মহাকৰ্ষণ । Class 9 science lesson 10 seba notes নৱম শ্ৰেণী । বিজ্ঞান । অধ্যায় - 10
| |

মহাকৰ্ষণ । নৱম শ্ৰেণী । বিজ্ঞান । অধ্যায় – 10

অতিৰিক্ত প্ৰশ্ন

1. মহাকর্ষণ বল কাক বোলে?
উত্তৰ :- বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৱেই ইটোৱে সিটোক আকৰ্ষণ কৰে। বস্তুৰ মাজৰ এই আকর্ষণ বলকে মহাকর্ষণ বল বোলে।

2. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ :- মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে, এই আকৰ্ষনী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমাণুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ৷

3. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক G ৰ এচ আই (S. I.) একক – Nm2kg-2

4. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক Gৰ মান = 6.673 x 10-11Nm2kg-2

5. মুক্ত অধোগমন – কোনো বস্তু এটাই কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে বস্তুটোৰ গতিক মুক্ত অধোগমন বোলে ৷

6. মাধ্যাকর্ষণ :- পৃথিৱীৰ মহাকৰ্ষণিক বলক মাধ্যাকর্ষণ বোলে।

7. মাধ্যাকর্ষণিক ত্বৰণ – কোনো বস্তু এটা পৃথিৱীৰ দিশত তললৈ পৰিলে পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত এটা ত্বৰণ উৎপন্ন হয় সেই ত্বৰণক পৃথিৱীৰ মহাকৰ্ষণ বলৰ বাবে হোৱা ত্বৰণ বা মাধ্যাকর্ষণিক ত্বৰণ বোলে ৷

8. মাধ্যাকৰ্ষণিক ত্বৰণ gৰ এচ আই একক ms-2৷

9. মাধ্যাকৰ্ষণিক ত্বৰণ gৰ মান 9.8 ms-2 ৷

10. ভৰ :- বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণে হ’ল বস্তুটোৰ ভৰ ৷

11. ভৰৰ এচ আই একক kg ৷

12. ওজন :- পৃথিৱীয়ে বস্তু এটাক যি বলেৰে আকৰ্ষণ কৰে তাকে বস্তুটোৰ ওজন বোলে।

13. ওজনৰ এচ আই একক নিউটন (N) |

বিজ্ঞান – নৱম শ্ৰেণী

অধ্যায় – 1 : আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

অধ্যায় – 4 : পৰমাণুৰ গঠন

অধ্যায় – 5 : জীৱৰ মৌলিক একক

অধ্যায় – 8 : গতি

অধ্যায় – 10 : মহাকৰ্ষণ

অধ্যায় – 11 : কাৰ্য আৰু শক্তি

অধ্যায় – 12 : শব্দ

অধ্যায় – 14 : প্ৰাকৃতিক সম্পদ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *