তাপ আৰু উষ্ণতা | অধ্যায়-7 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i ) ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰ ঘটে । এই স্থানান্তৰণ প্ৰক্ৰিয়াটো হ’ল-
a ) পৰিবহণ b) পৰিচলন c ) বিকিৰণ
উত্তৰ :- a ) পৰিবহণ
ii ) কোনটো প্রক্রিয়াৰে তাপৰ স্থানান্তৰ ঘটোতে পদাৰ্থৰ প্ৰয়ােজন নহয় ?
a ) পৰিবহণ b ) পৰিচলন c ) বিকিৰণ
উত্তৰ :- c ) বিকিৰণ
iii ) সাধাৰণ অৱস্থাত পানী কিমান উষ্ণতাত উতলে ?
a ) 100 °C b ) 100 °F c ) 98.6 °C d ) 32 °F
উত্তৰ :- a ) 100 ° C
2. তাপ পৰিবাহী আৰু অপৰিবাহী পদার্থবােৰ চিনাক্ত কৰা :
বায়ু , উণ সূতা , গজাল , ষ্টিলৰ কাহী , প্লাষ্টিকৰ চামুচ , কাঠ , বৰফ , তাম ।
উত্তৰ :-
তাপৰ পৰিবাহী পদাৰ্থ – বায়ু, গজাল, ষ্টিলৰ কাহী, তাম
তাপৰ অপৰিবাহী পদাৰ্থ- ঊণসূতা, প্লাষ্টিকৰ চামুচ, কাঠ, বৰফ ।
3. তাপৰ সংজ্ঞা লিখা । উষ্ণতা বুলিলে কি বুজা ? দুবিধ উষ্ণতা স্কেলৰ নাম লিখা ।
উত্তৰ :- এটা গৰম বস্তুৰ সংস্পৰ্শলৈ এটা ঠাণ্ডা বস্তু আহিলে গৰম বস্তুটোৰ পৰা শক্তি ঠাণ্ডা বস্তুটোলৈ আহে। যিমানখিনি শক্তি আহে সেয়াই হ’ল তাপ।
উষ্ণতা হৈছে গৰমৰ জোখ।
দুবিধ উষ্ণতা স্কেলৰ নাম হ’ল- ছেলছিয়াছ আৰু ফাৰেনহাইট।
4. উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি ? এই সঁজুলিবিধ সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থৰ নাম লিখা ।
উত্তৰ :- উষ্ণতা জোখা সঁজুলিবিধৰ নাম থাৰ্মমিটাৰ। থাৰ্মমিটাৰত থকা জুলীয়া পদাৰ্থ বিধ হ’ল- মাৰ্কউৰি অাৰু এলকহল ।
5. তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্রক্রিয়াকেইটাৰ নাম লিখা ।
উত্তৰ :- তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্ৰক্ৰিয়াকেইটাৰ নাম- পৰিবহণ, বিকিৰণ, আৰু পৰিচলন।
6. বতাহৰ সৃষ্টি কেনেদৰে হয় লিখা ।
উত্তৰ :- উচ্চ চাপৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু গতি কৰাৰ বাবে বতাহৰ সৃষ্টি হয়।
7. সূর্যৰপৰা আমি তাপ কেনেদৰে পাওঁ বৰ্ণনা কৰাঁ ।
উত্তৰ :- সূৰ্যৰ পৰা বিকিৰণ আমি প্ৰক্ৰিয়াৰে তাপ পাওঁ।
8. সমুদ্র বতাহৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- দিনত সূৰ্যৰ তাপত সাগৰৰ পানী আৰু পাৰৰ স্থলভাগ গৰম হয়। কিন্তু পানীভাগতকৈ স্থলভাগ সোনকালে গৰম হয়। ফলত স্থলভাগ বায়ু গৰম হৈ ওপৰলৈ যায়। লগে লগে সাগৰৰপৰা ঠাণ্ডা বতাহ স্থলভাগলৈ আহে। এয়ে হ’ল সমুদ্র বতাহ।
9. জাৰকালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে । ইয়াৰ কাৰণ ব্যাখ্যা কৰাঁ ।
উত্তৰ :- জাৰকালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে তাৰ কাৰণ হ’ল- গাত লেপ উৰি থাকিলে আমাৰ গাৰ গৰম বায়ু ওলাই যোৱাত বাধাৰ সৃষ্টি কৰে। তদুপৰি কাপোৰ আৰু বায়ু হল তাপৰ কুপৰিবাহী। তাপ ওলাই যাব নোৱাৰে আৰু ফলত ঠাণ্ডা নালাগে।
10. মাঘবিহুত আমি মেজি জ্বলাওঁ । এই ক্ষেত্ৰত তাপ আমি কেনেদৰে পাওঁ ? মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায় । ইয়াৰ কাৰণ কি লিখা ।
উত্তৰ :- মাঘৰ বিহুত আমি মেজি জ্বলাওঁ। এই ক্ষেত্ৰত তাপ আমি বিকিৰণ প্ৰক্ৰিয়াৰে পাওঁ। মেজি জ্বলালে ছাই ওপৰলৈ উৰি যায় কাৰণ- মেজি জ্বলালে তাৰ পৰা প্ৰচণ্ড তাপৰ সৃষ্টি হয়। ফলত তাৰ ওচৰৰ বায়ু গৰম হয়। বায়ু গৰম হ’লে সাধাৰণতে বায়ুৰ চলাচল বৃদ্ধি পায়। সেইবাবে মেজিৰ পৰা ওলৱো ছাঁইৰ কিছু অংশ ওপৰলৈ উৰি যায়।
11. এটা চচপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে । ফলত চচপেন আৰু পানী দুয়ােটা গৰম হ’ব । চচপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰ কি পদ্ধতিৰে হৈছে ?
উত্তৰ :- চচপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰ পৰিবহণ প্ৰক্ৰিয়াৰে হৈছে।
* * *
সপ্তম শ্ৰেণী – নতুন বিজ্ঞান (অসম জাতীয় বিদ্যালয়)
অধ্যায় 1 : উদ্ভিদৰ পৰিপুষ্টি
অধ্যায় 2 : শৰীৰত খাদ্যৰ ব্যৱহাৰ
অধ্যায় 3 : শ্বাস-প্ৰশ্বাস
অধ্যায় 4 : প্ৰাণী আৰু উদ্ভিদৰ দ্ৰৱ্যৰ পৰিবহণ
অধ্যায় 5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ
অধ্যায় 8 : এছিড ক্ষাৰক আৰু লৱন
অধ্যায় 9 : ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
অধ্যায় 10 : মাটি
অধ্যায় 11 : গতি আৰু সময়
অধ্যায় 12 : বিদ্যুত
অধ্যায় 13 : পোহৰ
অধ্যায় 14 : বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ
অধ্যায় 15 : জলবায়ু আৰু প্ৰাণীৰ অভিযোজন
অধ্যায় 16 : পানী এক অমূল্য সম্পদ
অধ্যায় 17 : অৰণ্যজাত সামগ্ৰী
অধ্যায় 18 : বৰ্জিত পানীৰ ব্যৱস্থাপনা