| |

নিয়ন্ত্ৰণ আৰু সমন্বয় | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 7

ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 7 : নিয়ন্ত্ৰণ আৰু সমন্বয় (Control and Coordination) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।

প্রশ্নাৱলী, Page No 119

1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি ?

উত্তৰ :- প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-

প্ৰতীপ ক্ৰিয়াখোজ কঢ়া
i) ই এক অনৈচ্ছিক ক্ৰিয়াi) ই এক ঐচ্ছিক ক্ৰিয়া
ii) ইয়াক ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰিii) ইয়াক ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পাৰি
iii) ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰেiii) ইয়াক মগজুৱে নিয়ন্ত্ৰণ কৰে
iv) প্ৰতীপ ক্ৰিয়া স্বয়ংক্ৰিয় ভাৱে সংঘটিত হয়iv) খোজকঢ়া কাৰ্য চিন্তাৰ ওপৰত ভিত্তি কৰি সংঘটিত হয়

2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছত কি ঘটে ?

উত্তৰ :- দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছত বৈদ্যুতিক সংকেত ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হয়।

নিউৰনে আমাৰ দেহত বাৰ্তা বা স্নায়ু সংবেদন প্ৰেৰণ কৰে৷ এটা স্নায়ু কোষৰ এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়৷ এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয়৷ এনে ধৰনে আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয় ৷

3. মগজুৰ কোন আংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?

উত্তৰ :- মগজুৰ চেৰিবেলাম অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়

4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?

উত্তৰ :- আমাৰ শৰীৰত বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয় থাকে৷ যেতিয়া ধূপকাঠি এডাল জ্বলে তেতিয়া তাৰ পৰা ওলোৱা গোন্ধ আমাৰ নাকত থকা ঘ্ৰাণ সংগ্ৰাহী ইন্দ্ৰিয়ই সংগ্ৰহ কৰি বৈদ্যুতিক প্ৰেৰণা হিচাপে স্নায়ুকোষৰ জৰিয়তে মস্তিস্কৰ নিৰ্দিষ্ট স্হানলৈ প্ৰেৰণ কৰে৷ উক্ত স্হানত বাৰ্তাটো বিশ্লেষণ হয়৷ এইদৰে আমি ধূপকাঠিৰ গোন্ধ লওঁ৷

5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি ?

উত্তৰ :- প্রতীপ ক্ৰিয়াত মগজুৱে ভূমিকা পালন নকৰে কিয়নো কাৰ্যকৰী পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা পোনপটীয়াকৈ লাভ কৰে। অৱশ্যে এই তথ্য মগজুতো উপনীত হয় য’ত এয়া ভৱিষ্যতলৈ স্মৃতি হিচাপে সঞ্চিত হৈ থাকে ।

নিয়ন্ত্ৰণ আৰু সমন্বয়

প্ৰশ্নাৱলী, Page No- 122

1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি  ?

উত্তৰ:- উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক হ’ল অক্সিন, জিবাৰেলিন, চাইট’কাইনিন আৰু এবচাইচিচ্ এছিড ৷

2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে ?

উত্তৰ :- নীলাজী বন এজোপাৰ পাতৰ চলন হল স্পৰ্শ উদ্দীপনাৰ ফলত হোৱা চলন, ই উদ্দীপকৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে। এই চলন খুব ক্ষীপ্ৰতাৰে হয়। আনহাতে, কাণ্ডই পোহৰৰ দিশত কৰা চলন পোহৰ উদ্দীপনাৰ ফলত হয়, ই উদ্দীপনাৰ দিশ অৰ্থাৎ পোহৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এই চলন খুব লাহে লাহে হয়। 

3. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া ।

উত্তৰ :- উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদার্থৰ হ’ল- অক্সিন

4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষন বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?

উত্তৰ :- উদ্ভিদৰ আকৰ্ষবিলাকে স্পৰ্শৰ প্ৰতি সহাৰি দিয়ে৷ যেতিয়া এইবিলাকে কোনো এক আধাৰত স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকৈ বৃদ্ধি নহয়৷ কিন্তু আকৰ্ষত লাগি নথকা অংশ অক্সিনৰ সংশ্লেষণৰ ফলত খৰকৈ বৃদ্ধি হয়৷ ইয়াৰ ফলত আকৰ্ষডাল আধাৰত পাক খাই ওপৰলৈ বগাই যাব পাৰে৷  

5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা ।

উত্তৰ :- উদ্ভিদৰ শিপাৰ পানীৰ দিশত হোৱা চলনকে জলানুবেগ বা জলানুবেগী চলন বোলে।

পৰীক্ষা :-

নিয়ন্ত্ৰণ আৰু সমন্বয়

এটা পাত্ৰত অলপ মাটি লৈ তাত যিকোনো উদ্ভিদৰ এটা পুলি ৰোৱা হল। পুলিটোৰ পৰা অলপ আঁতৰত এটা ৰন্ধ্ৰযুক্ত পাএত অলপ পানী থোৱা হল। এনেদৰে পাত্ৰটো কেইদিনমানৰ বাবে থৈ দিলে দেখা যাব যে উদ্ভিদজোপাৰ শিপা পানীৰ পাত্ৰটোৰ দিশলৈ চিত্ৰত দেখুওৱাৰ দৰে বেঁকা হৈ যাব। এই পৰীক্ষাৰ দ্বাৰা জলানুবেগী আৰ্হি দাঙি ধৰিব পাৰি।

প্ৰশ্নাৱলী, Page No- 125

1. প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় ?

উত্তৰ :- প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় প্ৰাণী হৰমনৰ দ্বাৰা সংঘটিত হয় ৷ প্ৰাণী হৰমনবোৰ বিভিন্ন অন্তঃস্ৰাৱী গ্ৰন্হিৰ পৰা নিঃসৰণ হয় ৷ এই হৰমনবোৰে নলীবিহীন গ্ৰন্হিৰ পৰা নিঃসৰণ হয় বাবে পোনে পোনে তেজৰ লগত মিহলি হয় ৷ তেজে এই হ’ৰম’ন সমূহ নিৰ্দিষ্ট কোষলৈ লৈ যায়।এই কোষবোৰে হ’ৰম’ন সমূহক চিনাক্ত কৰে আৰু হ’ৰম’ন সমূহে দিয়া নিৰ্দেশ অনুসৰি কাৰ্য কৰে। 

2. আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক ?

উত্তৰ :- আমাৰ দেহত থাইৰক্সিন হৰম’ন সংশ্লেষণৰ বাবে আয়ডিন অতি লাগতিয়াল পদাৰ্থ৷ আমাৰ খাদ্যত আয়ডিনৰ পৰিমাণ হ্ৰাস হ’লে গৰল ৰোগ হোৱা সম্ভৱনা থাকে৷ সেয়েহে আমি আয়ডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক ৷

3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয় ?

উত্তৰ :- আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে ই নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগত ক্ৰিয়া কৰে৷ ইয়াৰ ভিতৰত হৃদযন্ত্ৰও অন্তৰ্ভুক্ত৷ ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপ্ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়৷ ধমনীবোৰক আগুৰি থকা পেশিবোৰৰ সংকোচনৰ ফলত পাচন তন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি যা্য়৷ ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয়৷ মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়৷ এই সকলোবিলাক সহাৰি একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয় ৷

4. কিছুমান ডায়েবেটিচ ৰোগীক ইনছুলিন বেজী দিয়া হয় কিয় ?

উত্তৰ :- ডায়েবেটিচ ৰোগীৰ অগ্নাশয়ে যথোপযুক্ত ইনচুলিন নিঃসৰণ কৰিব নোৱাৰে৷ ইনচুলিনৰ পৰিমান কম হ’লে তেজত গ্লুক’জৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়৷ সে্য়েহে কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰবেজী দিয়া হয় ৷

নিয়ন্ত্ৰণ আৰু সমন্বয়

অনুশীলনী

1. তলত উল্লেখ কৰা কোবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ?

(a) ইনছুলিন
(b) থাইৰʼক্সিন
(c) অʼৱেষ্ট্ৰজেন
(d) চাইটʼকাইনিন

উত্তৰ :- (d) চাইটʼকাইনিন

2. দুটা নিউৰনৰ খালী ঠাইক কি বুলি কয় –

(a) ডেনড্ৰাইট
(b) চাইনেপচ্
(c) এক্সন
(d) প্ৰেৰণা

উত্তৰ :- (b) চাইনেপচ্

3. মগজুৱে কি কাম কৰে –

(a) ভাৱ আৰু চিন্তা কৰা
(b) হৃদপিন্দ স্পন্দন নিয়ন্ত্ৰণ
(c) দেহৰ সমতা ৰক্ষা
(d) ওপৰৰ আটাইকেইটা

উত্তৰ:-(d) ওপৰৰ আটাইকেইটা

4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি ? গ্ৰাহক অংগই যথোপযুক্ত ভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন । ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?

উত্তৰ :- গ্রাহক অংগ হৈছে বিশেষ কোষ বা কোষসমষ্টি যিয়ে বাহ্যিক পৰিৱেশত পৰিৱৰ্তন ধৰা পেলায় আৰু এই বাৰ্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে। মস্তিষ্কই সংশ্লিষ্ট অংগক সেইমর্মে নির্দেশনা দিয়ে। যদি গ্রাহক অংগই সঠিকভাৱে কাৰ্য সম্পন্ন নকৰে তেন্তে আমাৰ জীৱন ধাৰণ বিপদ সংকুল হ’ব পাৰে। উদাহৰণস্বৰূপে-গ্ৰাহক অংগ ছালে তাপ ধৰা পেলাবলৈ অক্ষম হ’লে আমি লোহিত তপ্ত বস্তু স্পৰ্শ কৰিব লাগিব কিয়নো কেন্দ্রীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা প্ৰেৰিত নহ’ব যাৰ ফলত ছাল জ্বলি যাব।

5. নিউৰন গঠন এটা চিত্ৰ আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা।

উত্তৰ:-

চিত্ৰ :- নিউৰন গঠন

নিউৰণৰ কাৰ্য :– নিউৰন (স্নায়ুকোষ) হৈছে স্নায়ুতন্ত্ৰৰ ক্ষুদ্রতম সাংগঠনিক একক । ই গ্ৰাহক অংগৰ পৰা মস্তিষ্কলৈ আৰু তাৰ পাছত কাৰ্যকৰী পেশীকোষ বা গ্রন্থিলৈ স্নায়ু প্ৰেৰণা প্ৰেৰিত কৰে।

6. উদ্ভিদৰ দীপ্তিকাল প্ৰক্ৰিয়া কেনেকৈ সংঘটিত হয় ?

উত্তৰ :-  বৃদ্ধি আৰু বিকাশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিবেশৰ কিছুমান কাৰক যেনে –পোহৰ, মধ্যাকৰ্ষনিক বল আদিৰ ওপৰত নিৰ্ভৰ কৰে৷ উদ্ভিদৰ দ্বীপ্তিকাল প্ৰতিক্ৰিয়া দুই ধৰণে সংঘটিত হোৱা দেখা যায়৷ উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয় আনহাতে শিপা পোহৰৰ বিপৰিত দিশত ধাবিত হয়৷

7. স্নায়ুৰজ্জুত আঘাট হ’লে কেনে বাৰ্তাত ব্যাঘাত ঘটে ?

উত্তৰ :- স্নায়ুৰজ্জুত আঘাত হ’লে প্রতীপ ক্রিয়া আৰু অনৈচ্ছিক কার্যৰ মাজত ব্যঘাত ঘটে।

8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?

উত্তৰ :- উদ্ভিদে বিভিন্ন প্ৰকাৰৰ সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত কৰে৷ উদ্ভিদৰ এবিধ সঞ্জীৱনী পদাৰ্থ অক্সিনে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে৷ ইয়াৰ ফলত উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি ঘটে৷ উদ্ভিদৰ আন এবিধ সঞ্জীৱনী পদাৰ্থ জিবাৰেলিনে অক্সিনৰ নিচিনাকৈ কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে৷ সেইদৰে চাইট’কাইনিনে কোষ বিভাজনত সহায় কৰে৷ এবচাইচিচ্ এছিড নামৰ সঞ্জীৱনী পদাৰ্থবিধে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে৷ এইবিধ সঞ্জীৱনী পদাৰ্থৰ প্ৰভাবতেই গছৰ পাত সৰি পৰে৷

9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন ?

উত্তৰ :- জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে স্নায়ুতন্ত্ৰ আৰু হ’ৰম’নৰ প্ৰয়োজন হয়।

10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা ?

উত্তৰ :- ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজত পার্থক্য হ’ল :

i) ঐচ্ছিক ক্ৰিয়া হ’ল ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পৰা ক্ৰিয়া ৷ আনহাতে, প্ৰতীপ ক্ৰিয়া হ’ল শৰীৰৰ এটা অনৈচ্ছিক স্বতঃসফূৰ্ত খৰতকীয়া প্ৰতিক্ৰিয়া ৷

ii) ঐচ্ছিক ক্রিয়াবোৰ মগজুৰ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে ৷ আনহাতে, প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে ৷

iii) ঐচিছক ক্রিয়া বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল নহয়। কিন্তু প্রতীপ ক্রিয়া বাহ্যিক উদ্দীপনাৰ প্রতি সংবেদনশীল হয়।

11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা ।

উত্তৰ:- প্রাণীৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্রৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত পাৰ্থক্য হ’ল –

i) স্নায়ুতন্ত্রৰ ক্ৰিয়া অতি ক্ষীপ্ৰ প্ৰক্ৰিয়া ৷ আনহাতে, হৰম’নৰ ক্ৰিয়া এটা লেহেম প্ৰক্ৰিয়া ৷

ii) স্নায়ুতন্ত্ৰ স্নায়ুকোষেৰে গঠিত ৷ আনহাতে, হৰম’নৰ ক্ৰিয়াৰ তন্ত্ৰ অন্তঃস্ৰাৱী গ্ৰন্হিৰে গঠিত ৷

iii) স্নায়ুতন্ত্রৰ ক্ৰিয়া বৈদ্যুতিক-ৰাসায়নিক মাধ্যমৰ জৰিয়তে প্ৰবাহিত হয় ৷ আনহাতে, হৰম’নৰ ক্ৰিয়া ৰাসায়নিক মাধ্যমৰ জৰিয়তে প্ৰবাহিত হয় ৷

iv)  স্নায়ুতন্ত্রৰ ক্ৰিয়াই জীৱদেহৰ বিপাক ক্ৰিয়াক প্ৰভাবিত নকৰে৷ আনহাতে, হৰম’নৰ ক্ৰিয়াই জীৱদেহৰ বিপাক ক্ৰিয়াক প্ৰভাবিত কৰে ৷

v) স্নায়ুতন্ত্রৰ ক্ৰিয়াই জীৱদেহৰ বৃদ্ধিক প্ৰভাবিত নকৰে ৷ আনহাতে, হৰম’নৰ ক্ৰিয়াই জীৱদেহৰ বৃদ্ধিক প্ৰভাবিত কৰে ৷

vi) স্নায়ুতন্ত্রৰ ক্ৰিয়াত স্নায়ুকলাৰ মাজেদি বাৰ্তা প্ৰেৰণ হয় ৷ আনহাতে, হৰম’নৰ ক্ৰিয়াত তেজত হৰম’ন মিহলি হৈ বাৰ্তা প্ৰেৰণ হয় ৷

vii) স্নায়ু তন্ত্রত সংবেদনবােৰ সঘনাই গতি কৰে। কিন্তু হৰম’নৰ ক্ৰিয়াত সংবেদনবােৰ ধীৰ গতিত গতি কৰে।

viii) স্নায়ুতন্ত্ৰৰ ক্ৰিয়াৰ প্ৰভাৱ অস্থায়ী। আনহাতে, হৰম’নৰ ক্ৰিয়াৰ প্ৰভাৱ দীর্ঘস্থায়ী।

12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?

উত্তৰ :- নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য হল-

i) নিলাজী বনৰ পাতৰ চলন এক স্পৰ্শ সংবেদী চলন ৷ আনহাতে, আমাৰ ভৰিৰ চলন পেশীকোষৰ দ্বাৰা নিয়ন্ত্ৰিত চলন ৷

ii) নিলাজী বনৰ চলনত স্নায়ু জড়িত নহয়। কিন্তু ভৰিৰ চলনত স্নায়ু জড়িত হৈ থাকে।

iii) নিলাজী বনৰ পাতৰ চলন উদ্ভিদৰ কোনো অংগই নিয়ন্ত্ৰণ নকৰে ৷ আনহাতে, আমাৰ ভৰিৰ চলন মগজু আৰু স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে ৷

iv) নিলাজী বনৰ পাতৰচলন উদ্ভিদৰ কোষত পানীৰ পৰিমাণৰ তাৰতম্যৰ ফলত হয় ৷ আনহাতে,আমাৰ ভৰিৰ চলনত কোষৰ পানীৰ পৰিমাণৰ কোনো ভূমিকা নাথাকে

অতিৰিক্ত প্ৰশ্নোত্তৰ

Q. স্নায়ুকলাই পেশীয় চলন কেনেকৈ নিয়ন্ত্রণ কৰে?

Ans :- আমাৰ দেহৰ পেশীবোৰৰ চলন স্নায়ুকলাই নিয়ন্ত্ৰন কৰে। স্নায়ু কলাই বার্তা গ্রহণ কৰি শৰীৰৰ বিভিন্ন অংশত প্ৰেৰণ কৰে, বার্তাৰ ওপৰত ভিত্তি কৰি পেশীসমূহক ক্রিয়া কৰাৰ বাবে সিদ্ধান্ত প্রেৰণ কৰে। অন্য কথাত, যেতিয়া ক্রিয়া কৰিবলগীয়া হয় তেতিয়া পেশী কলাইহে অন্তিম কার্য সমাধা কৰে। যেতিয়া এটা স্নায়ু প্রবাহ পেশীয়ে লাভ কৰে তেতিয়া পেশীৰ আঁহবােৰে গতি কৰে। পেশীকোষৰােৰে কোষৰ আকৃতি সলনি কৰি গতি কৰে। পেশীকোষবােৰত এবিধ বিশেষ প্রটিন থাকে। যেতিয়া ইহঁতে বৈদুতিক প্রবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয়। এনে হ’লে পেশীকোষৰ প্রটিনবােৰৰ নতুন শৃংখলাৰ কাৰণে ই সৰু হৈ যায়।

Q. মানুহৰ মস্তিষ্কৰ প্ৰধান অংশসমূহ উল্লেখ কৰি প্ৰত্যেকৰে একোটাকৈ কার্য লিখা ।

Ans :- মানুহৰ মস্তিষ্কৰ প্ৰধান অংশসমূহ :- প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক।

প্ৰমস্তিস্ক ৰ কাৰ্য :- চিন্তা ভাৱনা কৰা।

মধ্য মস্তিস্কৰ কাৰ্য :- অনৈচ্ছিক কাৰ্য্য নিয়ন্ত্ৰণ কৰা।

পশ্চাৎ মস্তিস্কৰ কাৰ্য :- অনৈচ্ছিক কাৰ্য্য নিয়ন্ত্ৰণ কৰা।

Q. প্রতীপ ক্ৰিয়া কি? স্নায়ুৰজুত আঘাত হ’লে কেনে বাৰ্তাত ব্যাঘাত জন্মে ?

Ans :- প্ৰতীপ ক্ৰিয়া হল এক প্ৰকাৰৰ অনৈচ্ছিক ক্ৰিয়া যিবিলাক কিছুমান তাৎক্ষণিক সংবেদকৰ প্ৰতিক্ৰিয়া হিচাপে সংঘটিত হয়। স্নায়ুৰজুত আঘাত হ’লে প্ৰতীপ ক্ৰিয়াৰ বাৰ্তাত ব্যাঘাত জন্মে

Q. ভোক অনুভূতিৰ বাবে মস্তিষ্কৰ কোনটো অংশ দায়ী?

Ans :- ভোক অনুভূতিৰ বাবে মস্তিষ্কৰ প্ৰমস্তিষ্ক অংশটো দায়ী।

Q. প্রাণীত প্রতীপ ধনু কিয় সৃষ্টি হৈছে?

Ans :- চিন্তা উদ্ৰেককাৰী প্ৰক্ৰিয়াৰ অবিহনে, ক্ষ্ৰীপ্ৰতাৰে কাৰ্য সমাধা কৰিবলৈ প্রাণীত প্রতীপ ধনু সৃষ্টি হৈছে।

Q. প্রতীপ ধনুৰ বিভিন্ন উপাদান সমূহৰ নাম লিখা। 

Ans :- প্রতীপ ধনুৰ বিভিন্ন উপাদান সমূহ হল- গ্ৰাহক, সংজ্ঞাবাহী নিউৰণ, কাৰ্যকৰী পেশী, আজ্ঞাবাহী নিউৰণ, আৰু অন্তৰ্বৰ্তী নিউৰণ।

Q. এক্সন আৰু ডেনড্রাইটৰ মাজৰ পাৰ্থক্য লিখা ।

Ans :- এক্সন আৰু ডেনড্রাইটৰ মাজৰ পাৰ্থক্য –

(1) এক্সনে বৈদ্যুতিক প্ৰেৰণা দেহকোষৰ পৰা দূৰলৈ আন স্নায়ুকোষলৈ প্ৰেৰণ কৰে, আনহাতে ডেনড্ৰাইটে বাহিৰৰ পৰা বৈদ্যুতিক প্ৰেৰণা দেহকোষলৈ প্ৰেৰণ কৰে।

(2) এটা স্নায়ুকোষত মাত্ৰ এডালহে এক্সন থাকে, কিন্তু এটা স্নায়ুকোষত অসংখ্য ডেনড্ৰাইট থাকে । 

Q. প্রমস্তিষ্কৰ কাৰ্যসমূহ কি কি?

Ans :- প্রমস্তিস্ক হ’ল মস্তিস্কৰ মুখ্য চিন্তা-ভাৱনাৰ অংগ । ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে।

Q. প্রতীপ ক্রিয়াই আমাক কেনেদৰে সহায় কৰে?

Ans :- প্ৰতীপ ক্ৰিয়া হৈছে কোনো উদ্দীপকৰ প্ৰতি স্বয়ংক্ৰিয় আৰু দ্ৰুত সঁহাৰি, যিয়ে সম্ভাৱ্য ক্ষতিকাৰক অৱস্থাৰ পৰা শৰীৰৰ যিকোনো ক্ষতি কমায়, যেনে গৰম বস্তু এটা স্পৰ্শ কৰা। সেয়েহে বহু জীৱৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰতীত ক্ৰিয়া অপৰিহাৰ্য।

Q. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?

Ans :- মগজুৰ চেৰিবেলাম অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।

Q. পেশীকোষে কেনেদৰে তাৰ আকৃতি সলনি কৰে ?

Ans :- পেশীকোষবোৰত এবিধ বিশেষ প্রটিন থাকে যেতিয়া ইহঁতে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয়।

Q. কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহৰদ্বাৰা গঠিত?

Ans :- কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত।

Q. দুই প্রকাৰ প্রান্তীয় স্নায়ু কি? [HSLC 2017]

Ans :- দুই প্রকাৰ প্রান্তীয় স্নায়ু হ’ল- মস্তিস্কৰ পৰা ওলোৱা কৰোটীয় স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা স্নায়ু।

Q. চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ ব্যক্ত কৰা ।

Ans :- চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ হ’ল –

(i) বিভিন্ন ঐচ্ছিক ক্ৰিয়া কলাপ সমূহ।

(ii) শৰীৰৰ ভংগিমা আৰু সমতা ৰক্ষা কৰা ।

Q. অক্সিন কি ? এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে ?  

Ans :- অক্সিন এবিধ উদ্ভিদ হৰম’ন যি কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। 

যেতিয়া উদ্ভিদ জোপালৈ মাত্ৰ এটা ফালৰ পৰাহে পোহৰ উপলব্ধ হয় তেতিয়া অক্সিনৰ পোহৰ নপৰা কান্ডৰ অংশলৈ ব্যাপন ঘটে। পোহৰ নপৰা কান্ডৰ অংশত অক্সিনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায়। ইয়াৰ ফলতেই উদ্ভিদৰ কান্ড পোহৰৰ ফালে গতি কৰে।

Q. হৰম’ন কি? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যােগােৱা হৰম’ন বা সঞ্জীৱনী পদাৰ্থৰ এটা উদাহৰণ দিয়া। সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পােহৰৰ দিশত কৰা গতিৰ মাজৰ পার্থক্য আছেনে ? (HSLC 2019)

Ans :- হৰম’ন হল কিছুমান বিশেষ কাৰ্য সমাধা কৰিবলৈ কিছুমান বিশেষ ধৰণৰ কোষৰ দ্বাৰা নিৰ্গত কিছুমান ৰাসায়নিক পদাৰ্থ। হৰমন বিলাকে জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰক্ৰিয়াত সহায় কৰে। 

উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ হল- অক্সিন। 

সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন হল স্পৰ্শ উদ্দীপনাৰ ফলত হোৱা চলন, ই উদ্দীপকৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে। এই চলন খুব ক্ষীপ্ৰতাৰে হয়। আনহাতে, কাণ্ডই পোহৰৰ দিশত কৰা চলন পোহৰ উদ্দীপনাৰ ফলত হয়, ই উদ্দীপনাৰ দিশ অৰ্থাত পোহৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এই চলন খুব লাহে লাহে হয়। 

Q. আমাৰ শৰীৰত আয়ডিনৰ গুৰুত্ব কি ?

উত্তৰ :- থাইৰ’ক্সিনৰ অভাৱত গলগণ্ড ৰোগ হয়। এই হৰম’নে দেহৰ বৃদ্ধি আৰু বিপাক কাৰ্যত সহায় কৰে আৰু শৰীৰ বা দেহৰ বৰ্ধন নিয়ন্ত্ৰণ কৰে । খাদ্য দ্ৰব্যত আয়ডিনৰ অভাৱ হ’লে গলগণ্ড ৰোগ হয়। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আয়ডিনযুক্ত খাদ্যবস্তু আৰু আয়ডিনযুক্ত নিমখ গ্ৰহণ কৰিব লাগে ।

Q. হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হােৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয় ?  (HSLC 2016)

Ans :-

ফিড-বেক পদ্ধতি (Feedback Mechanism) ৰ দ্বাৰা  হৰম’নৰ পৰিমাণ আৰু নিঃসৃত হােৱাৰ সময় নিয়ন্ত্রিত হয়।

Q. এড্রিনেলিন হৰম’নৰ কাৰ্য্য সমূহ লিখা। (HSLC 2017)

ANs :- এড্ৰিনেলিন পােনপটীয়াকৈ তেজত নিঃসৰন হয় আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়।এই হৰম’নবিধে নির্দিষ্ট কার্যকৰী লক্ষ্য অংগ (target organs) বা নির্দিষ্ট কোষকলাত ক্ৰিয়া কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্রও অন্তর্ভুক্ত। ইয়াৰ ফলত আমাৰ হৃদযন্ত্রৰ ধপ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যােগান বৃদ্ধি হয়। ধমনীবােৰক আগুৰি থকা পেশীবােৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্রবাহ কমি যায়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্রবাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্রস্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলােবিলাক সহাৰি একেলগ হৈ কোনাে এটা কার্য সম্পাদন হয়। 

Q. আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্রবাহিত হয় ? [HSLC 2018]

Ans :- আমাৰ স্নায়ুকোষবোৰ দেহকোষ আৰু স্নায়ুকোষ প্ৰৱৰ্ধৰে গঠিত। স্নায়ু প্ৰৱৰ্ধ দুই প্ৰকাৰৰ এক্সন আৰু ডেনড্রাইট। ডেনড্রাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে। স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাকেৰে এবিধ ৰাসায়নকি পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা, দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এটা স্নায়ুকোষলৈ প্ৰেৰণ কৰে। এক্সনৰ প্রান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদার্থ মুক্ত হয়। এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইপেনছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয়। এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয় ৷

Q. অন্তঃস্রাৱী গ্রন্থি কি ? এটা অন্তঃস্রাৱী আৰু এটা বহিঃস্রাৱী গ্রন্থিৰ মাজৰ পার্থক্য কি ? [HSLC 2018]

Ans :- অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাবিহীন গ্ৰন্থি। এই গ্ৰন্থিবোৰে সাধাৰণতে হ’ৰম’ন নিঃসৰণ কৰে। অন্তঃস্ৰাৱী গ্ৰন্থিয়ে পোনপটিয়াকৈ তেজত নিঃসৰণ কৰে আৰু তেজে এইবোৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়।

অন্তঃস্ৰাৱী গ্ৰন্থিবহিঃস্রাৱী গ্রন্থি
1. অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাবিহীন গ্ৰন্থি1.  বহিঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাযুক্ত গ্ৰন্থি
2. অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হ’ৰম’ন নিঃসৰণ কৰে 2. বহিঃস্ৰাৱী গ্ৰন্থিয়ে এনজাইম নিঃসৰণ কৰে
3. অন্তঃস্ৰাৱী গ্ৰন্থিয়ে পোনপটিয়াকৈ তেজত নিঃসৰণ কৰে3. বহিঃস্ৰাৱী গ্ৰন্থিয়ে সিহঁতৰ বাহীকাসমূহত নিঃসৰণ কৰে
4. অন্তঃস্ৰাৱী গ্ৰন্থিৰ গঠন সৰল4. বহিঃস্ৰাৱী গ্ৰন্থিৰ গঠন জটিল

Q. অন্তঃস্রাৱী আৰু বহিঃস্রাৱী দুয়োটা কার্য সম্পাদন কৰা গ্রন্থিটোৰ নাম লিখা। [HSLC 2018]

Ans :- অন্তঃস্রাৱী আৰু বহিঃস্রাৱী দুয়োটা কার্য সম্পাদন কৰা গ্রন্থিটো হল অগ্নাশয় (Pancreas)।

Q. মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কাৰ্য কৰে সেইটো হ’ল—
i) ডায়েনচেফালন
ii) চেৰিব্রাম
iii) চেৰিবেলাম
iv) মেডুলা অৱলংগাতা

Ans :- iii) চেৰিবেলাম

Q. ছাইনেপছ কি? স্নায়ু প্ৰবাহ কেনেকৈ ছাইনেপছৰ মাজেদি পাৰ হয়। [HSLC 2015]

Ans :- ছাইনেপছ হ’ল দুটা নিউৰনৰ খালী ঠাই।

এটা স্নায়ু কোষৰ এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়৷ এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয়৷ এনে ধৰনে স্নায়ু প্ৰবাহ ছাইনেপছৰ মাজেদি পাৰ হয় ৷

Q. চেৰিব্ৰাম ক’ত অৱস্থিত ?

Ans :- প্ৰমস্তিকত ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *