human-eye-and-colourful-world-seba-notes-for-class-10-science-in-assamese
| |

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী | দশম শ্ৰেণী | সাধাৰণ বিজ্ঞান | অধ্যায় – 11

ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।

প্ৰশ্নাৱলী, Page No- 190       

1. চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰ:- চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য পৰিবৰ্তন কৰিব পৰা সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে৷

2.  মায়’পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়৷ যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰ :- মায়’পিয়াগ্ৰস্ত চকু থকা মানুহজনৰ যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰিব লাগিব ৷

3. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ–বিন্দু আৰু নিকটবিন্দু কি?

উত্তৰ :- চকুৰে স্পষ্টকৈ দেখা আতাইতকৈ দূৰৰ বিন্দুটোক দূৰ-বিন্দু বোলে৷ স্বাভাৱিক দৃষ্টিৰ মানুহৰ বাবে দূৰ-বিন্দু অসীমত থাকে৷

চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ দেখা পোৱা যায় তাক চকুৰ নিকট বিন্দু বুলি কোৱা হয়৷ স্বাভাৱিক দৃষ্টিৰ মানুহৰ বাবে নিকট বিন্দু চকুৰ পৰা প্ৰায় 25 cm ।

4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়৷ ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি ?

উত্তৰ- ল’ৰাজনে ভোগা বিকাৰটো মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা ৷

উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰি মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা সংশোধন কৰিব পাৰি৷

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

অনুশীলনী

1. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল-

(a) প্ৰেছবায়’পিয়া

(b) উপযোজন ক্ষমতা

(c) নিকট দৃষ্টিগ্রস্ততা

(d) দূৰ দৃষ্টিগ্ৰস্ততা

উত্তৰ :- (b) উপযোজন ক্ষমতা ।

2. মানুহৰ চকুৱে বস্তু এটাৰ প্রতিবিম্ব গঠন কৰাৰ স্থান

(a) কর্ণিয়া (Cornea)

(b) চকুৰ পতা (Iris )

(c) চকুৰ মণি (Pupil)

(d) অক্ষিপট (Retina)

উত্তৰ :- (d) অক্ষিপট (Retina)

3. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব –

(a) 25 m

(b) 2.5 cm

(c) 25 cm

(d) 2.5 m

উত্তৰ :- (c) 25 cm

4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয়?

(a) চকুৰ মণি

(b) অক্ষিপট

(c) চিলিয়াৰী

(d) চকুৰ পতা

উত্তৰ :- (c) চিলিয়াৰী

5. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্ছৰ আৱশ্যক৷ তেঁওৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্ছৰ ক্ষমতা -1.5 ডায়প্টাৰ হ’লে (i) দূৰ দৃষ্টিগ্ৰস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য কিমান?

উত্তৰ :-

(i) দূৰ দৃষ্টিগ্ৰস্ততা :

দিয়া আছে,

লেন্‌ছৰ ক্ষমতা, P = – 5.5 D

লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য, f = ?

আমি জানো যে,

P = 1/f

⇒f = 1/P

⇒ f = – 1/55

⇒ f = – 0.18 m

∴ দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য হ’ল – 0.18 m ।

(ii) নিকট দৃষ্টিগ্ৰস্ততা :

দিয়া আছে,

লেন্‌ছৰ ক্ষমতা, P = – 1.5 D

লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য, f = ?

আমি জানো যে,

P = 1/f

⇒f = 1/P

⇒ f = – 1/1.5

⇒ f = – 0.67 m

∴ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য হ’ল – 0.67 m ।

6. নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত ৷ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান ?

উত্তৰ :-

নিকট দৃষ্টিগ্ৰস্ত মানুহজনৰ বিকাৰৰ সংশোধনৰ বাবে উপযুক্ত ক্ষমতাৰ অৱতল লেনছৰ প্রযোজন হ’ব।

অৱতল লেনদুখনৰ ক্ষমতা তলত নির্ণয় কৰা হল –

ইয়াত,

লক্ষ্য বস্তুৰ দূৰত্ব, u =  ∞

প্ৰতিবিম্বৰ দূৰত্ব, v = – 80 cm

ফ’কাছ দৈর্ঘ্য = f

লেনখনৰ ক্ষমভা, P = ?

লেনছৰ সূত্ৰ ব্যৱহাৰ কৰি,

1/v – 1/u = 1/f

⇒ – 1/80 – 1/ ∞ = 1/f

⇒ – 1/80 – 0 = 1/f

⇒ 1/f = – 1/80

⇒ f = -80 cm

⇒ f = – 80/100 m

⇒ f = – 0.8 m

আমি জানো যে,

P = 1/f

⇒ P = – 1/0.8

⇒ P = – 10/8

⇒ P = – 1.25 D

∴ মানুহজনৰ বাবে -1.25D ক্ষমতাৰ অৱতল লেনছ এখনৰ প্ৰয়োজন হ’ব।

[ ক্ষমতা ঋণাত্মক, এতেকে লেনচখন অৱতল হ’ব ]

7. দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা৷ দূৰ দৃষ্টিগ্ৰস্তত চকু এটাৰ বাবে নিকট বিন্দু 1m৷ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm ।

উত্তৰ :-

চিত্ৰ – দূৰদৃষ্টিগ্ৰস্ত চকু

চিত্ৰ – দৃষ্টিগ্রস্ততাৰ সংশোধন

দ্বিতীয় অংশ :

স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু = 25 cm    

এতেকে লক্ষ্য়বস্তুৰ দূৰত্ব, u= -25 cm

আকৌ, যিহেতু দূৰদৃষ্টিগ্রস্ত চকুটোৰ  বাবে নিকট বিন্দু 1 m, 

এতেকে প্ৰতিবিম্বৰ দূৰত্ব, V= -1 m= -100 cm

লেনচৰ সূত্ৰ ব্য়ৱহাৰ কৰি,

1/v – 1/u = 1/f

⇒ -1/100 – (1/-25) = 1/f

⇒ 1/f = 1/25- 1/100

⇒ 1/f = (4-1)/100

⇒ f = 100/3 = 33.3 cm= 0.33m

এতেকে, ক্ষমতা, P = 1/f

⇒ P = 1/0.33 = +3.0 D

এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা উত্তল লেন্‌ছৰ ক্ষমতা +3 D

8. সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?

উত্তৰ :- চিলিয়াৰি পেশীএ চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন ঘটায়৷ ওচৰৰ বস্তু চাবলৈ চিলিয়াৰি পেশীয়ে চকুৰ লেনছৰ বক্ৰতা বঢ়োৱা ফলত চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য কমে৷ কিন্তু চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি সেয়েহে সাধাৰণ চকুৱে এটা 25cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায়৷

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়?

উত্তৰ :- চকুৰ ভিতৰত সদায়ে প্ৰতিবিম্বৰ গঠন অক্ষিপটত হয়৷ চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলেও চকুৰ ভিতৰত প্ৰতিবিম্ব গঠন অক্ষিপটতে হ’ব৷ অক্ষিপটত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্য বস্তুৰ দূৰত্ব সাপেক্ষে ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন ঘটে৷

10. তৰাই তিৰ্ বিৰাই কিয় ?

উত্তৰ :- তৰাৰ তিৰ্ বিৰণি তৰাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়৷ যিহেতু তৰাবোৰ অতি দূৰত থাকে গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি৷ বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰনাংক ক্ৰমান্বয়ে সলনি হৈ থাকে বাবে তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিবৰ্তন হৈ থাকে৷ ফলত তৰাৰ আপাত অৱস্হানৰ পৰিবৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়৷ তৰাটো কেতিয়াবা উজ্বল আৰু কেতিয়াবা ম্লান যেন লাগে৷ এইটোৱে হৈছে তৰাৰ তিৰ্বিৰণি৷

11. গ্ৰহই তিৰ্ বিৰাই নাথাকে কিয় ?

উত্তৰ :- গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্হিত আৰু সেইবাবে সিহঁতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি৷ যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰোঁ তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিবৰ্তনৰ গড় মান শূণ্য হ’ব আৰু ইয়েই তিৰ্বিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে৷

12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ?

উত্তৰ :- ৰাতিপুৱা সূৰ্যটো দিগন্তৰ ওচৰত থাকে৷ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে৷ এই দূৰত্ব অতিক্ৰম কৰা সময়ত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংগবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়৷ সেইবাবে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ৷ ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে৷

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?

উত্তৰ :- মহাকাশত বায়ুমণ্ডল নাথাকে ৷ মহাকাশত বায়ুমণ্ডল নথকা বাবে পোহৰৰ বিক্ষেপন নঘটে ৷ সেয়েহে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে ৷

অতিৰিক্ত প্ৰশ্নোত্তৰ

Q. অক্ষিগোলকৰ ব্যাস কিমান ?

Ans :- প্রায় 2.3 ছেঃমিঃ।

Q. মানৱ চকুৰ কোনটো অংশই চকুৰ ৰং নিৰ্ধাৰণ কৰে?

Ans :- চকুৰ পতা বা নেত্ৰকপাটে।

Q. কি স্নায়ুৱে অক্ষিপটৰ পোহৰ সংবেদী কোষবোৰৰ মগজুৰ সৈতে সংযোগ স্থাপন কৰে ?

Ans :- নেত্ৰ-স্নায়ু।

Q. চকুৰ অক্ষিপটত গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি কি ধৰণৰ হয়?

Ans :- সৎ আৰু ওলোটা।

Q. মানৱ চকুৰ কোনটো অংশই চকুৰ লেন্‌হৰ ফ’কাছ দৈৰ্ঘ্য পৰিবৰ্তনত সহায় কৰে?

Ans:- চিলিয়াৰী পেশীয়ে।

Q. কোনে প্ৰথমবাৰৰ বাবে সূৰ্যৰ পোহৰৰ পৰা বৰ্ণালী লাভ কৰিবলৈ কাঁচৰ প্রিজম ব্যৱহাৰ কৰিছিল ? 

Ans :- চাৰ আইজাক নিউটনে।

Q. অগ্রিম সূর্যোদয় আৰু পলম সূৰ্যাস্তৰ বাবে দায়বদ্ধ পৰিঘটনাটোৰ নাম লিখা।

Ans :- বায়ুমণ্ডলীয় প্ৰতিসৰণ।

Q. প্ৰকৃত সূর্যোদয়ৰ আগেয়ে আৰু সূৰ্যাস্তৰ পিছত কিমান সময় সূৰ্যটো আমাৰ বাবে দৃশ্যমান হৈ থাকে ?

Ans :- প্রায় 2 মিনিট।

Q. সূর্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাত ভাৱে চেপেটা দেখাৰ বাবে দায়বদ্ধ পৰিঘটনাটো কি ?

Ans :- বায়ুমণ্ডলীয় প্ৰতিসৰণ।

Q. পোহৰৰ গতিপথ দৃশ্যমান কৰি তোলাৰ বাবে দায়বদ্ধ পৰিঘটনাটো কি? 

Ans :- টিণ্ডেল পৰিঘটনা ।

Q. কোনটো ৰঙৰ তৰংগ দৈর্ঘ্য আটাইতকৈ বেছি?

Ans :- ৰঙা।

Q. মানুহৰ চকু এটাৰ চিহ্নিত চিত্র আঁকা আৰু ইয়াৰ বিভিন্ন অংশৰ কাম উল্লেখ কৰা ।

Ans :-

চিত্ৰ : মানৱ চকু

চকুৰ বিভিন্ন অংশ আৰু ইয়াৰ কামসমূহ হ’ল :-

(i) কর্ণিয়া :- কর্ণিয়া হ’ল এখন পাতল ছাল যাৰ মাজেৰে চকুত পোহৰ প্ৰৱেশ কৰে। ই অক্ষিগোলকৰ সন্মুখ পৃষ্ঠত উফন্দি উঠা স্বচ্ছ অংশ এটাৰ সৃষ্টি কৰে। চকুত সোমোৱা পোহৰৰ ৰশ্মিৰ অধিকাংশ প্ৰতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠত ঘটে।

(ii) অক্ষিগোলক :- অক্ষিগোলকটো মোটামুটিভাৱে গোলাকাৰ অংশ এটা ইয়াৰ ব্যাস প্ৰায় 2.3 ছেঃমিঃ।

(iii) স্ফটিক মণ্ডিত লেন্‌ছ/চকুৰ লেন্‌ছ :- স্ফটিক মণ্ডিত লেন্‌ছ বা চকুৰ লেন্‌ছ হ’ল চকুৰ পতা বা নেত্ৰকপাটৰ পিছফালে থকা আঁহযুক্ত জেলী সদৃশ পদাৰ্থৰে গঠিত এখন উত্তল লেন্‌ছ যিয়ে বিভিন্ন দূৰত্বত থকা বস্তুবোৰক অক্ষিপটত ফ’কাছ কৰিবলৈ ফ’কাছ দৈৰ্ঘ্যৰ সালসলনি ঘটায় ৷

(iv) চকুৰ পতা বা নেত্ৰকপাট :- স্বচ্ছমণ্ডলৰ পিছফালে থকা এখন ক’লা পেশীযুক্ত পর্দা। ই চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে।

(v) চকুৰ মণি :- চকুৰ মণি হ’ল চকুৰ পতা বা নেত্ৰকপাটৰ মধ্যাংশত থকা সৰু ফুটা। ই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে ।

(vi) চিলিয়াৰী পেশী :- চিলিয়াৰী পেশীয়ে চকুৰ লেন্‌ছক উপযুক্ত অৱস্থানত ধৰি ৰাখে আৰু চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায় ।

(vii) নেত্ৰ ৰস :- কর্ণিয়া আৰু চকুৰ লেন্‌ছৰ মাজৰ খালী ঠাইখিনি পূৰাই থকা তৰল পদাৰ্থ ।

(viii) অক্ষিপট :- চকুত থকা এখন পোহৰ সংবেদী কোমল পর্দা, যিখন অসংখ্য পোহৰ সংবেদী কোষেৰে গঠিত । ইয়াত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন হয় ।

(ix) নেত্রমেদ :- অক্ষিপট আৰু চকুৰ লেন্‌ছ মাজৰ খালী ঠাইখিনি পূৰাই থকা তৰল পদাৰ্থ ।

(x) নেত্র-স্নায়ু :- নেত্র-স্নায়ুয়ে মগজুলৈ বৈদ্যুতিক সংকেত প্ৰেৰণ কৰে ।

Q. নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকণ কৰা ।

Ans :-

চিত্ৰ : নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধন

Q. মানুহৰ চকুৰ লেন্‌ছখনৰ প্ৰকৃতি কি? ই কেনেধৰণৰ প্ৰতিবিম্ব গঠন কৰে? মায়পিয়া বিকাৰৰ দুটা কাৰণ লিখা ।

Ans :- মানুহৰ চকুৰ লেন্‌ছখনৰ প্ৰকৃতি উত্তল ৷ ই সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে৷

মায়পিয়া বিকাৰৰ দুটা কাৰণ হ’ল –

(i) অক্ষিগোলকৰ দীঘলীয়া অৱস্থা ।
(ii) চকুৰ লেন্‌ছৰ অত্যধিক বক্রতা ।

Q. দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱর্তে দুটা চকুৰ প্ৰয়োজন কিয়?

Ans :-

দৃষ্টিৰ বাবে এটা চকুৰ পৰিৱৰ্তে আমাৰ দুটা চকুৰ প্ৰয়োজন কাৰণ :-

(i) এটা চকুৱে (মানুহৰ ক্ষেত্ৰত) প্ৰায় 150°ৰ অনুভূমিক দৃষ্টিক্ষেত্ৰহে প্ৰদান কৰে, কিন্তু দুটা চকুৱে প্ৰায় 180°ৰ বিস্তৃত অনুভূমিক দৃষ্টিক্ষেত্ৰ প্ৰদান কৰে ৷

(ii) এটা চকুৰে পৃথিৱীখন কেৱল দ্বিমাত্ৰিক ৰূপত দৃষ্টিগোচৰ হয়। আনহাতে দুয়োটা চকুৰে ত্রিমাত্রিক ৰূপত দৃষ্টিগোচৰ হয়।

Q. পোহৰৰ বিচ্ছুৰণ বুলিলে কি বুজা? 

Ans :- গ্লাছ প্রিজমৰ দৰে স্বচ্ছ মাধ্যমৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ সাতটা ভিন ভিন ৰঙৰ উপাংশলৈ বিভাজিত হোৱা পৰিঘটনাটোকে পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয়।

Q. পোহৰৰ বিক্ষেপণ বুলিলে কি বুজা।

Ans :- পোহৰৰ বিক্ষেপণ হৈছে এনে এক পৰিঘটনা য’ত কোনো কণিকাত আপতিত হোৱা পোহৰ বিভিন্ন দিশলৈ বিক্ষেপিত হয় ।

Q. বর্ণালী কাক বোলে? 

Ans :- যেতিয়া বগা পোহৰৰ কিৰণ এটা প্রিজমৰ মাজেৰে পাৰ হৈ যায়, ই বিভিন্ন ৰঙৰ ভিন ভিন উপাংশৰ পৰ্টিলৈ বিভাজিত হয়। ভিন ভিন ৰঙৰ পটিবোৰকে বৰ্ণালী বুলি কোৱা হয় ৷

Q. টিণ্ডেল পৰিঘটনা বুলিলে কি বুজা ? 

Ans :- কলয়ডীয় কণিকাৰ দ্বাৰা পোহৰৰ বিক্ষেপণ হোৱাৰ ফলস্বৰূপে পোহৰৰ গতিপথ দৃশ্যমান হৈ উঠা পৰিঘটনাটোকে টিণ্ডেল পৰিঘটনা বুলি জনা যায়।

Q. সাধাৰণতে মেঘৰ বৰণ বগা দেখা যায় কিয়? 

Ans :- মেঘত থকা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালবোৰৰ আকাৰ সকলো তৰংগদৈৰ্ঘ্যৰ পোহৰ সমানে বিক্ষিপ্ত কৰিব পৰাকৈ যথেষ্ট ডাঙৰ সেয়ে মেঘৰ বৰণ সাধাৰণতে বগা দেখা যায় । 

Q. ‘বিপদ’ সংকেত দিয়া পোহৰৰ ৰং ৰঙা হয় কিয়? 

Ans :- দৃশ্যমান পোহৰৰ অন্য ৰংবোৰৰ তুলনাত ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি, গতিকে কুঁৱলী বা ধোঁৱাৰ কণিকাবোৰৰ দ্বাৰা ই কমকৈ বিক্ষিপ্ত হয়, যাৰ ফলস্বৰূপে ৰঙা ৰঙৰ সংকেত বহু দূৰৰ পৰা একে ৰঙতে দেখা যায়৷ সেয়েহে ‘বিপদ’ সংকেত দিয়া পোহৰৰ ৰং ৰঙা হয় ।

Q. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ’কাছ দৈঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল—

i) presbyopia (প্ৰেছবায় ‘পিয়া)

ii) accomodation (উপযোজন ক্ষমতা)

ii) near-sightedness (নিকট দৃষ্টিগ্রস্ততা)

iv) far-sightedness (দূৰ দৃষ্টিগ্ৰস্ততা)

Ans :- ii) accomodation (উপযোজন ক্ষমতা)

Q. এজন ব্যক্তিয়ে লাহে লাহে ওচৰৰ বস্তুবোৰ নেদেখা হৈ আহিছে কাৰণ
তেওঁ ৰোগাক্ৰান্ত হৈছে—

i) মায়’পিয়া

ii) হাইপাৰমেট্ৰ’পিয়া

iii) Presbiopia / প্ৰেছবায়’পিয়া

iv) Hydrophobia / হাইড্ৰ’ফবিয়া

Ans :- i) মায়’পিয়া

Q. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নুন্যতম দূৰত্ব

i) 25 m
ii) 2.5m
iii) 25 cm
iv) 2.5m

Ans :- iii) 25 cm

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *