ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ | Class 10 SEBA Social Science Lesson 4
অতি চমু উত্তৰৰ প্ৰশ্ন
১) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
উত্তৰ- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি হৈছিল ǀ
২) কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয় ?
উত্তৰ- ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ এই সময়ক কোম্পানীৰ আমোল বুলি বুজোৱা হয় ǀ
৩) অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰ-১৮৩৬ চনৰ পৰা অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল ǀ
৪) বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰ- ১৮৭৩ চনত বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল ǀ
৫) অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?
উত্তৰ-অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন
৬)ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?
উত্তৰ- ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্হাৰ বিৰোধিতা কৰাই ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল ǀ
৭) সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?
উত্তৰ- ১৯৩৩ চনত সদৌ অসম ৰায়ত সভাৰ গঠন কৰা হৈছিল ǀ
৮) আহোম সভাৰ সম্পাদক কোন আছিল ?
উত্তৰ- পদ্মনাথ গোঁহাইবৰুৱা আছিল আহোম সভাৰ সম্পাদক ǀ
৯) যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?
উত্তৰ-১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল ǀ
১০) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?
উত্তৰ-অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক আছিল –
- সভাপতি –কুলধৰ চলিহা
- সম্পাদক-নবীন চন্দ্ৰ বৰদলৈ
১১) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল
উত্তৰ- বিষ্ণুৰাম মেধি আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি ǀ
১২) অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল ?
উত্তৰ-অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু 26 January 1950 ত নিৰ্বাচিত হৈছিল ǀ
১৩) কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?
উত্তৰ- সৰুপথাৰত ৰেল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল ǀ
১৪) গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্হাপিত হৈছিল ?
উত্তৰ-১৯৪৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্হাপিত হৈছিল ǀ
১৫) অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?
উত্তৰ- ১৯৪৭ চনৰ ৩ নবেম্বৰত অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে নামাংকিত কৰা হয় ৷
১৬)গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?
উত্তৰ- ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ হয় ǀ