অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ | Class 10 SEBA Social Science Chapter 3
সমাজ বিজ্ঞান দশম শ্ৰেণী তৃতীয় অধ্যায় (ইতিহাস) | প্ৰশ্ন আৰু উত্তৰ Question and Answer
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১) ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিবৰ্তন হৈছিল ?
উত্তৰঃব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমত টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল ǀ
২)কোনচনত মফট মিলচ অসমলৈ আহিছিল ?
উত্তৰঃ ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল
৩) কেঞা সকল কোন আছিল ?
উত্তৰঃ কেঞা সকল আছিল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক ǀ
৪) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ?
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে
৫) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ?
উত্তৰঃ আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল
৬) মণিৰাম দেৱানক কোন বঙ্গালী মুক্তিয়াৰে সহায় কৰিছিল ?
উত্তৰঃ মণিৰাম দেৱানক মধুমল্লিক বঙ্গালী মুক্তিয়াৰে সহায় কৰিছিল
৭) মণিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল ?
উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাঁচী কাঠত ওলমিব লগা হৈছিল ǀ
৮) কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?
উত্তৰঃ কেপ্টেইন হলৰইড চাহাবে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ǀ
৯) অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ǀ
উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হল-
ক) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল ǀ
খ) ১৮৫৭ চনৰ বিদ্ৰোহীসকলৰ কাৰ্যপন্হাসমূহ গোপন হৈ থকা নাছিল ǀ
১০) কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৰ্ৱতন কৰা হৈছিল ?
উত্তৰঃ
ক) ১৮৫৮ চনত- টিকট কৰ
খ) ১৮৬০ চনত- আয়কৰ
১১) ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰবস্হাৰ দুটা কাৰণ লিখা ǀ
উত্তৰঃ ক) কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কিৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল ǀ
খ) দুৰ্ভিক্ষ,প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল ǀ
১২) লেফটেনেন্ট ছিংগাৰ কোন আছিল ?
উত্তৰঃ লেফটেনেন্ট ছিংগাৰ আছিল নগাওঁৰ সহকাৰী উপায়ুক্ত ।
১৩) ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৬১ চনত ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল ।
১৪) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৯৩ চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল ।
১৫) লচিমা কত অৱস্হিত ?
উত্তৰঃ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত লচিমা অৱস্হিত ।
১৬) লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ ১৮৯৪ চনত লচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল ।
১৭) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনত ।
১৮) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ?
উত্তৰঃ উকিয়াং নবাই ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল
১৯) ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ?
উত্তৰঃ শম্ভুধন কছাৰী ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল
২০) টিকেন্দ্ৰজিৎক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?
উত্তৰঃ ব্ৰিটিছ চৰকাৰে টিকেন্দ্ৰজিৎক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল
২১) জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল ?
উত্তৰঃ ১৮৯১ চনত জে ডব্লিউ কুইন্টনক হত্যা কৰিছিল