বংশগতি আৰু ক্ৰমবিকাশ | দশম শ্ৰেণী | সাধাৰণ বিজ্ঞান | অধ্যায় – 9
ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 9 : বংশগতি আৰু ক্ৰমবিকাশ পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।
প্ৰশ্নাৱলী, Page No – 143
1. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপতি হৈছিল ?
উত্তৰ :- যদিহে অযৌজন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা প্ৰজাতি এটাত ‘A’ চাৰিত্ৰিক বৈশিষ্ট্য 10% দেখা যায় আৰু ‘B’ চাৰিত্ৰিক বৈশিষ্ট্য 60%, তেন্তে ‘B’ চাৰিত্ৰিক বৈশিষ্ট্যবিধ আগতে উৎপত্তি হোৱা বুলি ক’ব পাৰি। কিয়নো B চাৰিত্ৰিক বৈশিষ্ট্যটো অধিক হাৰত প্ৰজাতিবিধত আছে।
2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ?
উত্তৰ :- দ্রুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ ফলত এটা প্ৰজাতি সামগ্রিকভাবে ক্ষতিগ্রস্ত হ’ব পাৰে যদিহে তাৰে মাজৰ কিছুমানে পৰিবৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই নলয় । উষ্ণতা বা জলস্তৰৰ হ্ৰাস-বৃদ্ধি আদি দ্রুত পাৰিপাৰ্শ্বিক পৰিবৰ্তনৰ সৈতে প্ৰজাতিটোক খাপ খুৱাই ৰখাৰ বাবে প্ৰকাৰণে সহায় কৰে আৰু এনেদৰে প্ৰজাতিটোক বচাই ৰাখে।
উদাহৰণস্বৰূপে :- এটা বেক্টেৰিয়াই যদি সাধাৰণ উষ্ণতাত জীয়াই থাকিব পাৰে আৰু গোলকীয় উত্তাপৰ বাবে উষ্ণতা বৃদ্ধি পায়, তেন্তে বেক্টেৰিয়াবিধ বিলুপ্ত হৈ যাব। কিন্তু উষ্ণতা সহিব পৰা বৈসাদৃশ্য চৰিত্ৰই বেক্টেৰিয়াবিধৰ প্ৰজাতিটোক বৰ্তি থকাত সহায় কৰিব।
(বংশগতি আৰু ক্ৰমবিকাশ)
প্ৰশ্নাৱলী, Page No – 147
1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?
উত্তৰ :- মেণ্ডেলে মটৰমাহৰ বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটাই এটা পৰীক্ষা চলাইছিল। দেখা গৈছিল যে প্রথম অপত্য জনু অর্থাৎ F1 ৰ আটাইবোৰ উদ্ভিদেই ওখ আছিল। এই জনুৰ মাজত হোৱা সংকৰণত দ্বিতীয় অপত্য জনু অৰ্থাৎ F2 ৰ আটাইবোৰ ওখ নহৈ এক-চতুর্থাংশ চাপৰ উদ্ভিদ সৃষ্টি হৈছিল। ইয়ে প্ৰমাণ কৰে যে ওখ আৰু চাপৰ গুণ F1 জনুই অৰ্জন কৰিছিল যদিও সেই জনুত কেৱল ওখ গুণটোহে প্ৰকাশ পাইছিল। চাপৰ গুণটো তাত আছিল যদিও দ্বিতীয় অপত্য জনু F2 তহে সেয়া প্রকাশ পাইছিল। গতিকে জনুত প্ৰকাশ পোৱা ওখ গুণটো প্ৰভাৱী চৰিত্ৰ হোৱাৰ বিপৰীতে চাপৰ গুণটো অপ্ৰভাৱী চৰিত্ৰ।
2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?
উত্তৰ :- মেণ্ডেলৰ দ্বি-সংকৰণ (দুটা বিপৰীতধর্মী লক্ষণ) পৰীক্ষাত দেখা যায় যে F1 জনুৰ সকলো লক্ষণেই প্ৰভাৱী অৱশ্যে F1 জনুৰ স্ব-নিষেচনৰ ফলত F2 জনুত এনে কিছুমান লক্ষণ দেখা গৈছিল যিবোৰ তাৰ পিতৃ-মাতৃ (F1) ত প্ৰকাশ পোৱা নাছিল আনকি কেতবোৰ নতুন সংমিশ্রিত বৈশিষ্টহে পৰিস্ফুতঃ হৈছিল। ইয়ে প্ৰমাণ কৰে যে বংশানুক্রমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাৱে প্রবাহিত হয়।
3. ‘A’ গ্ৰুপৰ তেজৰ এজন মানুহে “O” গ্ৰুপৰ মানুহক বিয়া কৰিলে আৰু তেখেত সকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ’ল “O” । এই তথ্যৰ পৰা তোমালোকে “A” আৰু “O” তেজৰ গ্ৰুপৰ কোনটো প্ৰভাবী তাক ঠাৱৰ কৰিব পাৰিবানে ? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা ?
উত্তৰ :- ‘A’ নে ‘O’ কোনটো ব্লাড গ্রুপ প্ৰভাৱী সেই কথা নিৰ্ণয় কৰাৰ বাবে উপৰোক্ত তথ্য যথেষ্ট নহয়। কিয়নো একে পৰিয়ালৰে আন সন্তানৰ ব্লাড গ্রুপ জীয়েকৰ সৈতে একে নহ’বও পাৰে। এই তথ্য আধৰুৱা কিয়নো আমি জীয়েকৰ ভাই-ককাই বা ককা-আইতাকৰ ব্লাড গ্ৰুপৰ কথা নাজানো।
4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?
উত্তৰ :- মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিঙ্গ নির্ধাৰণ কৰা হয় । প্ৰতিটো মানৱ দেহতে 23 যোৰকৈ ক্ৰ’ম’জ’ম থাকে। ইয়াৰ ভিতৰত 22 যোৰা ক্ৰম’জ’ম পুৰুষ মহিলাৰ ক্ষেত্ৰত একে। আনহাতে, 23তম ক্ৰম’জ’ম যোৰ জনন কোষত অৱস্থিত। ইয়াক যৌন ক্র’মজ’ম বুলিও জনা যায়। পুৰুষ-মহিলা ভেদে এই ক্ৰ’ম’জ’ম ভিন্ন হয়। এগৰাকী মহিলাৰ ‘XX’ ক্ৰম’জ’ম থকাৰ বিপৰীতে পুৰুষৰ ‘XY’ ক্ৰম’জ’ম থাকে। এটা সন্তানে মাতৃৰপৰা ‘X’ ক্ৰ’ম’জ’ম পোৱাৰ বিপৰীতে পিতৃৰপৰা ‘X’ বা ‘Y’ক্ৰ’ম’জ’মহে লাভ কৰিব। যদিহে সন্তানটোৱে পিতৃৰ পৰা ‘X’ ক্ৰ’ম’জ’ম লাভ কৰে তেনে সন্তানটো ছোৱালী হ’ব আৰু যদিহে ‘Y’ ক্ৰম’জ’ম গ্ৰহণ কৰে তেন্তে সন্তানটো লৰা হ’ব ।
প্ৰশ্নাৱলী, Page No – 150
1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?
উত্তৰ :-
(i) প্ৰাকৃতিক নিৰ্বাচনৰ আধাৰত আবাদী এটাত নিৰ্দিষ্ট লক্ষণযুক্ত ব্যক্তিৰ সংখ্যাৰ বৃদ্ধি ঘটিব পাৰে।
(ii) জিনীয় পথচ্যুত (Genetic drift), যিয়ে অভিযোজন অবিহনেই জীৱৰ মাজত বৈচিত্ৰৰ সৃষ্টি কৰে।
2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে ?
উত্তৰ :- জীৱনকালত অৰ্জন কৰা চৰিত্ৰসমূহ বংশানুক্রমে সতি-সন্ততিলৈ প্ৰবাহিত নহয়, কিয়নো :-
(i) এই প্ৰক্ৰিয়াত অপ্ৰজননজনিত কলাৰ পৰিৱৰ্তন হয় ৷
(ii) জননকোষৰ ডি এন এলৈ এই চৰিত্ৰ বা লক্ষণ সঞ্চাৰিত নহয় ।
3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?
উত্তৰ :- বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো চিন্তাৰ বিষয় বুলি ভবাৰ কাৰণ হ’ল : কমসংখ্যক জনসংখ্যা মানে কমসংখ্যক প্ৰকাৰণ। কমসংখ্যক প্ৰকৰণ মানে প্রাকৃতিক দুৰ্যোগৰ সময়ত প্ৰজাতিটোৰ বাচি থকাৰ কম সম্ভাৱনা। ফলত প্ৰজাতিটো বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু প্ৰজাতিটোৰ বিৱৰ্তন নহয় ।
প্ৰশ্নাৱলী, Page No – 151
1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?
উত্তৰ :- নতুন প্রজাতি এটাৰ সৃষ্টিত অৰিহণা যোগাব পৰা কাৰকসমূহ হ’ল :
(i) প্রাকৃতিক নির্বাচন
(ii) জিনীয় পথচ্যুত
(iii) উৎপৰিৱৰ্তন
(iv) পাৰিপাৰ্শ্বিক পৰিৱৰ্তন
(v) প্ৰকাৰণ
2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হ’ব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?
উত্তৰ :- নোৱাৰে। কাৰণ, স্ব-পৰাগযোগৰ বাবে একেপাহ ফুল বা একেডাল উদ্ভিদৰ ফুলৰ পুংকেশৰৰ পৰাগধানীৰ পৰা পৰাগৰেণুবোৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাৰ প্ৰয়োজন । সেয়ে স্ব-পৰাগযোগ ঘটা প্ৰজাতি এটাৰ বিকাশৰ ক্ষেত্ৰত ভৌগোলিক পৃথকীকৰণে কোনোধৰণৰ ভূমিকা পালন নকৰে ৷
3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?
উত্তৰ :- নোৱাৰে। কাৰণ, অযৌন প্ৰজননৰ বাবে মাত্র এটা জীৱৰহে প্রয়োজন হয়। ডি এন এ প্রতিলিপিকৰণ সঠিক নোহোৱাৰ ফলতহে প্ৰকাৰণ ঘটে, যিটোক ভৌগোলিক পৃথকীকৰণে বাধা দিব নোৱাৰে ৷
প্ৰশ্নাৱলী, Page No – 156
1. দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।
উত্তৰ :- আমি ভেঁকুলী, মানুহৰ হাত, চৰাইৰ ডেউকাৰ গঠনৰ মাজত মিল থকা দেখা পাওঁ। পৰিৱেশৰ লগত নিজক খাপ খুৱাই ৰখাৰ বাবে এইবােৰৰ বিশেষ বিশেষ পৰিৱর্তন হয়। এই সমসংস্থ অংগবােৰে ইয়াকে প্রমাণ কৰে যে এই প্রজাতিবােৰৰ পূৰ্বপুৰুষসকল একে আছিল আৰু কেৱল জৈৱ ৰূপান্তৰৰ বাবেহে ইহঁতৰ ৰূপান্তৰ ঘটিছে।
2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ?
উত্তৰ :- পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমসংস্থ অংগ বুলি কব পৰা নাযায়। এইবােৰ সমবৃত্তি অংগহে। কাৰণ, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাৰ কাৰ্য একে হলেও ইহঁতৰ গঠন বেলেগ বেলেগ। যেনে- বাদুলিৰ ডেউকা হাড়েৰে গঠিত কিন্তু পখিলাৰ পাখি হাড়েৰে গঠিত নহয়।
3. জীৱাস্মসমূহ কি ? বিবৰ্তন সম্পৰ্কে জীৱাষ্মসমূহে আমাক কি কয় ?
উত্তৰ :- ভূপৃষ্ঠৰ গভীৰ শিলাস্তৰত সােমাই থকা জীৱদেহৰ অবশিষ্ট বা জীৱবােৰে এৰি থৈ যােৱা সাচক জীৱাশ্ম বােলে।
জীৱাশ্মই বিৱৰ্তনৰ সাক্ষ্য বহন কৰে । জীৱাশ্মৰ অধ্যয়ন কৰি আৰু বৰ্তমানৰ প্ৰজাতিৰ সৈতে তেনে জীৱাশ্মৰ তুলনা কৰি জীৱৰ বিৱৰ্তনৰ কথা জানিব পাৰি । তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্ভেদ তথা তাৰ মূল্যায়নো জীৱাশ্মৰ জৰিয়তে কৰিব পাৰি ।
প্ৰশ্নাৱলী, Page No – 158
1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তর্ভুক্ত কিয় ?
উত্তৰ :- সংজ্ঞাৰ ফালৰপৰা প্ৰজাতি হৈছে এনে এটা জীৱগোষ্ঠী যিয়ে নিজৰ মাজত প্ৰজনন কৰি বিৱৰ্তনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰে। এই সংজ্ঞা মানুহৰ ক্ষেত্ৰত খাটে। সেয়ে আকাৰ, বৰণ আৰু দেখাত ভিন্ন হোৱা সত্ত্বেও মানুহক একে প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰা হৈছে।
2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ? কিয় উচ্চ স্তৰৰ?
উত্তৰ :- বিৱৰ্তনৰ ফালৰপৰা বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ মাজত দৈহিক গঠনৰ ভাল-বেয়া তুলনা কৰিব নোৱাৰি। ইয়াত প্ৰতিটোৱে বৰ্তমানৰ জটিল ৰূপ পাবৰ বাবে বিৱৰ্তনৰ মাজেৰে পাৰ হৈ আহিছে। তদুপৰি জটিল দৈহিক গঠনক সৰল দৈহিক গঠনতকৈ দক্ষ বুলিব নোৱাৰি। কিয়নো সৰল দৈহিক গঠনৰ জীৱ যেনে বেক্টেৰিয়াই এনেভাৱে দেহটো বিকশিত কৰিছে যে ই যিকোনোধৰণৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লৈ জীয়াই থাকিব পাৰে ।
অনুশীলনী
1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ অভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হব ?
(a) TTWW
(b) TTww
(c) TtWW
(d) TtWw
উত্তৰ :- (c) TtWW
2. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল-
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা
(d) ওপৰৰ আটাইকেইটা
উত্তৰ :- (d) ওপৰৰ আটাইকেইটা।
3. বিবর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত-
(a) এজন চীনা স্কুলীয়া ছাত্র
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া
উত্তৰ :- (a) এজন চীনা স্কুলীয়া ছাত্র
4. এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ?
উত্তৰ :- নোৱাৰি, পাতল ৰঙৰ চকু থকা পিতৃ-মাতৃৰ শিশুৰ চকুৰ ৰঙ পাতল হ’লেও ইয়াক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰৰ ভিতৰত ধৰিব নোৱাৰি। পাতল বৰণৰ চকুৰ ল’ৰা-ছোৱালীৰ জিনপ্ৰৰূপ LL বা Ll হ’ব যদি পাতল বৰণৰ চকু এটা প্ৰভাবী চৰিত্ৰ হয় বা ll হ’ব যদি পাতল বৰণৰ চকু এটা অপ্ৰভাৱী চৰিত্ৰ হয়। পাতল ৰঙৰ চকুৰ অধিকাৰী শিশুৰ জিনপ্ৰৰূপ LL হব বুলি ধৰিলে পিতৃ-মাতৃৰ জিনপ্ৰৰূপো LL হ’ব । অর্থাৎ :
LL × LL
↓
LL
যদিহে শিশুৰ জিনপ্ৰৰূপ LI তেন্তে পিতৃ অথবা মাতৃৰ জিনপ্ৰৰূপ LI হ’ব লাগিব। যদিহে শিশুৰ জিনপ্ৰৰূপ ll হয়, তেন্তে পিতৃ-মাতৃৰ জিনৰ প্ৰৰূপো ll হ’ব লাগিব । অর্থাৎ :
ll × ll
↓
ll
এনেদৰে, চকুৰ পাতল ৰঙক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰ হিচাপে নিৰ্ণয় কৰিব নোৱাৰি ৷
5. বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে ?
উত্তৰ :- বিৱৰ্তন হৈছে জীৱৰ প্ৰাকৃতিক নির্বাচন, জিনীয় পৰিৱৰ্তন পাৰিপাৰ্শ্বিক পৰিৱৰ্তন আদিৰ ফলত বহুকেইটা প্ৰজন্মৰ মাজেদি জীৱ এটাৰ চাৰিত্ৰিক পৰিৱৰ্তন। আনহাতে, শ্ৰেণীবিভাজন হৈছে জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত ভগোৱা । যিবিলাক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰায় একেধৰণৰ, তেনেবোৰ জীৱ নিকটভাৱে সম্পর্কিত বুলি কোৱা হয় আৰু একে বৈশিষ্ট্যপূৰ্ণ দুবিধ প্ৰজাতিৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰিব পাৰি। এনেদৰে, জীৱৰ শ্ৰেণীবিভাজনে বিভিন্ন প্ৰজাতিৰ মাজত থকা বিবর্তনমূলক যোগসূত্র স্থাপন কৰাত সহায় কৰে ।
6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰ :- যিবােৰ অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্রায় একেই কিন্তু কার্যৰ ফালৰ পৰা বেলেগ তেনেবােৰ অংগকে সমসংস্থ অংগ বােলে। উদাহৰণ চৰাইৰ ডেউকা, ভেকুলীৰ আগ ঠেং।
যিবােৰ অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন ভিন কিন্তু কার্যৰ ফালৰ পৰা প্ৰায় একেই তেনেবিলাক অংগকে সমবৃত্তি অংগ বােলে। উদাহৰণ-পখিলাৰ পাখি, বাদুলিৰ ডেউকা।
7. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।
উত্তৰ :- এটা ৰঙা মতা কুকুৰ আৰু এটা বগা মাইকী কুকুৰৰ মাজত মিলন ঘটাবলৈ দিয়া হ’ল। এতিয়া পােৱালীবােৰৰ ৰং মন কৰা হ’ল। যদি পােৱালী ৰঙা ৰঙৰ হয় তেন্তে বগা ৰং সাপেক্ষে ৰঙা ৰং প্ৰভাৱী হব।
8. বিবৰ্তন প্ৰক্ৰিয়াত জীৱাস্মৰ গুৰত্ব সম্বন্ধে ব্যাখ্যা কৰা।
উত্তৰ :- জীৱাশ্মই বিৱৰ্তনৰ সাক্ষ্য বহন কৰে । জীৱাশ্মৰ অধ্যয়ন কৰি আৰু বৰ্তমানৰ প্ৰজাতিৰ সৈতে তেনে জীৱাশ্মৰ তুলনা কৰি জীৱৰ বিৱৰ্তনৰ কথা জানিব পাৰি । তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্ভেদ তথা তাৰ মূল্যায়নো জীৱাশ্মৰ জৰিয়তে কৰিব পাৰি ।
9. কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?
উত্তৰ :- পৃথিৱীত জীৱৰ জন্ম সৰল অজৈব অণুৰ পৰাই আৰম্ভ হৈ পিছৰ জীৱনত প্রয়ােজনীয় জৈব অণুলৈ ৰূপান্তৰিত হৈছিল। ৰাসায়নিক সংশ্লেষণৰ ফলত আদিম যুগত জীব সৃষ্টি হৈছিল। এমনিয়া, মিথেন আৰু হাইড্রজেন ছালফাইড পানীত 100°C উষ্ণতাত তাৰ মাজেৰে পােহৰৰ ৰশ্মি পাৰ হৈ যাবলৈ দিয়াত মিথেন প্রায় 15% কার্বনৰ সৰল অণু এমিন এছিডলৈ ৰূপান্তৰিত হয় আৰু প্ৰটিন অণু গঠন কৰে। ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে, জীৱৰ উৎপত্তি অজৈব অণুৰ পৰাই হৈছিল। এইদৰে শকৰা, প্ৰটিন নিউক্লিক এছিড আদি জৈবযৌগৰ সংমিশ্রণ আদি ভাইৰাচৰ নিচিনা নিউক্লিয় প্রটিন কণিকাৰ সৃষ্টি হয়।
10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰ :- অযৌন প্ৰজননতকৈ যৌন প্ৰজননত বেছি বিকাশসহ ভিন্নতা সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক। কিয়নো এনে প্ৰজননত দুটা জীৱ প্রয়োজন হয় যিয়ে অপত্যৰ সৃষ্টিত অৰিহণা যোগায়। এই অপত্যই পিতৃ-মাতৃ দুয়োৰে পৰা চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰে। আনহাতে অযৌন প্ৰজননত মাত্ৰ এটাহে জীৱই অংশগ্ৰহণ কৰে, সেয়ে যি প্ৰকাৰণ সৃষ্টি হয় সেয়া ডি. এন. এ প্ৰতিলিপিকৰণৰ ক্ৰুটিৰ ফলতহে হয়। সেয়ে এনে প্ৰকাৰণ তিষ্ঠি থাকিব নোৱাৰিবও পাৰে ।
যৌন প্ৰজনন পদ্ধতিৰে বংশবিস্তাৰ কৰা জীৱৰ ক্ষেত্ৰত প্ৰকাৰণে এনে জীৱৰ বিৱৰ্তনত প্ৰভাৱ বিস্তাৰ কৰে কিয়নো ই –
(i) পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাব পৰাকৈ জীৱবিধক অভিযোজন কৰাত সহায় কৰে ।
(ii) প্রজাতিবিধক বিলুপ্ত হোৱাৰ পৰা বচায় ৰাখে ।
(iii) প্ৰজাতিবিধৰ বাচি থকাৰ সম্ভাৱনা বাঢ়ে ।
11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?
উত্তৰ :- যৌন প্ৰজননত অপত্য জীৱত পিতৃ-মাতৃয়ে জিনীয় গুণ সঞ্চাৰণ কৰাত সমভাৱে অৰিহণা যোগায়। জিনবিলাক ক্ৰম’জ’ম হিচাপে স্বতন্ত্রভাৱে থাকে। প্ৰতিটো মানৱ দেহতে 23 যোৰকৈ ক্ৰ’ম’জ’ম থাকে। ইয়াৰে 22 যোৰ সঠিকভাৱে যোৰা পাতি থাকে আৰু অপত্যৰ চাৰিত্ৰিক গুণ নিৰ্ধাৰণ কৰে। আনহাতে 23 নং ক্ৰ’ম’জমযোৰে অপত্যৰ লিংগ নিৰ্ধাৰণত সহায় কৰে। প্রত্যেক জনন কোষে অৰ্থাৎ পুংজনন কোষ আৰু স্ত্ৰীজননকোষে 23 ডালকৈ ক্ৰ’ম’জ’ম আহৰণ কৰে। শুক্রাণু আৰু ডিম্বাণু লগ লাগিলে অপত্যৰ ক্ৰম’জ’মৰ সংখ্যা নিৰ্ধাৰিত হয় আৰু প্ৰজাতিবিধৰ ডি. এন. এৰ সুস্থিৰতা নিশ্চিত হয়। ইয়ে অপত্যলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সমান অৱদান সঞ্চাৰণ হোৱাটো নিশ্চিত কৰে।
12. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে।‘ এই উক্তিৰ সৈতে একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?
উত্তৰ :- এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে কিয়নো এয়া প্ৰাকৃতিকভাৱে নিৰ্বাচিত। এনে প্ৰকাৰণে প্ৰজাতিটোক পৰিৱেশৰ সৈতে খাপ খুৱাই ৰখাত সহায় কৰে আৰু এই প্ৰকাৰণ ক্ৰমান্বয়ে অপত্য জনুলৈ সঞ্চাৰিত হয়। উদাহৰণস্বৰূপে ৰঙা গুবৰুৱাৰপৰা সেউজীয়া গুৱৰুৱাৰ উদ্ভৱ হোৱাৰ কথা বিবেচনা কৰিব পাৰি। এই ৰঙটোৱে সিহঁতক চিকাৰী কাউৰীৰ দৃষ্টিগোচৰ নোহোৱাকৈ ৰখাৰ ফলত বাচি থকা সম্ভাৱনা বঢ়ায় তোলে।
অতিৰিক্ত প্ৰশ্নোত্তৰ
Q. বংশগতি কাক বােলে? বংশগতিৰ পিতৃ বুলি কাক জনা যায়?
Ans :- যি প্ৰক্ৰিয়াৰে এটা জনুৰ পৰা আন এটা জনুলৈ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ স্থানান্তৰ হয় তাকে বংশগতি বোলে।
বংশগতিৰ পিতৃ বুলি গ্রেগ’ৰ জোহান মেণ্ডেলক কোৱা হয়।
Q. সংকৰণ পৰীক্ষা কাক বােলে ?
Ans :- একে প্রজাতিৰ বিপৰীতধর্মী বিশিষ্ট কিন্তু বিশুদ্ধ গুণ থকা জীৱৰ মাজত কৰা সংগম পৰীক্ষাক সংকৰণ পৰীক্ষা বােলে।
Q. চাৰিত্ৰিক বৈশিষ্ট্য আহৰণৰ সূত্ৰ কোনে আগবঢ়াইছিল ?
Ans :- গ্ৰেগৰ জোহান মেণ্ডেল।
Q. এটা কোষত প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে কোনে তথ্য যোগান ধৰে ?
Ans :- ডি. এন এ. (DNA)।
Q. জিনৰ গোটবোৰ স্বাধীনভাৱে কি ৰূপত থাকে ?
Ans :- ক্ৰম’জ’ম।
Q. মানৱ দেহত কিমানযোৰ ক্ৰ’ম’জ’ম থাকে ?
Ans :- 23 যোৰ ।
Q. জীৱৰ উৎপত্তি অজৈৱ কণাৰ পৰা হোৱা বুলি কোনে মতবাদ আগবঢ়াইছিল ?
Ans :- জে. বি. এছ হেলডেনে।
Q. বিৱৰ্তনৰ মতবাদ কোনে আগবঢ়াইছিল ?
Ans :- চাৰ্লছ ডাৰউইনে।
Q. ডি এন এ ৰ পৰিৱৰ্তন ধৰা পেলাব পৰা প্ৰক্ৰিয়াৰ নাম কি ?
Ans :- আণৱিক বংশবৃত্তান্ত।
Q. মানুহৰ প্ৰজাতিৰ নাম কি ?
Ans :- হম’ চেপিয়েনছ।
Q. মানৱ প্ৰজাতিৰ আদিম বাসিন্দাৰ সন্ধান ক’ত পোৱা গৈছে?
Ans :- আফ্রিকা মহাদেশত ।
Q. পুৰুষ আৰু মহিলাৰ যৌন ক্ৰ’ম’জম কেনেদৰে চিনাক্ত কৰা হয় ?
Ans :- পুৰুষৰ ক্ষেত্ৰত XY আৰু মহিলাৰ ক্ষেত্ৰত XX ।
Q. মেণ্ডেলৰ দ্বি-সংকৰ অনুপাত উল্লেখ কৰা ।
Ans :- 9:3:3:1
Q. জিন ক’ত অৱস্থিত ?
Ans :- ক্ৰম’জ’মত।
Q. প্ৰভাৱী লক্ষণ কি?
Ans :- প্ৰভাৱী লক্ষণ হৈছে পিতৃ-মাতৃৰ পৰা অৰ্জন কৰা লক্ষণ যি অপত্য জনুত প্ৰকাশ পায়। উদাহৰণস্বৰূপে ওখ গছৰ (TT) লগত চাপৰ গছ (tt) ৰ সংকৰণ কৰিলে সকলো অপত্য ওখ (Tt) হয়। ইয়াত T হৈছে প্ৰভাৱী লক্ষণ ।
Q. অপ্ৰভাৱী লক্ষণ কি?
Ans :- অপ্ৰভাৱী লক্ষণ হৈছে পিতৃ-মাতৃৰ পৰা অৰ্জন কৰা লক্ষণ যি অপত্য জনুত প্ৰকাশ নাপায় উদাহৰণস্বৰূপে ওখ গছৰ (TT) লগত চাপৰ গছৰ (tt) সংকৰণ কৰিলে সকলো অপত্য ওখ (Tt) হয়। ইয়াত t হৈছে অপ্ৰভাৱী লক্ষণ ।
Q. ডি এন এ কি?
Ans :- এটা কোষত প্ৰ’টিন তৈয়াৰ কৰাৰ বাবে তথ্যৰ যি ভঁৰাল থাকে তাক ডিঅক্সিৰাইব’ নিউক্লিক এছিড (DNA) বোলা হয়।
Q. জিন কি?
Ans :- জিন হ’ল ডি এন এৰ এটা খণ্ড যিয়ে প্ৰ’টিনৰ বাবে তথ্য যোগান ধৰে। ই লক্ষণ বা চৰিত্ৰ নিয়ন্ত্ৰণ কৰে ।
Q. ক্ৰ’ম’জম কি?
Ans :- ক্ৰ’ম’জম হ’ল ডি. এন. এৰ এটা অংশ যিয়ে পিতৃ-মাতৃৰপৰা অপত্য জনুলৈ জিন কঢ়িয়ায় লৈ যায়। মানৱ দেহত ক্ৰম’জ’মৰ সংখ্যা 23 যোৰ ৷
Q. বিৱৰ্তন সম্বন্ধীয় যোগসূত্ৰ নিৰ্ণয় কৰাৰ বাবে কি সঁজুলি ব্যৱহাৰ কৰা হয় ?
Ans :- বিৱৰ্তন সম্বন্ধীয় যোগসূত্ৰ নিৰ্ণয় কৰাৰ বাবে ব্যৱহাৰ কৰা সঁজুলি হ’ল : খনন কাৰ্য, সময় নিৰূপণ, জীৱাশ্ম অধ্যয়ন, DNA সূত্র নির্ণয় ইত্যাদি ।
Q. অযৌন প্ৰজননত কি কাৰকে পিতৃ-মাতৃ আৰু অপত্যৰ মাজত ভিন্নতা সৃষ্টি কৰে ?
Ans :- অযৌন প্ৰজননত ডি এন এ প্রতিলিপিকৰণৰ ত্ৰুটিয়ে পিতৃ-মাতৃ আৰু অপত্যৰ মাজত সামান্য ভিন্নতা সৃষ্টি কৰে ।
Q. মানুহৰ ক্ষেত্ৰত অপত্যৰ লিংগ কেনেদৰে নিৰ্ধাৰণ কৰা হয়?
Ans :- মানুহৰ ক্ষেত্ৰত জিনৰ যোগেদি লিংগ নিৰ্ধাৰণ কৰা হয়।
Q. এটা প্ৰাণীৰ নাম লিখা যাৰ ডিম্ব নিষিক্ত হোৱা উষ্ণতাৰ ভিত্তিত সন্তানৰ লিংগ নিৰ্ধাৰণ কৰা হয় ৷
Ans :- কুম্ভীৰ
Q. মেণ্ডেলে মটৰমাহৰ গছহে পৰীক্ষাৰ বাবে বাছি লোৱাৰ কাৰণ উল্লেখ কৰা ৷
Ans :- মেণ্ডেলে মটৰমাহৰ গছহে পৰীক্ষাৰ বাবে বাছি লোৱাৰ কাৰণসমূহ হ’ল :
(i) মটৰমাহৰ জীৱনকাল চুটি।
(ii) মটৰমাহে স্ব-পৰাগযোগ কৰিব পাৰে ।
(iii) ইহঁতৰ ফুলবোৰৰ আকাৰ ডাঙৰ ৷
Q. কোন উদ্ভিদৰ পৰা আৰু কি প্ৰক্ৰিয়াৰে বন্ধাকবি, ব্ৰক’লি আৰু ফুলকবিৰ বিৱৰ্তন হৈছে?
Ans :- বন্ধাকবি, ব্ৰক’লি আৰু ফুলকবি বনৰীয়া বন্ধা কবিৰ পৰা কৃত্ৰিম নিৰ্বাচনৰ দ্বাৰা সৃষ্টি হৈছে।
Q. কিয় যৌন প্ৰজননত অধিক ভিন্নতাৰ সৃষ্টি হয় ?
Ans :- যৌন প্ৰজননত দুটা পৃথক আৰু বিপৰীত লিংগৰ জীৱই অপত্যৰ ডি. এন. এৰ গঠন প্ৰক্ৰিয়াত ভাগ লয় বাবে নতুন জনুত ভিন্নতাই দেখা দিয়াৰ সম্ভাৱনা বাঢ়ি যায়। আনহাতে, অযৌন প্ৰজননত নতুন জনুৰ ডি. এন. এ. গঠনত মাত্ৰ এটা জীৱই ভাগ লয় । ফলত প্ৰকাৰণৰ সম্ভাৱনা ক্ষীণ হৈ পৰে। অযৌন প্ৰজননত যি সামান্য প্ৰকাৰণে দেখা দিয়ে সেয়া ডি. এন. এ প্ৰতিলিপিকৰণৰ ত্ৰুটিৰ ফলতহে হয়। এনেদৰে যৌন প্রজননে অধিক ভিন্নতাৰ সৃষ্টি কৰে ।
Q. আৰ্জিত লক্ষণসমূহ বংশানুক্রমিক নহয় কিয় ?
Ans :- আৰ্জিত গুণ হৈছে সেইবোৰ যি জীৱ এটাই জীৱনকালত পাৰিপাৰ্শ্বিক পৰিৱেশৰ সৈতে অভিযোজন কৰাৰ বাবে ব্যক্তিগতভাৱে আহৰণ কৰে । এনে পৰিৱৰ্তন অপ্ৰজনন কলাৰ ক্ষেত্ৰত হয় বাবে ই জননকোষৰ ডি. এন. এৰ পৰিৱৰ্তনৰ লগত জড়িত নহয় । সেয়ে আর্জিত লক্ষণ বংশানুক্রমিক নহয় আৰু ই বিৱৰ্তনত প্ৰভাৱ নেপেলায় ৷
Q. জীৱাশ্মসমূহ কি ?
Ans : জীৱাশ্মসমূহ হল কঠিন শিলাস্তৰৰ মাজত ৰৈ যোৱা জীৱৰ অৱশেষ।
বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় 1 : ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় 4 : কাৰ্বন আৰু তাৰ যৌগ
অধ্যায় 5 : মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় 7 : নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় 8 : জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় 9 : বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় 10 : পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী