|

উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ | অধ্যায়-5 | সপ্তম শ্ৰেণী | অসম জাতীয় বিদ্যালয়

প্রশ্ন 1 : শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) এজোপা উদ্ভিদৰ মুখ্য প্রজনন অংগ হ’ল 

(a) ডাল (b) পাত (c) মুকুল (d) ফুল

উত্তৰ : (a) ফুল

(ii) পুং আৰু স্ত্রী জননকোষৰ মিলনক কি বুলি জনা যায়? 

(a) নিষেচন (b) পৰাগযোগ (c) বীজৰ গঠন (d) মুকুলন

উত্তৰ : (a) নিষেচন

(iii) মৃদগত কাণ্ডৰ কি অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়? 

(a) শুল্কপত্র (b) গাঁঠি (c) মুকুল (d) শিপা

উত্তৰ : (b) গাঁঠি

(iv) পূৰঠ ডিম্বাশয়ে গঠন কৰে

(a) বীজ (b) জননকোষ ((c) ভ্ৰুণ  (d) ফল

উত্তৰ : (a) বীজ

(v) ফুলৰ কি অংশৰ পৰা ফলৰ সৃষ্টি হয়?

(a) বৃতি (b) গর্ভমুণ্ড (c) পৰাগধানী (d) গর্ভাশয়

উত্তৰ : (d) গর্ভাশয়

প্রশ্ন 2 : খালী ঠাঁই পূৰ কৰাঁ

(i) পুংকেশৰৰ পৰাগৰেণু গৰ্ভমুণ্ডত থিতাপি লোৱাকে …….. বোলে।

উত্তৰ : পৰাগযোগ।

(ii) পুং আৰু স্ত্রী জননকোষৰ মিলনক …….. বোলে।

উত্তৰ : নিষেচন।

(iii) উদ্ভিদদেহৰ অংশৰপৰা নিষেচন নোহোৱাকৈ অন্য উদ্ভিদ সৃষ্টি হোৱা ক্ৰিয়াক …….. বোলে।

উত্তৰ : অযৌন প্রজনন।

প্রশ্ন 3 : চমু উত্তৰ দিয়া

(i) যৌন প্রজনন বুলিলে কি বুজা?

উত্তৰ :- যি প্ৰজননত পুং জননকোষ আৰু স্ত্রী জননকোষৰ উৎপন্ন হয় তাকে যৌন প্ৰজনন বোলে।

(ii) স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য লিখা।

উত্তৰ :-

স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য হ’ল –

(ক) স্বপৰাগযোগ একেটা ফুল বা এডাল গছৰে দুটা ফুলৰ মাজত হয়। কিন্তু ইতৰ পৰাগযোগ দুডাল ভিন ভিন গছৰ মাজত হয়।

(খ) স্বপৰাগযোগ কোনো অন্য প্রাণীৰ সহায় নোহোৱাকৈও হ’ব পাৰে। কিন্তু ইতৰ পৰাগযোগত আন প্ৰাণীৰ সহায় ল’বলগীয়া হয়।

(iii) বীজৰ কি কি গুণৰ বাবে বতাহে এঠাইৰপৰা আনঠাইলৈ বিস্তাৰণ কৰাব পাৰে?

উত্তৰ :- (ক) গছৰ বীজবোৰ যেতিয়া পূৰঠ হৈ শুকায়, তেতিয়া এইবোৰ ঠাৰিৰ পৰা এৰা খায়, তেতিয়া বতাহে বীজবোৰ উৰুৱাই নি অন্য ঠাইত পেলায়।

(খ) গছৰ গুটিবোৰ শুকালে যথেষ্ট পাতল হয়। তেতিয়া এইবোৰ বতাহত উৰি যায়৷

(iv) ফুলৰ নিষেচন বুলিলে কি বুজা?

উত্তৰ :- ফুলৰ পুং আৰু স্ত্ৰী জননকোষৰ মিলনক নিষেচন বোলে। [For 1 marks]

Or

গৰ্ভমুণ্ডত থিতাপি লোৱা পৰাগৰেণুৰ অংকুৰণ ঘটি পৰাগনলীকাৰ সৃষ্টি হয়। ই ক্ৰমে বর্ধিত হৈ গৰ্ভমুণ্ডৰ মাজেৰে গৰ্ভাশয় অভিমুখে গতি কৰে। পৰাগনলীকাৰ মাজেদি শুক্রাণু বা পুংজননকোষ ক্রমে ডিম্বক অভিমুখে অগ্ৰসৰ হয় তাৰ পিছত ই ভ্রূণস্থলীত প্ৰৱেশ কৰি ডিম্বাণুৰ সৈতে সংযোজিত হৈ যোজনকোষ (Zygote) গঠন কৰে। এই প্রক্রিয়াক ফুলৰ নিষেচন বোলে।

(v) মানুহে কিদৰে বীজৰ বিস্তাৰণ ঘটাব পাৰে?

উত্তৰ : মানুহে বিভিন্ন ফল খায়। এই ফলবোৰ গছৰ পৰা পাৰি আনিব পাৰে বা বজাৰৰ পৰা কিনি আনিব পাৰে। ফলবোৰ খাই মানুহে তাৰ গুটি বা বীজবোৰ বিভিন্ন ঠাইত পেলায়। মানুহে এইদৰে বীজৰ বিস্তাৰণ ঘটায়।

প্রশ্ন 3 : বিৱৰণ দি উত্তৰ দিয়া :

(i) উচ্চ পৰ্যায়ৰ উদ্ভিদৰ ক্ষেত্ৰত কি কি প্ৰকাৰে অংগজ প্রজনন সম্ভৱ হয় চিত্ৰ আৰু উদাহৰণ দি বর্ণনা কৰা।

উত্তৰ :-

(ii) ফুলৰ ইতৰ পৰাগযোগ সম্পন্ন কৰিবলৈ মাধ্যমবিলাকে কি কি সুবিধাৰে পৰাগযোগ সম্পন্ন কৰে উদাহৰণৰ সৈতে বর্ণনা কৰা৷

উত্তৰ : ফুলৰ ইতৰ পৰাগযোগ সম্পন্ন কৰিবলৈ বিভিন্ন মাধ্যমেৰে আগতে পৰাগযোগ সম্পন্ন কৰা হয়। দুজোপা ভিন ভিন গছৰ ফুলৰ মাজত হোৱা পৰাগৰেণুৰ বিনিময়ক ইতৰ পৰাগযোগ বোলে। কীট-পতংগ, চৰাই, বাদুলী, বতাহ, পানী আৰু মানুহৰ দ্বাৰাও ইতৰ পৰাগযোগৰ সহায়ক হ’ব পৰাকৈ কোনো কোনো ফুলে পতংগক আকৰ্ষণ কৰিবলৈ মৌ নিঃসৰণ কৰে।

সপ্তম শ্ৰেণী – নতুন বিজ্ঞান (অসম জাতীয় বিদ্যালয়)

অধ্যায় 1 : উদ্ভিদৰ পৰিপুষ্টি

অধ্যায় 2 : শৰীৰত খাদ্যৰ ব্যৱহাৰ

অধ্যায় 3 : শ্বাস-প্ৰশ্বাস

অধ্যায় 4 : প্ৰাণী আৰু উদ্ভিদৰ দ্ৰৱ্যৰ পৰিবহণ

অধ্যায় 5 : উদ্ভিদৰ প্ৰজনন আৰু বংশবিস্তাৰ

অধ্যায় 6 : আমাৰ কাপোৰ

অধ্যায় 7 : তাপ আৰু উষ্ণতা 

অধ্যায় 8 : এছিড ক্ষাৰক আৰু  লৱন

অধ্যায় 9 : ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

অধ্যায় 10 : মাটি 

অধ্যায় 11 : গতি আৰু সময় 

অধ্যায় 12 : বিদ্যুত

অধ্যায় 13 : পোহৰ

অধ্যায় 14 : বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ

অধ্যায় 15 : জলবায়ু আৰু প্ৰাণীৰ অভিযোজন

অধ্যায় 16 : পানী এক অমূল্য  সম্পদ

অধ্যায় 17 : অৰণ্যজাত সামগ্ৰী

অধ্যায় 18 : বৰ্জিত পানীৰ ব্যৱস্থাপনা

Similar Posts

Leave a Reply

Your email address will not be published.