বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া | Class 10 | Chapter 13
প্ৰশ্নাৱলী – Page No 224
1. দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্রৰ কাটাডাল কিয় বিক্ষেপিত হয় ?
উত্তৰ :– দিগদৰ্শন যন্ত্ৰ হৈছে এটুকুৰা সৰু দণ্ড চুম্বক ৷ যিহেতু দুটা চুম্বকৰ একেধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় সেয়েহে দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্রৰ কাটাডাল বিক্ষেপিত হয় ৷
প্ৰশ্নাৱলী – Page No 228
1. এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবােৰ অংকন কৰা।
উত্তৰ :–

2. চৌম্বক বলৰেখাৰ ধর্মসমূহ তালিকাভূক্ত কৰা।
উত্তৰ :- চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তলত উল্লেখ কৰা হ’ল –
(i) চৌম্বক বলৰেখাবোৰ চুম্বক এটাৰ উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায় ৷
(ii) চৌম্বকৰ অৰ্ন্তভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিন মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয় ৷
(iii) চৌম্বক বলৰেখাবিলাক বন্ধ বক্ৰ ৷
(iv) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে ৷
3. দুডাল চৌম্বক বল ৰেখাই কিয় পৰম্পৰ কটাকটি কৰিব নােৱাৰে ?
উত্তৰ:- দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে ৷ যদি কৰে তেন্তে তাৰ অৰ্থ হ’ব যে কটাকটি কৰা বিন্দুত দিকদৰ্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নিৰ্দেশ কৰিছে, যিটো সম্ভৱ নহয় ৷
বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
প্ৰশ্নাৱলী – Page No 229
1. এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক, ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্রবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্রয়ােগ কৰা।
উত্তৰ :-

চিত্ৰত দেখা গৈছে যে টেবুলৰ সমতলত ৰখা তাঁৰৰ বৃত্তাকাৰ কুণ্ডলীটোৰ মাজেৰে ঘড়ীৰ কাটাৰ দিশত বিদ্যুত প্ৰবাহ হৈছে ৷ সোঁহাতৰ বুঢ়া আঙুলি নীতি প্ৰয়োগ কৰিলে দেখা যায় যে কুণ্ডলীটোৰ ভিতৰত চুম্বক বলৰেখাবিলাক টেবুলখনৰ তললৈ সোমাব আৰু কুণ্ডলীটোৰ বাহিৰত চুম্বক বলৰেখাবিলাক টেবুলখনৰ পৰা ওপৰলৈ ওলাই আহিব ৷
2. এটা প্রদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্রকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্র অংকন কৰা।
উত্তৰ :-

ওপৰৰ চিত্ৰটোত দেখা যায় যে এটা প্ৰবাহ যুক্ত চ’লেনইডৰ ভিতৰৰ চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম ৷
3. শুদ্ধ উত্তৰ বাছি উলিওৱা।
প্রবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র-
(a) শূন্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়।
(e) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাঢ়ি যায়।
(d) সকলাে বিন্দুতে একে থাকে।
উত্তৰ :- (d) সকলাে বিন্দুতে একে থাকে।
প্ৰশ্নাৱলী – Page No 231
1. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্হাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধর্ম সলনি হ’ব পাৰে ? (ইয়াত এটাতকৈ বেছি উওৰ থাকিব পাৰে)
(a) ভৰ
(b) দ্ৰুতি
(c) বেগ
(d) ভৰ বেগ
উত্তৰ :- (c) বেগ আৰু (d) ভৰ বেগ
2. কাৰ্যকলাপ 13.7 ত AB দণ্ডৰ সৰন কেনেদৰে প্ৰভাবিত হ’ব যদি (i) AB দণ্ডৰ প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্য বৃদ্ধি কৰা হয় ?
উত্তৰ :-
i) AB দণ্ডৰ প্ৰবাহ বৃদ্ধি কৰিলে দণ্ডডালত প্ৰয়োগ হোৱা বল বাঢ়িব ৷ সেইবাবে দণ্ডডালৰ অধিক জোৰত সৰন ঘটিব ৷
(ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰিলও দণ্ডডালত প্ৰয়োগ হোৱা বল বাঢ়িব ফলত দণ্ডডাল অধিক জোৰত সৰন ঘটিব ৷
(iii) একেদৰে AB দণ্ডৰ দৈৰ্য বৃদ্ধি কৰিলেও দণ্ডডালৰ সৰণত একেই প্ৰভাৱ দেখা যাব ৷
3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কৰা এটা (আলফা কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্রৰ দিশ হ’ব-
(a) দক্ষিণমুৱা
(b) পূৱমুৱা
(c) নিম্নমুখী
(d) উৰ্দ্ধমুখী
উত্তৰ :- (d) উৰ্দ্ধমুখী
প্ৰশ্নাৱলী – Page No 233
1. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।
উত্তৰ :- ফ্লেমিঙৰ বাওঁহাতৰ নীতি অনুসৰি যদি আমাৰ বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া হয় আৰু যদি তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব ৷
2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ?
উত্তৰ :- বৈদ্যুতিক মটৰ বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলীৰ মাজেৰে বিদ্যুত প্ৰবাহ ঘটিলে কুণ্ডলিটোয়ে চৌম্বক বলৰেখাৰ সৃষ্টি কৰে ৷
3. বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা কি?
উত্তৰ :- বৈদ্যুতিক মটৰত ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে ৷ ই মটৰত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে ৷
প্ৰশ্নাৱলী – Page No 236
1. কুণ্ডলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন উপায়বােৰ ব্যাখ্যা কৰা।
উত্তৰ :- কুণ্ডলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন তলত উল্লিখ কৰা হ’ল –
(i) এটা কুণ্ডলীৰ সাপেক্ষে এডাল চুম্বকক গতি কৰালে কুণ্ডলিটোত প্ৰবাহ আবিষ্ট হ’ব ৷
(ii) এটা অশ্ব-খুৰা চুম্বকৰ দুই মেৰুৰ মাজত এটা কুণ্ডলী তীব্ৰভাৱে ঘুৰালে কুণ্ডলীটোত প্ৰবাহ আবিষ্ট হ’ব ৷
প্ৰশ্নাৱলী – Page No 237
1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
উত্তৰ :- বৈদ্যুতিক জেনেৰেটৰ হ’ল যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা এটা সঁজুলি। ই বিদ্যুৎ চুম্বকীয় আবেশ নীতিৰ আধাৰত নিৰ্মিত, যাৰ অৰ্থ হ’ল- যেতিয়া চুম্বকক্ষেত্ৰৰ মাজেৰে এটা পৰিবাহী কুণ্ডলী ঘূৰে, তেতিয়া চৌম্বক ক্ষেত্ৰত হোৱা অবিৰত পৰিৱৰ্তনৰ বাবে কুণ্ডলীটোত বিদ্যুৎ প্রবাহ আৱিষ্ট হয়।
2. প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰ :- প্ৰত্যক্ষ প্ৰবাহ উৎপাদন কৰা উৎসসমূহ হ’ল :
(i) ডি.চি জেনেৰেটৰ,
(ii) শুকান বেটাৰী,
(iii) সৌৰ ফলক।
3. পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে।
উত্তৰ :- পৰিৱৰ্তী প্ৰবাহ উৎপাদন কৰা উৎসসমূহ হ’ল :
(i) পাৰমাণৱিক শক্তি উৎপাদক
(ii) জলবিদ্যুৎ শক্তি উৎপাদক
(iii) ভূ-তাপীয় শক্তি উৎপাদক
4. শুদ্ধটো বাছি উলিওৱা।
তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি-
(a) দুপাকত সলনি হ’ব।
(b) এপাকত সলনি হ’ব।
(c) আধা পাকত সলনি হ’ব।
(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।
উত্তৰ :- (c) আধা পাকত সলনি হ’ব।
প্ৰশ্নাৱলী – Page No 238
1. বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
উত্তৰ :- a) বৈদ্যুতিক ফিউজ আৰু b) বৈদ্যুতিক ভূ-সংযোগ
2. এটা বৈদ্যুতিক অ’ভেনৰ ক্ষমতা 2KW আৰু ইয়াক 5A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা? আলোচনা কৰা ৷
উত্তৰ :-
3. ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা ?
উত্তৰ :- ঘৰুৱা বৈদ্যুতিক বর্তনীবোৰক অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ অৱলম্বন কৰিবলগীয়া সাৱধানতাসমূহ হ’ল :
(i) বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰিব লাগে।
(ii) একেটা খাঁজ (socket)ত বহুবোৰ সঁজুলি সংযোগ কৰিব নালাগে ।
(iii) উত্তম মানবিশিষ্ট তাঁৰ ব্যৱহাৰ কৰিব লাগে ।
(iv) বর্তনীবিলাক সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগে ।
(v) সঁজুলিসমূহত কিবা ত্রুটি আছেনে নাই পৰীক্ষা কৰিব লাগে ৷
বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
অনুশীলনী
1. তলৰ কোনটোৱে এডাল পােন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বর্ণনা কৰে?
(a) ক্ষেত্ৰখন তাৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাৰডালৰ সমান্তৰাল সৰলৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাৰডালৰ পৰা ওলােৱা কিছুমান পৰিধিমুখী গঠিত।
(d) ক্ষেত্ৰখন তাৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে ৰেখাৰে গঠিত
উত্তৰ :- (d) ক্ষেত্ৰখন তাৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত।
2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে
(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া।
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া।
উত্তৰ :- (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।
3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন’মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়।
(d) মটৰ বোলা হয়।
উত্তৰ :- (a) জেনেৰেটৰ বোলা হয়।
4. পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।
(d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
উত্তৰ :- (d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
5. হ্রস্ববর্তনী (Short Circuit ) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ
(a) বুজন পৰিমানে কমি যায়
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰতভাৱে সলনি হয়।
উত্তৰ :- (c) বুজন পৰিমাণে বৃদ্ধি পায়।
6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা
(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে।
(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব।
(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে৷
উত্তৰ :- (a) ভুল (b) শুদ্ধ (c) শুদ্ধ (d) ভুল
7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰ :- চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি –
i) বৰ্তনী এটাৰে বিদ্যৎ প্ৰবাহ কৰিলে চৌম্বক ক্ষেত্র উৎপন্ন হয় ৷
ii) চ’লেনইড এটাৰ মাজেৰে বিদ্যৎ প্ৰবাহ কৰিলে চৌম্বক ক্ষেত্র উৎপন্ন হয় ৷
8. চ’লেনইড কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চলেনই এটাৰ উত্তৰ মেৰু আৰু দক্ষিন মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা।
উত্তৰ :- চ’লেনইড হ’ল চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলী ৷

চ’লেনইড বা বহুত পাকযুক্ত বৃত্তাকাৰ কুণ্ডলিত বিদ্যৎ প্ৰবাহ হলে কুণ্ডলীটোৰ মাজেৰে আৰু কেউকাষে চুম্বক বলৰেখাৰ সৃষ্টি হয় ৷ চলেনইডৰ এটা মূৰ চৌম্বক উত্তৰ মেৰু আৰু আনটো মূৰ দক্ষিণ মেৰুৰ দৰে আচৰন কৰে ৷
এডাল দণ্ড চুম্বকৰ সহায়ত অতি সহজে প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিন মেৰু নির্ণয় কৰিব পৰি ৷ যিহেতু দুটা চুম্বকৰ একেধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ আৰু বেলেগ ধৰণৰ মেৰুৰ মাজত আকৰ্ষণ হয় ৷ সেয়েহে এডাল দণ্ড চুম্বকৰ উত্তৰ মেৰু চ’লেনইডৰ এটা মূৰৰ উচৰত আনিলে যদি আকৰ্ষণ হয় চ’লেনইডৰ উক্ত মূৰটো দক্ষিন মেৰু বুলি প্ৰমাণ হ’ব আনহাতে বিকৰ্ষণ হ’লে উত্তৰ মেৰু ৷ এটা মেৰু চিনাক্ত হ’লে আনটো মেৰু সহজে নিৰ্ণয় কৰিব পাৰি ৷
9. চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বচ্চ হয় ?
উত্তৰ :- যেতিয়া প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হয় তেতিয়া চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল সৰ্ব্বচ্চ হয় ৷
10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছ। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে ৷ চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
উত্তৰ :- ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰিলে দেখা যায় চৌম্বক ক্ষেত্ৰৰ দিশ নিম্নমুখী হ’ব ৷
11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি?
উত্তৰ :-

মূলনীতি :– বৈদ্যুতিক মটৰ বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াক মূলনীতি হিচাপে লৈ প্ৰস্তুত কৰা হয় ৷ কোনো এটা কুণ্ডলীৰ মাজেৰে বিদ্যুত প্ৰবাহ ঘটিলে কুণ্ডলিটোয়ে চৌম্বক বলৰেখাৰ সৃষ্টি কৰে ৷
কার্যপ্রণালী – চিত্ৰত দেখুওৱাৰ দৰে বৈদ্যুতিক মটৰ আয়তাকাৰ কুণ্ডলী ABCD ৰে গঠিত ৷ কুণ্ডলীটোৰ AB আৰু CD বাহু চুম্বক ক্ষেত্ৰৰ লম্ব হিচাপে ৰখা হেছে ৷ এটা ফলা আঙঠিৰ দুটা অৰ্ধাংশ P আৰু Qৰ লগত কুণ্ডলীটোৰ প্ৰান্ত দুটা সংযোগ কৰা হৈছে ৷ P আৰু Qৰ বৰ্হিভাগৰ পৰিবাহী ফাল দুটাই লৰচৰ কৰিব নোৱাৰা ব্ৰাচ X আৰু Yক স্পৰ্শ কৰি আছে ৷
বেটেৰীৰ পৰা AB বাহুৰে বিদ্যুৎ প্ৰবাহ হ’লে ফ্লেমিঙৰ বাওঁহতীয়া নীতী অনুসৰি AB বাহুত ক্ৰিয়া কৰা বলে ইয়াত তললৈ ঠেলিব আৰু CD বাহুত ক্ৰিয়া কৰা বলে ইয়াত ওপৰলৈ ঠেলিব ৷ আধা পাক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাৰ পিছত Qয়ে X ব্ৰাচক স্পৰ্শ কৰিব আৰু Pয়ে Y ব্ৰাচক স্পৰ্শ কৰিব ৷ ফলত কুণ্ডলীটোত প্ৰবাহ বিপৰীত মুখী হৈ DCBA পথেৰে প্ৰবাহিত হ’ব ৷ বৈদ্যুতিক মটৰত ফলা আঙঠিয়ে দিক্ পৰিবৰ্তক হিচাপে কাম কৰে ৷ গতিকে আগতে তললৈ ঠেলা খোৱা AB বাহু এইবাৰ ওপৰলৈ ঠেলা খাব আৰু CD তললৈ ৷ এই দৰে কুণ্ডলী আৰু অক্ষদণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব ৷
বৈদ্যুতিক মটৰত ফলা আঙঠিটো দিক পৰিবৰ্তক হিচাপে কাম কৰে ৷ ই মটৰত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে ৷
12. বৈদ্যুতিক মটৰ ব্যৱহৃত হােৱা কেইবিধমান সঁজুলীৰ নাম লিখা।
উত্তৰ :- বৈদ্যুতিক মটৰ ব্যৱহৃত হােৱা কেইবিধমান সঁজুলীৰ নাম – বৈদ্যুতিক পাংখা, ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ ইত্যাদি ৷
13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযােগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক–
(i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে
(ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে
(iii) কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হব?
উত্তৰ :- গেলভেন’মিটাৰ হেছে বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা এটা সজুঁলি ৷
অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন’মিটাৰ এটাৰ লগত সংযােগ কৰিলে –
i) যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়া হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ এক ক্ষণস্থায়ী বিক্ষেপন দেখা যাব ৷
ii) যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই অনা হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ বিক্ষেপন পূৰ্বৰ বিক্ষেপনৰ ওলোটা হ’ব ৷
iii) যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰখা হয়, গেলভেন’মিটাৰৰ কাঁটাডালৰ কোনো বিক্ষেপন দেখা নাযাব ৷
14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হবনে? কাৰণ দর্শাৱা।
উত্তৰ :- দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’ব ৷ কাৰণ A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে তাৰ লগত সংলগ্ন বলৰেখাবোৰ সলনি হয় ৷ ইয়াৰ ফলতে B কুণ্ডলীত প্রবাহ আৱিষ্ট হয় ৷ এই প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় অৱেশ বোলে ৷
15. (i) প্রবাহযুক্ত পােন পৰিবাহীৰ কেউকাষে সৃষ্টি হােৱা চৌম্বক ক্ষেত্ৰৰ,
(ii) চৌম্বক ক্ষেত্র এখনৰ লম্বভাবে স্থাপন কৰা প্রবাহযুক্ত পােন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু
(iii) চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হােৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।
উত্তৰ :- (i) সোঁহাতৰ বুঢ়া আঙুলি নীতি ৷
(ii) ফ্লেমিঙৰ বাঁওহতীয়া নীতি ৷
(iii) ফ্লমিঙৰ সোঁহতীয়া নীতি ৷
16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্রাচদুডালৰ কাম কি ?
উত্তৰ :-
মূলনীতি : বৈদ্যুতিক জেনেৰেটৰ এটা বিদ্যুৎ চুম্বকীয় আৱেশ নীতিৰ আধাৰত নিৰ্মিত, যাৰ অৰ্থ হৈছে- যেতিয়া চৌম্বক ক্ষেত্ৰৰ মাজেদি এটা পৰিবাহী-কুণ্ডলী ঘূৰে তেতিয়া কুণ্ডলীটোত বিদ্যুৎ প্রবাহ আৱিষ্ট হয়। এই আৱিষ্ট প্ৰবাহৰ দিশ ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ দ্বাৰা প্ৰদত্ত ।

কার্যপ্রণালী :
(i) চৌম্বক ক্ষেত্ৰখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R, আৰু R, আঙঠি দুটাও তাৰ সৈতে ঘূৰে ।
(ii) AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তললৈ যায় (ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে)।
(iii) AB আৰু CD বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্ৰবাহ আৱিষ্ট কৰে যি বহিঃ বৰ্তনীত ABCD ৰ দিশত চালিত হয়।
(iv) আধা পাক ঘূৰাৰ পিছত আঙঠি R, ব্ৰাছ B,ৰ সংস্পৰ্শলৈ আহে আৰু CD বাহু ওপৰলৈ উঠে।
(v) আঙঠি R, ব্ৰাছ B. ৰ সংস্পৰ্শলৈ আহে আৰু AB বাহু তললৈ যায়। এই সঞ্চালনৰ ফলত বাহু দুটাত আৱিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আৱিষ্ট প্ৰবাহ DCBAৰ দিশত চালিত হয় ।
(vi) এই অবিৰত প্ৰক্ৰিয়াটোৰ কাৰণে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰবাহৰ দিশ সলনি হৈ থাকে আৰু পৰিৱৰ্তী প্রবাহ (AC) ৰ উৎস লাভ কৰা হয় ।
ব্ৰাছৰ কাৰ্যঃ বিদ্যুৎ উৎপাদকত ব্যৱহৃত ব্ৰাছ দুটা ABCD কুণ্ডলীৰ পৰা আৱিষ্ট বিদ্যুৎ বহিঃ বৰ্তনীত সৰবৰাহ কৰে।
17. এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয় ?
উত্তৰ :- সজীৱ তাঁৰ (ধনাত্মক তাঁৰ) আৰু উদাসীন (ঋণাত্মক তাঁৰ)ৰ অন্তৰণ নষ্ট হোৱাৰ বাবে প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে বর্তনীত বিদ্যুৎ প্রবাহ হঠাতে বহুত বাঢ়ি যায়। ইয়াৰ ফলস্বৰূপে হ্রস্ববৰ্তনী সংঘটিত হয় ।
একেটা খাঁজতে অত্যধিক সঁজুলি সংযোগ কৰিলে ৰোধ হ্ৰাস পায়। ইয়াৰ ফলস্বৰূপে বৰ্তনীৰ মাজেৰে বৰ্ধিত মাত্ৰাত বিদ্যুৎ চালিত হৈ হ্ৰস্ববৰ্তনী সংঘটিত হ’ব পাৰে। বৈদ্যুতিক সঁজুলিত থকা ত্ৰুটিৰ বাবেও কেতিয়াবা হ্রস্ববৰ্তনী হ’ব পাৰে ।
18. ভূমি সংলগ্ন তাৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন কিয় ?
উত্তৰ :- ভূমি সংলগ্ন তাৰৰ হ’ল প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগান ধৰা।
যেতিয়া ধাতুৰ শৰীৰ থকা সঁজুলি এটাত প্রবাহ নিঃসাৰিত হয়, তেতিয়া সঁজুলিবিধৰ ব্যৱহাৰকাৰীয়ে বৈদ্যুতিক আঘাত পোৱাৰ সম্ভাৱনা থাকে। যদি সঁজুলিবিধ কিবা প্ৰকাৰে ভূমি সংযোগী তাঁৰৰ দ্বাৰা ভূমিৰ সংস্পৰ্শত থাকে, এই আঘাত প্ৰতিৰোধ কৰিব পৰা যায় ৷
বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় 1 : ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় 4 : কাৰ্বন আৰু তাৰ যৌগ
অধ্যায় 5 : মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় 7 : নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় 8 : জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় 9 : বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় 10 : পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী