শব্দ | অধ্যায় – 12 | বিজ্ঞান – নৱম শ্ৰেণী
প্ৰশ্নাৱলী, Page No – 162
1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ ?
উত্তৰ :- স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণা বিলাকক কঁপিবলৈ বাধ্য কৰে। কণাবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পর্যন্ত ভ্রমণ নকৰে। কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পোনতে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হ’ব। তাৰ পিছত ই নিকটবর্তী কণাটোৰ ওপৰত বল প্রয়োগ কৰে। তাৰ ফলত নিকটবর্তী কণাটোও তাৰ সাম্য অৱস্থানৰ পৰা অপসাৰিত হয়। নিকটবর্তী কণাটোক অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ অৱস্থানলৈ উভতি আহে। শব্দ আহি কাণত নপৰা পর্যন্ত মাধ্যমত এই প্রক্রিয়াটো চলি থাকে।
প্ৰশ্নাৱলী, Page No – 163
1. তোমাৰ স্কুলৰ ঘটনাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা দিয়া ।
উত্তৰ :- স্কুলৰ ঘণ্টাত লাঠিৰে আঘাত কৰিলে কম্পনৰ সৃষ্টি হয়। যিটো কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়।
2. শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ?
উত্তৰ :- শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত হৈ থাকে, সেয়েহে ইহঁতক যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ৷
3. ধৰা হওঁক, তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা ।তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হ‘বানে ?
উত্তৰ :- চন্দ্ৰত থাকিলে বন্ধুয়ে সৃষ্টি কৰা কোনো ধৰণৰ শব্দ শুনিবলৈ সমৰ্থ নহম ৷ ইয়াৰ কাৰণ হ’ল শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন ৷ চন্দ্ৰত বায়ুমন্ডল বা শব্দ সঞ্চালনৰ বাবে উপযুক্ত কোনো ধৰণৰ মাধ্যম নাই ৷
প্ৰশ্নাৱলী, Page No – 166
1. তৰংগৰ কি ধর্মই (a) তীব্ৰতা আৰু (b) তীক্ষ্ণতা নির্ণয় কৰে ? [2019]
উত্তৰ :-
(a) তৰংগৰ বিস্তাৰে তীব্ৰতা নির্ণয় কৰে ৷
(b) তৰংগৰ কম্পনাংকই তীক্ষ্ণতা নির্ণয় কৰে ৷
2. গাড়ীৰ হৰ্ন আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি ?
উত্তৰ :- তৰংগৰ কম্পনাংকই তীক্ষ্ণতা নির্ণয় কৰে ৷ সেয়েহে গীতাৰৰ শব্দৰ তীক্ষ্ণতা বেছি ৷
প্ৰশ্নাৱলী, Page No – 166
1. শব্দ তৰংগৰ তৰংগ দৈৰ্ঘ্য [2020], কম্পনাংক [2019, 2020], পৰ্যায় কাল, আৰু বিস্তাৰৰ সংজ্ঞা লিখা ।
উত্তৰ :-
তৰংগ দৈৰ্ঘ্য – শব্দ তৰংগৰ দুটা আনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে ৷ ইয়াৰ এচ আই একক হ’ল মিটাৰ ৷
কম্পনাংক – প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকেই তৰংগৰ কম্পনাংক বোলে ৷ ইয়াৰ এচ আই একক হ’ল হাৰ্টজ (Hz) ৷
পৰ্যায় কাল – দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায় কাল বোলে ৷ ইয়াৰ এচ আই একক হ’ল চেকেণ্ড ৷
বিস্তাৰৰ – গড় মানৰ দুয়োফালে মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে ৷
2. শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কি দৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে ?
উত্তৰ :- শব্দ তৰংগৰ কম্পনাংক, তৰংগ দৈৰ্ঘ্য আৰু দ্ৰুতিৰ তলত উল্লেখ কৰা ধৰণে জড়িত হৈ আছে –
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) × কম্পনাংক(৵)
3. প্ৰদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 ms-1 আৰু কম্পনাংক 220 Hz । ইয়াৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা ।
উত্তৰ :–
দিয়া আছে,
তৰংগৰ দ্ৰুতি(v) = 440 ms-1
কম্পনাংক(৵) = 220 Hz
তৰংগ দৈৰ্ঘ্য(⋋) = ?
আমি জানো যে,
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) × কম্পনাংক(৵)
⇒ ⋋ = v/৵
⇒ ⋋ = 440/220
⇒ ⋋ = 2 m
∴ তৰংগ দৈৰ্ঘ্য হ’ব 2 মিটাৰ ৷
4. উৎসৰ পৰা 450m দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500Hz । উৎসৰ পৰা নিৰ্গত অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান ?
উত্তৰ :–
দিয়া আছে,
কম্পনাংক(৵) = 500 Hz
সময়ৰ অন্তৰাল(T) = ?
আমি জানো যে,
T = 1/৵
= 1/500
= 0.002 s
∴ উৎসৰটোৰ পৰা নিৰ্গত অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল হ’ল 0.002 s ৷
প্ৰশ্নাৱলী, Page No – 166
1. শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি ?
উত্তৰ :– শব্দৰ তীব্ৰতা মূলতঃ তাৰ বিস্তাৰৰ দ্বাৰা নিৰ্ণয় হয় ৷ ই হ’ল শব্দলৈ শ্ৰৱনেন্দ্ৰিয়ৰ সহাঁৰিৰ জোখ ৷
আনহাতে, প্ৰতি চেকেণ্ডত একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দৰ তৰংগৰ প্ৰাবল্য বোলে ৷
প্ৰশ্নাৱলী, Page No – 167
1. বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আতাইতকৈ বেছি ?
উত্তৰ :- শব্দৰ দ্ৰুতি লোত আতাইতকৈ বেছি হ’ৱ ৷
প্ৰশ্নাৱলী, Page No – 168
1. শব্দ এটাৰ প্ৰতিধ্বনি 3s পিছত শুনা গ’ল ৷ প্ৰতিফলনক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান ? দিয়া আছে, শব্দৰ দ্ৰুতি 342ms-1 ৷
উত্তৰ :-
দিয়া আছে,
শব্দৰ দ্ৰুতি(v) = 342 ms-1
প্ৰতিধ্বনিৰ সময়(t)= 3 s
শব্দই অতিক্ৰম কৰা দূৰত্ব, s = v × t
= 342 × 3
= 1026 m
∴ প্ৰতিফলনক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব হ’ব = 1026/2 = 513 m
অনুশীলনী
1. শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয় ?
উত্তৰ :- শব্দ হৈছে এদিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায় ৷ কোনো বস্তুৰ কম্পনৰ দ্বাৰা মাধ্যমত সংকোচন আৰু তনুভৱনৰ সৃষ্টি কৰি শব্দ উৎপন্ন কৰা হয় ৷
4. শব্দ তৰংগক অনুদৈর্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?
উত্তৰ :- অনুদৈর্ঘ্য তৰংগত মাধ্যমৰ স্বকীয় কণাবোৰে আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয়। এই কণাবোৰ এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰিত নহয়; সিহঁতে নিজৰ সাম্য অৱস্থানৰ সাপেক্ষে অগা পিছা কৰি দুলি থাকে। শব্দ তৰংগই হুবহু এই প্ৰক্ৰিয়াৰে আগ বাঢ়ে আৰু সেইবাবে শব্দ তৰংগ হৈছে অনুদৈৰ্ঘ্য তৰংগ।
5. অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত, চিনাক্ত কৰিব পাৰা ?
উত্তৰ :- শব্দৰ তীক্ষ্ণতা চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে বন্ধুৰ মাত চিনাক্ত কৰিব পৰা যাব।
6. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেণি শুনা যায়, কিয় ?
উত্তৰ :- কাৰণ শব্দৰ দ্ৰুতি পোহৰৰ দ্ৰুতিতকৈ যথেষ্ট কম ৷ আকাশত বিজুলি আৰু ঢেৰেকণি সৃষ্টি হোৱা পিছত পোহৰ শব্দতকৈ আগত পৃথিৱী আহি পায় ৷
7. ব্যক্তিএজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 Hz – 20 kHz ৰ ভিতৰত। এই দুটা তৰংগ কম্পাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্রাৰূপিক তৰংগ দৈর্ঘ্য কিমান? বায়ুত শব্দৰ দ্ৰতি 344 m/s বুলি ধৰা ।
উত্তৰ :-
৪. এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্র আছে। এজনে শিলগুটিৰে দণ্ডডাল টুকৰিয়াই দিলে। শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা।
উত্তৰ :-
9. শব্দৰ উৎস এটাৰ কম্পাংক 100 Hz। ই এক মিনিটত কিমানটা কম্পন সম্পূর্ণ কৰিব?
উত্তৰ :-
দিয়া আছে,
কম্পনাংক, ৵ = 100 Hz
সময়, t = 1 min = 60s
কম্পনৰ সংখ্যা = 100 × 60
= 6000 টা
∴ শব্দৰ উৎস এটাৰ কম্পাংক 100 Hz হ’লে ই এক মিনিটত 6000টা কম্পন সম্পূর্ণ কৰিব ৷
10. পোহৰে মানি চলা প্রতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।
উত্তৰ :- হয়, পোহৰে মানি চলা প্রতিফলনৰ সূত্ৰকেইটা শব্দই মানে ৷ পোহৰৰ দৰে শব্দৰো আপতন আৰু প্ৰতিফলনৰ দিশ দুটাই আপতন বিন্দুত পৃষ্ঠৰ আভিলম্বৰ সৈতে সমান সমান কোণ উৎপন্ন কৰে আৰু সিহঁত একেখন সমতলতে থাকে ৷
13.

14. শব্দ তৰংগ এটা 339 ms–1 দ্ৰুতিৰে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈর্ঘ্য 1.5 cm, তেন্তে তৰংগটোৰ কম্পনাংক কিমান? ই শ্রাব্য হ‘বনে?
উত্তৰ :-
দিয়া আছে,
শব্দ তৰংগৰ দ্ৰুতি, v = 339 ms-1
তৰংগ দৈৰ্ঘ্য, ⋋ = 1.5 cm = 1.5/100 = 0.015m
তৰংগটোৰ কম্পনাংক, ৵ = ?
আমি জানো যে,
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) × কম্পনাংক(৵)
⇒ ৵ = v/⋋
⇒ ৵ = 339/ 0.015
⇒ ৵ = 22600 Hz
যিহেতু মানুহৰ শ্ৰাব্য সীমাৰ প্ৰসাৰ প্ৰায় ২০ হাৰ্জৰ পৰা ২০,০০০ হাৰ্জ সেয়েহে উক্ত কম্পনাংক শ্ৰাব্য নহয় ৷
15. অনুৰণন কাক বোলে ? ইয়াক কেনেকৈ কমাব পাৰি?
উত্তৰ :- শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ পুনঃ প্ৰতিফলনকে অনুৰণন বোলে ৷
অনুৰণন কমাবৰ বাবে প্ৰেক্ষাগৃহৰ বেৰ আৰু মূধচ, শব্দ শোষণকাৰী পদাৰ্থ যেনে আহঁযুক্ত প্ৰচাপিত বৰ্ড, খহতা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আবৰা হয় ৷ তদুপৰি শব্দ শোষন কৰিব পৰা পদাৰ্থৰে বহা আসনবোৰ সজ্জিত কৰা হয় ৷
16. শব্দৰ তীব্রতা কাক বোলে ? কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল?
উত্তৰ :- শব্দৰ প্ৰাবল্যৰ প্ৰতি মানুহৰ কাণৰ জৈৱিক সহাঁৰিয়েই হল শব্দৰ তীব্ৰতা। শব্দৰ তীব্ৰতা মূলতঃ তাৰ বিস্তাৰৰ দ্বাৰা নিৰ্ণয় হয় |
বিজ্ঞান – নৱম শ্ৰেণী
অধ্যায় – 1 : আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় – 2 : আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?