পোহৰ | অধ্যায় 16 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়
- শুদ্ধ উত্তৰটো বাছি উলিওৱা।
i) তলৰ কোনবিধ দীপ্তিমান বস্তু?
a. কাঠ
b. আয়না
c. চন্দ্ৰ
d. বাল্ব
উত্তৰ :- d. বাল্ব
ii) ৰামধেনুত থকা ৰঙৰ সংখ্যা
a. 5টা
b. 3টা
c. 10টা
d. 7টা
উত্তৰ :- d. 7টা
iii) পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হ’ল
a. চন্দ্ৰ
b. বিজুলীবাতি
c. সূৰ্য্য
d. জুই
উত্তৰ:- c. সূৰ্য্য
iv) তলৰ কোনবিধ ঈষৎ স্বচ্ছ বস্তু
a. কলম
b. তেলসনা কাগজ
c. দাপোণ
d. কাঁচ
উত্তৰ:- b. তেলসনা কাগজ
v) ছাঁ সৃষ্টি কৰা বস্তুটো উৎসৰ ওচৰ চপাই আনিলে, ছাঁৰ আকাৰ-
a. সৰু হয়
b. ডাঙৰ হয়
c. একেই থাকে
d. ওপৰৰ এটাও নহয়
উত্তৰ :- b. ডাঙৰ হয়
vi) কোনো বস্তুৰ ছাঁ পোহৰৰ উৎসৰ
a. একেফালে থাকে
b. বিপৰীত ফালে থাকে
c. তলফালে থাকে
d. ওপৰফালে থাকে
উত্তৰ :- b. বিপৰীত ফালে থাকে
vii) আবেলি সময়ত গছৰ ছাঁ পৰে-
a. পূবফালে
b. পশ্চিমফালে
c. উত্তৰফালে
d. দক্ষিণফালে
উত্তৰ :- a. পূবফালে
viii) ভৰ দুপৰীয়া ৰ’দত থিয় হ’লে তোমাৰ ছাঁটো থাকিব
a. সোঁফালে
b. বাঁওফালে
c. পিছফালে
d. ভৰিৰ কাষত
উত্তৰ :- d. ভৰিৰ কাষত
ix) সকলো বস্তুৰ ছাঁৰ ৰং-
a. ক’লা
b. ৰঙা
c. বস্তটোৰ ৰংৰ সৈতে একে
d. নীলা
উত্তৰ :- a. ক’লা
x) প্ৰতিবিম্বৰ ৰং-
a. ৰঙা
b. হালধীয়া
c. লক্ষ্যবস্তুৰ সৈতে একে
d. ক’লা
উত্তৰ :- c. লক্ষ্যবস্তুৰ সৈতে একে
- চমু উত্তৰ দিয়া।
i) আমি বস্তু এটা কেনেদৰে দেখা পাওঁ?
উত্তৰ :- পোহৰ বস্তুৰ ওপৰত পৰে। বস্তুটোৰ পৰা সেই পোহৰ চাৰিওফালে ছিটিকি যায়। তেনে ছিটিকি অহা পোহৰ আমাৰ চকুত পৰিলে আমি বস্তুটো দেখা পাওঁ।
ii) দীপ্তিমান বস্তু কাক বােলে? এটা উদাহৰণ দিয়া।
উত্তৰ :- নিজে পোহৰ দিব পৰা বস্তুবোৰক দীপ্তিমান বস্তু বোলে। উদাহৰণ :- সূৰ্য্য।
iii) বগা পােহৰত কেইটা ৰং আছে? ৰং কেইটা কি কি?
উত্তৰ :- বগা পােহৰত 7 টা ৰং আছে। ৰং কেইটা হ’ল — বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।
iv) স্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কাক বােলে? প্রতিবিধৰে দুটাকৈ উদাহৰণ দিয়া।
উত্তৰ :- যিবোৰ বস্তুৰ মাজেদি পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায় তেনে বস্তুক স্বচ্ছ বস্তু বোলে। উদাহৰণ :- পৰিষ্কাৰ কাঁচ আৰু পানী।
যিবোৰৰ মাজেৰে পোহৰ কম পৰিমাণে পাৰ হৈ যায় তেনে বস্তুক ঈষৎ স্বচ্ছ বস্তু বোলে। উদাহৰণ :- তেল সনা কাগজ আৰু ট্রেচিং কাগজ।
v) ছাঁ কি? ছাঁ কেনেদৰে সৃষ্টি হয়?
উত্তৰ :- অস্বচ্ছ বস্তুৰ মাজেদি পোহৰ পাৰ হৈ নাযায়। সেইকাৰণে বস্তুটোৰ পিছফালে এক আন্ধাৰ অংশৰ সৃষ্টি হয়। সেয়েই হ’ল বস্তুটোৰ ছাঁ।
পোহৰৰ বাটত বাধা পৰিলে ছাঁৰ সৃষ্টি হয়।
vi) ছাঁ গঠন হ’বলৈ প্রয়ােজনীয় দুটা চর্ত উল্লেখ কৰা।
উত্তৰ :- ছাঁ গঠন হ’বলৈ প্রয়ােজনীয় দুটা চর্ত হ’ল – বস্তুটোৰ এফালে পোহৰৰ উৎস থাকিব লাগিব আৰু বিপৰীত ফালে থাকিব লাগিব ছাঁ গঠন হ’ব পৰা এখন পৃষ্ঠ।
vii) ছাঁৰ আকাৰ কেনেদৰে সৰু বা ডাঙৰ কৰিব পাৰি?
উত্তৰ :- বস্তুটো পোহৰৰ উৎসৰ ওচৰ চপাই আনিলে ছাঁটো ডাঙৰ হয়। আনহাতে উৎসৰপৰা আঁতৰাই আনিলে ছাঁটো সৰু হয়। এনেদৰে ছাঁৰ আকাৰ সৰু বা ডাঙৰ কৰিব পাৰি।
viii) প্রতিফলন মানে কি?
উত্তৰ :- কোনো পৃষ্ঠত পোহৰ খুন্দা খাই উভতি অহাকে পোহৰৰ প্ৰতিফলন বোলে।
(ix) দাপোণত কিহৰ বাবে প্ৰতিবিম্বৰ সৃষ্টি হয়?
উত্তৰ :- দাপোণত পোহৰৰ প্ৰতিফলনৰ বাবে প্ৰতিবিম্বৰ সৃষ্টি হয়।
(x) বেঘনীসেহাসুৰ মানে কি?
উত্তৰ :- বেলিৰ পোহৰত সাতটা ৰঙৰ পোহৰ লুকাই থাকে। এই সাতটা বৰণ হ’ল–বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। প্ৰতিটো ৰঙৰ প্ৰথম আখৰটো লগ লগালে ‘বেঘনীসেহাসুৰ’ পোৱা যায়।
(xi) ছাঁ আৰু প্ৰতিবিম্বৰ মাজত পার্থক্য কি কি লিখাঁ।
উত্তৰ :- ছাঁ আৰু প্ৰতিবিম্বৰ মাজত পার্থক্য হ’ল –
ক) প্রতিবিম্ব সৃষ্টি হয় পোহৰৰ প্ৰতিফলনৰ বাবে। আনহাতে ছাঁ সৃষ্টি হয় অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হ’ব নোৱৰাৰ বাবে।
খ) প্রতিবিম্বৰ ৰং লক্ষ্যবস্তুৰ ৰঙৰ সৈতে একে। কিন্তু ছাঁৰ ৰং সদায় কলা।
(xii) ছাঁৰ ৰং সদায় কিয় ক’লা হয়?
উত্তৰ :- অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হ’ব নোৱৰাৰ বাবে ছাঁ সৃষ্টি হয়। সেইবাবে ছাঁৰ ৰং সদায় ক’লা।
(xiii) ছাঁৰ ৰং কিয় লক্ষ্যবস্তুৰ ৰঙৰ সৈতে একে নহয় লিখাঁ।
উত্তৰ :- অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হ’ব নোৱৰাৰ বাবে ছাঁ সৃষ্টি হয়। সেইবাবে ছাঁৰ ৰং লক্ষ্যবস্তুৰ ৰঙৰ সৈতে একে নহয়।
(xiv) ভৰ দুপৰীয়া গছৰ ছাঁ কিয় গছৰ গুৰিৰ কাষত পৰে?
উত্তৰ :- ভৰ দুপৰীয়া ৰ’দ গছৰ প্ৰায় ওপৰৰ পৰা পৰে। সেইবাবে ভৰ দুপৰীয়া গছৰ ছাঁ গছৰ গুৰিৰ কাষত পৰে।
3. পিনহ’ল কেমেৰাত কেনেদৰে প্রতিবিম্ব সৃষ্টি হয় চিত্র আঁকি বর্ণনা কৰা।
উত্তৰ :-