ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন | অধ্যায়-8 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) ভৌতিক পৰিৱৰ্তন ঘটিব যদি —

(a) চূণত পানী যোগ কৰা হয়
(b) চেনি পানীত দ্ৰৱীভূত কৰা হয়
(c) কাগজ জ্বলোৱা হয়
(d) এল পি জি জ্বলোৱা হয়

উত্তৰ : (b) চেনি পানীত দ্ৰৱীভূত কৰা হয়।

(ii) ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় ?

(a) তাপ উৎপন্ন হ’ব পাৰে।
(b) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে
(c) অকল অৱস্থাৰ পৰিৱৰ্তন ঘটে
(d) তাপ শোষিত হ’ব পাৰে

উত্তৰ : (c) অকল অৱস্থাৰ পৰিৱৰ্তন ঘটে।

(iii) ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে ঘটিব যদি –

(a) মমবাতি জ্বলোৱা হয়
(b) বৰফ গলে.
(c) পানী বাষ্পীভূত হয়
(d) মেগনেছিয়াম জ্বলোৱা হয়

উত্তৰ : (a) মমবাতি জ্বলোৱা হয়।

2. ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন লিখা :

(i) আইৰণৰ পৰা দা গঢ়োৱা হৈছে।

উত্তৰ: ভৌতিক।

(ii) পানীত চূণ মিহলোৱা হৈছে।

উত্তৰ : ৰাসায়নিক।

(iii) চূণ পানীক ষ্ট্র এডালেৰে ফুৱাই দিয়া হৈছে।

উত্তৰ : ৰাসায়নিক।

(iv) পানীত কপাৰ ছালফেট দ্ৰৱীভূত কৰা হৈছে।

উত্তৰ : ভৌতিক।

(v) কাটি থোৱা আলু ক’লা পৰিছে।

উত্তৰ : ৰাসায়নিক।

(vi) গজাল এটাৰ বৰণ মুগা হৈছে৷

উত্তৰ : ৰাসায়নিক।

(vii) খাদ্য হজম হৈছে।

উত্তৰ : ৰাসায়নিক।

3. খালী ঠাই পূৰ কৰা –

(i) নতুন পদাৰ্থৰ সৃষ্টি হোৱা পৰিৱৰ্তন হ’ল ___ পৰিৱৰ্তন।

উত্তৰ : ৰাসায়নিক।

(ii) অৱস্থাৰ পৰিৱৰ্তন ঘটা পৰিৱৰ্তন হ’ল ___ পৰিৱৰ্তন।

উত্তৰ : ভৌতিক।

(iii) ___ আৰু ___ ৰ উপস্থিতিত আইৰণত মামৰ ধৰে।

উত্তৰ : পানী আৰু অক্সিজেন।

(iv) মামৰ প্ৰতিৰোধৰ বাবে জিংকৰ প্ৰলেপ প্ৰয়োগ কৰা প্ৰক্ৰিয়াটোৰ নাম হ’ল ___ ।

উত্তৰ: জিংকলেপন।

(v) সালোকসংশ্লেষণত তাপ ___ হয়।

উত্তৰ: শোষণ হয়।

(vi) মামৰক ৰাসায়ন বিজ্ঞানত ___ ৰে বুজোৱা হয়।

উত্তৰ : Fe2O3. xH2O

4. চূণ পানীৰ মাজেৰে কাৰ্বন-ডাই-অক্সাইড গেছ যাব দিয়া হৈছে। চূণ পানীৰ কেনেকুৱা পৰিৱৰ্তন দেখিবা? কিয় এনে পৰিৱৰ্তন হয় লিখা।

উত্তৰ :- চূণ পানীত কেলছিয়াম হাইড্ৰ’ক্সাইড থাকে। ফুৱাই দিওঁতে নির্গত হোৱা কাৰ্বন-ডাই-অক্সাইডে কেলছিয়াম হাইড্ৰ’ক্সাইডৰ সৈতে বিক্রিয়া কৰে। ফলত কেলছিয়াম কার্বনেট নামৰ এবিধ পদার্থ (পদার্থবিধ বগা) উৎপন্ন হয়। এই পদার্থবিধৰ বাবে পানীখিনি ঘোলা দেখা যায়।

কেলছিয়াম হাইড্ৰ’ক্সাইড + কার্বন-ডাই-অক্সাইড → কেলছিয়াম কার্বনেট + পানী

5. নেমু টেঙাৰ ৰসত খোৱা ছড়া যোগ কৰা হৈছে। তুমি কি দেখিবা আৰু কিয় দেখিবা লিখা।

উত্তৰ :- নেমু টেঙাৰ ৰসত খোৱা ছ’ড়া যোগ কৰা হয়। তেতিয়া তাত তীব্ৰ বুৰবুৰণিৰে গেছ ওলাব। নেমু টেঙাত এবিধ এছিড থাকে। নামটো হ’ল চাইট্রিক এছিড। খোৱা ছ’ড়া হ’ল ছডিয়াম হাইড্ৰ’জেন কার্বনেট (NaHCO3)। দুয়োটাৰ মাজত বিক্রিয়া ঘটিলে কার্বন-ডাই-অক্সাইড উৎপন্ন হয়। এই কার্বন-ডাই-অক্সাইড গেছ বুৰবুৰণি কাঢ়ি ওলাই আহে।

6. অলপমান গাখীৰ এটা কাচৰ গিলাচত লোৱা। গাখীৰখিনিত অলপমান নেমু টেঙাৰ ৰস যোগ কৰা। গিলাচটো লৰোৱা। গাখীৰখিনিৰ কিবা পৰিৱৰ্তন দেখিলানে? এয়া কি পৰিৱৰ্তন হ’ব?

উত্তৰ :- অলপমান গাখীৰ এটা কাচৰ গিলাচত লোৱা হ’ল। গাখীৰখিনিত অলপমান নেমু টেঙাৰ ৰস যোগ কৰা হ’ল। নেমুত চাইট্রিক এছিড থাকে। এৱা গাখীৰৰ লগত নেমুৰ সংমিশ্ৰণৰ ফলত লেক্‌টিক এছিডৰ উৎপন্ন হ’ব।
ইয়াৰ ফলত এৱা গাখীৰখিনি দৈ গাখীৰলৈ ৰূপান্তৰিত হ’ব। ই ৰাসায়নিক পৰিৱৰ্তন।

7. তুতীয়া আৰু খোৱা ছ’ডাৰ ৰাসায়নিক নাম লিখা।

উত্তৰ :- তৃতীয়াৰ ৰাসায়নিক নাম — CuSO4,

খোৱা ছ’ডাৰ ৰাসায়নিক নাম — NaHCO3

৪. কেনেকুৱা পৰিবৰ্তন ঘটিলে ভৌতিক পৰিৱৰ্তন ঘটা বুলি ক’ব পাৰি লিখা।

উত্তৰ :-
(i) নতুন পদাৰ্থৰ সৃষ্টি নহয়।
(ii) পদাৰ্থৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন ঘটিব পাৰে।
(iii) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে।
(iv) পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এইকেইটা পৰিৱৰ্তন ঘটিলে ভৌতিক পৰিৱৰ্তন ঘটা বুলি ক’ব পাৰি।

9. ৰাসায়নিক পৰিৱৰ্তনত কি কি ঘটিব পাৰে লিখা।

উত্তৰ :-
(i) নতুন পদাৰ্থৰ উৎপন্ন হয়।
(ii) তাপ উৎপন্ন বা শোষিত হ’ব পাৰে।
(iii) গেছো উৎপন্ন হ’ব পাৰে।
(iv) বৰণৰ পৰিৱৰ্তনো হ’ব পাৰে।
(v) পোহৰ নিৰ্গত হ’ব পাৰে। এইকেইটা পৰিৱৰ্তন হ’লে ৰাসায়নিক পৰিৱৰ্তন হ’ব।

সপ্তম শ্ৰেণী – নতুন বিজ্ঞান (অসম জাতীয় বিদ্যালয়)

অধ্যায় 1 : উদ্ভিদৰ পৰিপুষ্টি

অধ্যায় 2 : শৰীৰত খাদ্যৰ ব্যৱহাৰ

অধ্যায় 3 : শ্বাস-প্ৰশ্বাস

অধ্যায় 4 : প্ৰাণী আৰু উদ্ভিদৰ দ্ৰৱ্যৰ পৰিবহণ

অধ্যায় 5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ

অধ্যায় 6 : আমাৰ কাপোৰ

অধ্যায় 7 : তাপ আৰু উষ্ণতা 

অধ্যায় 8 : এছিড ক্ষাৰক আৰু  লৱন

অধ্যায় 9 : ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

অধ্যায় 10 : মাটি 

অধ্যায় 11 : গতি আৰু সময় 

অধ্যায় 12 : বিদ্যুত

অধ্যায় 13 : পোহৰ

অধ্যায় 14 : বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ

অধ্যায় 15 : জলবায়ু আৰু প্ৰাণীৰ অভিযোজন

অধ্যায় 16 : পানী এক অমূল্য  সম্পদ

অধ্যায় 17 : অৰণ্যজাত সামগ্ৰী

অধ্যায় 18 : বৰ্জিত পানীৰ ব্যৱস্থাপনা

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *