জীৱই কেনেকৈ বংশবিস্তাৰ কৰে | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 8
ইয়াত অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় – 8 : জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organisms Reproduce) পাঠটোৰ প্ৰশ্নাৱলী, অনুশীলনী আৰু কিছুমান অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে।
প্ৰশ্নাৱলী ( Page No- 128)
1. প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি?
উত্তৰ :- DNA অণুত বংশগত বৈশিষ্ট নিহিত হৈ থাকে ৷ DNA অণুৱে পিতৃ-মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে ৷ প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ DNAৰ বাহকৰ গুণ ভিন্ন হ’লে ভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষণ হয় ৷ ভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱ দেহৰ অবয়ব সলনি কৰে ৷ ইয়াৰ উপৰিও DNA প্ৰতিলিপিৱে জীৱ দেহৰ অবয়ব এনেদৰে গঠন কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে নতুন জীৱবোৰ উপযোগী হৈ উঠে ৷
2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়ােজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?
উত্তৰ :- প্ৰজাতিৰ কাৰণে ভিন্নতাৰ প্ৰয়োজন কাৰণ ভিন্নতাই প্ৰজাতি এটাক বিভিন্ন ধৰণৰ পৰিবৰ্তনৰ লগত খাপ খাই জীৱন বৰ্তাই ৰখাত সহায় কৰে ৷ পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা হ্ৰাস – বৃদ্ধি, জলভাগৰ উঠা-নমা ইত্যাদি নানা ধৰণৰ পৰিৱৰ্তন হ’ব পাৰে ৷ এনে পৰিবৰ্তনৰ ফলত জীৱবোৰ ধ্বংস হৈ যাব পাৰে ৷ কিন্তু প্ৰজাতি এটাৰ ভিন্নতাই কিছুমান জীৱক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে ফলত প্ৰজাতিটোৰ জীৱবোৰ জীয়াই থাকি বংশ বৃদ্ধি কৰিব পাৰে ৷
উদাহৰণ স্বৰূপে, নাতীশীতোষ্ণ জলভাগত বেক্টেৰিয়া আবাদী বাস কৰি থাকে আৰু গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে কিছুমান বেক্টেৰীয়া ধ্বংস হৈ যাব পাৰে ৷ কিন্তু কিছু সংখ্যক বেক্টিৰিয়াৰ প্ৰতিৰোধ ক্ষমতা থকা কাৰণে জীয়াই থাকি ভৱিষ্যত বংশ বৃদ্ধি কৰিব পাৰে ৷
একক জীৱ এটাৰ বাবে ভিন্নতা প্ৰয়োজন নহয় কাৰণ ই একক জীৱৰ বাবে লাভজনক নহয় ৷
প্ৰশ্নাৱলী ( Page No- 133)
1. দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি?
উত্তৰ :- দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ সমূহ তলত উল্লেখ কৰা হ’ল –
দ্বি-খণ্ডন বা দ্বিবিভাজন | বহু বিভাজন |
---|---|
1. দ্বি-খণ্ডন প্ৰজনন প্ৰক্ৰিয়াত কোষ এটা সমভাৱে দ্বিখণ্ডিত হৈ নতুন প্ৰজন্মৰ সৃস্তি কৰে ৷ | 1. বহু বিভাজন প্ৰজনন প্ৰক্ৰিয়াত জীৱ এটাই কোষ এটাৰ পৰা অসংখ্য নতুন প্ৰজন্মৰ সৃস্তি কৰে ৷ |
2. এমিবাৰ ক্ষেত্ৰত দ্বি-খণ্ডন বা দ্বিবিভাজন দেখা যায় ৷ | 2. প্লাজম’ডিয়ামৰ ক্ষেত্ৰত বহু বিভাজন দেখা যায় ৷ |
2. যদি কোনাে জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব? [HSLC-2020]
উত্তৰ :- কোনাে জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰিলে ই তলত দিয়া ধৰণে লাভান্বিত হ’ব –
- ৰেণুধানীত অসংখ্য ৰেণু উপত্তি কৰা সম্ভৱ ৷
- ৰেণুৰ আকাৰ সৰু হোৱা বাবে বতাহত দূৰলৈ স্থানান্তৰ হ’ব পাৰে ৷
- ৰেণু বিলাকৰ অৱৰণ যথেষ্ট ডাঠ হোৱা বাবে প্ৰতিকুল পৰিৱেশত ভিতৰৰ পদাৰ্থ খিনি সজীৱ কৰি ৰাখিব পাৰে ৷
- অনুকুল পৰিৱেশ পালে বা উপযুক্ত আধাৰ পালে নতুন জীৱন লাভ কৰিব পাৰে ৷
3. উচ্চ খাপৰ জীৱই কিয় পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নােৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে?
উত্তৰ :- ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি লব পাৰে ৷ প্ৰজননৰ এই প্ৰক্ৰিয়াক পুনৰ জীৱন পদ্ধতি বোলে ৷ এই পদ্ধতি কিছুমান সৰল প্ৰাণী যেনে হাইড্ৰা , প্লেনেৰিয়া আদি জীৱত দেখা যায় ৷
উচ্চ খাপৰ জীৱই পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নােৱাৰে কাৰণ উচ্চ খাপৰ জীৱৰ দৈহিক গঠন যথেষ্ট জটিল ৷ ইহঁতৰ দেহত অসংখ্য কোষেৰে ক’লা গঠন হয়, ক’লাৰ সমষ্টিৰে অংগ , অংগৰ সমষ্টিৰে অংগ তন্ত্ৰ আৰু অংগ তন্ত্ৰৰ সমষ্টিৰে একক জীৱ এটা গঠন হয় ৷
4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয় ?
উত্তৰ :- যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ অংগৰ পৰা নতুন এজোপা উদ্ভিদ সৃষ্টি হয় তেনে প্ৰক্ৰিয়াক আংগিক বিস্তাৰণ বোলি কোৱা হয় ৷ এই প্ৰক্ৰিয়াত মূল বা শিপা, পাত বা কাণ্ডৰ পৰা নতুন উদ্ভিদৰ উৎপত্তি হয় ৷
আংগিক বিস্তাৰণ প্ৰয়োগ কৰা কিছুমান কাৰণ হ’ল –
- বীজ নোহোৱা উদ্ভিদ যেনে মাটি কঠাল , কল আদি এই প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰিব পাৰে ৷
- এই প্ৰক্ৰিয়াৰে উৎপাদিত উদ্ভিদৰ জিনীয় পৰিবৰ্তন নহয় বাবে কৃষকে ভাল গুণ বিশিষ্ট উদ্ভিদৰ অধিক খেতি কৰি লাভাম্বিত হ’ব পাৰে ৷
- আংগিক বিস্তাৰণ প্ৰয়োগ কৰি উচ্চ গুণ বিশিষ্ট উদ্ভিদৰ সংৰক্ষন কৰিব পাৰি ৷
- এই প্ৰক্ৰিয়া অতি সহজে কৰিব পাৰি আৰু ই অতি কম খৰচি ৷
- আংগিক বিস্তাৰণ প্ৰক্ৰিয়াৰে উৎপাদিত উদ্ভিদে অতি কম সময়ত ফ’ল বা ফুল উৎপাদন কৰে ৷
- বীজৰ পৰা উদ্ভিদ নোহোৱা ঠাইত এই প্ৰক্ৰিয়া অবলম্বন কৰিব পাৰি ৷
5. প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্রতিলিপিকৰণ কিয় প্রয়ােজন?
উত্তৰ :- DNA অণুত বংশগত বৈশিষ্ট নিহিত হৈ থাকে ৷ DNA অণুৱে পিতৃ-মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে ৷ প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্রতিলিপিকৰণ প্রয়ােজন কাৰণ DNAৰ বাহকৰ গুণ ভিন্ন হ’লে ভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষণ হয় ৷ ভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱ দেহৰ অবয়ব সলনি কৰে ৷ ইয়াৰ উপৰিও DNA প্ৰতিলিপিৱে জীৱ দেহৰ অবয়ব এনেদৰে গঠন কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে নতুন জীৱবোৰ উপযোগী হৈ উঠে ৷
প্ৰশ্নাৱলী (Page No- 140)
1. নিষেচন আৰু পৰাগযােগৰ পার্থক্য কেনেধৰণৰ?
উত্তৰ :- নিষেচন আৰু পৰাগযােগৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
নিষেচন | পৰাগযােগ |
---|---|
1. নিষেচন হ’ল পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন বা যোজন ঘটা পৰিঘটনা ৷ | 1. পৰাগযােগ হ’ল উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা পৰাগ ৰেণু গৈ গৰ্ভমুণ্ডত পৰা পৰিঘটনা ৷ |
2. নিষেচন প্ৰাণী আৰু উদ্ভিদ উভয়তে সংঘটিত হয় ৷ | 2. পৰাগযোগ অকল উদ্ভিদতহে সংঘটিত হয় ৷ |
3. নিষেচনত দুটা কোষৰ মিলন হয় ৷ | 3. পৰাগযোগত কোনো কোষৰ মিলন নহয় ৷ |
4. ইয়াৰ কোনো প্ৰকাৰ নাই ৷ | 4. ই দুই প্ৰকাৰৰ – স্ব-পৰাগযোগ আৰু ইতৰ পৰাগযোগ ৷ |
5. নিষেচনৰ পাচত ভ্ৰুণৰ সৃষ্টি হয় ৷ | 5. পৰগযোগৰ পাচত নিষেচন হয় ৷ |
6. ই ফুল পাহৰ ভিতৰতে সংঘটিত হয় ৷ | 6. ই কিছুমান কাৰক যেনে – বতাহ, পানী বা প্ৰণীৰদ্বাৰা সংঘটিত হয় ৷ |
2. শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?
উত্তৰ :-
শুক্রাশয়ৰ ভূমিকা :- প্ৰাণীৰ পুংজনন তন্ত্ৰৰ এটা অংগ হ’ল শুক্রাশয় ৷ শুক্রাশয়ত পুংজনন কোষ বা শুক্ৰাণু গঠন হয় ৷
প্ৰষ্টেট গ্ৰন্থিৰ :- প্ৰষ্টেট গ্ৰন্থিৰ পুংজনন তন্ত্ৰৰ এটা গ্ৰন্থি ৷ প্ৰষ্টেট গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা ক্ষাৰকীয় ৰসে শুক্ৰাণুৰ গতিপথত সহায় কৰে আৰু সিহঁতক পুষ্টি যোগান ধৰে ৷
3. কৈশােৰ কালত ছােৱালীৰ দেহত কেনেধৰণৰ পৰিবর্তন দেখা যায় ?
উত্তৰ :- কৈশােৰ কালত ছােৱালীৰ দেহত দেখা যোৱা পৰিবর্তনবোৰ –
- কৈশোৰ কালত কাষলতি আৰু কৰঙত, যৌনাংগৰ কাষত চুলি গজা দেখা যায় ৷
- ভৰি আৰু হাতত পাতল নোম হোৱাৰ লগতে মুখমণ্ডলত পাতল চুলি গজে ৷
- মুখৰ চাল তেলেতিয়া হয় আৰু ফলত মুখমণ্ডলত শালমইনা উঠে ৷
- স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰৰ ছালখন ক’লা হয় ৷
- এই সময় চোৱাত ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয়৷
4. মাতৃদেহত ভ্ৰুণকোষে কেনেকৈ পুষ্টি লাভ কৰে?
উত্তৰ :- মাতৃদেহত ভ্ৰুণকোষে প্লেচেন্টাৰ সহায়ত মাতৃদেহৰ তেজৰ যোগেদি পুষ্টি লাভ কৰে ৷ গৰ্ভাৱস্থাত ভ্ৰুণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বৰা বান্ধ খাই থাকে যাক অমৰা বা প্লেচেন্টা বোলা হয় ৷ প্লেচেন্টাটো কাঁহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে ৷ ইয়াৰ পৰা কিছুমান ভিলাই ভ্ৰুণটোৰ ফালে বিয়পি থাকে ৷ গৰ্ভাশয়ৰ অন্তঃআচ্ছাদানৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন সৰবৰা হৈ থাকে ৷
5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper – T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী হ’বনে ?
উত্তৰ :- যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper – T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী নহ’ব ৷ ইয়াৰ কাৰণ হ’ল কপাৰ-টি এবিধ গৰ্ভনিৰোধক পদ্ধতিহে ৷ কিছুমান সামগ্ৰী যেনে কনডম পুংজনন অংগত পিন্ধি ললে যৌন ক্ৰিয়া সময়ত এই ধৰণৰ ৰোগ সংক্ৰমন ৰোধ কৰিব পাৰি ৷ অবশ্যে কনডমে গৰ্ভনিৰোধক হিচাপেও ব্যৱহাৰ হয় ৷
অনুশীলনী – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
1.অযৌন প্রজননৰ মুকুলােদ্দগম সংঘটিত হয়
(ক) এমিবাত
খ) ইষ্ট
(গ) প্লাজমডিয়ামত
(ঘ) লেইচুমেনিয়াত
উত্তৰ :- খ) ইষ্ট
2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্রীজনন অংগ নহয়?
(ক) ডিম্বাশয়।
(খ) জৰায়ু
(গ) শুক্ৰবাহী নলী
(ঘ) ফেলােপিয়ান নলী।
উত্তৰ :- (গ) শুক্ৰবাহী নলী
3. পৰাগধানীত পােৱা হয়।
(ক) বেটুপাত
(খ) ডিম্বক
(গ) স্ত্রীকেশৰ
(ঘ) পৰাগ ৰেণু
উত্তৰ :- (ঘ) পৰাগ ৰেণু
4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি?
উত্তৰ :- অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ এনে ধৰণৰ –
- যৌন প্রজনন প্রক্রিয়াত সন্তানে মাতৃ আৰু পিতৃ উভয়ৰে চৰিত্ৰ লাভ কৰে ৷
- যৌন প্রজনন প্রক্রিয়াৰ ফলত প্ৰকাৰণ ঘটে যিয়ে প্ৰজাতি এটাক পৰিৱেশৰ লগত নিজকে খাপ খোৱাই জিয়াই থকাত সহায় কৰে ৷
- যৌন প্রজনন প্রক্রিয়াত বিবৰ্তনৰ সম্ভাৱনীয়তা বৃদ্ধি পায় ৷
- যৌন প্রজনন প্রক্রিয়াই পৰিবৰ্তন হোৱা পৰিৱেশৰ লগত অভিযোজন সম্ভৱ কৰে ৷
5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?
উত্তৰ :- মানুহৰ শুক্ৰাশয়ে –
- পুংজনন কোষ বা শুক্ৰাণু গঠন কৰে ৷
- টেষ্ট’ষ্টেৰন হৰমন উৎপন্ন কৰে ৷ ই শুক্ৰাণু গঠনত সহায় কৰে ৷
- এন্ড্ৰ’জেন হৰমন উৎপন্ন কৰে ৷
6. ঋতুস্ৰাৱ কিয় হয় ?
উত্তৰ :- ঋতুচক্ৰ হ’ল ছোৱালীৰ কৈশৰ কালত আৰম্ভ হোৱা এটা নতুন প্ৰক্ৰিয়া ৷ এটা নিৰ্দিষ্ট বয়সত যেতিয়া ছোৱালী এজনী যৌনতা পূৰণতা লাভ কৰে তেতিয়া দেহৰ অভ্যন্তৰটো এটা শিশু ধাৰণ কৰিব পৰাকৈ গঠিত হয় ৷ সেইকাৰণে প্ৰতিমাহতে স্ত্ৰীৰ গৰ্ভাশয়টোৱে একোটা ভ্ৰুণ বৃদ্ধি আৰু বৰ্ধন হ’ব পৰাকৈ প্ৰষ্টুত কৰে ৷ ইয়াৰ বাবে জৰায়ুৰ আৱৰণীখন ডাঠ হয় আৰু ৰক্ত কেশিকাৰে গঠিত জালিকাৰ দ্বাৰা আৱেষ্টিত হৈ থাকে ৷ নিষেচন নহলে জৰায়ুত নতুনকৈ সৃষ্টি হোৱা ডাঠ আৱৰণীখন ভাঙি তেজ আৰু শ্লেষ্মা লগত মিহলি হৈ যোনি পথেদি নিৰ্গত হয় ৷ ইয়াকে ঋতুস্ৰাৱ বোলে ৷
7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।
উত্তৰ :-

চিত্ৰ – দীর্ঘচ্ছেদত এপাহ ফুল
৪. বিভিন্ন প্রকাৰৰ গৰ্ভনিৰােধ পদ্ধতিসমূহ কি কি?
উত্তৰ :- বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি গৰ্ভধাৰণ ৰোধ কৰা পদ্ধতিকে গৰ্ভনিৰােধ কৰা বুলি কোৱা হয় ৷
গৰ্ভনিৰােধ বিভিন্ন প্ৰকাৰে কৰিব পাৰি –
1) কাৰিকৰি প্ৰতিবন্ধক – কাৰিকৰি প্ৰতিবন্ধকৰ সহায়ত শুক্ৰাণুবোৰ ডিম্বানু কোষৰ লগত মিলন নোহোৱাকৈ আবদ্ধ কৰি ৰাখিব পাৰি ৷ এই পদ্ধতিত পুংজনন অংগত কনডম পিন্ধি লোৱা হয় ৷ স্ত্ৰী ব্যক্তিৰ ক্ষেত্ৰত তেনে ধৰণৰ আৱৰণী যোনি পথত সংস্থাপিত কৰা হয়৷
2) অৰেল কন্ট্ৰাচেপটিভ্ – এই পদ্ধতিত হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰন কৰি ডিম্বক্ষৰণ বন্ধ কৰা হয় ৷ ইয়াৰ ফলত নিষেচন হ,ব নোৱাৰে ৷ এনে প্ৰক্ৰিয়াত সাধাৰণতে ব্যৱহ্যত ঔষধবোৰ পিল বা বড়ি আকাৰে পোৱা যায় ৷
3) ক’পাৰ-টি – ক’পাৰ-টি ব্যৱহাৰ কৰি গৰ্ভধাৰণ ৰোধ কৰিব পাৰি ৷ ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভ ধাৰণ বন্ধ কৰা হয় ৷
4) বন্ধ্যাকৰণ পদ্ধতি – বন্ধ্যাকৰণ পদ্ধতিৰে পুৰুষ ব্যক্তিৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ বন্ধ কৰিব পাৰি ৷ একেদৰে স্ত্ৰী ব্যক্তিৰ ডিম্ববাহী নলী বন্ধ কৰি ৰাখিলে ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰিব নোৱাৰে ৷ এই দুয়োটা পদ্ধতিত নিষেচন হ’ব নোৱাৰে ৷
9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্রকাৰৰ অযৌন আৰু যৌন প্রজনন প্রক্রিয়াৰ কৌশল সমূহ কেনেধৰণৰ ?
উত্তৰ :- এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্রকাৰৰ অযৌন প্রজনন প্রক্রিয়াৰ কৌশলসমূহ হল-
1. দ্বিখন্ডন বা বিভাজন :- এককোষী জীৱই কোষৰ দ্বিখন্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াত কোষটো সমভাবে দ্বিখন্ডিত হৈ এই প্ৰক্ৰিয়া সমাধা কৰে।
2. বিভংগন :- তুলনামূলকভাৱে সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্ৰত এই পদ্ধতি কাৰ্ষকৰী হয়। এই পদ্ধতিত জীৱটো পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খন্ডত টুকুৰা টুকুৰ হৈ নতুন জীৱৰ সৃষ্টি কৰে।
3. পুনৰ জীৱন :- ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ সৃষ্টি কৰিব পাৰে। এই প্ৰক্ৰিয়াক পুনৰ জীৱন বোলে।
4. মুকুলোদগম :- হাইড্রাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদগম প্রক্রিয়াৰে পুনৰুজ্জীৱিত কৰে। হাইড্রাৰ এনে প্রক্রিয়াত মুকুলবিলাক দেহৰ কোনো নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া সিহঁত পুৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্রাৰ উৎপত্তি কৰে।
5. আংগিক বিস্তাৰণ (Vegetative Propagation) :- এনে বহুবিলাক উদ্ভিদ আছে যিবিলাকৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিবেশত নতুন উদ্ভিদৰ উৎপত্তি হব পাৰে। এই পদ্ধতিত আংগিক বিস্তাৰণ বোলে।
10. প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?
উত্তৰ :- প্ৰজনন হ’ল এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নিজৰ নিচিনা নতুন প্ৰজন্মৰ সৃষ্টি কৰে ৷ এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জীৱই নিজৰ প্ৰজাতিক বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰে আৰু ভিন্নতাৰ বাবে পৰিৱেশৰ পৰিবৰ্তনত নিজকে নতুন পৰিৱেশত জীয়াই থাকিবলৈ সক্ষম কৰি তুলে ৷ ইয়াৰ উপৰিও প্ৰজনন প্ৰক্ৰিয়াই জন্ম মৃত্যুৰ হাৰ নিয়ন্ত্ৰনত সহায় কৰে ৷ এনেদৰেই প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি ৰক্ষাত সহায় কৰে ৷
11. গর্ভনিৰােধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?
উত্তৰ :- গর্ভনিৰােধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণবোৰ তলত উল্লেখ কৰা হ’ল –
- গর্ভনিৰােধ পদ্ধতিৰে জনসংখ্যা নিয়ন্ত্ৰন কৰা হয় ৷
- গর্ভনিৰােধ পদ্ধতি ব্যৱহাৰ কৰি অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিব পাৰি ৷
- ইয়াৰ দ্বাৰা বিবাহিত দম্পতিয়ে নিজৰ পৰিয়াল পৰিকল্পনা কৰি আগ বঢ়াৰ সুযোগ পায় ৷
- মাতৃত্ব লাভ কৰাৰ বাবে দৈহিক আৰু মানসিক প্ৰস্তুতি চলাবলৈ সময় পোৱা যায় ৷
অতিৰিক্ত প্ৰশ্নোত্তৰ
1. ইতৰ-পৰাগযোগ কি? [HSLC-2018]
উত্তৰ :- যেতিয়া এপাহ ফুলৰ পৰাগ ৰেণু গৈ আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰেগৈ তেতিয়া তাক ইতৰ পৰাগযোগ (Cross Pollination) বোলে।
2. কি প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে? [HSLC-2018]
উত্তৰ :- যৌন প্রজননত জিনীয় পদার্থৰ বিনিময় ঘটে।
3. সপুষ্পক উদ্ভিদত কেনেদৰে ফল সৃষ্টি হয়? [HSLC-2015]
উত্তৰ :- নিষেচনৰ পিছৰ পৰ্যায়ত, ডিম্বকটোৰ যোজন কোষটো একেলেঠাৰীয়ে কেইবাবাৰো বিভাজন ঘটি ভ্রুণ (Embryo) ৰ সৃষ্টি হয়। ইয়াৰ লগে লগে ডিম্বকৰ চাৰিওকাষে এখন ডাঠ আৱৰণৰ সৃষ্টি হৈ পৰৱৰ্ত্তী কালত বীজ লৈ পৰিবৰ্তিত হয়। সেইদৰে ইয়াৰ সমান্তৰালকৈ গৰ্ভাশয়টোও খৰতকীয়াকৈ বৃদ্ধি আৰু বিকাশ ঘটি পূৰঠ ফল লৈ পৰিৱৰ্তিত হয়।
4. হাইদ্ৰাৰ মুকুলোদ্গম পদ্ধতি বর্ণনা কৰা। [HSLC-2016]
উত্তৰ :- হাইড্রাই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদ্গম প্রক্রিয়াৰে পুনৰুজ্জীৱিত কৰে। হাইড্ৰাৰ এনে প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে । এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্রাৰ সৃষ্টি হয় আৰু যেতিয়া সিহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্রাৰ উৎপত্তি কৰে।

5. উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলা কৰ্ষণৰ কৌশল লিখা। [HSLC-2017]
উত্তৰ :- কলাকৰ্ষণ (Tissue Culture) পদ্ধতিত, নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ কলা বা কোষ এৰুৱাই লােৱা হয়। সেই এৰুৱাই অনা কলা বা কোষখিনি এটা কৃত্রিম মাধ্যমত (Artificial medium) ৰাখি থলে তাতে কোষবিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটি বহুবােৰ কোষ একেলগে হৈ কেলাচ (Callus) গঠন কৰে। এই কেলাচখিনি অন্য এটা মাধ্যম য’ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্রয়ােজনীয় সঞ্জীৱনী পদার্থ (Hormone) থাকে তালৈ স্থানান্তৰ কৰি নতুনকৈ পূর্ণাংগ উদ্ভিদৰ সৃষ্টি কৰিব পাৰি। এই কলা কৰ্ষণ পদ্ধতি প্রয়ােগ কৰি বেমাৰহীন উদ্ভিদৰ সৃষ্টি কৰি লব পাৰি। এই কৌশলটো সাধাৰণতে সৌন্দর্যবর্ধক উদ্ভিদৰ ক্ষেত্ৰত প্ৰয়ােগ কৰা হয়।
6. এককোষী জীৱৰ বিভাজন পদ্ধতি বর্ণনা কৰা। [HSLC-2017]
উত্তৰ :- এককোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্রক্রিয়াৰে নতুন প্রজন্মৰ সৃষ্টি কৰে। বিভিন্ন প্রকাৰৰ দ্বি খণ্ডন বা বিভাজন প্রক্রিয়া দেখা যায়। বহুবিলাক বেক্টেৰিয়া আৰু আদ্যপ্ৰাণীৰ দৰে এককোষী জীৱই অতি সৰল ভাবে কোষটো সমভাবে দ্বিখণ্ডিত হৈ এই প্রক্রিয়া সমাধা কৰে। এমিবাৰ দৰে এককোষী আদ্যপ্রাণীয়ে এনে দ্বিখণ্ডন বা বিভাজন কোষটো যি কোনাে এটা সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্রজন্মৰ সৃষ্টি কৰে।

7. এমিবাৰ ক্ষেত্ৰত কি প্রক্রিয়াৰ দ্বাৰা প্ৰজনন সংঘটিত হয়। [HSLC-2018]
উত্তৰ :- দ্বিখণ্ডন প্ৰক্ৰিয়াৰে৷
8. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি? [HSLC-2018]
উত্তৰ :- যৌন প্রজনন প্রক্রিয়া হৈছে- দুটা বেলেগ বেলেগ জীৱৰ DNA ৰ একত্ৰীকৰণ। এই পৰিঘটনাৰ ফলত অপত্যজীৱৰ বিভিন্নতাই দেখা দিয়াৰ সম্ভাৱনা। এই বিভিন্নতাই পৰিৱেশৰ লগত সাধাৰণতে খাপ খুৱাই জীৱক জীয়াই ৰাখে আৰু ক্ৰমবিকাশৰ সহায়ক হয়। এই প্ৰজননৰ ক্ষেত্ৰত প্ৰতিটো প্ৰজন্মতেই প্রায় বিচ্ছিন্নতা আহে। আনহাতে অযৌন প্রজননত যিহেতু দুটা জীৱ জড়িত নহয় সেয়েহে DNA একত্ৰীকৰণ সম্ভৱ নহয় আৰু বিভিন্নতা দেখা দিয়াৰ সম্ভাৱনা প্ৰায় নাথাকে। সেয়েহে ক্রমবিকাশত সহায়ক নহয়।
9. সপুষ্পক উদ্ভিদত যৌন প্রজনন প্রক্রিয়া বর্ণনা কৰা। [HSLC-2019]
উত্তৰ :- উদ্ভিদে যৌন আৰু অযৌন দুয়োটা প্ৰক্ৰিয়াৰে প্ৰজনন কৰিব পাৰে। সপুষ্পক উদ্ভিদবোৰে সাধাৰণতে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰে। উদ্ভিদৰ ফুল হৈছে ইয়াৰ প্ৰজনন অংগ। ফুলত থকা পুংকেশৰ আৰু স্ত্ৰীকেশৰেই হল প্ৰজনন অংগ য’ত জননকোষ বিলাক থাকে।পুংকেশৰ হল পুং জনন অংগ য’ত পৰাগৰেণুৰ উৎপত্তি হয়। স্ত্ৰীকেশৰ বিলাক ফুলৰ কেন্দ্ৰীয় স্থানত অৱস্থিত আৰু ইয়েই হল ফুলৰ স্ত্ৰীজনন অংগ। ইয়াত প্ৰধানকৈ তিনিটা অংগ থাকে- গৰ্ভাশয় (Ovary), গৰ্ভদন্ড (Style) আৰু গৰ্ভমুন্ড(Stigma) ।গৰ্ভাশয়ত ডিম্বক (Ovule) বিলাক থাকে আৰু ইয়াৰ প্ৰত্যেকটোত একোটাকৈ ডিম্ব (egg) থাকে।পুংজনন কোষ (Male gamete) বিলাক পৰাগ ৰেণুৰ(pollen grain) ভিতৰত উৎপন্ন হয় আৰু এইবিলাকৰ লগত ডিম্বকৰ ভিতৰত অৱস্থিত ডিম্ব যাক স্ত্ৰীজনন কোষ (Female germ cell/ Female gamete ) বুলি কোৱা হয় তাৰ মিলন বা যোজন হয়। এই প্ৰক্ৰিয়াক নিষেচন (Fertilization) বোলে। দুই জনন কোষৰ যোজনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজন কোষ (Zygote) বুলি কোৱা হয় আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালত নতুন উদ্ভিদৰ জন্ম হয়।
10. ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে কেনেদৰে লাভদায়ক হ’ব পাৰে। [HSLC-2020]
উত্তৰ :- কোনাে জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰিলে ই তলত দিয়া ধৰণে লাভান্বিত হ’ব –
- ৰেণুধানীত অসংখ্য ৰেণু উপত্তি কৰা সম্ভৱ ৷
- ৰেণুৰ আকাৰ সৰু হোৱা বাবে বতাহত দূৰলৈ স্থানান্তৰ হ’ব পাৰে ৷
- ৰেণু বিলাকৰ অৱৰণ যথেষ্ট ডাঠ হোৱা বাবে প্ৰতিকুল পৰিৱেশত ভিতৰৰ পদাৰ্থ খিনি সজীৱ কৰি ৰাখিব পাৰে ৷
- অনুকুল পৰিৱেশ পালে বা উপযুক্ত আধাৰ পালে নতুন জীৱন লাভ কৰিব পাৰে ৷
11. স্পাইৰ’গাইৰাই (সৰ্পিল শেলাই) কেনেদৰে বংশবিস্তাৰ কৰে। [HSLC-2020]
উত্তৰ :- সর্পিল শেলাই (Spirogyra) পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বংশ বিস্তাৰ কৰে। অৰ্থাৎ, এই সৰু সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়।
12. সর্পিল শেলাইত কেনেধৰণৰ প্ৰজনন হয়?
উত্তৰ :- বিভংগন পদ্ধতিৰে প্ৰজনন হয়।
13. পৰাগযোজন কি? পৰাগযোজন আৰু নিষেচনৰ মাজত কিবা পার্থক্য আছেনে? স্ব-পৰাগযোগ ইতৰ পৰাগযোগৰ পৰা কেনেদৰে বিসদৃশ? [HSLC-2020]
উত্তৰ :- পৰাগযােগ হ’ল উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা পৰাগ ৰেণু গৈ গৰ্ভমুণ্ডত পৰা পৰিঘটনা ৷
পৰাগযোজন আৰু নিষেচনৰ মাজত পার্থক্য আছে ৷ পৰাগযোজন এটা বাহ্যয়িক প্ৰক্ৰিয়া, নিষেচন এটা আভ্যন্তৰিণ প্ৰক্ৰিয়া ।
স্ব-পৰাগযোগত পৰাগৰেণু বিলাক একেপাহ ফুলৰে পুংকেশৰৰ পৰা স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়, আনহাতে ইতৰ পৰাগযোগত এপাহ ফুলৰ পৰাগৰেণু আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়।
14. উদ্ভিদৰ আংগিক বিস্তাৰৰ দুটা পদ্ধতি আৰু উদাহৰণ দিয়া ।
উত্তৰ:- উদ্ভিদৰ আংগিক বিস্তাৰৰ দুটা পদ্ধতি হ’ল- জোৰা কলম (Grafting) আৰু তৰপীয়া (Layering) পদ্ধতি । এই পদ্ধতি ব্যৱহাৰ কৰা তিনিটা উদাহৰণ হ’ল- কুঁহিয়াৰ, আঙুৰ আৰু গোলাপ ।
15. আংগিক বিস্তাৰণৰ দুটা সুবিধা লিখা ।
উত্তৰ :- আংগিক বিস্তাৰণৰ দুটা সুবিধা হ’ল-
(ক) আংগিক বিস্তাৰণৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল ফল ধৰে।
(খ) গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ হয়।
(গ) এনে পদ্ধতিৰে উৎপন্ন হোৱা উদ্ভিদবোৰ আনুবংশিকভাৱে একে হয় ।
(ঘ) এই পদ্ধতিত, চৰিত্রগত বৈশিষ্ট্যবোৰ পৈতৃক পুৰুষৰ সৈতে একে হয় ।
16. কলাকৰ্ষণ (Tissue Formation) পদ্ধতিটো লিখা । এই পদ্ধতিৰ সুবিধা কি? কি উদ্ভিদৰ ক্ষেত্ৰত এই পদ্ধতি প্ৰয়োগ কৰা হয়?
উত্তৰ :- কলা কৰ্ষণ পদ্ধতিত, নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ কলা বা কোষ এৰুৱাই লোৱা হয়। সেই এৰুৱাই অনা কলা বা কোষখিনি এটা কৃত্রিম মাধ্যমত (Artificial medium) ৰাখি থলে তাতে কোষবিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটি বহুবোৰ কোষ একেলগে হৈ কেলাচ্ (Callus) গঠন কৰে। এই কেলাচ্খিনি অন্য এটা মাধ্যম য’ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সঞ্জীৱনী পদার্থ (Hormone) থাকে তালৈ স্থানান্তৰ কৰি নতুনকৈ পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি কৰিব পাৰি।
কলাকৰ্ষণ পদ্ধতিৰ সুবিধা হ’ল এই পদ্ধতি প্রয়োগ কৰি বেমাৰহীন উদ্ভিদ সৃষ্টি কৰি লব পাৰি।
এই কৌশলটো সাধাৰণতে সৌন্দর্যবর্ধক উদ্ভিদৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।
17. কেনেকৈ নতুন ৰাইজ’পাচৰ সৃষ্টি হয় ? ৰাইজ’পাচ্ৰ উৎপত্তিৰ পদ্ধতিটোৰ নাম কি?
উত্তৰ :- ৰাইজ’পাচ্ নামৰ ভেঁকুৰবিধে পাউৰুটি আদি খাদ্যৰ ওপৰত কিছুমান ৰেণুৰ সৃষ্টি কৰে আৰু এই ৰেণুৰবোৰৰ পৰা নতুন ৰাইজ’পাচ্ ৰ সৃষ্টি কৰে ।
ৰাইজ’পাচ্ৰ উৎপত্তিৰ পদ্ধতিটোৰ নাম হ’ল ৰেণুৰ উৎপত্তি পদ্ধতি ।
18. কেইটামান অযৌন পদ্ধতিৰ নাম লিখা ।
উত্তৰ :- কেইটামান অযৌন পদ্ধতি হ’ল- দ্বিখণ্ডন বা বিভাজন, বিভংগন, পুনৰ জীৱন, মুকুলোদ্গম, আংগিক বিস্তাৰণ, ৰেণুৰ উৎপত্তি আদি ।
19. কি প্রজনন প্ৰক্ৰিয়াত দুটা বেলেগ বেলেগ জীৱৰ ডি.এন.এ ৰ একত্ৰিকৰণ হয়?
উত্তৰ :- যৌন প্রজনন প্ৰক্ৰিয়াত।
20. একংলিগী আৰু উভয়লংগী বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰ :- যিবোৰ ফুলে কেৱল পুংকেশৰ অথবা স্ত্রীকেশৰ বহন কৰে, সেইবোৰক একংলিগী বোলে। উদাহৰণ- তৰমুজ, অমিতা আদি।
যিবোৰ ফুলত পুংকেশৰ অথবা স্ত্রীকেশৰ দুয়োটা অংগ থাকে বা বহন কৰে, সেইবোৰক উভয়লিংগী বোলা হয়। উদাহৰণ-সৰিয়হ, জবা আদি ।
21. যোজন কোষ কাক বোলে ?
উত্তৰ :- পৰাগ ৰেণুৰ ভিতৰত পুং জনন কোষবোৰ উৎপন্ন হয় । লগতে, স্ত্রীজনন কোষ বা ডিম্ব ডিম্বকৰ ভিতৰত অৱস্থিত হয় । যেতিয়া, পুংজনন কোষবোৰ স্ত্রীজনন কোষ বা ডিম্বকৰ সৈতে মিলন বা যোজন হয় তেতিয়া এক নতুন কোষৰ সৃষ্টি হয় । এই কোষটোক যোজন কোষ বোলে ।
বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় 1 : ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় 4 : কাৰ্বন আৰু তাৰ যৌগ
অধ্যায় 5 : মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় 7 : নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় 8 : জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় 9 : বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় 10 : পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী