class 6 science question answer
| |

যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি | অধ্যায় 13 | ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান | অসম জাতীয় বিদ্যালয়

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

i) তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্যৰ ওকক নহয়?
a) আঙুল
b) ছেমি.
c) ইঞ্চি
d) ঘণ্টা

উত্তৰ:- ঘণ্টা

ii) তলত দিয়া এককবোৰৰ কোনটো মানক একক?
a) মিটাৰ
b) আঙুল
c) বেগেত
d) হাত

উত্তৰ:- মিটাৰ

iii) এছ্ আই একক পদ্ধতিত দৈৰ্ঘ্যৰ একক
a) ফুট
b) ছেমি.
c) মিটাৰ
d) কিল’মিটাৰ

উত্তৰ:- মিটাৰ

iv) 10 ছেমি. 4 মিমি. মানে-
a) 10.4 ছেমি.
b) 14 মিমি.
c) 104 মিমি.
d) প্ৰথম আৰু তৃতীয় উত্তৰ

উত্তৰ:- 10.4 ছেমি.

v) মিটাৰতকৈ ডাঙৰ একক
a) মিমি.
b) ছেমি.
c) কিমি.
d) দ্বিতীয় আৰু তৃতীয় উত্তৰ

উত্তৰ:- কি.মি.

vi) তলত দিয়া এককবোৰ কোনটো সময়ৰ একক নহয়-
a) ঘণ্টা
b) মিনিট
c) ছেকেণ্ড
d) ছেমি.

উত্তৰ:- ছেমি.

vii) ফুটতকৈ ডাঙৰ একক-
a) য়াৰ্ড
b) ইঞ্চি
c) মাইল
d) প্ৰথম আৰু তৃতীয় উত্তৰ

উত্তৰ:- প্ৰথম আৰু তৃতীয় উত্তৰ

২. চমু উত্তৰ দিয়া।

a ) পেট্রল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম লিখা।

উত্তৰ:- পেট্ৰল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম হ’ল-

(১) মটৰ চাইকেল
(২) মটৰ গাড়ী
(৩) জাহাজ

b ) এক বেগেত বা এবেগেত মানে কি?

উত্তৰ:- বুঢ়া আঙুলিৰ মুৰ আৰু মধ্যমাৰ মুৰৰ মাজৰ দৈৰ্ঘ্য হ’ল একবেগেত বা এবেগেত।

c ) এক ইঞ্চত 2.54 ছেমি. হলে এক ফুটত কিমান ছেমি. হ’ব?

উত্তৰ:- এক ইঞ্চিত 2.54 ছেমি. হ’লে এক ফুটট 2.54 × 12 = 30.48 ছেমি.।

d ) আঙুল-বেগেত-হাত আদি এককবােৰ ব্যৱহাৰ কৰাত অসুবিধা কি?

উত্তৰ:- আঙুল-বেগেত-হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধাৰ কাৰণ হ’ল- আঙুল, বেগেত, হাত আদিৰ মান মানুহভেদে বেলেগ বেলেগ হয়।

e ) মানক একক কি?

উত্তৰ:- সকলোৱে মানি লোৱা এককক মানক একক বোলে।

f ) মাপনী-ফিটা ব্যৱহাৰৰ সুবিধাবােৰ কি?

উত্তৰ:- মাপনী-ফিটা ব্যৱহাৰৰ সুবিধাবোৰ হ’ল- দৰ্জীয়ে কাপোৰ চিলাওঁতে মানুহৰ বুকু কঁকাল আদি অংগ জোখ লওঁতে ফিটা ব্যৱহাৰ কৰে। লেহুকা হোৱাৰ বাবে বুকু,কঁকাল,কৰঙন আদিত ইয়াক মেৰিয়াই জোখ ল’বৰ সুবিধা হয়।এনে মাপনী ফিটাৰ এপিঠিত মিটাৰ একক আৰু আনটো পিঠিত ফুট এককৰ জোখৰ দাগবোৰ দিয়া থাকে। কোনো গছৰ গাটোৰ ঘেৰ এনে ফিটাৰ সহায়ত সহজে জুখিব পাৰি।

g ) সৰলৰৈখিক গতি আৰু বৃত্তীয় গতি কি?

উত্তৰ:-

সৰলৰৈখিক গতি :- কোনো বস্তুৱে সৰল ৰেখাত গতি কৰিলে তেনে গতিক সৰলৰৈখিক গতি বোলা হয়।

বৃত্তীয় গতি :- অলপ দীঘল ৰছী এডালৰ এমূৰত এটা সৰু সৰু শিলগুটি ভালজদৰে বান্ধি লোৱা হ’ল। এতিয়া ৰছীডালৰ আনটো মূৰত ধৰি ঘূৰোঁৱা হ’ল। শিলগুতিটো এটা বৃত্তাকাৰ পথেৰে ঘূৰিব। এনে গতিক বৃত্তীয় গতি বোলে

h ) বৃত্তীয় গতিৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰ:- বৃত্তীয় গতিৰ তিনিটা উদাহৰণ হ’ল-
(১) ফেন এখনৰ যিকোনো এখন ব্লেডত চিয়াহীৰ দাগ এটা দি ফেনখন চলাই দিয়া হ’ল।দাগটোৱে বৃত্তাকাৰ পথত গতি কৰিব।
(২) পৃথিৱীৰ চাৰিওফালে জোনটোৰ ঘূৰণ।
(৩) সূৰ্যৰ চাৰিওফালে গ্ৰহসূহৰ পৰিভ্ৰমণ।

i ) পর্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰ:- পৰ্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ হ’ল-
(১) দোলনাত উটি দুলি থকা শিশু এটাৰ গতি।
(২) ঘড়ীৰ কাটাৰ গতি।
(৩) আকাশৰ জোন-বেলি গতি।

j ) ঘড়ীৰ ছেকেণ্ড, মিনিট আৰু ঘণ্টাৰ কাঁটাকেইডালে এপাক ঘূৰিবলৈ কিমান সময় লয়?

উত্তৰ:- ঘড়ীৰ ছেকেণ্ড, মিনিট আৰু ঘণ্টাৰ কাঁটাকেইডালে এপাক ঘূৰিবলৈ ক্ৰমে 60 ছেকেণ্ড, 60 মিনিট আৰু 12 ঘন্টা সময় লয়।

k ) আমাৰ পৃথিৱীখন কি কি গতিৰে গতিশীল?

উত্তৰ:- আমাৰ পৃথিৱীখন বৃত্তীয় গতি, পৰ্যাবৃত্ত গতি, ঘূৰ্ণন গতিৰে গতিশীল।

3. তিনিটা বা চাৰিটা বাক্যত উত্তৰ দিয়া।

a ) বেঁকা ৰেখাৰ দীঘ কেনেদৰে জুখিবা লিখা।

উত্তৰ:- বেঁকা ৰেখাৰ দীঘ এনেদৰে জুঁখিব লাগিব-

এডাল বেঁকা ৰেখা লোৱা হ’ল। যেনে- গ-ঘ। ইয়াৰ জোখ লবলৈ এটা বেকা আলপিন আৰু এডাল সূতা লোৱা হ’ল। সূতাডালৰ এটা মূৰত পিনটো গাঁঠি দিয়া হ’ল। গ – মূৰটোত পুতি লৈ ৰেখাডালৰ কাঁষে সূতাডাল ভাঁজ দি দি গৈ থাকিব লাগিব। এইদৰে গৈ আনটো মূৰ পালে সূতাডালত চিয়াহীৰ এটা দাগ দিয়াঁ হ’ল। সূতাডাল উঠাই আনি পোন কৰি লোৱা হ’ল আৰু স্কেল এপাটেৰে আলপিনৰ পৰা চিয়াঁহীৰ দাগলৈকে জোখাঁ হ’ল। ইয়েই হ’ল গ-ঘ বেঁকা ৰেখাৰ দৈৰ্ঘ্য।

b ) এক মাইল আৰু এক কিল’মিটাৰৰ মাজত কোনটো ডাঙৰ হিচাপ কৰি দেখুওৱা।

উত্তৰ:-

1 মাইল = 1.6 কিল’মিটাৰ
গতিকে এক মাইল এক কিল’মিটাৰতকৈ ডাঙৰ।

c ) দৈর্ঘ্যৰ জোখ লওঁতে ল’বলগীয়া সাৱধানতাসমূহ কি কি?

উত্তৰ:- দৈৰ্ঘ্যৰ জোখ লওঁতে লবলগীয়া সাৱধানতাসমূহ হ’ল-

1. জুখিবলগীয়া বস্তুটোৰ ওপৰত স্কেলপাত পোনকৈ ধৰিব লাগে যাতে দাঁতিৰ লগত সমান্তৰাল হৈ থাকে।
2. স্কেলপাত বেঁকাকৈ ধৰিলে জুখি পোৱা মান শুদ্ধ নহ’ব।

d ) সকলাে সময়তে গতিশীল হৈ থকা তিনিবিধ বস্তুৰ নাম লিখা।

উত্তৰ :- সকলো সময়তে গতিশীল হৈ থকা তিনিবিধ বস্তুৰ নাম হ’ল-
(১) চন্দ্ৰ
(২) বেলি
(৩) গ্ৰহ

e ) সকলাে সময়তে স্থিতিশীল পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰ :-
(১) ঘৰ
(২) গছ
(৩) গেটৰ খুন্দা
(৪) মাটি
(৫) কুঁৱা

ষষ্ঠ শ্ৰেণী – নতুন বিজ্ঞান (অসম জাতীয় বিদ্যালয়)

অধ্যায় 13 : যাতায়ত-ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি

অধ্যায় 14 : বিদ্যুৎ

অধ্যায় 15 : চুম্বক

অধ্যায় 16 : পোহৰ

Similar Posts

Leave a Reply

Your email address will not be published.