চুম্বক | অধ্যায় 15 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়
|

চুম্বক | অধ্যায় 15 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

i) সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাৱিকসকলে ব্যৱহাৰ কৰা আহিলাবিধ হ’ল-
a. লো-ৰ দণ্ড
b. দূৰৱীন
c. পেৰিস্ক’প
d. কম্পাছ

উত্তৰ :- d. কম্পাছ

ii) তলৰ কোনবিধ চুম্বকিয় পদাৰ্থ নহয়?
a. লো
b. নিকেল
c. ক’বল্ট
d. ৰবৰ

উত্তৰ :- d. ৰবৰ

iii) তলৰ কোনবিধ প্ৰাকৃতিক চুম্বক?
a. নিকেল
b. পাৰা
c. গেড’লিনিয়াম
d. ল’ডষ্ট’ন

উত্তৰ :- d. ল’ডষ্ট’ন

iv) চুম্বকৰ একেজাতীয় মেৰুৰ মাজত
a. আকৰ্ষণ হয়
b. বিকৰ্ষণ হয়
c. কেতিয়াব আকৰ্ষণ আৰু কেতিয়াবা বিকৰ্ষণ হয়
d. ওপৰৰ এটাও নহয়

উত্তৰ :- b. বিকৰ্ষণ হয়

v) ভূ-চুম্বকৰ উত্তৰ মেৰু থাকে
a. উত্তৰ দিশত
b. দক্ষিণ দিশত
c. পূব দিশত
d. পশ্চিম দিশত

উত্তৰ :- b. দক্ষিণ দিশত

vi) চুম্বক এডাল মুক্ত ভাৱে ওলমাই থ’লে ই কোন দিশত স্থিৰ হৈ ৰ’ব?
a. উত্তৰ-দক্ষিণ
b. পূব-পশ্চিম
c. উত্তৰ-পূব
d. দক্ষিণ-পূব

উত্তৰ :- a. উত্তৰ-দক্ষিণ

vii) তলৰ চুম্বকীয় পদাৰ্থৰ শুদ্ধ শ্ৰেণীটো বাছি উলিওৱা-
a. লো, নিকেল, প্লাষ্টিক
b. লো, নিকেল, ক’বল্ট
c. নিকেল, কাঠ, প্লাষ্টিক
d. ক’বাল্ট, কাঁচ, লো

উত্তৰ :- b. লো, নিকেল, ক’বল্ট

viii) তলৰ কোনটো ক্ষেত্ৰত আকৰ্ষণ ঘটিব?

উত্তৰ :- (b)

ix) চুম্বক এডালত কোনটো অঁশত আকৰ্ষণ বল বেছি?
a. মূৰত
b. মাজত
c. সকলো অংশতে সমান
d. ওপৰৰ এটাও নহয়

উত্তৰ :- a. মূৰত

  1. চমু উত্তৰ দিয়া।

i) চুম্বক কাক বোলে? দুবিধ ভিন ভিন প্ৰকাৰৰ চুম্বকৰ উদাহৰণ দিয়া।

উত্তৰ :- যি পদাৰ্থই লো আৰু চুম্বকীয় পদার্থক আকর্ষণ কৰে সেয়াই চুম্বক।

উদাহৰণ – দণ্ড চুম্বক আৰু অশ্বখুৰা চুম্বক।

ii) চুম্বকীয় পদাৰ্থ আৰু অচুম্বকীয় পদাৰ্থ কাক বোলে? প্ৰত্যেকৰে
দুটাকৈ উদাহৰণ দিয়া।

উত্তৰ :- চুম্বকে যিবোৰ পদাৰ্থক আকর্ষণ কৰে সিবোৰক চুম্বকীয় পদার্থ বোলে। উদাহৰণ :- লো, নিকেল, ক’বাল্ট।

যিবোৰ পদাৰ্থক চুম্বকে আকর্ষণ নকৰে সিবোৰক অচুম্বকীয় পদার্থ বোলে। উদাহৰণ :- কাঠ, প্লাষ্টিক, কাঁচ।

iii) চুম্বকৰ আৱিষ্কাৰ কিদৰে হৈছিল?

উত্তৰ :- চুম্বকৰ আৱিষ্কাৰ হৈছিল গ্ৰীচ দেশত। বহু বছৰৰ আগতে গ্ৰীছ দেশত মেগ্‌নেছ (Magnes) নামৰ এজন ভেড়াৰখীয়া আছিল। ভেড়া চৰাওঁতে মেগ্‌নেছে এডাল কাঠৰ লাঠি লগত লৈ ফুৰিছিল। এই লাঠিডালৰ আগত লো-ৰ টুপি এটা লগোৱা আছিল। এদিন ভেড়া চৰাই থাকোঁতে তেওঁৰ লাঠিডালৰ আগটো এটা ডাঙৰ শিলত লাগি ধৰে। ইয়াৰ অৰ্থ হ’ল, লাঠিডালক শিলটোৱে আকর্ষণ কৰিছে। লো-ক আকৰ্ষণ কৰা বস্তুৰ বিষয়ে মানুহে এনেদৰে গম পালে।

iv) এবিধ প্রাকৃতিক চুম্বকৰ নাম লিখা।

উত্তৰ :- ল’ডষ্ট’ন

v) কৃত্রিম চুম্বক কি? দুটা উদাহৰণ দিয়া।

উত্তৰ :- চুম্বকে কিছুমান পদার্থক জোৰেৰে আকৰ্ষণ কৰে। যেনে : লো, ক’বাল্ট আদি। এনে পদার্থক চুম্বকলৈ পৰিৱৰ্তিত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা চুম্বকক কৃত্রিম চুম্বক বোলে। উদাহৰণ – দণ্ড চুম্বক আৰু অশ্বখুৰা চুম্বক।

vi) ব্লেড এখনক কিদৰে চুম্বকলৈ পৰিণত কৰিবা বর্ণনা কৰা।

উত্তৰ :- এডাল দণ্ড চুম্বক আৰু এখন ব্লেড লোৱা হ’ল। প্ৰথমতে ব্লেড এখন টেবুলৰ ওপৰত লোৱা হ’ল। দণ্ড চুম্বকডালৰ এটা মূৰ ব্লেডখনৰ এমূৰত ৰাখা হ’ল। তাৰ পাছত চুম্বকডালৰ মূৰটো ব্লেডখনৰ ওপৰেৰে আনটো মূৰলৈ চোঁচৰাই আনা হ’ল। চুম্বকডাল দাঙি লোৱা হ’ল। এতিয়া আকৌ চুম্বকডালৰ সেই মূৰটোৰেই ব্লেডখন হেঁচি ধৰি আগৰদৰে চোঁচৰাই আনা হ’ল। এই কামটো 20-বাৰ মান কৰা হ’ল। এনেদৰে ব্লেড এখনক চুম্বকলৈ পৰিণত কৰিব পাৰিম।

vii) চুম্বকৰ মেৰু কাক বোলে?

উত্তৰ :- চুম্বকডালৰ দুয়ো মূৰত আকর্ষণ বল বেছি। এই মূৰ দুটাক চুম্বকৰ মেৰু বোলে।

viii) চুম্বকৰ দুটা ধর্ম উল্লেখ কৰা।

উত্তৰ :- চুম্বকৰ দুটা ধৰ্ম হ’ল :-
ক) চুম্বক এডাল সদায় উত্তৰা-দক্ষিণাকৈ থাকে।
খ) চুম্বকৰ একে মেৰুৰ মাজত বিকর্ষণ হয়। আনহাতে বিপৰীত মেৰুৰ মাজত আকর্ষণ হয়।

ix) ভূ-চুম্বক কি?

উত্তৰ :- পৃথিৱীখন এডাল ডাঙৰ চুম্বকৰ দৰে। ইয়াক ভূ-চুম্বক বোলে।

x) চুম্বক এডাল মুক্তভাৱে ওলােমাই থ’লে কিয় উত্তৰ-দক্ষিণাকৈ থাকে?

উত্তৰ :- চুম্বক এডাল মুক্তভাবে ওলোমাই থ’লে ই উত্তৰা-দক্ষিণাকৈ থাকে। স্থান সলনি কৰিলেও চুম্বকডালৰ দিশৰ কোনো পৰিৱৰ্তন নহয়। ইয়াৰপৰাই ধাৰণা হয় যে পৃথিৱীখনেও এডাল চুম্বকৰ দৰে আচৰণ কৰে। ইয়াৰ প্ৰভাৱতে ওলোমাই থোৱা চুম্বকডাল সদায় উত্তৰা-দক্ষিণা হৈ ৰয়।

xi) চুম্বক এডালৰ দুয়াে মূৰে আকর্ষণ বল বেছি বুলি কিদৰে গম পাব পাৰি? —এটা পৰীক্ষাৰ সহায়ত বর্ণনা কৰা।

উত্তৰ :- টেবুল এখনৰ ওপৰত দণ্ড চুম্বক এডাল থোৱাঁ হ’ল। সূতা এডালৰ এমূৰত লো-ৰ গজাল এটা গাঁঠি লোৱাঁ হ’ল। এতিয়া সূতাডালেৰে গজালটো চুম্বকডালৰ ওপৰত ধৰাঁ হ’ল। লাহে লাহে চুম্বকডালৰ ওচৰলৈ গজালটো নমাই আনা হ’ল। গজালটো চুম্বকডালৰ এটা মূৰৰ ফালে পোনালে। সূতাডাল অলপ ইফালে-সিফালে লৰাই দিয়া হ’ল। দেখা গ’ ল যে গজালটোৱে চুম্বকৰ আনটো মূৰলৈও পোনাইছে। ইয়াৰ পৰা গম পোৱা গ’ল যে চুম্বকডালৰ দুয়ো মূৰত আকর্ষণ বল বেছি।

xii) চুম্বকৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰ :- চুম্বকৰ দুটা ব্যৱহাৰ হ’ল –
ক) পেঞ্চিল বাকচৰ ঢাকনিখনত চুম্বক ব্যৱহাৰ কৰা হয়।
খ) বেগৰ ঢাকনিখনত চুম্বক ব্যৱহাৰ কৰা হয়।

xiii) কোন ক্ষেত্ৰত আকর্ষণ আৰু কোন ক্ষেত্ৰত বিকর্ষণ হ’ব?
A) উত্তৰ মেৰুৰ ওচৰলৈ উত্তৰ মেৰু আহিলে
B) উত্তৰ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে
C) দক্ষিণ মেৰুৰ ওচৰলৈ দক্ষিণ মেৰু আহিলে

উত্তৰ :-

A) বিকৰ্ষণ
B) আকৰ্ষণ
C) বিকৰ্ষণ

xiv) এডাল চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কিদৰে চিনাক্ত কৰিবা?

উত্তৰ :- এডাল দণ্ড চুম্বক লোৱাঁ হ’ল। এতিয়া চুম্বকডাল সোঁমাজত এডাল দীঘল সূতাৰে বান্ধি লোৱাঁ হ’ল। ওচৰৰ পৰা চুম্বকীয় পদার্থ অঁতৰাই থোৱাঁ হ’ল। এতিয়া এডাল কাঠৰ ষ্টেণ্ডত সূতাডাল বান্ধি দি চুম্বকডাল ওলমাই থোৱা হ’ল। চুম্বকডাল অলপ সময় লৰচৰ কৰি উত্তৰা-দক্ষিণাকৈ স্থিৰ হৈ ৰ’ব। ইয়াৰ উত্তৰ দিশে থকা মূৰটো উত্তৰ মেৰু আৰু দক্ষিণ দিশে থকা মূৰটো দক্ষিণ মেৰু।

xvi) কম্পাছ কি? ইয়াৰ এটা ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰ :- কম্পাছ হৈছে এবিধ দিশ নিৰ্ণয় কৰা আহিলা। ইয়াক নাবিক সকলে ব্যৱহাৰ কৰে।

xvii) লিড শব্দৰ অর্থ কি? চুম্বকৰ একে মেৰুৰ মাজত বিকর্ষণ আৰু বিপৰীত মেৰুৰ মাজৰ আকৰ্ষণ দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰ :- লিড শব্দৰ অৰ্থ হ’ল পথৰ দিশ দেখুওৱাঁ।

ষষ্ঠ শ্ৰেণী – নতুন বিজ্ঞান (অসম জাতীয় বিদ্যালয়)

অধ্যায় 13 : যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি

অধ্যায় 14 : বিদ্যুৎ

অধ্যায় 15 : চুম্বক

অধ্যায় 16 : পোহৰ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *