আমাৰ কাপোৰ | অধ্যায়-6 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়
প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ঊণ সূতা উৎপাদনৰ সৈতে জড়িত ৰোগবিধৰ নাম হ’ল—
(a) মেলেৰিয়া (b) এনথ্রাক্স (c) ডেংগি (d) এইড্ছ
উত্তৰ :- (b) এনথ্রাক্স।
(ii) আঁহ উলিয়াবলৈ লেটাবোৰ কেনেকুৱা পানীত উতলায় —
(a) এছিডযুক্ত পানী
(b) ক্ষাৰযুক্ত পানী।
(c) কুঁৱাৰ পানী
(d) বিশুদ্ধ পানী
উত্তৰ :- (b) ক্ষাৰযুক্ত পানী।
(iii) আজিকালি লেটাৰপৰা আঁহ উলিয়াবলৈ পানীত মিহলোৱা পদার্থবিধ হ’ল—
a ) কাপােৰ ধােৱা ছডা
b ) নেমু টেঙাৰ ৰস
c ) ছাই
d ) বিশুদ্ধ পানী
উত্তৰ :- (a) কাপোৰ ধোৱা ছড়া।
2. অশুদ্ধ উক্তিটো বিচাৰি উলিওৱা :
a ) মুগা পলুৱে চোম গছৰ পাত খায় ।
b ) পৈণত পলুৱে মুখেৰে আঁহ উলিয়াই লেটাৰ সৃষ্টি কৰে ।
c ) তেলজাতীয় পদার্থ আঁতৰাবলৈ ঊণ শিল্পত ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰা হয় ।
d ) মথৰপৰা হ’ব পৰা ৰােগবিধৰ নাম হ’ল এনথ্রাক্স ।
উত্তৰ :- d ) মথৰপৰা হ’ব পৰা ৰােগবিধৰ নাম হ’ল এনথ্রাক্স ।
3. পাট, মুগা আৰু এড়ী পলুৱে কি কি গছৰ পাত খায় নাম লিখা।
উত্তৰ :- পাট পলুৱে নুনি গছৰ পাত খায়, মুগা পলুৱে চোম গছৰ পাত খায় আৰু এড়ী পলুৱে এৰা গছৰ পাত খায়।
4. চাৰিবিধ এনে জন্তুৰ নাম লিখা যাৰ পৰা ঊণ সূতা পাব পাৰি।
উত্তৰ :- ঊণ সূতা পাব পৰা চাৰিবিধ জন্তুৰ নাম হ’ল — ভেড়া ছাগলী, য়াক, উট আৰু শহাপহু।
5. ঊণ আঁহ পাব পৰা চাৰিবিধ জন্তুৰ নাম লিখা।
উত্তৰ :- ঊণ আঁহ পাব পৰা চাৰিবিধ জন্তুৰ নাম হ’ল — ভেড়া ছাগলী, য়াক, উট আৰু শহাপহু।
6. মথৰ পৰা হ’ব পৰা ৰােগৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- মথৰ প্ৰতিপালনৰ ফলত কিছুমান ৰোগৰ সৃষ্টি হয়। মথৰ পাখিত ক্ষুদ্র ক্ষুদ্র বাকলি (scales) থাকে। এই বাকলিয়ে শ্বাসৰোগ আৰু চকুৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। বহু প্রতিপালকৰ এনে ৰোগ হোৱা দেখা যায়। খালী হাতেৰে লেটাৰ পৰা আঁহ উলিয়ালেও চর্ম ৰোগ হ’ব পাৰে। আজিকালি কিছুমান ৰাসায়নিক পদার্থও (যেনে— ফর্মেলডিহাইড, ব্লিচিং পাউদাৰ আদি) ব্যৱহাৰ কৰে। সঠিকভাৱে প্ৰয়োগ নকৰিলে এইবোৰেও স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।
7. এনথ্রাক্স বুলিলে কি বুজা ? ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম কি ? কি উদ্যোগৰ সৈতে ই জড়িত ?
উত্তৰ :- এনথ্রাক্স এবিধ ৰোগ। ইয়াৰ লগত জড়িত বীজাণুবিধৰ নামবেছিলাছ এনথ্রাচিছ। ঊণ সুতা উৎপাদন কৰা উদ্যোগৰ সৈতে ই জড়িত।
8. ঊণ আঁহ আহৰণৰ চাৰিটা পর্যায় কি কি ? পর্যায়কেইটাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- ঊণ সুতা আহৰণৰ চাৰিটা পর্যায় হ’ল মুণ্ডন, পৰিষ্কৰণ, পৃথকীকৰণ আৰু ৰঙীনকৰণ।
মুণ্ডন (Shearing) : সাধাৰণতে বসস্ত কালত ভেড়াৰ নোম কটা হয়। ইয়াক মুণ্ডন বোলে। জন্তুটোৱে কষ্ট নোপোৱাকৈ মুণ্ডন কৰা হয়। এটা ভেড়াক বছৰত এবাৰকৈহে মুণ্ডন কৰিব পাৰি।
পৰিষ্কৰণ (Scouring) : মুণ্ডনৰ পাছত নোমবোৰ ভালদৰে ঘঁহি ঘঁহি ধুব লাগে। ধোওঁতে অপমাৰ্জকো ব্যৱহাৰ কৰিব পাৰে। এই পদ্ধতিটোক পৰিষ্কৰণ বোলা হয়। ভালদৰে ধুলে নোমত লাগি থকা তেলজাতীয় পদার্থ, ধূলি, মলি আদি আঁতৰে।
পৃথকীকৰণ (Sorting) : একেটা ভেড়াৰ বিভিন্ন অংশত থকা নোমবোৰ একে নহয়। কান্ধৰ নোমবোৰ মিহি আৰু সমান হয়, কিন্তু পিঠিৰ নোম চুটি আৰু লেহুকা। সেয়ে কোমল উৎকৃষ্ট নোমবোৰক আনবোৰৰ পৰা পৃথক কৰা প্রয়োজন। সেইকাৰণে পৰিষ্কৰণৰ পিছৰ পৰ্যায়টো হ’ল পৃথকীকৰণ। এই পৰ্যায়ত কোমলতাৰ ভিত্তিত নোমবোৰ পৃথক কৰা হয়।
ৰঙীনকৰণ (Dyeing) : বিভিন্ন ৰঙৰ ছুৱেটাৰ বনাবলৈ আঁহত ৰঙ লগোৱা হয়। সেইকাৰণে পৃথকীকৰণৰ পিছৰ পৰ্যায়টো হ’ল ৰঙীনকৰণ অর্থাৎ আঁহত ৰং লগোৱা।
9. লেটাৰ পৰা আঁহ কেনেকৈ উলিয়ায় লিখা।
উত্তৰ :- লেটাৰ পৰা আঁহ উলিয়াবলৈ লেটা গুটিবোৰ খাৰ-যুক্ত উতলা পানীত উতলোৱা হয়। উতলোৱা লেটাৰ পৰা হাতেৰে আঁহ উলিয়াই। [ For 1/2 marks ]
or
লেটাক আৱৰি ৰখা সৰু মোনাখনেই হ’ল লেটা গুটি। লেটাগুটিৰ পৰাই আঁহ উলিওৱা হয়। ইয়াৰ বাবে লেটাগুটিবোৰ পানীত উতলাব লাগে। পানীখিনি পিছে সাধাৰণ খোৱা পানী নহয়, আমি খোৱা কলা খাৰৰ দৰে ক্ষাৰযুক্ত। আমাৰ শিপিনীসকলে এনে ক্ষাৰযুক্ত পানী ঘৰতে প্ৰস্তুত কৰে। মুগা আঁহৰ বাবে তেওঁলোকে ধান খেৰ পোৰে। ছাঁইখিনি বগা কাপোৰেৰে বান্ধি নির্দিষ্ট পৰিমাণৰ পানীত এৰাতিৰ বাবে তিয়াই থয়। পিছত পানীখিনি ভালদৰে ছেকি লয়। এই পানীত মুগা লেটা উতলায়। উতলোৱা লেটাৰ পৰা হাতেৰে আঁহ উলিয়ায়। এনে আঁহ ভালদৰে ধুই শুকুৱাব লাগে। এড়ী আঁহৰ বাবে শিপিনীয়ে শুকান এৰা পাতৰ ছাঁই প্রস্তুত কৰে।
আজিকালি ছাঁইৰ সলনি কাপোৰ ধোৱা ছ’ডা ব্যৱহাৰ কৰিবলৈ লৈছে। তিনিওবিধ আঁহৰ ক্ষেত্ৰত ছ’ডাৰ প্ৰয়োগ হয়। তেনেদৰে উদ্যোগত মেচিনেৰে আঁহ উলিওৱা হয়।
10. বাঁওফালৰ স্তম্ভত থকাবােৰক সোঁফালৰ স্তম্ভবােৰৰ সৈতে মিলোৱা :
বাঁওফালৰ স্তম্ভ সোঁফালৰ স্তম্ভ
a ) এড়ী পলুৱে i ) নুনি গছৰ পাত খায়
b ) মুগা পলুৱে ii ) এৰা গছৰ পাত খায়
c ) পাট পলুৱে iii ) চোম গছৰ পাত খায়
উত্তৰ :- a) এড়ী পলুৱে = ii) এৰাগছৰ পাত খায়।
b) মুগা পলুৱে = iii) চোম গছৰ পাত খায়।
c) পাট পলুৱে = i) নুনি গছৰ পাত খায়।
অতিৰিক্ত প্রশ্নোত্তৰ :
Q. আঁহ উৎপাদন কৰা চাৰিবিধ উদ্ভিদৰ নাম লিখা?
উত্তৰ :- আঁহ উৎপাদন কৰা চাৰিবিধ উদ্ভিদৰ নাম হ’ল– কপাহ, মৰাপাট, নাৰিকল, শনগছ আদি।
Q. তিনিবিধ মূল্যৱান কাপোৰৰ নাম লিখা ?
উত্তৰ :- তিনিধি মূল্যৱান কাপোৰৰ নাম— পাট, মুগা আৰু এড়ী। এই তিনিবিধ কাপোৰ অসমৰ জাতীয় সম্পদ। এইবোৰ প্ৰাণীৰ পৰা পোৱা আঁহ। এই তিনিবিধ আঁহৰ মূলতে হ’ল মথ।
Q. মথ কেনেকৈ সৃষ্টি হয় ?
উত্তৰ :- পলুবোৰ সোনকালে ডাঙৰ হয়। পাছত প্ৰতিটো পৈনত পলুৱে মুখেৰে আঁহ উলিয়ায়। এই আঁহেৰে প্রত্যেকে নিজৰ গাটো মেৰিয়াই লয়। ফলত পলুটোৱে এখন সৰু মোনাৰ ভিতৰত সোমাই থকাৰ নিচিনা হয়। এই মোনাৰ ভিতৰতে পলুটো লেটালৈ ৰূপান্তৰিত হয়। লেটাৰ পৰা পূৰ্ণাংগ মথ হয়।
Q. পলুক কেনেকৈ প্ৰতিপালন কৰিব লাগে লিখা।
উত্তৰ :- পলুবোৰক পৰিষ্কাৰ পৰিৱেশত ৰখা দৰকাৰ। পলুৰ মল সোনকালে আঁতৰাব লাগে। পৰিষ্কাৰ কৰি নাৰাখিলে পলুৰ বেমাৰ হয় আৰু মৰে। তেনে মৃত পলু লগে লগে নাশ কৰিব লাগে। নহলে সেইবোৰ পচিব ধৰে। তাত থকা বীজাণুৰ দ্বাৰা প্রতিপালকো ৰোগাক্রান্ত হয়।
Q. ঊণৰ প্ৰধান উৎস কি?
উত্তৰ :- ঊণৰ প্ৰধান উৎস হ’ল ভেড়া।
Q. ভেড়াৰ নোমৰ পৰা ঊণ সূতা কেনেকৈ প্ৰস্তুত কৰা হয়?
উত্তৰ :- ভেড়াৰ আঁহবোৰ প্ৰয়োজন মতে ৰঙীণ কৰি শুকুৱাই ল’ব লাগে। ভেড়াৰ নোমবোৰ পাক খাই থাকে। সেইকাৰণে জঁটো বান্ধে। ফনিৰে চুলিৰ জট ভঙাৰ দৰে আঁহবোৰৰো জঁট ভঙা প্রয়োজন। তদুপৰি পাক খাই থকা আঁহবোৰ পোনাই ল’লে সুবিধা হয়। গতিকে ৰঙীন কৰাৰ পাছত জঁট ভাঙি আঁহবোৰ পোনাব লাগে। তাৰ পাছত পোন আঁহবোৰ পকালে ঊণ সূতা পোৱা যায়।
Q. শহাপহু আৰু ছাগলীৰ পৰা পোৱা ঊণ সূঁতাক কি বুলি কোৱা হয়?
উত্তৰ :- শহাপহুৰ পৰা পোৱা ঊণ সূতাক এংগ’ৰা আৰু ছাগলীৰ পৰা পোৱা ঊণ সূতাক মহে’ৰ আৰু কেশ্মিৰ বুলি কোৱা হয়।
সপ্তম শ্ৰেণী – নতুন বিজ্ঞান (অসম জাতীয় বিদ্যালয়)
অধ্যায় 1 : উদ্ভিদৰ পৰিপুষ্টি
অধ্যায় 2 : শৰীৰত খাদ্যৰ ব্যৱহাৰ
অধ্যায় 3 : শ্বাস-প্ৰশ্বাস
অধ্যায় 4 : প্ৰাণী আৰু উদ্ভিদৰ দ্ৰৱ্যৰ পৰিবহণ
অধ্যায় 5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ
অধ্যায় 8 : এছিড ক্ষাৰক আৰু লৱন
অধ্যায় 9 : ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
অধ্যায় 10 : মাটি
অধ্যায় 11 : গতি আৰু সময়
অধ্যায় 12 : বিদ্যুত
অধ্যায় 13 : পোহৰ
অধ্যায় 14 : বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ
অধ্যায় 15 : জলবায়ু আৰু প্ৰাণীৰ অভিযোজন
অধ্যায় 16 : পানী এক অমূল্য সম্পদ
অধ্যায় 17 : অৰণ্যজাত সামগ্ৰী
অধ্যায় 18 : বৰ্জিত পানীৰ ব্যৱস্থাপনা