class 10 chapter 2 science seba notes in assamese medium
| |

ধাতু আৰু অধাতু | দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 3

ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 3 : ধাতু আৰু অধাতু পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।

ধাতু আৰু অধাতু – প্ৰশ্নাৱলী, Page No- 40 

1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া।

উত্তৰ :- পাৰা

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

উত্তৰ :- লিথিয়াম

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

উত্তৰ :- ৰূপ

(iv) তাপৰ কম পৰিবাহী।

উত্তৰ :- সীহ

2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলােচনা কৰা ।

উত্তৰ – কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি ৷ ধাতুৰ এই ধৰ্মকে ঘাত সহনীয়তা বোলে ৷

ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পৰা গুণকে নমীয়তা বোলে ৷

প্ৰশ্নাৱলী, Page No- 46 

1. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?

উত্তৰ – ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু ৷ ইয়াক মুক্ত অৱস্থাত ৰাখিলে বায়ুত থকা অক্সিজেনৰ সৈতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে ৷ সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা হয় ৷

2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা—

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।

উত্তৰ :- 3Fe(s) +  4H2O(g)  → Fe3O4(s) + 4H2(g)

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।

উত্তৰ :-

Ca(s) + 2H2O(l) → Ca(OH)2(aq) + H2(g)

2K(s) + 2H2O(l) → 2KOH(aq) + H2(g) + তাপশক্তি

3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

ধাতুআইৰন (II) ছালফেটকপাৰ(II) ছালফেটজিংক ছালফেটছিলভাৰ নাইট্ৰেট
Aবিক্ৰিয়া নহয়প্রতিস্থাপন
Bপ্রতিস্থাপনবিক্ৰিয়া নহয়
Cবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়প্রতিস্থাপন
Dবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া।


(i) আটাইতকৈ সক্রিয় ধাতু কোনটো ?

উত্তৰ – B আটাইতকৈ সক্রিয় ধাতু |

(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে কি হ’ব?

উত্তৰ – কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে, Bয়ে কপাৰক অপসাৰিত কৰি নতুন যৌগ গঠন কৰিব ৷

(iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রমত সজোৱা।

উত্তৰ – B>A>C>D

4. লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H2SO4ৰ লগত কৰা বিক্রিয়াটোৰ সমীকৰণ লিখা।

উত্তৰ – লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে হাইড্ৰ’জেন গেছ উৎপন্ন হয় ৷

আইৰনে লঘু H2SO4ৰ লগত বিক্রিয়া কৰিলে আইৰন (II)ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয় ৷

Fe(s)+ H2SO4(aq) → FeSO4(aq) + H2(g)

5. আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হােৱা বিক্রিয়াটো সমীকৰণ লিখা।

উত্তৰ – আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে যিংকে আইৰনক অপসাৰিত কৰি যিংক ছালফেট উৎপন্ন কৰিব ৷

Zn(s) + FeSO4(aq) → ZnSO4(aq) + Fe(s)

প্ৰশ্নাৱলী, Page No- 49

1. (i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা।

উত্তৰ :-

ছ’ডিয়ামৰ ইলেক্ট্রন বিন্দু গঠন –

অক্সিজেনৰ ইলেক্ট্রন বিন্দু গঠন–

মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন–

(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা।

উত্তৰ :-

Na2O ৰ গঠন :-

ছডিয়ামৰ ইলেকট্ৰনীয় বিন্যাস 2,8,1 | ছডিয়ামে সুস্থিৰ অষ্টক গঠন কৰিবলৈ বহিৰতম কক্ষত থকা ইলেকট্ৰনটো এৰি দি ছ’ডিয়াম কেটায়ন গঠন কৰে ৷

অক্সিজেনৰ ইলেকট্ৰনীয় বিন্যাস 2,6 | অক্সিজেনে সুস্থিৰ অষ্টক গঠন কৰিবলৈ দুটা ইলেকট্ৰন গ্ৰহণ কৰি অক্হাইড এনায়ন গঠন কৰে ৷

ছ’ডিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটিলে অক্সিজেনে দুটা ছ’ডিয়াম পৰমাণুৰ পৰা সিহঁতৰ বহিৰতম কক্ষত থকা এটাকৈ ইলেকট্ৰন গ্ৰহণ কৰি (মুঠ দুটা) Na2O যৌগ গঠন কৰে ৷

MgO ৰ গঠন :-

মেগনেছিয়ামৰ ইলেকট্ৰনীয় বিন্যাস 2.8.2 | মেগনেছিয়ামে সুস্থিৰ অষ্টক গঠন কৰিবলৈ বহিৰতম কক্ষত থকা ইলেকট্ৰন দুটা এৰি দি মেগনেছিয়াম কেটায়ন গঠন কৰে ৷

অক্সিজেনৰ ইলেকট্ৰনীয় বিন্যাস 2.6 | অক্সিজেনে সুস্থিৰ অষ্টক গঠন কৰিবলৈ দুটা ইলেকট্ৰন গ্ৰহণ কৰি অক্হাইড এনায়ন গঠন কৰে ৷

মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটিলে অক্সিজেনে দুটা মেগনাছিয়াম পৰমাণুৰ বহিৰতম কক্ষৰ ইলেকট্ৰন দুটা গ্ৰহণ কৰি MgO যৌগ গঠন কৰে ৷

(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?

উত্তৰ :-

Na2O যৌগটোত থকা আয়নসমূহ হ’ল –   Na+ আৰু O2-

MgO যৌগটোত থকা আয়নসমূহ হ’ল –  Mg2+ আৰু O2-

2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?

উত্তৰ :- আয়নীয় যৌগৰ আন্তঃআয়নীয় বিদ্যুৎস্থিতীয় আকৰ্ষণ বল অতি প্ৰবল ৷ ইহঁতক ভাঙি আয়নবোৰ পৃথক কৰিবলৈ ভালেখিনি তাপশক্তিৰ প্ৰয়োজন হয় ৷ সেইবাবে আয়নীয় যৌগৰ গলনাংক বেছি ৷

প্ৰশ্নাৱলী, Page No- 53

1. তলত দিয়া বােৰৰ সংজ্ঞা লিখা।

(i) মণিক (mineral)

(ii) আকৰ (ore)

(iii) খনিজ মল (gangue)

উত্তৰ :-

(i) মণিক (mineral) – পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বতত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বোলে ৷

(ii) আকৰ (ore) – কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি ৷ এই ধৰণৰ খনিজ পদাৰ্থ বিধক আকৰিক বা আকৰ বোলে ৷

(iii) খনিজ মল (gangue) – খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে – মাটি, বালি আদি মিহলি হৈ থাকে ৷ এই অশুদ্ধি বা অপদ্ৰৱ্যবোৰক খনিজ মল বোলে ৷

2. প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰ :- প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম হ’ল সোণ আৰু ৰূপ ৷

3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়ােগ কৰা হয় ?

উত্তৰ :- অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰন পদ্ধতি প্রয়ােগ কৰা হয় ৷

ধাতু আৰু অধাতু-

প্ৰশ্নাৱলী, Page No- 55

1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবােৰৰ লগত উত্তপ্ত কৰা হ’ল।

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইড
মেগনেছিয়াম অক্সাইড
কপাৰ অক্সাইড

কোনবিলাক ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব?

উত্তৰ :-

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইডবিক্ৰিয়া নহয়প্রতিস্থাপনবিক্ৰিয়া নহয়
মেগনেছিয়াম অক্সাইডবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়
কপাৰ অক্সাইডপ্রতিস্থাপনপ্রতিস্থাপনবিক্ৰিয়া নহয়

2. কোনবােৰ ধাতু সহজে ক্ষয় নহয় ?

উত্তৰ :- কম সক্ৰিয় ধাতু যেনে সোণ, ৰূপ, কপাৰ ইত্যাদি সহজে ক্ষয় নহয় ৷

সক্ৰিয়তা শ্ৰেণীৰ তলৰফালে থকা আটাইতকৈ কম সক্ৰিয় ধাতু যেনে- সোণ, ৰুপ আদি ধাতুত সহজে মামৰে নধৰে কিয়নো এই ধাতুসমূহ বায়ুৰ পৰিৱেশত থকা গেছ যেনে- অক্সিজেন, কাৰ্বন ডাই-অক্সাইড আদি), জলীয় বাষ্প(পানী), তৰল এছিড আৰু এলকালি আদিৰ সৈতে সাধাৰণ অৱস্হাত বিক্ৰিয়া নকৰে ৷

3. সংকৰ ধাতু কি ?

উত্তৰ :- দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে ৷

অনুশীলনী :-

1. তলৰ কোনবােৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব?

(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

(b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।

(c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।

(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

উত্তৰ :- (d) AgNO3ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

2. লােৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?

(a) গ্রীজ ব্যৱহাৰ কৰি

(b) ৰং ব্যৱহাৰ কৰি

(c) যিংকৰ প্রলেপ দি

(d) ওপৰৰ সকলাে

উত্তৰ :- (c) যিংকৰ প্রলেপ দি

3. এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো

(a) কেলছিয়াম

(b) কার্বন

(c) ছিলিকন

(d) আইৰন

উত্তৰ :- (a) কেলছিয়াম

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবােৰত টিনৰ প্রলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নাে –

(a) টিনতকৈ যিংক দামী।

(b) যিংকৰ গলনাংক টিনতকৈ বেছি।

(c) যিংক টিনতকৈ অধিক সক্রিয়।

(d) যিংক টিনতকৈ কম সক্রিয়।

উত্তৰ :- (c) যিংক টিনতকৈ অধিক সক্রিয়।

5. তােমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰ আৰু এটা ছুইচ দিয়া হ’ল।

(a) এই বস্তুবােৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?

উত্তৰ :-

পৰীক্ষা কৰিবলগিয়া বস্তুটো বেটাৰী, তাৰ, ছুইচ আৰু বাল্বটোৰে সাঁজি উলিওৱা বৰ্তনী এটাত সংযোগ কৰিলে যদি বাল্বটো জ্বলি উঠে বস্তুটো ধাতু আৰু যদি নজ্বলে তেনেহ’লে বস্তুটো অধাতু ৷

হাতুৰীটোৰে বস্তুটো মৰিয়াই পাতল পাত এচটা বনাব পাৰিলে ই ধাতু আৰু যদি ভাঙে তেনেহ’লে বস্তুটো অধাতু ৷

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবােৰৰ উপযােগিতা মূল্যাঙ্কন কৰা।

উত্তৰ :- এনেধৰণৰ পৰীক্ষা ধাতু বা অধাতু চিনাক্তকৰণ কৰিবলৈ অতিশয় উপযোগি ৷ ইয়াত ধাতু আৰু অধাতুৰ দুটা ধৰ্ম প্ৰয়োগ কৰা হৈছে –

(i) ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী কিন্তু অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী ৷

(ii) ধাতুৰ ঘাতসহনশীল গুণ আছে কিন্তু অধাতুৰ ঘাতসহনশীল গুণ নাই ৷

6. উভধর্মী অক্সাইড কাক বােলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।

উত্তৰ :- যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰ ধাতৱ অক্সাইডক উভধর্মী অক্সাইড বোলে ৷

উভধর্মী অক্সাইডৰ উদাহৰণ হ’ল :- এলুমিনিয়াম অক্সাইড(Al2O3) আৰু জিংক অক্সাইড(ZnO) ।

7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

উত্তৰ :- লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰা দুটা ধাতুৰ নাম -ছডিয়াম (Na) আৰু এলুমিনিয়াম (Al) ৷

লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰিব নোৱাৰা দুটা ধাতুৰ নাম – চিলভাৰ (Ag) আৰু মাৰকিউৰি(Hg) ৷

8. M ধাতুৰ বৈদ্যুতিক শােধনৰ বেলিকা এনড, কেথ’ড আৰু বিদ্যুৎ বিশ্লেষ্য কি ল’ব লাগিব ?

উত্তৰ :-

M ধাতুৰ বৈদ্যুতিক শােধনৰ বেলিকা,

এনড হ’ব – অশুদ্ধ ধাতু M

কেথ’ড হ’ব – বিশুদ্ধ ধাতু M ৰ এচলা পাত

বিদ্যুৎ বিশ্লেষ্য হ’ব – M ধাতুৰ লৱণৰ দ্ৰৱ ৷

9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হােৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওলোটাকৈ ধৰি সংগ্ৰহ কৰিলে।

গেছ সংগ্ৰহ

(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত

(ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব ?

(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

উত্তৰ :- অক্সিজেনৰ উপস্থিতিত ছালফাৰৰ গুড়ি উত্তপ্ত কৰিলে ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয় ৷

S(s) + O2(g)→ SO2(g)

a) (i) উদ্ভৱ হােৱা ছালফাৰ ডাই অক্সাইড গেছে শুষ্ক লিটমাচ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে ৷

(ii) উদ্ভৱ হােৱা ছালফাৰ ডাই অক্সাইড গেছে সিক্ত লিটমাচ কাগজৰ লগত বিক্ৰিয়া কৰিলে লিটমাচ কাগজখন নীলাৰ পৰা ৰঙা হ’ব৷ ইয়াৰ কাৰণ হ’ল ছালফাৰ ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে ছালফাৰাচ এছিড(H2SO3 ) উৎপন্ন কৰে ৷

b) বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ –

SO2(g) + H2O(l) → H2SO3(g)

10. লােত মামৰ ধৰা ৰােধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

উত্তৰ :- লােত মামৰ ধৰা ৰােধ কৰিবলৈ দুটা উপায় –

(i) লােত মামৰ ধৰা ৰােধ কৰিবলৈ লোৰ বস্তুবোৰ ৰঙ কৰিব লাগে ৷

(ii) যিংকৰ আৱৰণ বা দস্তালেপন কৰিও লোত মামৰে ধৰা ৰোধ কৰিব পাৰি ৷

11. অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতু বিলাকে কেনে অক্সাইড উৎপন্ন কৰে?

উত্তৰ :- অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতু বিলাকে আম্লিক নাইবা প্ৰশম অক্সাইড উৎপন্ন কৰে ৷

12. কাৰণ দর্শোৱা

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

উত্তৰ :- গহনা তৈয়াৰ কৰিবলৈ ধাতু ঘাতসহনশীল আৰু নমনীয় হোৱা প্ৰয়োজন ৷ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ধাতুৰ ভিতৰত আতাইতকৈ ঘাতসহনশীল ৷ ইহঁতৰ নমনীয়তা গুণ আন ধাতুৰ তুলনাত বেছি ৷ ইয়াৰ উপৰিও ইহঁত সহজে কাৰো লগত বিক্ৰিয়া নকৰে ৷ সেইবাবে ইহঁতক গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

উত্তৰ :- ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম অতি সক্ৰিয় ধাতু ৷ ইহঁতক মুক্ত অৱস্থাত ৰাখিলে বায়ুত থকা অক্সিজেনৰ সৈতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে ৷ সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম তেলত ডুৱাই ৰখা হয় ৷

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

উত্তৰ :- বৰ্তন তৈয়াৰ কৰিবলৈ এলুমিনিয়াম এটা উৎকৃষ্ট ধাতু ৷ ইয়াৰ ওজন পাতল আৰু ইহঁত তাপৰ সুপৰিবাহী ৷ ই অতি সক্ৰিয় যদিও ইয়াক বৰ্তনত ব্যৱহাৰ কৰিব পাৰি কাৰণ এলুমিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এলুমিয়াম আক্সাইডৰ এটা তৰপ সৃষ্টি কৰে ৷ উক্ত তৰপে এলুমিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া ৰোধ কৰে ৷

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

উত্তৰ :- কার্বনেট আৰু ছালফাইড আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন সহজ ৷ সেইবাবে ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

13. চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্রবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?

উত্তৰ :- কপাৰৰ পাত্র বেছি দিন ব্যৱহাৰ নকৰিলে কপাৰে বায়ুত থকা অক্সজিনৰ সৈতে বিক্ৰিয়া কৰি কপাৰ কাৰ্বনেট উৎপন্ন কৰে ৷ ই পাত্ৰটোৰ উজ্বলতা হ্ৰাস কৰে ৷ নেমু বা তেতেলীৰ ৰসত চাইট্ৰিক এছিড থাকে ৷ টেঙাৰ ৰস ব্যৱহাৰ কৰিলে তাত থকা এছিডে ক্ষাৰকীয় কপাৰ কাৰ্বনেটক প্ৰসমীত কৰি কপাৰ কাৰ্বনেটৰ তৰপটো নোহোৱা কৰে ৷ সেইবাবে কপাৰৰ পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু ব্যৱহাৰ কৰে ৷

14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা ?

উত্তৰ :- ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –

ধাতু
অধাতু
1. ধাতুবোৰ বিদ্যুৎ ধণাত্মক ৷1. অধাতুবোৰ বিদ্যুৎ ঋণাত্মক ৷
2. ধাতুৰ অক্সাইডৰ প্ৰকৃতি ক্ষাৰকীয় ৷2. অধাতুৰ অক্সাইডৰ প্ৰকৃতি এছিডীয় ৷
3. ধাতুৰ ক্ল’ৰাইডবোৰ অয়নীয় যৌগ ৷3. আধাতুৰ ক্ল’ৰাইডবোৰ সহযোজী যৌগ ৷
4. লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰে ৷4. লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত নকৰে ৷
5. ধাতুবোৰ ভাল বিজাৰক ৷5. অধাতুবোৰ ভাল জাৰক ৷
6. পানীৰ লগত বিক্ৰয়া কৰিলে ধাতৱ অক্সাইড আৰু হাইড্ৰাইড উৎপন্ন কৰে ৷6. পানীৰ লগত বিক্ৰয়া নকৰে ৷

15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ ম্লান পৰি যােৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্রতিশ্রুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনাে সন্দেহ নকৰি হাতৰ খাৰুযােৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযােৰ এটা বিশেষ দ্ৰাৱকত ডুবাই ধৰিছিল। খাৰুযােৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰুযােৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্রস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি কব পাৰিবা নে?

উত্তৰ :- মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো অম্লৰাজ আছিল ৷

অম্লৰাজ হ’ল 3:1 অনুপাতত গাঢ় HCl আৰু গাঢ় HNO3 ৰ সদ্যপ্ৰস্তুত মিশ্ৰণ ৷

16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয় ?

উত্তৰ :- কপাৰে গৰম পানী বা বাষ্পৰ লগত বিক্ৰিয়া নকৰে কিন্তু ষ্টিলে কৰে ৷ সেইবাবে গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টিল ব্যৱহাৰ কৰা নহয়।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *