| |

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 16

ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 16 : প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।

প্ৰশ্নাৱলী, Page No- 269

1. পৰিবেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?

Ans :-

(i) ব্যৱহাৰ কৰি নথকা অৱস্থাত বিজুলীবাতি, পাংখা আদি বন্ধ ৰখা।

(ii) বিদ্যালয়,অফিচ-কাৰ্যালয় আদিলৈ অহা-যোৱাৰ বাবে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা।

iii) বিজুলীবাতি বা টিউব লাইটৰ সলনি চি. এফ. এলৰ ব্যৱহাৰ ।

(iv) জৈৱ-নিম্নীকৰণ আৰু জৈৱ-অনিম্নীকৰণ আৱৰ্জনাৰ পৃথকে পৃথকে ব্যৱস্থাপনা।

(v) গা-ধোৱা বা কাপোৰ ধোৱা পানী শৌচাগাৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা।

(vi) প্লষ্টিকৰ মোনাৰ ব্যৱহাৰ পৰিহাৰ কৰা।

(vii) এপিঠিত লিখা কাগজ পেলাই নিদি ওলোটা পিঠি তালিকা আদি লিখিবৰ বাবে ব্যৱহাৰ কৰা, খাম ওলোটাই লৈ পুনঃব্যৱহাৰ কৰা আৰু কাগজ অপচয় নকৰা।

(viii) গ্ৰীষ্মকালত গা-ধোৱাৰ বাবে গৰম পানী ব্যৱহাৰ নকৰা।

(ix) খাদ্য অপচয় নকৰা।

2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে? 

Ans :- ক্ষন্তেকীয়া উদ্দেশ্য আগত ৰাখি সম্পদ আহৰণ কৰাৰ সুবিধাসমূহ হ’ল :

(i)বৃহৎসংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ হ’ব।

(ii) বৰ্তমান প্রজন্মৰ প্ৰয়োজন পূৰণ হ’ব।

(iii) ওঁদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ হ’ব।

(iv) বৃহৎ মুনাফা হ’ব।

3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পার্থক্য কৰিবা? 

Ans :- হ্রস্বম্যাদী উদ্দেশ্যেৰে আৰু দীৰ্ঘম্যাদী উদ্দেশ্যেৰে সম্পদ ব্যৱস্থাপনা কৰাৰ সুবিধাসমূহৰ মাজৰ পাৰ্থক্য হলঃ

হ্রস্যম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনাদীর্ঘম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা
বৰ্তমান প্ৰজন্মৰহে প্ৰয়োজন পূৰাব, ভৱিষ্যৎ প্ৰজন্মলৈ নাথাকিব।যথোচিত ব্যৱহাৰৰ ফলত বৰ্তমান প্ৰজন্মৰ প্রয়োজনীয়তা পূৰোৱাৰ উপৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবেও সংৰক্ষিত হ’ব।
ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ
সমবিতৰণ নহয় ।
ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সম আৰু সুষম বিতৰণ।
সংৰক্ষণ সম্ভৱ নহয়।ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষিত হয়।
আৱৰ্জনা ব্যৱস্থাপনা কৰা নহয় ৷আবর্জনা এনেভাৱে ব্যৱস্থাপনা কৰা হয় যাতে পৰিবেশ প্ৰদূষিত নহয় ।
অধিক হাৰত ব্যৱহাৰ হয় ।বহনক্ষম ব্যৱহাৰ হয় ।

4. সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?

Ans :- ধন বা কর্তৃত্ব নির্বিশেষে পৃথিৱীৰপৰা আহৰণ কৰা মূল্যৱান প্রাকৃতিক সম্পদসমূহ যাতে সকলো লোকৰ বাবে সমানে উপলব্ধ হয় সেয়া সুনিশ্চিত কৰাৰ বাবে সম্পদৰ সম আৰু ভাৰসাম্যযুক্ত বিতৰণ খুবেই প্রয়োজনীয়। প্রতিজন ব্যক্তিৰে প্রাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ আছে। সেয়ে, সুবিধাসমূহ ধনী-দুখীয়া দুয়োটা শ্ৰেণীয়ে যাতে সমভাৱে পায় আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাব পাৰে, তাৰবাবেই ই জৰুৰী।

আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰি থকা শক্তিসমূহ হ’ল :

(i) ধনিক শ্ৰেণীৰ খ্যাতি

(ii) ক্ষমতাশালী লোকৰ কৰ্তৃত্ব

(iii) দুৰ্নীতি

(iv) ধনৰ লোভ ইত্যাদি

প্ৰশ্নাৱলী, Page No- 273

1. বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? 

Ans :- কাৰণ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, যেনেঃ

(i) জৈৱ-বৈচিত্ৰ্য অটুট ৰাখি পৰিস্থিতিতান্ত্রিক ভাৰসাম্য বজাই ৰখাত।

(ii) বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ প্ৰজাতি সংৰক্ষণত।

(iii) মানুহ আৰু অন্যান্য প্ৰাণীৰ খাদ্য আৰু আশ্ৰয় যোগানত।

(iv)বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত।

(v) কাঠখৰি, বিভিন্ন কেঁচামাল যেনে- চিল্ক, লা, মৌ, কাঠ, ওষধ, চামৰা আদি লাভ কৰাত।

(vi) বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগোৱাৰ ক্ষেত্ৰত।

(vii) ভূ-জল পাবৰ বাবে, বানপানীৰ প্ৰাবল্য, ভূমি অৱক্ষয় ৰোধৰ বাবে ইত্যাদি।

(viii) পৰিস্থিতিতন্ত্ৰ স্বাভাৱিক ৰূপত কাৰ্যকৰী হৈ থকাৰ ক্ষেত্ৰত।

(ix) ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত

2. বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।

Ans :-

বনাঞ্চল সংৰক্ষণৰ বাবে তলত দিয়া ধৰণৰ পদক্ষেপ গ্রহণ কৰিব পৰা যায়ঃ

(i) বাণিজ্যিক উদ্দেশ্যত গছ কটা বন্ধ কৰা।

(ii) বনানীকৰণ কৰা।

(iii) বনাঞ্চল ধংস আৰু জীৱ-জন্তু চিকাৰ বন্ধ কৰাৰ বাবে কঠোৰ চৰকাৰী আইন প্ৰণয়ন কৰা৷

(iv) বনাঞ্চল ৰক্ষাৰ বাবে স্থানীয় লোকক উৎসাহযোগোৱা।

(v) সাৱধানতাৰে বনজুই আৰু অত্যধিক পশুচাৰণবন্ধ কৰা।

(vi) ইন্ধনৰ বাবে প্ৰাকৃতিক উৎস যেনে- খৰি, কয়লাআদি ব্যৱহাৰ কৰিব লাগে আৰু পৰাপক্ষত অক্ষয়িফণুশক্তি উৎস যেনে- সৌৰশক্তি, বায়ু শক্তিআদিৰ প্রয়োগ কৰিব লাগে।

(vii) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে সামাজিকবনানীকৰণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।

(viii) কৃষিবনানীকৰণ পদ্ধতি প্ৰয়োগ কৰি একেডোখৰমাটিতে কৃষি,বনানীকৰণ আৰু পশুপালনৰ ব্যৱস্থা কৰিব লাগে।

(ix) সংকটাপন্ন আৰু বিপন্ন প্রাণী সংৰক্ষণ কৰাৰলগতে বন্যপ্ৰাণী তথা প্রজাতিসমূহক সুৰক্ষা দিব লাগে।

(x) উদ্ভিদকুল আৰু প্রাণীকুলৰ সংৰক্ষণৰ বাবে”বৈজ্ঞানিক গৱেষণাৰ পৃষ্ঠপোষকতা কৰিব লাগে৷

প্ৰশ্নাৱলী, Page No- 276

1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।

Ans :- পৰম্পৰাগত জল ব্যৱস্থাপনাৰ পদ্ধতিসমূহ হ’ল

(1) পুখুৰী,হ্ৰদ বা খাল আদি খন্দা।

(2) বৰষুণৰ পানী সংৰক্ষণৰ বাবে শিলৰ জলাশয় স্থাপন।

(3) বান্ধ আৰু নলা খন্দা।

(4) জলাধাৰ নিৰ্মাণ।

(5) নৈ-নিজৰা মানৱসৃষ্ট নলাৰে বোৱাই অনা।

(6) চালৰ পানী ধৰি সংৰক্ষণ কৰা ।

2. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা।

Ans :- পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চল বা মালভূমি অঞ্চলৰ মাজৰ পাৰ্থক্যসমূহ হ’ল :

পাহাৰ অঞ্চলৰ পানী সঞ্চয়ন পদ্ধতিসমতল বা মালভূমি পানী সঞ্চয়ন পদ্ধতি
পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত পানীৰ আধাৰ স্থাপন কৰা হয় যাতে বৈ অহা পানী
তাত জমা হয়।
প্রধানতঃ অর্ধচন্দ্ৰাকৃতিৰ মাটিৰ বান্ধ, নাইবা চাপৰ পোন কংক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা “চেক ডামচ” সাধাৰণতে বোৱতী পানীয়ে কৰা দ জানত নিৰ্মাণ কৰা হয় ৷
পাহাৰীয়া অঞ্চলত পানী কমকৈ বাষ্পীভৱন হয় বাবে পানী প্রায় সকলো ঋতুতে সংগ্রহ কৰিব পাৰি ।বাৰিষাকালৰ পিছতে পানী শুকাব ধৰে।
কঠিন শিলাৰে গঠিত বাবে প্ৰায় ভাগ ঠাইতে পানী ভূ-গর্ভস্থ হ’ব নোৱাৰে।বান্ধে কেৱল পানী ধৰি নাৰাখে, ই ভূ-গৰ্ভৰ পানী উদজীৱিত কৰে।
নলা, বাহৰ নলা আৰু অন্যান্য পদ্ধতিৰে পানী এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰা হয় ।যিহেতু পানী ভূ-গর্ভস্থ হয়, সেয়ে বৃহৎ এলেকাত
উপলব্ধ হয় ৷
উদাহৰণ : মেঘালয়ৰ বাহৰ নলী, হিমাচল প্ৰদেশৰ কোল্‌হউদাহৰণ : তামিলনাডুৰ এৰিচ, ৰাজস্থানৰ খাদিন।

3. তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পাইনে?

Ans :- চহৰ অঞ্চলত বিচাৰি পোৱা পানীৰ কেতবোৰ উৎস হ’লঃ

(1) ভূ-গৰ্ভস্থ পানী

(2) পৌৰনিগমে যোগান ধৰা পানী

(3) হেণ্ড-পাম্প

গ্ৰামাঞ্চলত বিচাৰি পোৱা পানীৰ উৎস কেতবোৰ হ’ল:

(1) পুখুৰী

(2) হ্ৰদ

(3) সামূহিক কুঁৱা।

চহৰ অঞ্চলত এনে উৎসসমূহেই যথেষ্ট। কিন্তু তথাপি নাটনি হ’লে পৌৰনিগমে নলী আৰু টেংকেৰে পানীৰ যোগান ধৰে। আনহাতে, গ্ৰামাঞ্চলত উক্ত উৎসসমূহে সকলোৰে চাহিদা পূৰণ কৰে। কিন্তু খৰালি পানী শুকাই যায়। সেয়ে পানীৰ নাটনি দেখা যায়। তাৰ ফলত মানুহ পানী স্থানীয় বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব লগা হয়।

অনুশীলনী – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

1. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামর্শ আগবঢ়াবা?

Ans :- ঘৰখনত তলত দিয়া ধৰণে পদক্ষেপ লৈ পৰিৱেশ হিতৈষী হ’ব পাৰিঃ

(i) পলিথিনৰ সলনি মৰাপাট, কাগজ আৰু কাপোৰৰ বেগ ব্যৱহাৰ ।

(ii) বাল্ব, টিউব লাইটৰ সলনি চি. এফ. এল. ব্যৱহাৰ ।

(iii) টেপ আৰু পাইপত হোৱা ফাঁট বা সুৰুঙা মেৰামতি কৰা।

(iv) গা-ধোৱা পানী গৰম কৰাৰ বাবে সৌৰশক্তিৰ ব্যৱহাৰ কৰা।

(v) জৈৱ-নমনীয় আৰু জৈৱ-অনমনীয় আৱৰ্জনা

(vi) বৈদ্যুতিক সামগ্রী যেনে বাতানুকুল যন্ত্র, শীতলীকাৰক যন্ত্ৰ, গিজাৰ, হিটাৰ আদি উচ্চ বিদ্যুৎ ৰাহি কৰা প্ৰযুক্তিৰে নিৰ্মিত হ’ব লাগে ।

(vii) গা-ধোৱা আৰু কাপোৰ ধোৱাৰ বাবে ব্যৱহাৰ কৰা পানী শৌচাগাৰ চাফা কৰা কামত ব্যৱহাৰ কৰা ।

(viii) ৰাসায়নিক সাৰৰ সলনি বাগিচাত জৈৱ সাৰ ব্যৱহাৰ কৰা।

2. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্ত্তনৰ পৰামৰ্শ দিবা? 

Ans :- বিদ্যালয়ত পৰিৱেশৰ হিতৈষী পৰিৱেশ গঢ়ি তুলিবৰ বাবে ল’ব পৰা পদক্ষেপসমূহ হ’ল:

(i) খেলপথাৰ, কৰিড’ৰ আদিৰ দাঁতিত গছ ৰোৱা । ইয়ে কেৱল অক্সিজেনেই যোগান নধৰে, ছাঁ দিয়াৰ ওপৰি নান্দনিক দৃশ্য গঢ়ি তুলিব ।

(ii) লাইট আৰু পাংখা আদি প্ৰয়োজন নহ’লে বন্ধ কৰি থোৱা ।

(iii) শৌচাগাৰ, টেপ আদিত পানীৰ অপচয় বন্ধ কৰা, পানীযোগান ব্যৱস্থাৰ সঁজুলিসমূহ সঘনে মেৰামতি কৰা ইত্যাদি পৃথকে মজুত কৰা।

(iv) জৈৱ-অৱনমনীয় আৰু অজৈৱ-অৱনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা।

(v) বিদ্যুৎ শক্তিৰ বাবে সৌৰশক্তি সংগ্ৰহৰ ব্যৱস্থা কৰা।

(vi) বিদ্যালয়ত প্লাষ্টিকৰ ব্যৱহাৰ নিষেধ কৰা ।

3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ, বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?

Ans :- বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত চাৰিটা অংশীদাৰ হ’ল :

(i) স্থানীয় লোক

(ii) বন বিভাগ

(iii) উদ্যোগপতি

(iv) বন্যপ্ৰাণী আৰু প্ৰকৃতি সচেতন লোক ।

এই সকলোৰে ভিতৰত স্থানীয় লোক যিয়ে বনাঞ্চলৰ আশে-পাশে বাস কৰে তেওঁলোকৰে বনাঞ্চলৰ উৎপাদিত সামগ্ৰীৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত। দেখা যায় যে বনাঞ্চলত বাস কৰা লোকসকলে বহু শতিকাজুৰি বহনক্ষম উপায়েৰে বনজ সম্পদ ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট নকৰে। তাৰ বিপৰীতে তেওঁলোকে প্ৰয়োগ কৰা জীৱন ধাৰণ শৈলীয়ে পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য অটুট ৰখাতহে সহায় কৰে। তেওঁলোকে এনেধৰণৰ পদ্ধতি বিকাশ কৰিছে যে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ সামৰ্থ্যৰ সৈতে আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ বাবেহে তেওঁলোকে সম্পদৰ ব্যৱহাৰ কৰে ।

সি যি কি নহওক, কেৱল স্থানীয় লোককে সম্পূর্ণ দায়িত্ব বা কৰ্তৃত্ব দিয়াটো যুগুত নহয়। সেয়ে বনজ সম্পদৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষৰ হস্তক্ষেপ অতি আৱশ্যকীয় ।

4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা :

(a) বন্যপ্রাণী আৰু বনাঞ্চল

(b) জল সম্পদ

(c) কয়লা আৰু পেট্ৰ’লিয়াম

Ans :- তলত দিয়া ব্যৱস্থাসমূহ ল’ব পৰা যায় :

[I] বন্যপ্ৰাণী আৰু বনাঞ্চল :

(a) জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া।

(b) নিৰ্বিচাৰভাৱে গছ কটা বন্ধ কৰা ।

(c) বনানীকৰণৰ যোগেদি বন্যপ্ৰাণীৰ বাসস্থানক সুৰক্ষা দিয়া।

(d) বন্যপ্রাণী চিকাৰ কৰা লোকক বাধা দিয়া

(e) অনুষ্ঠান আদিৰ জৰিয়তে মানুহৰ মাজত বন্যপ্ৰাণী আৰু বনাঞ্চলৰ গুৰুত্ব সম্পর্কে সজাগতা সৃষ্টি কৰা ।

[II] জলসম্পদ :

(a) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰখা আৰু পানী যোগান ব্যৱস্থাৰ সকলো সামগ্রী সঘনে মেৰামতি কৰা।

(b) খোৱাৰ উপযোগী পানী কেৱল পেয় জল হিচাপে ব্যৱহাৰ কৰা ।

(c) গৰু-ছাগলী আদিক নদী বা পুখুৰী আদিত নমাই গা ধুৱোৱাত গৰাকীক বাধা দিয়া ।

(d) জলসম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা ।

(e) কাপোৰ ধোৱা আৰু গা-ধোৱা পানী শৌচাগাৰ আদি চাফা কৰাত ব্যৱহাৰ কৰা ।

[II] কয়লা আৰু পেট্ৰ’লিয়াম :

(a) বাল্বৰ সলনি ফ্লুৰ’চেণ্ট লাইট আৰু চি. এফ. এলৰ ব্যৱহাৰ ।

(b) অপ্রয়োজনীয় বৈদ্যুতিন সামগ্ৰী বন্ধ ৰখা।

(c) মটৰ চাইকেলৰ পৰিৱৰ্তে কম দূৰত্ব যাবৰ বাবে খোজকঢ়া বা চাইকেল চলোৱা (

d) শক্তিৰ বিকল্প উৎস যেনে- সৌৰশক্তি আৰু বায়ু শক্তিৰ ব্যৱহাৰ ।

5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্রাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?

Ans :- বিভিন্ন প্রাকৃতিক সম্পদ ব্যয় নিয়ন্ত্ৰণলৈ আনিবৰ বাবে তলত দিয়া ধৰণে পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় :

(i) লাইট, পাংখা, ফোনৰ চাৰ্জাৰ আদি ব্যৱহাৰ নকৰা অৱস্থাত বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰি ৰখা। অপ্রয়োজনীয়ভাৱে ফোন চার্জত নিদিয়া ৷

(ii) প্ৰয়োজনতকৈ অধিক পানী খৰচ নকৰা । যেনেঃ গা ধুবৰ বাবে শ্বাৱাৰ ব্যৱহাৰ নকৰা, ব্ৰাছ কৰি থকা সময়ত পানীৰ টেপ খুলি নোথোৱা ইত্যাদি।

(ii) প্রয়োজনতকৈ অধিক খাদ্য কাঁহীত নলৈ অপচয় বন্ধ কৰা ।

(iv) বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰ অপচয় কমোৱা ।

(v) বাতৰি কাকত, ভগা পুতলা, প্লাষ্টিকৰ মোনা আদি পৃথকে পৃথকে থৈ পুনঃব্যৱহাৰযোগ্য কৰা ।

(vi) ব্যৱহৃত খাম ওলোটাই পুনৰ ব্যৱহাৰ কৰা, কলমত ৰিফিল ভৰোৱা, পুৰণা কাপোৰ পেলাই নিদি দান কৰা ইত্যাদি।

(vii) কম দূৰত্ব অতিক্ৰমৰ বাবে এলিভেটৰৰ পৰিৱৰ্তে খটখটী ব্যৱহাৰ কৰা ।

(viii) স্কুল বাছত অহা-যোৱা কৰা ।

6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্ৰস্তুত কৰা (পাঁচটাকৈ)

(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ। (b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি ।

Ans :-

(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰাকৈ যোৱা সপ্তাহত ম‍ই কৰা পাঁচটা কাৰ্য হ’ল :

(i) স্কুলৰ বাবে ৰাজহুৱা গাড়ীৰ ব্যৱহাৰ ।

(ii) ব্ৰাছ কৰি থাকোঁতে আৰু শ্বেম্পু আৰু চাবোন ঘঁহোতে পানীৰ টেপ বন্ধ ৰখা।

(iii) গছ এজোপা ৰুইছোঁ ।

(iv) গৃহ কাৰ্য কৰাৰ সময়ত অনুশীলনৰ বাবে পুৰণা কাগজ ব্যৱহাৰ।

(v) পলিথিনৰ মোনাৰ ব্যৱহাৰ এৰি মৰাপাটৰ মোনাৰ ব্যৱহাৰ

(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচাৰ বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কাৰ্য হ’ল:

(i) চিৰিৰ সলনি লিফ্‌টৰ ব্যৱহাৰ ।

(ii) বাথৰুমৰ লাইট যোৱা ৰাতি অফ্‌ কৰিব পাহৰা ।

(iii) প্লাষ্টিকৰ পুতলা কিনা ।

(iv) হাতৰ কাম কৰোঁতে কাগজ অপচয় কৰা ।

(v) চাঁদৰ ওপৰত কৰা পাৰ্টিত জুই জ্বলোৱা ।

7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্রাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা ?

Ans :-

(i) লাইট, পাংখা, ফোনৰ চাৰ্জাৰ আদি ব্যৱহাৰ নকৰা অৱস্থাত বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰি ৰখা। অপ্রয়োজনীয়ভাৱে ফোন চার্জত নিদিয়া ৷

(ii) প্ৰয়োজনতকৈ অধিক পানী খৰচ নকৰা । যেনেঃ গা ধুবৰ বাবে শ্বাৱাৰ ব্যৱহাৰ নকৰা, ব্ৰাছ কৰি থকা সময়ত পানীৰ টেপ খুলি নোথোৱা ইত্যাদি।

(ii) প্রয়োজনতকৈ অধিক খাদ্য কাঁহীত নলৈ অপচয় বন্ধ কৰা ।

(iv) বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰ অপচয় কমোৱা ।

(v) বাতৰি কাকত, ভগা পুতলা, প্লাষ্টিকৰ মোনা আদি পৃথকে পৃথকে থৈ পুনঃব্যৱহাৰযোগ্য কৰা ।

(vi) ব্যৱহৃত খাম ওলোটাই পুনৰ ব্যৱহাৰ কৰা, কলমত ৰিফিল ভৰোৱা, পুৰণা কাপোৰ পেলাই নিদি দান কৰা ইত্যাদি।

(vii) কম দূৰত্ব অতিক্ৰমৰ বাবে এলিভেটৰৰ পৰিৱৰ্তে খটখটী ব্যৱহাৰ কৰা ।

(viii) স্কুল বাছত অহা-যোৱা কৰা ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *