৱন প্ৰণালীৰে পৃথক কৰিব পাৰি। কণিকাবোৰ তলিত পৰি থাকোতে ই প্রলম্বন হৈ নাথাকে আৰু ই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ নঘটায়।

প্ৰশ্নঃ টিণ্ডেল ক্ৰিয়া (Tyndall effect) বুলিলে কি বুজা? উদাহৰণ দিয়া।

উত্তৰঃ কলয়ডীয় কণিকাবোৰ আকাৰত সৰু হোৱা কাৰণে সিহঁতক খালি চকুৰে নেদেখি। কিন্তু সিহঁতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। পোহৰ ৰশ্মিৰ এনেধৰণৰ হোৱা বিচ্ছুৰ্ণক টিণ্ডেল ক্রিয়া (Tyndall effect) বোলা হয়। উদাহৰণঃ গাখীৰ পানীৰ মিশ্ৰণত টিণ্ডেল প্রভাৱ দেখি।

প্ৰশ্নঃ ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ

ধাতুঅধাতু
ধাতুবোৰৰ দ্যুতি বা চিক্‌ মিকনি (lustre) আছে।অধাতুবোৰৰ দ্যুতি নাই।
ধাতুবোৰৰ ৰং ৰূপালী, বগা, ধুসৰ বা সোণালী হালধীয়া।অধাতুবোৰে বিভিন্ন ৰং দেখুৱায়।
ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।অধাতুবোৰে তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয় বা দুৰ্বল পৰিবাহী।
ধাতুবোৰৰ নমনীয়তা গুণ (ductile) আছে।অধাতুবোৰৰ নমনীয়তা গুণ নাই।
ধাতুবোৰ ঘাত সহনশীল (malleable)।অধাতুবোৰৰ ঘাত-সহনশীলতা গুণ নাই।
ধাতুবোৰক কোবালে সুনাদী শব্দ কৰে।অধাতুবোৰক কোবালে সুনাদী শব্দ নকৰে।

প্ৰশ্নঃ ধাতুকল্প কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজতে; এইবোৰক ধাতুকল্প বোলো উদাহৰণ ব’ৰণ, চিলিকন, জাৰমেনিয়াম ইত্যাদি।

প্ৰশ্নঃ মিশ্রণ আৰু যৌগৰ পাৰ্থক্য লিখা।

উত্তৰঃ

মিশ্রণযৌগ
মৌল বা যৌগবোৰ মাত্ৰ মিহলিহে হয়; কোনো নতুন পদার্থ (যৌগ) উৎপন্ন নহয়।মৌলবোৰে বিক্ৰিয়া কৰি নতুন পদার্থ উৎপন্ন কৰে।
উপাদানবোৰৰ সংযুতি ভিন ভিন হব পাৰে।প্ৰতিটো নতুন পদাৰ্থৰ উপাদানবোৰৰ সংযুতি সদায় নির্দিষ্ট।
মিশ্রণে উপাদানৰ ধৰ্মকে দেখুৱায়।নতুন পদাৰ্থৰ ধৰ্ম সম্পূৰ্ণ বেলেগ।
উপাদানবোৰ ভৌতিক পদ্ধতিৰে এটাক আনটোৰ পৰা সহজে পৃথক কৰিব পাৰি।উপাদানবোৰ ৰাসায়নিক বা বিদ্যুত ৰাসায়নিক পদ্ধতিৰ দ্বাৰাহে পৃথক কৰিব পাৰি।

বিজ্ঞান – নৱম শ্ৰেণী

অধ্যায় – 1 : আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

অধ্যায় – 4 : পৰমাণুৰ গঠন

অধ্যায় – 5 : জীৱৰ মৌলিক একক

অধ্যায় – 8 : গতি

অধ্যায় – 10 : মহাকৰ্ষণ

অধ্যায় – 11 : কাৰ্য আৰু শক্তি

অধ্যায় – 12 : শব্দ

অধ্যায় – 14 : প্ৰাকৃতিক সম্পদ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *