ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য | Class 10 SEBA Social Science Lesson 5
অতি চমু উত্তৰৰ প্রশ্ন
১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?
উত্তৰঃ মিৰাট পৰ্যন্ত সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ বিস্তৃত আছিলǀ
২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল ǀ
৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি ?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ ৰ মানৰ ভিতৰত ঋকবেদ ৰচিত হৈছিল ǀ
৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?
উত্তৰঃ‘মুণ্ডক উপনিষদ’ৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী লোৱা হৈছে ǀ
৫।প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃপ্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম – কৌটিল্যৰ অৰ্থশাস্ত্ৰ
৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্হৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ?
উত্তৰঃ জৱহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ (Discovery of India) নাম গ্ৰন্হৰ জৰিয়তে ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ স্থায়িত্ব লাভ কৰিলে ǀ
৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা কৌশলন প্রয়োগ কৰা হৈছিল ?
উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ গান্ধাৰ শিল্পকলা শৈলীত গ্ৰীক-ৰোমান কলা কৌশলন প্রয়োগ কৰা হৈছিল ।
৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল ?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ ৰ মানৰ ভিতৰত ভৰত মুনিৰ নাট্যশাস্ত্র ৰচিত হৈছিল ǀ
৯। ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে ?
উত্তৰঃ ভৰতৰ নাট্যশাস্ত্রত ৬০০০ শ্লোক আছে ǀ
১০। হেৰাকা আন্দোলন কি ?
উত্তৰঃ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ‘হেৰাকা’ নামৰ আন্দোলনৰ জন্ম দিছিল ǀ
১১। নগালেণ্ডৰ ‘হৰ্ণবিল উৎসৱ’ কি জীৱৰ নামত উৎসৰ্গিত ?
উত্তৰঃনগালেণ্ডৰ ‘হৰ্ণবিল উৎসৱ’ ধনেশ পক্ষী নামত উৎসৰ্গিতǀ
১২। ‘চপচৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?
উত্তৰঃ চপচৰ কূট’ হল মিজো সকলৰ পৰম্পৰাগত উৎসৱ ǀ
১৩। ‘মিজো শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘মিজো’ শব্দৰ অৰ্থ হৈছে – পাহাৰৰ বাসিন্দা ǀ
১৪। উত্তৰ পূর্বাঞ্চলৰ কোন ৰাজ্যত মতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ?
উত্তৰঃউত্তৰ পূর্বাঞ্চলৰ মতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ৰাজ্যখন হল মেঘালয়
১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে ?
উত্তৰঃ চৈতন্য মহাপ্ৰভুৰ শৈশৱ ,কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি মণিপুৰী নৃত্য আলম কৰি গঢ়ি উঠিছেǀ
১৬। অসমৰ প্ৰাচীন নাম কি আছিল ?
উত্তৰঃ অসমৰ প্ৰাচীন নাম আছিলঃ প্ৰাগজ্যোতিষ আু কামৰূপ
১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ?
উত্তৰঃ‘হা-চোম’ শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়
১৮। চৰ্যাপদ মানে কি ?
উত্তৰঃ চৰ্যাপদ হৈছেঃ কেইটামান সহজযান পন্থীয় গীত ǀ
১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল ?
উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত চৰ্যাপদ ৰচিত হৈছিল ǀ
২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ?
উত্তৰঃ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি মাধৱ কন্দলিয়ে সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ৷
২১। অসমৰ গদ্য সাহিত্যব সূচনা কোনে কৰিছিল ?
উত্তৰঃ অসমৰ গদ্য সাহিত্যব সূচনা কৰিছিল ভট্টদেৱে ǀ
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ আজানপীৰ নামেৰে খ্যাত চাহ মিলনে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল ৷
২৩। আজানপীৰ কোন ?
উত্তৰঃ আজানপীৰ আছিল এজন চুফী সাধক ǀ
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত আজানপীৰ অসমলৈ আহিছিল ǀ
২৫। দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল ?
উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ শতিকাত দ-পর্বতীয়াৰ শিলৰ তোৰণখন নির্মিত হৈছিল ǀ
২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?
উত্তৰঃ আহোমৰ শাসন ব্যৱস্হাত মঠ মন্দিৰ,ৰাস্তা ঘাট,ফ্ৰসাদ,ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য,জোখ মাখ আদি চোৱা চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল ǀ
২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল ?
উত্তৰঃ প্ৰতিমা পাণ্ডে বৰুৱাক লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল ǀ
২৮। অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি ?
উত্তৰঃ অৰুণোদই আছিল অসমৰ প্রথম বার্তালোচনী ǀ
২৯। উত্তব-পূর্বাঞ্চলব অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তভুক্ত জনজাতিটো কি ?
উত্তৰঃ উত্তব-পূর্বাঞ্চলব অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তভুক্ত জনজাতিটো হল খাছীয়া ǀ
৩০। ৰচয়িতাসকলৰ নাম লিখা ।
- (ক) অর্থশাস্ত্র- কৌটিল্য
- (খ) হস্তিবিদ্যার্ণব- সুকুমাৰ বৰকাইথ
- (গ) কীর্তন- শংকৰদেৱ
- (ঘ) নামঘোষা- মাধৱদেৱ
- (ঙ) চোৰধৰা পিম্পৰা গুচোৱা- মাধৱদেৱ
- (চ) কালিয় দমন- শংকৰদেৱ
- (ছ) ৰামবিজয়- শংকৰদেৱ
- (জ) কথাগীত- ভট্টদেৱ
- (ঝ) ৰাজতৰঙ্গিনী- কলহল
- (ঞ) ভাৰত সন্তেদ- জৱহৰলাল নেহৰু
চমু উত্তৰৰ প্ৰশ্নঃ
১। খ্ৰীষ্টীয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ?
উত্তৰঃ খ্ৰীষ্টীয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হল – গ্ৰীক, মোগল ǀ
২। সিদ্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মুৰ্ত্তিৰ নাম লিখা ?
উত্তৰঃ পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি সিদ্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মুৰ্ত্তি ৷
৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ।
উত্তৰঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হল- ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ǀ