পৰমাণুৰ গঠন | অধ্যায় – 4 | নৱম শ্ৰেণীৰ বিজ্ঞান
প্ৰশ্নাৱলী, Page No – 47
1. কেনেল ৰশ্মি কি ?
উত্তৰ :- 1886 চনত ই গ’ল্ডষ্টেইনে গেছৰ বিদ্যুৎ মোক্ষণত এবিধ ধনাত্মকভাৱে আহিত বিকিৰণ ধৰা পেলাইছিল ৷ ইয়াকে কেনেল ৰশ্মি বোলা হৈছিল ৷
2. পৰমাণু এটাত এটা প্র’টন আৰু এটা ইলেকট্র’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ?
উত্তৰ :- এটা ইলেক্ট্রন ঋনাত্মকভাৱে আহিত আৰু এটা প্ৰটন ধনাত্মকভাৱে আহিত৷ গতিকে সিহঁতে বহন কৰা আধানৰ পৰিমাণ সমান। সেয়েহে পৰমাণু এটাত এটা প্র’টন আৰু এটা ইলেকট্র’ন থাকিলে পৰমাণুটো প্ৰশম হয় আৰু ই কোনো আধান বহন নকৰে ৷
প্ৰশ্নাৱলী, Page No – 49
1. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।
উত্তৰ :- থমছৰ পৰমাণুৰ আৰ্হি মতে এটা পৰমাণুৰ ধনাত্মক আৰু ঋণাত্মক আধান সমান মানৰ। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম হয়।
3. তিনিটা শ্বেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্র অংকন কৰা।
উত্তৰ :-

চিত্ৰ – তিনিটা শ্বেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হি
প্ৰশ্নাৱলী, Page No – 49
1. পৰমাণুৰ তিনিটা উপ -পাৰমাণৱিক কণাৰ নাম লিখা।
উত্তৰ :- পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম – প্ৰ’টন, ইলেকট্ৰ’ন আৰু নিউট্ৰন ৷
2. হিলিয়াম পৰমাণুৰ পাৰমাণবিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্রটন আছে। ইয়াত কিমানটা নিউট্রন থাকিব?
উত্তৰ :- হিলিয়ামত দুটা প্ৰ’টন থাকে ৷
পাৰমাণৱিক ভৰ = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা
4 = 2 + নিউট্ৰনৰ সংখ্যা
নিউট্ৰনৰ সংখ্যা = 4 – 2
নিউট্ৰনৰ সংখ্যা = 2
এতেকে , হিলিয়ামত দুটা নিউট্রন থাকিব ৷
প্ৰশ্নাৱলী, Page No – 50
1. কার্বন আৰু ছডিয়াম পৰমাণুত ইলেকট্রন বিতৰণ দেখুওৱা ।
উত্তৰ :-
অতিৰিক্ত প্ৰশ্নোত্তৰ
1. ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? [2019]
উত্তৰ :- জে জে থমছন