কাৰ্বন আৰু তাৰ যৌগ | দশম শ্ৰেণী | বিজ্ঞান | অধ্যায় 4
প্ৰশ্নাৱলী, Page No- 61
1. কার্বন ডাই অক্সাইডৰ (CO2) ৰ ইলেক্ট্রন বিন্দু গঠন কি হব?
উত্তৰ :– কার্বন ডাই অক্সাইডৰ (CO2) ৰ ইলেক্ট্রন বিন্দু গঠন –

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব?
(ইঙ্গিত – আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)
উত্তৰ :- ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন –

প্ৰশ্নাৱলী, Page No- 68
1. পেন্টেনৰ বাবে কেইটা গঠন সমযােগী আঁকিব পাৰিবা ?
উত্তৰ :- পেন্টেনৰ বাবে তিনিটা গঠন সমযােগী আঁকিব পাৰি –



2. কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন -যৌগ পাওঁ ?
উত্তৰ :- সহযোজী বান্ধনীৰ ধৰ্মৰ বাবে কাৰ্বনে অজস্ৰ যৌগ গঠন কৰিব পাৰে ৷ কাৰ্বনৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা দুটা প্ৰধান ধৰ্ম হ’ল –
- কেটিনেচন – কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে ৷
- চতুৰ্সহ যোজ্যতা – যিহেতু কাৰ্বনৰ যোজ্যতা চাৰি গতিকে ই আন চাৰিতা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনী গঠন কৰিব পাৰে ৷
3. চাই’ক্লপেন্টেনৰ সংকেট আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা।
উত্তৰ :- চাইক্লʼপেন্টেনৰ সংকেট – C5H10
4. তলৰ যৌগবােৰৰ গঠন আঁকি দেখুওৱা—
(i) ইথানয়িক এছিড (CH3COOH)
উত্তৰ :-

(ii) ব্রম’পেন্টেন* (C5H11Br)
উত্তৰ :-

(iii) বিউটান’ন
উত্তৰ :-

(iv) হেক্সানেল
উত্তৰ :-

*ব্রম’পেন্টেনৰ সমযােগী সম্ভৱনে?
উত্তৰ :- ব্রম’পেন্টেনৰ সমযােগী সম্ভৱ ৷
6.তলৰ যৌগবােৰৰ নাম লিখা —

উত্তৰ :-
(i) ব্ৰম’ইথেন (Bromoethane)
(ii) মিথানেল (Methanal)
(iii) হেক্সাইন (1 – Hexyne)
প্ৰশ্নাৱলী, Page No – 71
1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?
উত্তৰ :- ইথানল জাৰিত হৈ ইথানয়িক এচিদলৈ ৰূপান্তৰ হয় ৷ অৰ্থাৎ ৰূপান্তৰৰ প্ৰক্ৰিয়াত ইথানলত অক্সইজেন যোগ হয় ৷ সেইবাবে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্রিয়া ৷

2. লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?
উত্তৰ :- যিহেতু ইথাইন এবিধ অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইয়াক দহন কৰিলে ক’লা ধোৱাযুক্ত হালধীয়া শিখা উৎপন্ন হয় ৷ বায়ুৰ লগত দহনৰ ফলত ই সম্পূৰ্ণ দাহিত নহয় ৷ এনে শিখাৰ লোহা জোৰা দিব পৰা অতি উচ্চ উষ্ণতা সৃষ্টি নহয় ৷ অক্সিজেনৰ উপস্থিতিত ইথাইনৰ দহন ঘটালে ই সম্পূৰ্ন দহন হয় আৰু অমলীন নীলা অতি উচ্চ উষ্ণতাযুক্ত শিখা উৎপন্ন কৰে ৷ সেয়েহে লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়।
কাৰ্বন আৰু তাৰ যৌগ
অনুশীলনী
1. ইথেন (C2H6) অণু এটাত
(a) 6 টা সহযােজী বান্ধনি আছে।
(b) 7 টা সহযােজী বান্ধনি আছে।
(c) ৪ টা সহযােজী বান্ধনি আছে।
d) 9 টা সহযােজী বান্ধনি আছে।
উত্তৰ :- (b) 7 টা সহযােজী বান্ধনি আছে।
2. চাৰিটা কার্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল—
(a) কার্বক্সিলিক এছিড
(b) এলডিহাইড
c) কিটন
(d) এলকহল
উত্তৰ :- c) কিটন
3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) কলা পৰে কিয়নাে
(a) খাদ্য ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
(c) ইন্ধনটো সিক্ত। (d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।
উত্তৰ :- (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
4. CH3Clৰ উদাহৰণ লৈ সহযােজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।
উত্তৰ :- দুটা পৰমাণুৰ মাজত ইলেকট্ৰনৰ ভাগ-বতৰা হৈ সৃষ্টি হোৱা বান্ধনিক সহযোজী বান্ধনি বোলে ৷
সহযোজী বান্ধনিৰে গঠন হোৱা এটা যৌগ হ’ল – CH3Cl ৷
CH3Cl ৰ ইলেকট্ৰনীয় বিন্দু গঠন –

কাৰ্বন পৰমানুৰ বহিৰতম কক্ষত চাৰিতা ইলেকট্ৰন থাকে ৷ হাইড্ৰ’জেন পৰমাণুৰ বহিৰতম কক্ষত এটা আৰু ক্ল’ৰিনৰ বহিৰতম কক্ষত সাতটা ইলেকট্ৰন থাকে ৷
সম্ভ্ৰান্ত গেছৰ ইলেকট্ৰন বিন্যাস লাভ কৰিবলৈ কাৰ্বনক চাৰিতা আৰু হাইড্ৰ’জেন আৰু ক্ল’ৰিনক এটাকৈ ইলেকট্ৰনৰ প্ৰয়োজন ৷
কাৰ্বনৰ চাৰিটা যোজক ইলেকট্ৰন তিনিটা হাইড্ৰ’জেন পৰমাণু আৰু এটা ক্ল’ৰিন পৰমাণুৰ যোজক ইলেকট্ৰনৰ লগত ভাগ বতৰা কৰি তিনিওটা পৰমাণুয়ে সম্ভ্ৰান্ত গেছৰ ইলেকট্ৰন বিন্যাস লাভ কৰে ৷
এইদৰে সৃষ্টি হোৱা সহযোজী বান্ধনিৰ ফলত CH3Cl ৰ গঠন হয় ৷
5. তলত দিয়া বিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা
(a) ইথানয়িক এচিড
উত্তৰ :-

(b) H2S
উত্তৰ :-

(c) প্রপান’ন
উত্তৰ :-

(d) F2
উত্তৰ :-

6. সমগণীয় শ্রেণী কাক বােলে? উদাহৰণ দি বুজাই লিখা।
উত্তৰ :- যি শ্ৰেণীৰ যৌগত একে কাৰ্য কৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বােলে ৷
উদাহৰণ স্বৰূপে -এলকেনৰ শ্রেণীত এলক’হল কাৰ্যকৰী মূলক থাকিলে সমগণীয় শ্ৰেণীটো হ’ব – CH3OH, C2H5OH, C3H7OH, C4H9OH ইত্যাদি ৷
9. প্রায় সকলাে ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?
উত্তৰ :- কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ –
(i) কাৰ্বনৰ যৌগ বোৰৰ দহন ঘটালে উচ্চ তাপ লাভ কৰিব পাৰি ৷
(ii) সংপৃক্ত হাইড্ৰ’কাৰ্বনক অক্সিজেনৰ লগত দহন কৰিলে অমলিন নীলা শিখা লাভ কৰিব পাৰি ৷
(iii) কাৰ্বন আৰু তাৰ যৌগৰ কেল’ৰিফিক মান অতি উচ্চ ৷
12. হাইড্রজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়ােগ লিখা।
উত্তৰ :- যি প্ৰক্ৰিয়াত অনুঘতকৰ উপস্থিতিত কোনো এটা যৌগৰ লগত হাইড্ৰ’জেন যোগ হয় তেনে প্ৰক্ৰিয়াক হাইড্রজেনেচন বোলে ৷
নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰা হয় ৷
13. তলৰ কোনবিলাকৰ হাইড্ৰ’কার্বনে যােগাত্মক বিক্রিয়া দেখুৱায় ?
C2H6, C3H8, C3H6, C2H2 আৰু CH4
উত্তৰ :- অসংপৃক্ত হাইড্ৰ’কার্বনে যােগাত্মক বিক্রিয়া দেখুৱায় ৷ ইয়াত C3H6 আৰু C2H2 এ যােগাত্মক বিক্রিয়া দেখুৱাব ৷
14. মাখন (butter) আৰু খােৱাতেলৰ (cooking oil) মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰ :- হাইড্ৰ’জেনেচন প্ৰক্ৰিয়াৰ সহায়ত মাখন (butter) আৰু খােৱাতেলৰ (cooking oil) মাজত পার্থক্য দেখুৱাব পৰি ৷
মাখনক হাইড্ৰ’জেনেচন কৰিব নোৱাৰি কাৰণ মাখনত সংপৃক্ত ফেটি এচিড থাকে ৷ আনহাতে খোৱা তেল নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰ’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিব পাৰি ৷
অতিৰিক্ত প্ৰশ্ন
1. কাৰ্যকৰী মূলকবোৰ কি? দুটা উদাহৰণ দিয়া।
উত্তৰ :- হাইড্ৰ’কার্বন শৃংখল এটাত হাইড্ৰজেন পৰমাণু প্রতিস্থাপিত কৰা বিষম পৰমাণু বা পৰমাণু সমষ্টিটোৱেই হ’ল কাৰ্যকৰী মূলক। যেনে – এলক’হল, এলডিহাইড, কিট’ন ।
বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় 1 : ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ
অধ্যায় 2 : এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় 4 : কাৰ্বন আৰু তাৰ যৌগ
অধ্যায় 5 : মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় 7 : নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় 8 : জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় 9 : বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায় 10 : পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী