বৰগীত Class 10 Assamese Chapter 1 Notes
কবি -পৰিচয়ঃ
শ্রীশ্রীমাধৱদেৱঃ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্রীশ্রীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ । নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয় । তেওঁৰ পিতৃ গােবিন্দগিৰী ভূঞা আৰু মাতৃ । মনােৰমা । শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি , গণককুছি । সুন্দৰীদিয়া , ভেলাডাংগা আদিত ধর্ম প্রচাৰ কৰিছিল । ধর্ম প্রচাৰৰ লগতে সাহিত্য সংস্কৃতিৰাে পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ ’ ল নামঘােষা । এহেজাৰটা ঘােষা থকা বাবে ৬ এইখনক হেজাৰী ঘােষা বুলিও কোৱা হয় । তেখেতৰ আন আন ৰচনাসমূহ হল
আখ্যানমূলক ৰচনা — ৰাজসূয় কাব্য , আদিকাণ্ড ৰামায়ণ ।
তত্ত্বমূলক ৰচনা — জন্মৰহস্য , ভক্তি – ৰত্নাৱলী , নামমালিকা ।
নাট — অর্জুন-ভঞ্জন বা দধিমথন ।
ঝুমুৰা – চোৰধৰা , পিম্পৰা – গুচোৱা , ভূমি – লেটোৱা , ভােজনবিহাৰ ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ – ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক ? বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পােৱাত সহায় কৰিছিল । বৰগীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ও নিদর্শন ।
পাঠবােধঃ
হৰিৰ মহিমা অপাৰ । যােগসিদ্ধ পুৰুযেও তেওঁক ধ্যান কৰে । নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় ৩ আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নােৱাৰি । এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো = সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভব । বিষয় বিকলত আতুৰ হৈ কষ্ট পােৱা মানুহে তেওঁৰ চৰণকমলত ভ আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে । হৰিৰ চৰণযুগল হ ’ ল পৰা ধন আৰু ভকতৰ বাবে হৰিয়েই | হ ‘ ল জীৱন স্বৰূপ । হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মােহ পাশৰ পৰা মুক্তিলাভ কৰিব পাৰে ।
শব্দৰ্থ আৰু টোকাঃ
- ছোড় – ছিঙি দিয়া
- ধিয়ায় – ধ্যান কৰে
- নিগম – নিগম শাস্ত্ৰ
যিজনক । অসমীয়া সাহিত্য চয়নিকা বিষয় বিকলে । ও সাংসাৰিক দুখ , বিষয় – বাসনাত কাতৰ মােহ পাশ ও মায়াৰ বন্ধন যাহাকু
বৰগীতঃ
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত এক নির্দিষ্টসংখ্যক গীতক বৰগীত আখ্যা দিয়া হয় । উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্ততিমূলক তথা উপদেশপূর্ণ বৰগীতসমূহ শাস্ত্রীয় ৰাগযুক্ত আৰু আধ্যাত্মিক । ভাৱ – গধুৰ । শংকৰদেৱে বাৰকুৰি গীত ৰচিছিল যদিও বর্তমান ‘ একুৰি চৈধ্যটা ’ পােৱা গৈছে । মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭ – টা বৰগীত পােৱা যায় । ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১ – টা বা নকুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে ।
বৰগীতৰ লক্ষণঃ
১ । বৰগীতসমূহ শাস্ত্রীয় ৰাগ – তালযুক্ত গীত ।
২ । বৰগীতৰ ভাষা ব্ৰজাৱলী ।
৩ । বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক ।
৪ । শংকৰ – মাধৱে লিখা গীতসমূহকহে বৰগীত বােলা হয় । নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত ।
৫ । বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য , শান্ত , বাৎসল্য আদি ৰসৰে সমাৱেশ ঘটিছে ।
৬ । মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক । অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্র । একোখনি ইয়াত চিত্রিত হৈছে ।
ব্ৰজাৱলী ভাষা :
ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্রিম সাহিত্যিক ভাষা । শংকৰদেৱৰ সময়ত অসম , বঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল । এই সাহিত্যিক ভাষাক ব্রজবুলি , ব্রজবােল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বােলা হয় । পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত ইয়াৰ কোনাে সম্পর্ক নাই । ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী । তাৰ লগত ভােজপুৰী , নেৱাৰী , আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে । ব্ৰজাৱলী = ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্রয়ােগৰ বাবে শ্রুতিমধুৰ ।
Class 10 Assamese Question Answer
Short Question And Answer চমু প্ৰশ্নৰ উত্তৰ
(ক) “…নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
–কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
= কবিয়ে ভগৱাণক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে
খ) ”…সনক সনন্দ যোগী যাহাকু ধিয়ায় ।”
সনক , সনন্দ আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে ।
=সনক , সনন্দ আদি যোগীসকলে হৰি অথণ্য় ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
=কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
=বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ।
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ?
=বসন্ত ৰাগত বৰগীতটি বন্ধা আছে।
(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে।
= কবিয়ে হৰিক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।
(ছ) ‘মোহ-পাশ” মানে কি?
উত্তৰঃ ‘মোহ-পাশ” মানে মায়াৰ বান্ধোন অৰ্থাৎ আকাংক্ষা, জাগতিক লোভ আদি মায়াৰ বন্ধন