SEBA Class 10 Social Science Chapter 1 Notes

SEBA Class 10 Social Science Chapter 1 Notes বংগ বিভাজন

(প্ৰথম অধ্যায়) বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন Class 10 Social Science Chapter 1 SEBA notes

সমাজ বিজ্ঞান দশম শ্ৰেণী ইতিহাস [ প্ৰথম অধ্যায় ] বংগ বিভাজন আৰু স্বদেশী আন্দোলন

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?

উত্তৰঃ- লৰ্ড কাৰ্জনৰ শাসনকালত ।

২) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?উত্তৰঃ- ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে

৩) বিদেশী্ পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?উত্তৰঃ- ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল

৪)স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?

উত্তৰঃ- ভূপেন্দ্ৰ নাথ দত্তই স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল

৫) বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

উত্তৰঃ- ১৯০৬ চনৰ ১১ মাৰ্চ বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো গঠন হৈছিলǀ

৬)‘বেংগল কেমিকেলছ’নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?

উত্তৰঃ- আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় আছিল বেংগল কেমিকেলছ’নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা ǀ

৭) কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয়কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰঃ- ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল ǀ

৮) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

উত্তৰঃ- ১৯১১ চনৰ ১২ ডিচেম্বৰত ǀ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *