| |

বিদ্যুৎ | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 12

প্ৰশ্নাৱলী – Page no : 209

1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ :-

(i) পৰিবাহীৰ দৈৰ্ঘ্য

(ii) পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি

(iii) পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি

(iv) পৰিবহীৰ উষ্ণতা

2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয় ? আৰু কিয় ?

উত্তৰ :- একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ ভিতৰত শকত তাঁৰডালত বেছি সহজে প্রবাহ চালিত হয় । কাৰণ এডাল তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। গতিকে, এডাল তাঁৰ যিমানে শকত হ’ব ইয়াৰ ৰোধ সিমানেই কম হ’ব আৰু ইয়াৰ মাজেদি অধিক পৰিমাণৰ প্ৰবাহ চালিত হ’ব।

3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্রবাহৰ কি পৰিৱৰ্তন হ’ব?

উত্তৰ :- যিহেতু বিভৱভেদ প্ৰবাহৰ মানৰ সমানুপাতিক, সেয়ে বিভৱভেদ আগৰ মানৰ আধালৈ কমালে, প্ৰবাহৰ মানো আগৰ মানৰ আধালৈ কমিব।

4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?

উত্তৰ :- পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰেগঢ়া হয় কাৰণ :

(i) বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধকতা বেছি।

(ii) অধিক উষ্ণতাত সংকৰ ধাতুবোৰ সহজে জ্বলি নাযায় অৰ্থাৎ জাৰিত নহয়।

5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-

(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী ?

(b) কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী ?

উত্তৰ :-

(a) লো

(b) ৰূপ

প্ৰশ্নাৱলী – Page no : 213

1. প্ৰতিটোৰে 2 V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5 Ω ৰ ৰোধক, এটা 8 Ω ৰ ৰোধক, এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকণ কৰা।

উত্তৰ :-

2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকণ কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব ?

উত্তৰ :-

প্ৰশ্নাৱলী – Page no : 216

1. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা—

(a) 1 Ω আৰু 106 Ω

উত্তৰ :-

(b) 1 Ω আৰু 103 Ω আৰু 106 Ω।

উত্তৰ :-

2. 100 Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব ? 

উত্তৰ :-

3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় ? 

উত্তৰ :- সুবিধাসমূহ হ’ল :

(i) সমান্তৰাল সজ্জাত সংযোগ কৰিলে প্রত্যেক সঁজুলিতে ভল্টেজ একে থাকে ।

(ii) মুঠ কাৰ্যকৰী ৰোধৰ মান হ্ৰাস পায় ৷

(iii) বৰ্তনীটোৰ উপাদান এটা বিকল হ’লে বর্তনীটো মুক্ত হৈ নাযায় ৷

(iv) ভিন্ন প্ৰবাহৰ মানৰ প্ৰয়োজন হোৱা সঁজুলিবোৰ সমান্তৰালভাৱে সংযোগ কৰাটো সুবিধাজনক। এনে প্রত্যেক সজুলিতে একোটা অন-অফ চাবিৰ ব্যৱস্থা সম্ভৱ।

4. 2 Ω, 3 Ω আৰু 6 Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ

(a) 4 Ω আৰু (b) 1 Ω পোৱা যাব ?

উত্তৰ :- (a)

(b)

5. 5 Ω, 8 Ω, 12 Ω আৰু 24 Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সর্বোচ্চ আৰু (b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ’ব ?

উত্তৰ :-

প্ৰশ্নাৱলী – Page no : 218

1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয় ?

উত্তৰ :- হিটাৰৰ কুণ্ডলীৰ তাঁৰবোৰৰ ৰোধ বেচি। কিন্তু সংযোগী তাঁৰৰ ৰোধ কম। তাপ ৰোধৰ সমানুপাতিক। গতিকে বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল দীপ্ত, কিন্তু সংযোগী তাঁৰৰ নহয়।

2. 9600 কুলম্ব আধান 1 ঘণ্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।

উত্তৰ :-

3. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 50 A প্ৰবাহ লয়। 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।

উত্তৰ :-

প্ৰশ্নাৱলী – Page no : 220

1. এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ?

উত্তৰ :- এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ নিৰূপণ কৰা কাৰককেইটা হ’ল :

(i) ক্ষমতা, আৰু
(ii) সময়

2. এটা বৈদ্যুতিক মটৰে  220 V লাইনৰ পৰা 5 A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।

উত্তৰ :-

অনুশীলনী

1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতূল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব-

(a) 1/25

(b) 1/5

(c) 5

(d) 25

উত্তৰ :- (d) 25

2. তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ?

(a) I2R

(b) IR2

(c) VI

(d) V2/R

উত্তৰ :- (b) IR2

3. এটা বৈদ্যুতিক বাল্ব 220 V আৰু 100 W চিহ্নিত কৰা আছে যেতিয়া 110 V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব-

(a) 100 W

(b) 75 W

(c) 50 W

(d) 25 W

উত্তৰ :- (d) 25 W

4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত-

(a) 1:2

(b) 2:1

(c) 1:4

(d) 4:1

উত্তৰ :- (c) 1:4

5.  দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা ?

উত্তৰ :- সমান্তৰালভাৱে সংযোগ কৰা হয়।

6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 mm আৰু ৰোধকতা 1.6 x 108 Ωm । 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈর্ঘ্য কিমান হ’ব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ’ল, ৰোধৰ পৰিৱৰ্তন কিমান হ’ব ?

উত্তৰ :-

7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান  আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল-

I (এম্পিয়াৰ)0.51.02.03.04.0
V (ভল্ট)1.63.46.710.213.2

V আৰু I ৰ মাজৰ লেখ অংকণ কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।

উত্তৰ :-

8. যেতিয়া এটা অজ্ঞাত ৰােধ 12v ৰ এটা বেটেৰীৰ লগত সংযােগ কৰা হয় তাত 2.5 mA প্রবাহ চালিত হয়। ৰােধকটোৰ ৰােধ উলিওৱা।

উত্তৰ :-

9. এটা 9 v বেটাৰীৰ লগতলগত 0.2 Ω, 0.3 Ω, 0.4 Ω , 0.5 Ω আৰু 12 Ω. ৰােধক কেইটা শ্রেণীৱদ্ধভাৱে সংযােগ কৰা হৈছে। 12 Ω ৰােধৰ ৰােধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?

উত্তৰ :-

10. 176 Ω ৰ কিমানটা ৰােধক (সমান্তৰাল সংযোগ) হলে 220V ৰ লাইন এটাত 5 A প্রবাহ পােৱা যাব ?

উত্তৰ :-

11. প্ৰতিটো 6 Ω ৰােধৰ তিনিটা ৰােধক কেনেদৰে সংযােগ কৰিলে সজ্জাটোৰ সমতুল্য ৰােধ (i) 9 Ω আৰু (ii) 4 Ω হ’ব ?

উত্তৰ :-

(i) 6 Ω ৰোধৰ ৰোধক দুটা সমান্তৰাল সজ্জাত সজাই সিহঁতৰ লগত আনটো 6 Ω ৰোধৰ ৰোধকটো শ্ৰেণীবদ্ধ সজ্জাত সজালে সজ্জাটোৰ সমতুল্য ৰোধ 9 Ω হ’ব

(ii) 6 Ω ৰোধৰ ৰোধক দুটা শ্ৰেণীবদ্ধ সজ্জাত সজাই সিহঁতৰ লগত আনটো 6 Ω ৰোধৰ ৰোধকটো সমান্তৰাল সজ্জাত সজালে সজ্জাটোৰ সমতুল্য ৰোধ 4 Ω হ’ব

12.  বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্ব্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব সমান্তৰাল ভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?

উত্তৰ :-

13. 220 V লাইনৰ লগত সংযােগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰােধ কুণ্ডলী A আৰু B আছে আৰু প্রত্যেকৰে ৰােধৰ মান 24Ω , যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযােগ কৰিব পাৰি। এই তিনিও ক্ষেত্রত প্রবাহ কি হ’ব ?

উত্তৰ :-

14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i) 1 Ω আৰু 2Ω ৰ দুটা ৰোধক 6 V ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু (ii) 12 Ω আৰু 2  Ω ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।

উত্তৰ :-

15. এটা 220 V ত 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220 V হয়, কিমান প্রবাহ ই ল’ব।

উত্তৰ :-

16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250 W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে ? 

উত্তৰ :-

17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা। 

উত্তৰ :-

18. ব্যাখ্যা কৰা

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় ? 

উত্তৰ :- কাৰণ :

(i) ইয়াৰ ৰোধকতা উচ্চ। গতিকে, ই পর্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন কৰে যাৰ ফলত পোহৰ নির্গত হয় ৷

(ii) ইয়াৰ গলনাংক উচ্চ হোৱা বাবে অত্যধিক উষ্ণতাত ফিলামেণ্টডাল গলি নাযায় ৷

(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু কিয় ব্যৱহাৰ কৰা হয় ? 

উত্তৰ :- কাৰণ :

(i) বিশুদ্ধ ধাতুবোৰতকৈ সংকৰ ধাতুবোৰৰ ৰোধকতা অধিক হোৱা বাবে অধিক মাত্ৰাত তাপ উৎপন্ন কৰিব পাৰে ।

(ii) সংকৰ ধাতুবোৰ অত্যধিক উষ্ণতাতো জাৰিত নহয় বা সহজে দহন নঘটে।

(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ?

উত্তৰ :- ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয় কাৰণ –

  1. শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহৰ মান গোটেই বৰ্তনীটোত একেই থাকে ৷ এনেধৰণৰ বৰ্তনীত বৈদ্যুতিক সঁজুলিবোৰ সঠিকভাৱে চলাব নোৱাৰি৷
  2. শ্ৰেণীবদ্ধ সজ্জাত কোনো এটা উপাদান বিকল হ’লে বাকী উপাদানবোৰো কাম নকৰা হয় ৷
  3. শ্ৰেণীবদ্ধ সজ্জাত বৈদ্যুতিক সঁজুলিবোৰৰ মাজেৰে যোৱা প্ৰবাহক বিভক্ত নকৰে ৷ ফলত শ্ৰেণীবদ্ধ সজ্জাত কোনো উপাদান বেয়া হ’লে সহজে বিছাৰি উলিয়াব নোৱাৰি ৷
  4. শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধৰ মান বাঢ়ে ৷

(d) এডাল পৰিবাহীৰ ৰােধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয় ?

উত্তৰ :- এডাল পৰিবাহীৰ ৰােধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক ৷ পৰিবাহীডালৰ প্রস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধ কমিব আৰু প্রস্থচ্ছেদৰ কালি কমিলে ৰোধ বাঢ়িব ৷

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰ :- তাম আৰু এলুমিনিয়াম বিদ্যুতৰ সু-পৰিবাহী ৷ সিহঁতৰ ৰোধকতা অন্য ধাতুৰ তুলনাত ক’ম ৷ সেইবাবে বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ ব্যৱহাৰ কৰা হয় ৷

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *